ফটাঢোল

মনে কি বিচাৰে-মৃদুল নাথ

মনে কি বিচাৰে সেয়া এক জটিল প্ৰশ্ন, কাৰণ সময় সাপেক্ষে মানুহৰ প্ৰয়োজনবোৰ সলনি হৈ গৈ থাকে। এই প্ৰয়োজনবোৰ পূৰ কৰিবলৈ মানুহে সময়ৰ লগত প্ৰতিযোগিতাত নামে। উন্নতিৰ জখলা বগাবলৈ যিমানেই আমি সময়ৰ লগত প্ৰতিযোগিতাত নামিছোঁ, সিমানেই আমাৰ হাতৰ পৰা আঁতৰি গৈছে সময়। আঁতৰি গৈছে আপোনজনৰ লগত দুআষাৰ কথা পতাৰ সময়, একেলগে বহি সোনোৱালী অতীত ৰোমন্থন কৰাৰ সময়, পৰিয়াল তথা আত্মীয় স্বজনৰ লগত সুখ দুখৰ দুটা কথা পতাৰ সময়। ৰুগীয়া দেউতাকৰ বাবে ঔষধখিনি আনি দিছে ঠিকেই, পিচে সন্তানৰ হাতত সময়ৰ অভাৱ ৰুগীয়া দেউতাকৰ হাতত হাত থৈ এবাৰ ক’বলৈ, “দেউতা, মই আছোঁ তোমাৰ কাষত, সকলো ঠিক হৈ যাব।”বিপন্ন সময়, বিষণ্ণ প্ৰহৰ :

মানুহৰ ওপৰত প্ৰকৃতি আজি ৰুষ্ট, সেয়ে মানৱ সৃষ্ট ভাইৰাছৰ হাতত মানৱৰ পথ আজি নিজেই অৱৰুদ্ধ। ক’ৰণাৰ সন্ত্ৰাসৰপৰা ৰক্ষা পাবলৈ এই পৃথিৱীখনত মানুহ নামৰ প্ৰাণীবিধে স্বেচ্ছা বন্দীত্ব গ্ৰহণ কৰিবলৈ বাধ্য হৈছে। এই স্বেচ্ছা বন্দীত্বৰ সময়ছোৱাত প্ৰকৃতিয়ে অলপ উশাহ ল’বলৈ সুবিধা পাইছে। প্ৰদূষণ কিছু পৰিমাণে কমিছে, আকাশখন আগতকৈ চাফা হৈছে। বায়ুমণ্ডলত অজন স্তৰত হোৱা ফুটাটো অলপ হ’লেও সৰু হৈছে। নদ-নদী তথা সাগৰত মাছ-কাছৰ কিছু বংশ বৃদ্ধি হৈছে। প্ৰকৃতিয়ে নিজে উশাহ লোৱাৰ লগতে আমাক এক সুযোগ প্ৰদান কৰিছে, নিজকে শুধৰাই লোৱাৰ বাবে। সোণৰ কণী পৰা হাঁহটোৰ গল্পটো আমি আটায়ে জানো, কিন্তু প্ৰকৃততে তাৰপৰা আমি জানো কিবা শিক্ষা লাভ কৰিছোঁ? আজি এই মুহূৰ্ততো আমি মানুহবোৰে সোণৰ কণী পৰা হাঁহ এটা পালে হাঁহটোক মাৰি পেট ফালিবলৈ হেতাওপৰা কৰিম।

জীৱনটো ফুলশয্যা নহয় :

লাইফ ইজ নট এ বে’ড অব ৰোজেছ (Life is not a bed of roses); স্কুলীয়া জীৱনত যেতিয়া ইংৰাজীৰ ছাৰে বাক্য ৰচনা কৰিবলৈ শিকাইছিল, তেতিয়া ভাটৌৰ দৰেই এই বাক্যটো মনত ৰাখিছিলোঁ। তাৎপৰ্য্য বুজিব পৰাকৈ বয়স হোৱা নাছিল। মূৰৰ ওপৰত অনবৰতে আছিলে দেউতা আৰু মাৰ মৰমৰ ছাঁ। দেউতাৰ ঘামবোৰ দেখিছিলোঁ, গোন্ধ তেতিয়া অনু্ভৱ কৰিব পৰা নাছিলোঁ। মায়ে বাঢ়ি দিয়া ভাত সাঁজত কেতিয়াবা নিমখ অকণমান বেছি হ’লেই মুখখন বেঁকা কৰি দিছিলোঁ। তেতিয়া বুজা নাছিলোঁ জুইৰ প্ৰচণ্ড তাপত হাউলি হাউলি ভাত সাঁজ বনাওঁতে বেঁকা হৈ পৰা মাৰ কঁকালটোৰ কথা। মোৰ মুখত অলপ হাঁহি বিৰিঙিলেই হয়তো দেউতা আৰু মাৰ বাবে হৈ পৰিছিল জীৱনটো ধুনীয়া! এই জীৱনটো ফুলশয্যা নহ’লেও আমি কাঁইটীয়া পথেৰে দৌৰিছোঁ। জীৱনত সফলতাৰ চাবিকাঠিৰ সন্ধানত অকল দৌৰিছোঁ, দৌৰিছোঁ সুখৰ সংজ্ঞা বিচাৰি।

সফলতাৰ চাবিকাঠি :

কষ্টৰ ফল মিঠা, কথাটো ময়ো জানো, বুজোঁ। আনকি পৰিস্থিতি সাপেক্ষে কিছুমান কাম কৰাবলৈ বেলেগক মানসিকভাৱে উদ্বুদ্ধ (motivate) কৰিবলৈ এই শাৰী বাক্য ব্যৱহাৰ কৰিও আহিছোঁ। ঠিক একেদৰে, একতাই পৰম বল বুলি ক’লে সৰু সৰু লাঠিৰ টুকুৰাৰ মুঠিটো চকুৰ আগত ভাঁহি উঠে, যিটো ভাঙিবলৈ মুঠেই সহজ নাছিল। দলীয় প্ৰচেষ্টাৰে বহু টান কামো হেলাৰঙে কৰিব পাৰি। কিন্তু কাৰ্যক্ষেত্ৰত অকল দলীয় প্ৰচেষ্টাই সফলতাৰ চাবিকাঠি হ’ব পাৰেনে?

কৰ্মসূত্ৰে মই এটা তেল শোধনাগাৰৰ প্ৰকল্প বিভাগৰ বিষয়া। বিভাগীয় কামবোৰৰ বাবে আমাৰ সদায় লক্ষ্যস্থিৰ কৰি থোৱা থাকে আৰু সেয়া হ’ল মূলত :

১/ কামটো নিৰ্ধাৰিত সময়ত বা সময়ৰ আগতে সম্পূৰ্ণ হৈ উঠিব লাগিব (No time over run)

২/ কামটো পূৰ্ব নিৰ্ধাৰিত বাজেটৰ ভিতৰত সম্পন্ন হ’ব লাগিব (No cost over-run)

দুয়োটা লক্ষ্য পূৰণ হ’বলৈ হ’লে ‘টিমৱাৰ্ক’ অৰ্থাৎ দলীয় প্ৰচেষ্টা অপৰিহাৰ্য্য। আমাৰ পেছাদাৰী জীৱনৰ উপৰিও বাস্তৱ জীৱনতো কথাষাৰ প্ৰযোজ্য। সময়ৰ কাম সময়ত কৰিব পাৰিলে জীৱনত সফলতা লাভ কৰিব পাৰি। কিন্তু অকল দলীয় একতা বা দলীয় প্ৰচেষ্টাই সফলতাৰ চাবিকাঠি হ’ব নোৱাৰে।

কিছুদিন আগতে এটা কৰ্মশালাত যোগদান কৰিবলৈ সুবিধা পাইছিলোঁ। চিনাকি পৰ্ব হৈ যোৱাৰ পিছত পাঁচজনীয়া একো একোটা দল গঠন কৰি আমাক এটা খেল খেলিবলৈ দিয়া হয়। খেলটো আছিল এনেধৰণৰ, আমি পাঁচজন সদস্যৰ প্ৰতিজনৰ হাতত একোটাকৈ এনভেলপ (envelope) দিয়া হয়, প্ৰতিটো এনভেলপৰ ভিতৰত বিভিন্ন আকাৰ আৰু আকৃতিৰ কেইটামান কাগজৰ টুকুৰা ভৰাই থোৱা আছে। এতিয়া খেলটো হ’ল, আমি প্ৰত্যেকেই কাগজৰ টুকুৰাকেইটা ব্যৱহাৰ কৰি একোটা বৰ্গক্ষেত্ৰ (square) বনাব লাগে। খেলটোৰ নিয়মাৱলীখিনি হৈছে,

দলটো জিকিবলৈ হ’লে প্ৰতিজনে অৰ্থাৎ পাঁচজনে পাঁচটা বৰ্গক্ষেত্ৰ বনাব লাগিব, এজনেও যদি বনাব নোৱাৰে গোটেই দলটোৱে হাৰ মানিব লাগিব। তদুপৰি দলটোৰ প্ৰতিজন সদস্যই বনোৱা বৰ্গক্ষেত্ৰৰ আকাৰ সমান হ’ব লাগিব।

দলটোৰ সদস্যকেইজনে নিজক নলগা কাগজৰ টুকুৰা আন সদস্যলৈ যোগান ধৰিব পাৰিব কিন্তু ইজনে সিজনৰ লগত কোনো ধৰণৰ কথা-বতৰা বা আকাৰে ইংগিতেৰে ভাৱৰ আদান প্ৰদান (communicate) কৰিব নোৱাৰিব। কামটো ৫ (পাঁচ) মিনিটৰ ভিতৰত সম্পন্ন হ’ব লাগিব।

কামটো সিমান এটা টান নহ’ব বুলি ভাবি আমি আটায়ে নিজৰ ভাগৰ এনভেলপকেইটা খুলি কামত লাগি গ’লোঁ। পিচে সমস্যা আৰম্ভ হ’ল তাৰ পিছত, কাৰণ কোনেও কাৰো লগত মাতবোল কৰিব নোৱাৰে। মোৰ ভাগত পৰা কাগজৰ টুকুৰাকেইটাৰ ভিতৰত এটা সৰু বৰ্গক্ষেত্ৰ আছিল বাবে সেইটো মই মোৰ সন্মুখত ৰাখি মোৰ কাম হৈ গ’ল বুলি আৰামত বহি ৰওঁ। বাকী কেইজনে মিলাবলৈ আপ্ৰাণ চেষ্টা কৰিছে, তিনিজনৰ যদি বনোৱা হৈ যায়, চতুৰ্থজনৰ নিমিলে। এটা সময়ত আমি ভাবি ল’লোঁ যে কোনোবা এটা এনভেলপত কাগজৰ টুকুৰা কমকৈ আছিল, যাৰ বাবে চতুৰ্থজনে বৰ্গক্ষেত্ৰ বনাব পৰা নাই। ইতিমধ্যে পাঁচ মিনিট পাৰ হৈ গ’ল। দলীয়ভাৱে আমাৰ একতাৰ লগতে প্ৰচেষ্টা থকাৰ স্বত্বেও আমাৰ ফলাফল শূন্য, পাঁচটা বৰ্গক্ষেত্ৰ আমি ধৰি দিয়া সময়ৰ ভিতৰত বনাব নোৱাৰিলোঁ। ফেকাল্টিজনে আহি যেতিয়া আমাক বিফলতাৰ কাৰণ সুধিলে, আমি একে আষাৰে কৈ দিলোঁ যে কোনোবা এটা এনভেলপত টুকুৰা এটা কমকৈ আছিল, হয়তো তেখেতে ভৰাই থাকোঁতে সেয়া ভালদৰে মন নকৰিলে। মানুহজনে গ্ৰুপটোৰ আটাইকেইজনকে সুধিলে,

“আপোনালোকক যিটো কাম কৰিবলৈ দিয়া হৈছিল, সেই কামটোৰ বিষয়ে প্ৰকৃততে আপোনালোকৰ স্বচ্ছতা আছেনে? Are you clear what is to be done?”

প্ৰশ্নটো শুনি মই অলপ চিন্তাত পৰিলোঁ, আকৌ এবাৰ নিয়মকেইটা পঢ়ি চালোঁ। তেতিয়া দেখিলোঁ, পাঁচটা বৰ্গক্ষেত্ৰৰে আকাৰ সমান হ’ব লাগিব। অথচ মোৰ ভাগত পৰা সৰু বৰ্গক্ষেত্ৰটো পাই লগে লগে মোৰ নিজৰ ভাগৰ কামটো শেষ হৈ গ’ল বুলি ভাবি আৰামত ৰৈ থাকিলোঁ। এক কথাত সহজতে পোৱা সাফল্যত মই আনৰ চিন্তা বাদ দিলোঁ। মানুহজনে আকৌ সুধিলে,

“আপোনালোকে কিয় ভাবি ল’লে যে এটা এনভেলপত মই এটা টুকুৰা কমকৈ ভৰাই ৰাখিছোঁ? মোৰ ওপৰত ভৰসা নাই তাৰমানে?”

ফেকাল্টিজনে আমাক আটাইকে উদ্দেশ্যি কেইষাৰমান কথা ক’লে,

১/ লক্ষ্যৰ প্ৰতি সচ্ছতা (clarity on goal) নাথাকিলে সময়ত কামটো কৰি উঠাটো সম্ভৱ নহয়। প্ৰতিজন সদস্যই সমূহীয়া লক্ষ্যৰ প্ৰতি সচেতন, একেমুখী তথা শ্ৰেণীবদ্ধ (aligned) হ’ব লাগিব।

২/ যিজনে লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে তেওঁৰ ওপৰত বিশ্বাস আৰু ভৰসা ৰখাটো বাঞ্চনীয়।

৩/ দলীয় সফলতাৰ বাবে ব্যক্তিগত সফলতা ত্যাগ কৰিব লাগিব। মই নিজৰ ভাগৰ সৰু বৰ্গক্ষেত্ৰটো নিজৰ লগত নাৰাখি প্ৰথমেই বেলেগ এজনলৈ আগবঢ়োৱা হ’লে হয়তো ফলাফল বেলেগ হ’লহেঁতেন৷

৪/ প্ৰতিজন সদস্যৰ মাজত ভাৱৰ আদান প্ৰদান (Effective communication) হ’ব লাগিব, অন্যথা দলীয় লক্ষ্য অবাস্তৱ যেন লাগিব।

মানুহজনৰ কথাত লগে লগে মই নিজৰ বাবে ৰাখি থোৱা সৰু বৰ্গক্ষেত্ৰটো বেলগ এজনক দিলোঁ, তাৰ পিছত নতুন উদ্যমেৰে টুকুৰাবোৰ ইজনে সিজনক দি সজাবলৈ ধৰোঁতে পটককৈ পাঁচটা সমান আকাৰৰ বৰ্গক্ষেত্ৰ বনোৱা হৈ গ’ল।

সফলতাৰ প্ৰসংগ উত্থাপিত হ’লেই ড° ই শ্ৰীধৰণৰ কথা মোৰ মনলৈ আহে, যিজন ব্যক্তি গোটেই বিশ্বতে মেট্ৰ’মেন বুলি পৰিচিত। সফলতাৰ শিখৰত উপনিত হোৱা এই মনিষীজনে প্ৰায়ে সন্মুখীন হোৱা প্ৰশ্নটো হৈছে, “সফলতাৰ আঁৰৰ ৰহস্য কি?”

শ্ৰীধৰণৰ মতে সময়ানুৱৰ্তিতা (Punctuality) অবিহনে ইপ্সিত সাফল্য পোৱাটো সম্ভৱ নহয়। এই সময়ানুবৰ্তিতা আচলতে নো কি? শ্ৰীধৰণৰ মতে সময়ানুবৰ্তিতাই সময়তকৈ একমিনিট আগত হোৱাটো নুবুজায়, বৰঞ্চ আনৰ সময়ক মূল্য দিয়া, আনৰ সময়ক সন্মান দিয়াটোহে প্ৰকৃত সময়ানুৱৰ্তিতা৷

একেখিনি কথা আমাৰ বাস্তৱ জীৱনতো খাটে। আমাৰ প্ৰত্যেকৰে জীৱনত কিছুমান ইপ্সিত লক্ষ্য থাকে। মানৱ জীৱনটো ফুলশয্যা নহয় যে বিচাৰিলেই সফলতা আহি আমাৰ হাতৰ মুঠিত পৰিবহি, সফলতাৰ চাবিকাঠি বিচাৰিব জানিব লাগিব। জীৱনত ইপ্সিত লক্ষ্যপ্ৰাপ্তিৰ বাবে পৰিয়ালৰ আটাইকেইজন সদস্যই অকল এটা দল হিচাপে কাম কৰিলে নহ’ব, এই ক্ষেত্ৰত আমি মনত ৰাখিব লাগিব সেই খেলবিধত লাভ কৰা শিকনিসমূহ, মনত ৰাখিব লাগিব শ্ৰীধৰণৰ আদৰ্শ তথা পৰামৰ্শবোৰ। তেতিয়াহে জীৱনত সাফল্যৰ চাবিকাঠি হাতৰ মুঠিত নিজে আহি ধৰা দিবহি৷

সুখৰ সংজ্ঞা :

তিনিমহলীয়া প্ৰশাসনিক ভৱনটোৰ তৃতীয় মহলাত মোৰ বিভাগীয় অফিছ। আঠবজাত অফিছলৈ আহি নিজৰ কেবিনটোত সোমাওঁ, তেতিয়ালৈকে কেবিনটো চাফ চিকুণ হৈ থাকে, ফাইলবোৰ ধুনীয়াকৈ জাপি থোৱা থাকে। কাষতে তিনিটা বটলত ৰাতিপুৱাই একুৱাগাৰ্ডটোৰপৰা পানী আনি ভৰাই থোৱা থাকে। শৃংখলাবদ্ধ কেবিনটোত বহি পানীখিনিৰে ডিঙিটো তিয়াই লওঁ, পৰিবেশটোৱে মোক সজীৱ কৰি তোলে, দিনটোৰ কামখিনিৰ বাবে নিজকে প্ৰস্তুত কৰি লওঁ। একেই সজীৱতা আমাৰ বিভাগটোৰ আটাইকেইটা কেবিনত ৰাতিপুৱা আঠ বজাৰ আগতে আনি দিবলৈ হ’লে মানুহজনে প্ৰতিদিনে ৰাতিপুৱা  চাৰি বজাত নিজৰ বিচনাখন ত্যাগ কৰিবলগীয়া হয়। যোৱা পঁচিশ বছৰ ধৰি ঠিকাভিত্তিত কাম কৰা মানুহজনে কামটো নিয়াৰিকৈ কৰি আহিছে। মানুহজনক সুধি গম পাইছিলোঁ তেওঁৰ ল’ৰাজনে ৰিফাইনেৰীত সৰু সুৰা কণ্ট্ৰেক কৰে, ঘৰৰ অৱস্থাও ভাল। তথাপি এই বয়সতো কাম কৰি থকা বাবে কৌতুহলবশতঃ সুধিছিলোঁ, কেনেবাকৈ ল’ৰাজনে তেখেতক নাচায় নেকি!

মানুহজনে উত্তৰ দিছিল, “নাই ছাৰ, তেনেকুৱা কথা নহয়। আমি খাটি খোৱা মানুহ, কাম নকৰি বহি থাকিব নোৱাৰোঁ। ইমান দিনে কাম কৰি কৰি অভ্যাস হৈ গ’ল। ঠাণ্ডা গৰম একোৱে বাধা দিব নোৱাৰে। যিমান দিন কৰিব পৰা হৈ থাকিম, কাম কৰি যাম। কৰ্মই ধৰ্ম ছাৰ, নিজে কৰ্ম কৰি খোৱাটোত সুখ আছে, বহুত সুখ।”

মানুহজনক আকৌ সুধিছিলোঁ, “দৰকাৰ হ’লে ল’ৰাই পইচা পাতি দিয়েনে?” তেখেতে কৈছিল, “মোৰ বহুত বেছি প্ৰয়োজন নাই নহয় ছাৰ, দৰ্মহাৰ টকা কেইটাই যথেষ্ট মোৰ প্ৰয়োজন বোৰ পূৰ কৰিবলৈ।”

সিদিনা মানুহজনৰ উত্তৰটোৱে মোক এক নতুন পথৰ সন্ধান দিছিল। সৃষ্টিৰ বাবে জৰুৰী কৰ্ম, কৰ্মৰ বাবে জৰুৰী কষ্ট আৰু সেই কষ্টৰ ফল মিঠা হয়। সুখী হ’বলৈ ধনৰ পৰিবৰ্তে মানসিক শান্তি (peace of mind) অধিক জৰুৰী৷ এতিয়া প্ৰশ্ন হয়, মানসিক শান্তি বিচাৰি পোৱাটো জানো ইমানো সহজ? আচলতে সিমান টানো নহয়, যেতিয়া প্ৰয়োজন বোৰ সৰু সৰু হয়, সৰু সৰু সুখবোৰত তেতিয়া সুখী হ’ব পৰাকৈ অন্তৰখন বহল কৰি ল’ব পৰা যায়।

প্ৰকৃতিয়ে সকলোকে সমানে সুযোগ দিয়ে, তাৎপৰ্য বুজি পোৱাকৈ শিকাই যে জীৱনটো ফুলশয্যা নহয়! সময় বোৱতী নৈ, জীৱনে নিজ পথেৰে গতি কৰে, সময়ে য’ত যেনেকৈ লৈ যায়। সময়ৰ ওপৰত অভিযোগ কৰি লাভ নাই। যাৰ ওপৰত নিয়ন্ত্ৰণ নাই, তাৰ ওপৰত অভিযোগ কৰি কি লাভ!

প্ৰকৃতিয়ে আমাক এটা সুযোগ দিছে। সুযোগ দিছে সেই মাক দেউতাকবোৰক, যাৰ হাতত নিজৰ সন্তানক দুবেলা আহাৰ খুৱাবলৈ সময়ৰ অভাৱ। সদায় কাম কৰা বাইৰ হাতেৰে আহাৰ খাই ডাঙৰ হোৱা সন্তানবোৰে অনুভৱ কৰিব দেউতাকৰ হাতেৰ খোৱা সাঁজটোত লাগি থকা মৰমবোৰ৷ দেউতাকবোৰে অনুভৱ কৰিব সন্তানৰ বাবে ঘোঁৰা হোৱাৰ সুখ, আকাশৰ তৰা গণাৰ সুখ। তিনিটা প্ৰজন্ম একেলগে বহি ৰাতিৰ তৰা ভৰা আকাশখন এবাৰ যেতিয়া চাব জোনাক আৰু জোনাকীৰ মেল, তেতিয়া অনুভৱ কৰিব পাৰিব, ধুনীয়া আমাৰ ধৰাখন। অনুভৱ কৰিব প্ৰকৃত সুখৰ সংজ্ঞা, অনুভৱ কৰিব এই জীৱন বৰ অনুপম!

আগন্তুক বৰ্ষটি আটাইৰে বাবে মংগলময় হওক, মাঘবিহুৰ মেজিৰ পবিত্ৰ অগ্নিত অসূয়া- অমংগলবোৰ নাশ হওক। নৱবৰ্ষৰ প্ৰথম পুৱাই সকলোৰে বাবে কঢ়িয়াই আনক সুখ আৰু সফলতা।

নৱবৰ্ষৰ শুভেচ্ছাৰে,

সম্পাদক,
ফটাঢোল ই-আলোচনী
চতুৰ্থ বৰ্ষৰ ষষ্ঠ সংখ্যা

☆ ★ ☆ ★ ☆

66 Comments

  • সম্পাদকীয়ৰ বিষয় সুন্দৰ হৈছে৷ খুব ভাল লাগিল পঢ়ি৷

    Reply
  • Pranita Goswami

    “আনৰ সময়ক সন্মান দিয়াটোহে প্ৰকৃত সময়ানুবৰ্তিতা”– কথাষাৰি অনুধাৱন কৰিব পৰাজন শ্ৰদ্ধাৰ পাত্ৰ।

    বৰ সময়োপযোগী আৰু বিবেচনাপূৰ্ণ সম্পাদকীয়। ভাল লাগিল কথাখিনি, মন চুলে।

    অভিনন্দন জনালোঁ।

    Reply
    • Mridul Nath

      বহুত ধন্যবাদ আপোনালৈ 🙏

      Reply
  • বিন্দু ৰাজবংশী কলিতা

    ব্যতিক্ৰমী বিষয় আৰু পৰিপুষ্ট ভাষাৰে সজোৱা সম্পাদকীয় পঢ়ি খুবেই সুখী হলো

    Reply
    • Mridul Nath

      মন্তব্য পাই বৰ ভাল লাগিল। ধন্যবাদ

      Reply
  • মানসী

    সৰু সৰু সুখবোৰত সুখী হ’ব পৰাকৈ অন্তৰখন বহল কৰি ল’ব পাৰিলেই মানসিক শান্তি সহজ হৈ পৰে…সঁচা..সম্পাদকীয়ৰ বিষয় বস্তু আৰু উপস্থাপন বৰ ভাল লাগিল।

    Reply
    • Mridul Nath

      আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো।

      Reply
  • মুকুট ভট্টাচাৰ্য্য

    দুবাৰ পঢ়িলো সম্পাদকীয়। বহুত ভাল লাগিল। মোৰ নিজৰ ভুল দুটামান ধৰা পৰিল। ধন্যবাদ ও অভিনন্দন জনালোঁ।

    Reply
    • Mridul Nath

      দাদা, অশেষ ধন্যবাদ আপোনালৈ 🙏

      Reply
  • HEMANTA KAKATI

    সুন্দৰ সম্পাদকীয় মৃদুল৷ পঢ়ি খুব ভাল পালো৷

    Reply
  • ৰাজশ্ৰী শৰ্মা

    সুন্দৰ সম্পাদকীয় দাদা। খুব ভাল লাগিল।

    Reply
  • আৰাধনা বৰুৱা

    সুন্দৰ সম্পাদকীয়৷ ভাল লাগিল

    Reply
  • কাবেৰী মহন্ত

    বৰ সুন্দৰকৈ সজালে সম্পাদকীয়ৰ জড়িয়তে জীৱনৰ কথাবোৰ৷
    বিৰাটেই ভাল লাগিল

    Reply
    • Mridul Nath

      অশেষ ধন্যবাদ আপোনালৈ, মন্তব্য পাই ভাল লাগিছে

      Reply
  • ববিতা শৰ্মা

    বৰ ধুনীয়াকৈ লিখিলে

    Reply
  • Diganta Kumar Bhattacharya

    বঢ়িয়া, মৃদুল

    Reply
  • পূৰ্ণময়ী

    বহুত কথাই অন্তৰ চুই গ’ল। সুন্দৰ সম্পাদকীয়।

    Reply
  • Sankar Jyoti Bora

    সম্পাদকীয়টোৰ প্ৰিন্ট আউট এটা উলিয়াই থলো৷বৰ ধুনীয়াকৈ লিখিলা৷সুন্দৰ সংখ্যটোৰ বাবে অশেষ ধন্যবাদ৷

    Reply
    • Mridul Nath

      ইমান প্ৰশংসা হজম কৰিব নোৱৰা হৈছোঁ,বহুত ধন্যবাদ

      Reply
  • ভাস্কৰ জ্যোতি বৰুৱা

    সুন্দৰ! ভাল পালোঁ‌ পঢ়ি।

    Reply
  • প্ৰণৱ কুমাৰ বৰা

    সম্পাদকীয় বৰ সুন্দৰ হৈছে দেই । পঢ়ি বৰ সন্তোষ পালোঁ ।

    Reply
  • ৰাজু বৰা

    সুন্দৰ হৈছে সম্পাদকীয় প্ৰতিবেদন।

    Reply
  • ৰিণ্টু

    অতি সুন্দৰ সম্পাদকীয়, খুব ভাল লাগিল পঢ়ি।

    অভিনন্দন মৃদুল

    Reply
  • জ্যোতিৰূপা

    ইমান আশাবাদী কথাৰে ভৰপূৰ জীৱনমুখী সম্পাদকীয়৷ ধন্যবাদ দাদা৷

    Reply
    • Mridul Nath

      জীৱন বৰ অনুপম, মন্তব্যৰ বাবে ধন্যবাদ

      Reply
  • মিনতি মহন্ত

    ইমান সুন্দৰ অনুভৱৰ সম্পাদকীয় ! বৰ ভাল লাগিল । বহু কথাই হৃদয় আঁচুৰি নিলে ।
    ধন্যবাদ মৃদুল ।

    Reply
    • Mridul Nath

      আপোনালৈ অশেষ ধন্যবাদ, মন্তব্য পাই আপ্লুত হৈছোঁ

      Reply
  • Bhaskar Jyoti Sarma

    বছৰৰ প্ৰথম দিনটোতে আশাবাদে ভৰপূৰ, মনৰ চিন্তাত আউল নলগাকৈ জোকাৰি যোৱা, সূক্ষ্ম অনুভূতিপ্ৰৱন সম্পাদকীয় এটা পঢ়িলোঁ।

    Reply
  • শ্বৰিফুল

    বহুত গভীৰ উপলব্ধি। হৃদয় চুই গল। নতুন বছৰ ভাৱেৰে পাৰ হওক।

    Reply
    • Mridul Nath

      ধন্যবাদ, নতুন বছৰৰ শুভেচ্ছা জনালোঁ

      Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    ভাল লাগিল সম্পাদকীয়টো৷

    Reply
  • বাগ্মিতা

    সম্পাদকীয় খুউব ভাল পালো পঢ়ি।

    Reply
  • Anjan Sadhanidar

    সম্পাদকীয়টোৱে বহু কথা শিকাই গল৷ বৰ ভাল লাগিল৷

    Reply
  • Rimjhim Borthakur

    খুউব ধুনীয়া লাগিল সম্পাদকীয়। বিৰাট সোৱাদযুক্ত মৃদুল দা।

    Reply
  • ডলী তালুকদাৰ

    বৰ ভাল লাগিল সম্পাদকীয়।

    Reply
  • Mridul Nath

    অশেষ ধন্যবাদ আপোনালৈ

    Reply
  • Kalyan Bora

    সুন্দৰ হৈছে।অভিনন্দন

    Reply
    • Parasmoni Saikia

      বৰ ভাল লাগিল….. সুন্দৰ সম্পাদকীয়।

      Reply
    • Mridul Nath

      ধন্যবাদ জনালো

      Reply
  • Barnali Phukan

    মৃদুল অনিন্দ্য সুন্দৰ আলোচনী এখন তুলি দিয়াৰ বাবে তোমালৈ আন্তৰিক ধন্যবাদ৷সম্পাদকীয় অগতানুগতিক ও সুন্দৰ হৈছে

    Reply
    • Mridul Nath

      অশেষ ধন্যবাদ, ভাল লাগিল মন্তব্য পাই

      Reply
  • সুন্দৰ, ভাল লাগিল দাদা ।

    Reply
  • ডাঃ ধ্ৰুৱ লোচন নাথ৷

    সুন্দৰ আৰু সুসভিত এক অনন্য সম্পাদকীয়৷

    Reply
    • Mridul Nath

      বহুত ধন্যবাদ ধ্ৰুবদা

      Reply
  • উজ্জ্বল দিপ্লু গগৈ

    সম্পাদকীয়টো পজিটিভ৷ ভাল লাগিল দাদা৷

    Reply
  • বৰ ভাল লাগিল মৃদুলদা। বহুকেইটা শিকিব লগা কথা পাইছো। সময়ৰ শক্তিক সন্মান কৰাটোও বৰ দৰকাৰী শিক্ষা। সুন্দৰ সম্পাদকীয়টোৰ বাবে আপোনাক ধন্যবাদ আৰু অভিনন্দন।

    Reply
  • Diganta Gogoi

    Thank you Dada, really interesting.
    Keep writing

    Reply

Leave a Reply

Your email address will not be published.

error: Content is protected !!