ফটাঢোল

হৃদয়ৰ আধালেখা দস্তাবেজ-বাগ্মিতা ৰাজখোৱা বৰকাকতি 

চাদৰৰ আঁচলত লাগি ফুৰা প্ৰেমৰ বতাহজাকে মোৰ মেট্ৰিকৰ উত্তৰবহীৰ চিয়াঁহীবোৰ শুকুৱাই ইমানেই পাতল কৰি দিলে যে পৰীক্ষকে কি লিখিলোঁ জুপি জুপিও চাগে ধৰিব নোৱাৰিলে। সেয়ে ফলাফল আশা কৰাতকৈ বহুত বেয়া হ’ল। এইবাৰ যি হ’ল হ’ল আৰু হায়াৰ চেকেণ্ডাৰীত ভাল ৰিজাল্ট এটা কৰিবই লাগিব বুলি মোক সেই সময়ৰ নগাঁৱৰ খুব নাম থকা এখন জুনিয়ৰ কলেজত নাম লগাই দিলে। মা-দেউতাৰ সপোন বুকুত বান্ধি ষোল্ল বছৰ বয়সতে ঘৰৰপৰা বহু আঁতৰত হোষ্টেলত থাকি নতুন উদ্যমেৰে পঢ়িম বুলি ঢাপলি মেলিলোঁ।

সেয়া আছিল উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ কথা৷ সম্পূৰ্ণ এক সুকীয়া পৰিবেশ! নতুন কলেজ, নতুন বন্ধু, নতুন চহৰ লগতে নতুন যৌৱন৷ চঞ্চল প্ৰাণ-মন, চাৰিওফালে যেন এক চঞ্চল পৰিৱেশ৷ এনেকৈয়ে কলেজত কেইদিনমান ক্লাছ কৰাৰ পাছত একে ক্লাছৰ ল’ৰা এজন ভাল লাগিবলৈ আৰম্ভ কৰিলে৷ ৰূপৰ বাবে নহয় গুণৰ বাবেহে৷ ক্লাছত ল’ৰাজনৰ ৰোল নম্বৰ আগৰফালে আছিল মানে ল’ৰাজন যথেষ্ট অধ্যয়নশীল আৰু চোকা ল’ৰা৷ ক্লাছত চাৰ-বাইদেৱে যি প্ৰশ্ন কৰে প্ৰত্যেকটোৰে উত্তৰ দিয়ে বা উত্তৰ দিবলৈ চেষ্টা কৰে৷ তাৰ এই গুণটোৱেই মোৰ খুব ভাল লাগিছিল৷ লাহে লাহে ল’ৰাজনৰ বুদ্ধিমত্তা আৰু অধ্যয়নপিপাসু স্বভাৱটো দেখি তাৰ প্ৰতি ক’ব নোৱাৰাকৈয়ে আকৰ্ষিত হ’বলৈ ধৰিলোঁ। এতিয়াহে গম পালো সেইটোক হেনো চেপিওচেক্সুৱেল বুলি কয়, মানে কাৰোবাৰ বুদ্ধিমত্তা দেখি প্ৰেমত পৰাটোক৷ তেতিয়া বাৰু সেইবোৰ নাজানিছিলোঁ, অকল প্ৰেম বুলিহে ভাবিছিলোঁ৷ তাৰ প্ৰতি হোৱা আকৰ্ষণৰ কথাটো কাকো মই জানিবলৈ দিয়া নাছিলোঁ৷ ক্লাছত তাক আলেঙে আলেঙে চাই থাকোঁ৷ তাৰ গহীন গহীন খোজকেইটা চাওঁ, সি দিনটোত কি কি কৰে অনুসৰণ কৰোঁ৷ সপোনত তাৰ লগত পুৰণি হিন্দী চিনেমাৰ দৰে হাতত হাত ধৰি, শাৰীৰ আঁচল উৰুৱাই দৌৰি দৌৰি নাচ-গান কৰি থকা দেখিবলৈ ধৰিলোঁ৷ ক্লাছত থাকিলে এনে লাগে মই যেন “জো জিতা ৱহী চিকন্দৰ”ৰ আয়েশা জুল্কা, সি যেন আমীৰ খান! বেকগ্ৰাউণ্ডত যেন কেৱল সেই মিউজিকেই বাজে। ল’ৰাজনক মাতিবলৈ লাজ লাগে, কেনেবাকৈ চকুৱে চকুৱে পৰিলে চকু নমাই দিওঁ, কিবা কাৰণত ওচৰেৰে পাৰ হ’বলগীয়া হ’লে নাইবা কথাৰ আদান-প্ৰদান হ’লে গোটেই শৰীৰ ৰোমাঞ্চিত হৈ যায়৷ তাৰ প্ৰতি মোৰ আকৰ্ষণ ক্ৰমান্বয়ে বাঢ়ি যাবলৈ ধৰিলে৷ আকৰ্ষণ ইমানেই তীব্ৰ হ’ল যে লাহে লাহে বুকুৰ কোণত যেন মিঠা মিঠা বিষ এটাহে অনুভৱ কৰিবলৈ ধৰিলোঁ৷ ক’বলৈ গ’লে একপক্ষীয় প্ৰেমৰ চৰম সীমাত উপনীত হ’লোঁগৈ। কিন্তু এই চৰম প্ৰেম সাংঘাতিক গোপন প্ৰেম আছিল। ইমান তীব্ৰতা পোৱাৰ পাছতো মোৰ এই প্ৰেমৰ কথা কাকো গম পাবলৈ দিয়া নাছিলোঁ৷ হয়তো সকলোৰে আগতে তাৰ ব্যক্তিত্বৰ ভাৱমূৰ্তি ম্লান কৰিবলৈ মোৰ ইচ্ছা নাছিল। কাৰণ সি চাৰ বাইদেউহঁতৰ বৰ মৰমৰ, ‘নয়নৰ মণি’ৰ আছিল। সি গম পোৱাতো দূৰৰ কথা, মোৰ লগত একে বেঞ্চতে বহাকেইজনীৰ ওচৰতো কথাটো উলিয়াবলৈ সাহ কৰিব পৰা নাছিলোঁ।

তেনেদৰে কেইদিনমান একপক্ষীয় প্ৰেমত হাবু ডুবু খোৱাৰ পিছত এদিন লক্ষ্য কৰিলোঁ যে সি ক্লাছ চলি থাকোতেই বহি মোৰ পিনে চাই মিচিকিয়াই হাঁহি আছে। মোৰ উৎসাহৰ জুইত দুটোপমান ঘিঁউ পৰাৰ দৰে হ’ল। তাৰ পিছত এদিন দেখিলোঁ সি মোৰ পিনে কাগজ এটুকুৰা দলিয়াই দিছে। মই বুটলিবলৈ লোৱাৰ আগেয়ে চাৰে মোৰ নাম মাতি প্ৰশ্ন এটাৰ উত্তৰ ক’বলৈ ক’লে। টেনচনত জনা উত্তৰটোও দিব নোৱাৰিলোঁ। যেতিয়া চাৰ মোৰ ওচৰলৈ আগবাঢ়ি আহিল তেতিয়াই মোৰ কাষত বহা নম্ৰতাই কাগজ টুকুৰা বুটলি কোনেও নেদেখাকৈ খিৰিকীয়েদি বাহিৰলৈ দলিয়াই দিলে। তাইৰ ওপৰত প্ৰচণ্ড খং উঠিল যদিও চাৰে মাটিত পৰি থকা কাগজখন দেখাতকৈ দলিয়াই দিয়াটোকেই বেছি ভাল হৈছে বুলি ভাবি একো নক’লোঁ। কিন্তু মনত কথা এটাই বাহ ল’লে যে সিও চাগে মোৰ প্ৰতি আকৰ্ষিত হৈছে। কাগজখনত প্ৰেমভাৱৰ কিবা কথাই থাকিব বুলি ধাৰণা কৰি নেক্সট আকৌ কেতিয়া কাগজ দলিয়াই তালৈ অপেক্ষা কৰিলোঁ।

কলেজ আৰম্ভ হোৱাৰেপৰা মোৰ বন্ধুত্বসুলভ স্বভাৱটোৰ বাবে ক্লাছৰ বেছিসংখ্যক ছোৱালীৰ লগতে বন্ধুত্বৰ ভাল সম্বন্ধ গঢ়ি উঠিছিল। সেই সূত্ৰে মই প্ৰায়ে বেঞ্চ সলাই সলাই কেইদিনমান কেইজনীমানৰ লগত আন কেইদিনমান আন কেইজনীমানৰ লগত বহিবলগা হয়। তথাপি তাৰে মাজত মোৰ পাঁচ ছয়গৰাকীমান বান্ধৱীৰ লগত ঘনিষ্ঠতা বেছি আছিল। সৌভাগ্যক্ৰমে ক্লাছৰ অন্যতম চোকা ছোৱালী সংঘামিত্রা মোৰ হোষ্টেলমেট আছিল আৰু সেয়ে তাই মোৰ আটাইতকৈ ঘনিষ্ঠ আছিল৷ কিন্তু মোৰ যে হাত কাটিবলগীয়াকৈ প্ৰেম হৈছে প্ৰথমে তাইকো জানিব দিয়া নাছিলোঁ৷ অৱশেষত এদিন  সংঘামিত্রাক কথাটো ক’লোঁ৷ তাইৰ আৰু ল’ৰাজনৰ ৰুল নম্বৰ অগা-পিছাকৈ৷ সেই সূত্ৰে দুয়োৰে মাজত কথা-বতৰা, নোটৰ আদান-প্ৰদান চলি থাকে৷ দুয়োৰে ভাল বন্ধুত্ব আছে৷ তাই কথাটো শুনি ক’লে “পাগলী কি কৱ? আগতে কোৱা নাই কিয়? মই অলপ অনুসন্ধান কৰিম ৰহ৷”  তেতিয়ালৈকে মোৰ লগত ভাল একেলগে বহা বাকী এজনীকো কথাটো কোৱা নাছিলোঁ। যিহেতু তাৰ সংঘামিত্রাৰ লগত বেছি বন্ধুত্ব আছিল গতিকে তাই ভালকৈ সোধপোচ কৰাৰ পাচত মোৰ প্ৰেমৰ কথা বাকীকেইজনীকো ক’ম৷ ইয়াৰ পাছৰ কেইদিন যথেষ্ট উৎকণ্ঠাত গ’ল৷ সংঘামিত্রাই বা কি এনকুৱেৰি ৰিপোৰ্ট চাবমিট কৰে! সি চিংগল হয় নে নহয়, কেনেবাকৈ তাৰ কোনোবা গাৰ্লফ্ৰেণ্ড আছে নেকি ইত্যাদি ইত্যাদি। মুঠতে দিনে ৰাতিয়ে এইবোৰ কথাকে ভাবি থকা হ’লো। এসপ্তাহমানৰ পাচত সংঘামিত্রাই তাৰ বিষয়ে সমস্ত ৰিপোৰ্ট গোটাই আনি মোক ক’লে “তই তোৰ প্ৰেমৰ কথা কাৰোবাক কৈছ নেকি? নক’বি….”  মই সুধিলো “কিয়?” তাই ক’লে, “তাৰ লগত একে স্কুলত পঢ়ি অহা আমাৰ ক্লাছৰে দুটামানক সুধি গম পাইছে যে ছোৱালী এজনীৰ লগত চতুৰ্থ শ্ৰেণীৰেপৰা তাৰ ভালপোৱা আছে, সৰুৰেপৰা দুয়ো একেলগে পঢ়া আৰু ছোৱালীজনী অন্য কোনো নহয় তোৰ লগত একেলগে বেঞ্চত বহা নম্রতা। সিদিনা কাগজ তোলৈ নহয়, তাইলৈহে দলিয়াইছিল। আৰু সি যে মাজে মাজে চাই মিচিকিয়াই হাঁহি থাকে, সেইটোও তোৰ কাষত বহা নম্ৰতালৈ চাইহে মিচিকিয়াই। তই ভাবি আছ তোক টাৰ্গেট কৰি থকা বুলি।”

কথাটো শুনি মোৰ মূৰত যেন “বিনা মেঘে বজ্ৰপাত”হে পৰিল! হে প্ৰভু! যিজন ল’ৰাক মই ইমান দিনে মনে মনে তীব্ৰভাৱে ভাল পাই পেলাইছিলোঁ তাৰ প্ৰেমিকা হ’ল মোৰ লগত কলেজত প্ৰথম দিনাৰপৰা একেলগে বহা নম্ৰতাহে ওলাবলৈ পালে। ভাগ্যে যে মই কথাটো নম্রতাক নক’লোঁ! প্ৰেমত বিফল হৈ অলপ সময়ৰ বাবে গা চা বেয়া লাগি গ’ল। নিজকে যিমান পাৰোঁ বুজালোঁ। হয়তো প্ৰেম পুৰণি কাৰণে সিহঁতৰ প্ৰেমত নতুন প্ৰেমৰ দৰে কোনো উত্তেজনা, জ’ছ নাছিল। সিহঁত দুয়োটাই একেখন স্কুলৰপৰা মেট্ৰিক পাছ কৰি একেখন কলেজতে নাম লগাইছে আৰু সিহঁতৰ মাজত সদায় বন্ধুৰ দৰে সাধাৰণভাৱে কথা বতৰাহে হয়। কিন্তু কাৰণ যিয়েই নহওক মই ভাল সন্মান যোৱাৰপৰা বাচিলো৷ বেঞ্চৰ বাকীবোৰক কোৱা হ’লে যে কি হ’ল হয়! গোটেইবোৰে একেলগে মোৰ ওপৰত  হাঁহিলে হয়৷ এইবোৰ ভাবিয়েই নিজেই নিজৰ মনক সান্তনা দিলোঁ। লগতে ভগৱানক ধন্যবাদ দিলোঁ মোক সেইখিনি সময়ত বহুত ধৈৰ্যৰ যোগান ধৰি সহায় কৰাৰ বাবে। সিদিনাই মোৰ তীব্ৰ প্ৰেমক মোৰ বুকুতে সমাধি দিলোঁ, গোপনে। কোনে জানে, নেদেখাজনে মোক হয়তো আন কাৰোবাৰ বাবে স্ৰজিছিল!

☆ ★ ☆ ★ ☆

12 Comments

  • এ: নকওঁ দিয়ক।

    তামাম।
    উৎসাহিত হলো।
    লিখিনি আপোনাৰ জুই বুলি কব পাৰি, কিন্তু নকওঁ।
    কাৰণ আমাৰ দৃঢ় বিশ্বাস আছে, লেখাৰে ইয়াতকৈ ডাঙৰ দাবানল সৃষ্টিৰ ক্ষমতা আপোনাৰ আছে।
    লিখি যাওক।
    জয় আই অসম, কা আমি নামানো।

    Reply
    • Anonymous

      অশেষ ধন্যবাদ জনালোঁ। কা আমি নামানো চিধা কথা?

      Reply
  • ৰাজশ্ৰী শৰ্মা

    খুব ধুনীয়াকৈ লিখিলা বাৰ্বি, বৰ ভাল লাগিল পঢ়ি।

    Reply
    • বাগ্মিতা

      ধন্যবাদ ৰাজশ্ৰী?

      Reply
  • জিতু

    মানে ফুল পাহ মৰহি গ’ল।

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    ভাল লাগিল পঢ়ি৷

    Reply
  • হেমন্ত কাকতি

    চুপাৰ ডুপাৰ বাৰ্বী৷ পিচে সঁচা নহয় তো? তুমি আকৌ পেটত কথা ৰাখিব নোৱাৰি পেলপেলাই সঁচা কথাবোৰেই লিখি দিয়া নাই তো!!

    Reply
  • পূৰ্ণময়ী

    একে চেম কিয় হয় ও কাহিনী বোৰ। মোৰ প্ৰিয় বান্ধৱী মোৰ জানেমনৰ প্ৰেমিকা ওলাইছিল ?

    Reply
  • Kalyan Bora

    বঢ়িয়া লিখনি

    Reply
  • দীপ বৰা

    ভাল লাগিল ।

    Reply
  • Trishna Bora

    ধুনীয়া লিখিছা।সছানে মিছা সেইটোহে ধৰিব নোৱাৰিলো।

    Reply
  • বৰ ভাল লাগিল বাৰ্বী

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *