ফটাঢোল

প্ৰেম আৰু লটিঘটি-দিলীপ আৰ কাকতি

প্ৰেম কৰি লটিঘটি হোৱা বহুত লোক আছে। মোৰেই দুজন বন্ধুক প্ৰেম নিবেদন কৰিবলৈ যাওঁতে প্ৰেমিকাৰ পৰিয়ালে বান্ধি থৈছিল। কিন্তু প্ৰেমৰ সমন্ধ নথকাকৈ প্ৰেমৰ নামত লটিঘটি হোৱা লোকৰ সংখ্যা বহুত কম। তাতে আকৌ এবাৰ দুবাৰ নহয় তিনিবাৰ। হয় মই তিনিবাৰকৈ পিঠি বহল হোৱাৰপৰা বাচি আহিছোঁ য’ত মই এবাৰো প্ৰেমিক নাছিলোঁ।

১/

দশম শ্ৰেণীৰ কথা। ৰাতিপুৱা স্কুললৈ খোজকাঢ়ি গৈ আছোঁ। হঠাতে দুজন যুৱক বাজাজ ছুপাৰ স্কুটাৰ এখনেৰে মাজৰাষ্টাতে আগভেটি ধৰিলে। এজন পাঁচফুটীয়া কিন্তু আনজন ওখপাখ দেখিলেই ভয় লগা। আহিয়েই কথা বতৰা নাই পাঁচফুটীয়াই চিধাই গালিৰ বৰষুণ আৰম্ভ কৰি দিলে। কুকুৰৰ পোৱালি ঠেং ভাঙি দিম, মূৰ ফালি দিম ইত্যাদি। মই বোলো কি কৰিলোঁ মই? আকৌ জকজকাই উঠি ক’লে মুখ নেমেলিবি ত‌ই। স্কুলত পঢ়িবলৈ আহিছনে লাইন মাৰিবলৈ আহিছ। অমুক ছোৱালীজনীৰ লগত তোৰ কি চলি আছে ? সাৱধান সেই ফালে ঘূৰিও নাচাবি, সেইজনী মোৰ।

মই বোলো তেনে কোনো ছোৱালীক মই চিনিয়েই নাপাওঁ। ক’লে আমাৰ হাতত সৱ খবৰ আছে। মুঠতে সেইজনীক চকু দিলে তোৰ দিগদাৰ আছে কৈ থ’লোঁ। দুয়োজনে মাজৰাষ্টাতে মোক সকিয়নী দি আকৌ ফোঁফোঁৱাই উভতি গ’ল।

বহুত কষ্ট কৰিও মই কিন্তু মনত পেলাব নোৱাৰিলোঁ কোনজনী মোৰ প্ৰেমিকা। আবেলি খেলিবলৈ যাওঁতে ঘৰৰ ওচৰৰ বন্ধুজনক কথাটো ক’লোঁ। সি সিদিনা স্কুল যোৱা নাছিল। তেতিয়াই গম পালোঁ ছোৱালীজনী দেউতাকৰ চাকৰি সূত্ৰে আমাৰ ঠাইখনলৈ নতুনকৈ বদলিহৈ আহিছে আৰু মোক ভাবুকি দিয়া পাঁচফুটীয়া তাইৰ পুৰণি প্ৰেমিক। এতিয়া আমাৰ স্কুলৰ কিছু আঁতৰত থকা ছোৱালী স্কুলখনতে তাই নাম লগাইছে। গম পালোঁ মোৰ বন্ধুৰ লগতহে নতুনকৈ তাইৰ লগত প্ৰেম আৰম্ভ হৈছিল। বপুৰাই হয়তো কিবা আগতীয়াকৈ গম পায় সেইদিনা স্কুল যোৱা নাছিল। আমি দুয়োজন একে ঠাইৰ, একে ক্লাছৰ, একেলগে স্কুল যাওঁ বাবে ভুল কৰি হয়তো মোকে দম দি থৈ গ’ল‌‌।

২/

মেট্ৰিক পাচ কৰি উচ্চতৰ মাধ্যমিকত নাম লগালোঁ। অতি সোনকালেই কলিৰকৃষ্ণ, চেনীৰাম আদি নামেৰে বিভূষিত‌ও হ’লোঁ। এমাহমান পিছত এদিন ৰাতিপুৱাই ঘৰতে দাদাই ধৰিলে ত‌ই কলেজত পঢ়িবলৈ যাৱ নে প্ৰেম কৰিব যাৱ? মই বোলো কি হ’ল, কি কৰিলোঁ মই? চকু ৰঙা কৰি সুধিলে অমুক ছোৱালীজনীৰ লগত তোৰ কি চলি আছে? সেইজনী মোৰ বন্ধু অমুকৰ প্ৰেমিকা হেনো। যোৱাকালি সি নিজে মোক মাতি নি বহুত কথা শুনালে, বহুত কান্দিলেও। সাৱধান, ইয়াৰ পিছত মই আকৌ যদি কিবা কথা শুনিবলৈ পা‌ওঁ, তোৰ পিঠি বহল কৰিম। ভালে ভালে আঁতৰি থাক।

পিছত বিশেষ সুত্ৰৰপৰা খবৰ লৈ গম পালোঁ কথাটো সঁচা। ছোৱালীজনী আমাৰ লগৰে, নতুনকৈ আমাৰ স্কুললৈ আহি আগৰ প্ৰেমিকক এৰাই চলিবলৈ ধৰিছে আৰু নতুনকৈ বেলেগৰ  প্ৰেমত পৰিছে। আচৰিত হ’লোঁ তেতিয়া যেতিয়া গম পালোঁ নতুন প্ৰেমিকজন সঁচাকৈ ময়েই আছিলোঁ, কিন্তু ম‌ইহে নাজানো। তাইক মই তেনেকৈ ভবাই নাছিলোঁ, আমাৰ গ্ৰুপত আছিল, আন বান্ধৱীবোৰৰ দৰেই ব‍্যাবহাৰ কৰিছিলোঁ। তাইৰ প্ৰাক্তন প্ৰেমিকে হয়তো কথাবোৰ কৰ’বাত শুনি মোৰ দাদাৰ ওচৰত অভিযোগ দিছিল। কথাবোৰ জানিবলৈ পাই পিছলৈ মই ফালৰি কাটি অহাত আন এজন মোৰেই বন্ধুক লম্ভিলেগৈ।

৩/

পঢ়িবলৈ গুৱাহাটী আহি পালোঁ। বিৰুবাৰী অঞ্চলত ঘৰ ভাড়া কৰি থাকোঁ। মালিক থকা ঘৰটোৰ কাষতেই আমাৰ মালিকৰে সম্বন্ধীয় বায়েকে/ভিনিহিয়েকো থাকে। দুয়োটা পৰিসৰ্ মাজত কোনো বেৰ নাছিল। বায়েকৰ এজনী ছোৱালী, সেই সময়ত সম্ভৱত দশম শ্ৰেণীত পঢ়ি আছিল। লাহে লাহে দুয়োখন ঘৰৰ লগতে মোৰ অন্তৰংগতা বাঢ়ি আহিছিল। ছোৱালীজনীও কলেজ পাইছিল। কলেজলৈ যাওঁতে আমি প্ৰায়েই একেলগেই গৈছিলোঁ। দুবছৰমান পিছত এদিন লক্ষ্য কৰিলোঁ মালিকৰ বায়েকে কাৰোবাক গুৱাল গালি দি থাকে। প্ৰথমতে সিমান গুৰুত্ব দিয়া নাছিলোঁ কিন্তু পিছত অনুমান হ’ল গালিবোৰ মোক দেখিলে বেছি হয়। আমি দুটাই কথা পাতিলেই তাইক কিবা অজুহাতত মাকে মাতি লৈ যায়। মোৰ ৰূমটো মালিকৰ বায়েকৰ ঘৰটোৰ ওচৰত আছিল। হঠাতে এদিন কৈ থকা শুনিলোঁ, এই ধদুৱামখাই পঢ়িবলৈ আহেনে কি কৰিবলৈ আহে? প্ৰেম কৰিবলৈ ছোৱালী বিচাৰি পোৱা নাই! মোৰ ঘৰত মৰিবলৈ আহিছে! আজি বাপেকক মাতিছোঁ কিবা এটা কৰিব লাগিব ইত্যাদি। ৰাতিলৈ বাপেক আহিল। খিৰিকীৰে কাণ পাতি শুনিলোঁ বাপেক‌ও কাৰোবাক কৈ আছে তাক মই গুলি কৰি দিম মানুহ চিনি পোৱা নাই। প্ৰেম কৰিবলৈ আহিছে ইয়াত! লাহে লাহে কথাবোৰৰ ওপৰত সন্দেহ হ’বলৈ ধৰিলে, ইহঁতে মোকেই গালি পাৰি থকা নাইতো! তেওঁলোকৰ কথাবতৰাৰপৰা নিশ্চিত হ’লোঁ যে তেওঁলোকে গালি পাৰি থকা প্ৰেমিকজন ময়েই দেখোন। আচলতে ছোৱালীজনীৰ চিনাকি আন এজনী ছোৱালীৰ প্ৰতি মোৰ কিছু দুৰ্বলতা আছিল আৰু সেই বাবেই মই তাইৰ লগত ঘনিষ্ঠতা ৰাখিছিলোঁঁ৷ তাতেই মাক বাপেকৰ সন্দেহ হ’ল। যিয়েই নহ‌ওক পিছলৈ মই সেইফালে চোৱাই বাদ দিলোঁ। এইবাৰ কিন্তু গুলি কৰি দিম বুলি ক‌ওঁতে বৰকৈ ভয় খালোঁ কাৰণ বাপেকজনে পুলিচৰ চাকৰি কৰিছিল। লাহে লাহে পৰিয়ালটোৱেও হয়তো কথাবোৰে বুজি পালে যে জীয়েকৰ লগত মোৰ কোনো চক্কৰ নাই। এনেই মিছাতে মোৰহে কাপোৰ কানি অহ চ’ৰি মুখ ক’লা কৰি আহিলোঁ।

☆ ★ ☆ ★ ☆

4 Comments

  • Pranita Goswami

    অভিজ্ঞতা হৈছে কিছু….. ৰস পালোঁ পঢ়ি।

    Reply
  • কাবেৰী মহন্ত

    পূৰা অভিজ্ঞতাৰে পুষ্ট মানে?

    Reply
    • Anonymous

      বৰ নিৰীহ জীৱ আছিলোঁ। তথাপি অহংকাৰ নাই।

      Reply

Leave a Reply

Your email address will not be published. Required fields are marked *