ফটাঢোল

ফটালিমাৰিক : ধনজিৎ বৰুৱা

(১)

সাধুৰ শিয়াল বান্দৰ সিংহ সকলো ইয়াতে আছে 

চিনাকি কিছু মুখা পিন্ধিলৈ আমাৰ কাষতে নাচে 

মনৰ নষ্ট স্বাৰ্থ গোপন

আবেগ মাত্র হেনো ৰাসায়ন

আন্ধাৰত হানি পোহৰত কান্দি সমবেদনা যাচে।

(২)

তুমি একো নক’লেও ভাই  হাতী সদায় হাতী 

অংকুশৰ খোঁচ নপৰিলে নাথাকে তোমাক মাতি 

দুৰ্বল কিছু থল 

সমাজৰ কিছু মল 

গৰ্বৰ হাৱাবাজীৰ বেলুন পলকতে যায় ফাটি৷

(৩)

প্ৰেম-পিৰিতি, ইস্ক-মোহব্বত মৰম-লিলিমাই

কৰাৰ ধৰণত আবেগে ভিন ভিন নাম পাই 

বটল বেলেগ বেলেগ

আচাৰ একে বিধ 

খাই কয় এইবাৰৰপৰা আৰু খোৱাত নাই।

☆ ★ ☆ ★ ☆

3 Comments

Leave a Reply to কাবেৰী মহন্ত Cancel reply

Your email address will not be published. Required fields are marked *