ফটাঢোল

বাওনা বৰুৱাৰ মহাজীৱনী-ড° সৰোজ কাকতি

এনেকৈ কৈ মেলি তেওঁৰ মনটো পূজাৰ প্ৰতি ঢাল খুৱালোঁ। বুট-মগু, ফল-ফুল, মাছ-মৌ সকলোবোৰ প্ৰচুৰ পৰিমাণে যোগাৰ কৰা হ’ল। ৰাতি পূজা অনুষ্ঠিত হ’ব আৰু পূজাৰ শেষত দুয়ো স্বামী স্ত্ৰী ঘৰলৈ উভতি যাব। 

ভবা মতে সকলোবোৰ অনুষ্ঠিত হৈ আহিল। পূজা আৰম্ভ হ’ল, আমাৰ তান্ত্ৰিক পদ্ধতিৰ পূজা, ফল ফুল অৰ্পণ আৰম্ভ হ’ল। দুয়ো স্বামী স্ত্ৰীৰ কাৰণে সুকীয়াকৈ দুটা ভোগৰ পাত্ৰ ৰাখিলোঁ। পূজা চলি থকাৰ লগে লগে  ভোগো চলি থাকিল, দুয়োকে ভোগ পান কৰিবলৈ দিলোঁ, প্ৰথমে ইতস্ততঃ কৰিছিল যদিও সন্তান লাভৰ তাড়ণাত তেওঁলোকে পূজাৰ ভোগ পান কৰি গ’ল। তাতে শক্তিশালী টোপনি যোৱা দৰৱ মিহলোৱা আছিল। গতিকে দুয়ো অলপ পাছতে টোপনিৰ কোলাত ঢলি পৰিল। আশ্ৰমৰ শিষ্য দুজনক দুয়োকে যাতে দুখন বিছনাত ভালদৰে দাঙি নি শুৱাই, আঁঠুৱা তৰি দিয়া হয়। 

উস! বাপু ঘটিৰাম এইখিনি পৰ্যায় পাবলৈ মই বহুত কষ্ট কৰিব লগা হ’ল। সোনকালে পূজা শেষ কৰি ময়ো শুবলৈ গ’লোঁ। ৰুদ্ৰাক্ষ গেৰুৱা বসন সকলো সোলোকাই থ’লোঁ। পাৰিলে দাড়িখিনিও গুছাবলৈ মন আছিল যদিও সেয়া সম্ভৱ নহ’ল। যোগিনীতন্ত্ৰত কৈছে, 

সংসৰ্গাত পাতকং নৈব, স্ত্ৰী ধৰ্মে ধৰ্মমাশ্ৰয়েৎ। 

অৰ্থাৎ কোনো নাৰীৰ সৈতে সহবাস কৰিলে দোষ নঘটে, তাৰোপৰি এই সুন্দৰী মহিলা গৰাকীৰ সন্তান লাভৰ স্বাৰ্থতহে মই তেওঁৰ বাবে পূজা কৰিবলৈ বহিছোঁ৷ বহুদিনৰ মূৰত সিদিনা এটা বৰ সুন্দৰ নিশা কটালোঁ বাপু ঘটিৰাম!

ৰাতিপুৱা দুয়ো স্বামী স্ত্ৰী আনন্দ মনেৰে আশ্ৰমৰপৰা বিদায় লৈ গ’ল। এই ঘটনাৰ দুমাহ পাছত সেই ভক্তই  মহানন্দে মোক জনালে তেওঁৰ পত্নী হেনো গৰ্ভৱতী হৈছে। 

এই ঘটনাৰ পাছত মোৰ খ্যাতি ফাটি ফুটি গ’ল। মোৰ আশীৰ্বাদত সন্তান হীনে সন্তান লাভ কৰাতো তাৰ মানে সম্ভৱ। মানুহে কোৱাকুই কৰিবলৈ ধৰিলে মোৰ আচল বয়স হেনো জনাৰ কোনো উপায় নাই, সিদ্ধ যোগী সন্যাসীয়ে প্ৰয়োজন হ’লে তেওঁলোকৰ শৰীৰ বুঢ়াৰ পৰা ডেকা কৰি ল’ব পাৰে। ময়ো তেনেকৈ হেনো ইচ্ছা কৰিলে শৰীৰ সলনি কৰি ল’ব পাৰোঁ। ভক্তসকলৰ মাজত এইবোৰ কথা হেনো আলোচনা হয় আৰু তেওঁলোকে আহি মোক জনায়। এতিয়া মোৰ নিজৰ মানুহৰ দ্বাৰা মোৰ মহিমাৰ কথা প্ৰচাৰ কৰাৰ প্ৰয়োজন নাই, মানুহবোৰে নিজে নিজে এই কাম কৰি ভাল পায়। 

আৰু দুটামান এনেকুৱা কেচ পালোঁ। মান সন্মানৰ লগতে আশ্ৰমলৈ টকা পইচাৰ সোঁত ব’বলৈ ধৰিলে। ভাগ্য ভাল মানুহবোৰে আধ্যাত্মিক কথা শুনিবলৈ বা আত্ম উন্নতিৰ বাবে অহা নাছিল, কেতিয়াবা কাচিৎ তেনে মানুহ আহিলেও মোৰ সাৰিবৰ উপায় আছিল। মৌনব্ৰত ধৰিলেই হ’ল নাইবা ধ্যান কৰা আৰম্ভ কৰি দিলেই হ’ল। 

৯৯.৯ শতাংশ মানুহে আহিছিল তেওঁলোকৰ ব্যক্তিগত সমস্যাৰ সমাধান বিচাৰি। ল’ৰাৰ চাকৰি হোৱা নাই, ছোৱালীৰ পিছে পিছে ঘূৰি ফুৰে, ড্ৰাগচ লয়, মদ খায়, ঘৰলৈ নাহে, নপঢ়ে, আড্ডা মাৰি ঘূৰি ফুৰে, ভাল পথলৈ আনিবলৈ উপায় দিব লাগে। গিৰীয়েকে আহে ঘৈণীয়েকেৰ সমস্যা লৈ, পৰপুৰুষৰ লগত সম্পৰ্ক, সেইদৰে ঘৈণীয়েক আহে গিৰীয়েকৰ সমস্যা লৈ, পৰস্ত্ৰীৰ লগত সম্পৰ্ক। সেয়ে পতি বা পত্নী বশীকৰণ তাবিজ লাগে। পত্নীৰ অভিযোগ গিৰীয়েকে মদ খায়, জুৱা খেলে, আনৰ ওচৰলৈ যায়, ঘৰলৈ ৰাতি পলমকৈ আহে, কেতিয়াবা নাহে, মাৰধৰ কৰে ইত্যাদি। কিছুমানে আকৌ দুৰ্নীতি কৰি বহু ধন গোটায় তাৰে এটা অংশ আশ্ৰমত দান দিয়ে যাতে ধৰা নপৰে, পৰিলেও যাতে চাকৰি নাযায় বা জেল নহয়। ইত্যাদি নানা সমস্যা সমাধানৰ বাবে আহে লগতে আহে বহুত টকা। (আগলৈ)

এনেকৈ কৈ মেলি তেওঁৰ মনটো পূজাৰ প্ৰতি ঢাল খুৱালোঁ। বুট-মগু, ফল-ফুল, মাছ-মৌ সকলোবোৰ প্ৰচুৰ পৰিমাণে যোগাৰ কৰা হ’ল। ৰাতি পূজা অনুষ্ঠিত হ’ব আৰু পূজাৰ শেষত দুয়ো স্বামী স্ত্ৰী ঘৰলৈ উভতি যাব। 

ভবা মতে সকলোবোৰ অনুষ্ঠিত হৈ আহিল। পূজা আৰম্ভ হ’ল, আমাৰ তান্ত্ৰিক পদ্ধতিৰ পূজা, ফল ফুল অৰ্পণ আৰম্ভ হ’ল। দুয়ো স্বামী স্ত্ৰীৰ কাৰণে সুকীয়াকৈ দুটা ভোগৰ পাত্ৰ ৰাখিলোঁ। পূজা চলি থকাৰ লগে লগে  ভোগো চলি থাকিল, দুয়োকে ভোগ পান কৰিবলৈ দিলোঁ, প্ৰথমে ইতস্ততঃ কৰিছিল যদিও সন্তান লাভৰ তাড়ণাত তেওঁলোকে পূজাৰ ভোগ পান কৰি গ’ল। তাতে শক্তিশালী টোপনি যোৱা দৰৱ মিহলোৱা আছিল। গতিকে দুয়ো অলপ পাছতে টোপনিৰ কোলাত ঢলি পৰিল। আশ্ৰমৰ শিষ্য দুজনক দুয়োকে যাতে দুখন বিছনাত ভালদৰে দাঙি নি শুৱাই, আঁঠুৱা তৰি দিয়া হয়। 

উস! বাপু ঘটিৰাম এইখিনি পৰ্যায় পাবলৈ মই বহুত কষ্ট কৰিব লগা হ’ল। সোনকালে পূজা শেষ কৰি ময়ো শুবলৈ গ’লোঁ। ৰুদ্ৰাক্ষ গেৰুৱা বসন সকলো সোলোকাই থ’লোঁ। পাৰিলে দাড়িখিনিও গুছাবলৈ মন আছিল যদিও সেয়া সম্ভৱ নহ’ল। যোগিনীতন্ত্ৰত কৈছে, 

সংসৰ্গাত পাতকং নৈব, স্ত্ৰী ধৰ্মে ধৰ্মমাশ্ৰয়েৎ। 

অৰ্থাৎ কোনো নাৰীৰ সৈতে সহবাস কৰিলে দোষ নঘটে, তাৰোপৰি এই সুন্দৰী মহিলা গৰাকীৰ সন্তান লাভৰ স্বাৰ্থতহে মই তেওঁৰ বাবে পূজা কৰিবলৈ বহিছোঁ৷ বহুদিনৰ মূৰত সিদিনা এটা বৰ সুন্দৰ নিশা কটালোঁ বাপু ঘটিৰাম!

ৰাতিপুৱা দুয়ো স্বামী স্ত্ৰী আনন্দ মনেৰে আশ্ৰমৰপৰা বিদায় লৈ গ’ল। এই ঘটনাৰ দুমাহ পাছত সেই ভক্তই  মহানন্দে মোক জনালে তেওঁৰ পত্নী হেনো গৰ্ভৱতী হৈছে। 

এই ঘটনাৰ পাছত মোৰ খ্যাতি ফাটি ফুটি গ’ল। মোৰ আশীৰ্বাদত সন্তান হীনে সন্তান লাভ কৰাতো তাৰ মানে সম্ভৱ। মানুহে কোৱাকুই কৰিবলৈ ধৰিলে মোৰ আচল বয়স হেনো জনাৰ কোনো উপায় নাই, সিদ্ধ যোগী সন্যাসীয়ে প্ৰয়োজন হ’লে তেওঁলোকৰ শৰীৰ বুঢ়াৰ পৰা ডেকা কৰি ল’ব পাৰে। ময়ো তেনেকৈ হেনো ইচ্ছা কৰিলে শৰীৰ সলনি কৰি ল’ব পাৰোঁ। ভক্তসকলৰ মাজত এইবোৰ কথা হেনো আলোচনা হয় আৰু তেওঁলোকে আহি মোক জনায়। এতিয়া মোৰ নিজৰ মানুহৰ দ্বাৰা মোৰ মহিমাৰ কথা প্ৰচাৰ কৰাৰ প্ৰয়োজন নাই, মানুহবোৰে নিজে নিজে এই কাম কৰি ভাল পায়। 

আৰু দুটামান এনেকুৱা কেচ পালোঁ। মান সন্মানৰ লগতে আশ্ৰমলৈ টকা পইচাৰ সোঁত ব’বলৈ ধৰিলে। ভাগ্য ভাল মানুহবোৰে আধ্যাত্মিক কথা শুনিবলৈ বা আত্ম উন্নতিৰ বাবে অহা নাছিল, কেতিয়াবা কাচিৎ তেনে মানুহ আহিলেও মোৰ সাৰিবৰ উপায় আছিল। মৌনব্ৰত ধৰিলেই হ’ল নাইবা ধ্যান কৰা আৰম্ভ কৰি দিলেই হ’ল। 

৯৯.৯ শতাংশ মানুহে আহিছিল তেওঁলোকৰ ব্যক্তিগত সমস্যাৰ সমাধান বিচাৰি। ল’ৰাৰ চাকৰি হোৱা নাই, ছোৱালীৰ পিছে পিছে ঘূৰি ফুৰে, ড্ৰাগচ লয়, মদ খায়, ঘৰলৈ নাহে, নপঢ়ে, আড্ডা মাৰি ঘূৰি ফুৰে, ভাল পথলৈ আনিবলৈ উপায় দিব লাগে। গিৰীয়েকে আহে ঘৈণীয়েকেৰ সমস্যা লৈ, পৰপুৰুষৰ লগত সম্পৰ্ক, সেইদৰে ঘৈণীয়েক আহে গিৰীয়েকৰ সমস্যা লৈ, পৰস্ত্ৰীৰ লগত সম্পৰ্ক। সেয়ে পতি বা পত্নী বশীকৰণ তাবিজ লাগে। পত্নীৰ অভিযোগ গিৰীয়েকে মদ খায়, জুৱা খেলে, আনৰ ওচৰলৈ যায়, ঘৰলৈ ৰাতি পলমকৈ আহে, কেতিয়াবা নাহে, মাৰধৰ কৰে ইত্যাদি। কিছুমানে আকৌ দুৰ্নীতি কৰি বহু ধন গোটায় তাৰে এটা অংশ আশ্ৰমত দান দিয়ে যাতে ধৰা নপৰে, পৰিলেও যাতে চাকৰি নাযায় বা জেল নহয়। ইত্যাদি নানা সমস্যা সমাধানৰ বাবে আহে লগতে আহে বহুত টকা।

(আগলৈ)

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *