ফটাঢোল

সমাজ-ভাস্কৰ বৰডেকা

অভিমান কৰিছোঁ তোলৈ

খং কৰিছোঁ তোলৈ  

জন্ম মোৰ তোৰেই স্বাৰ্থৰ কাৰণে 

তই শান্তিত থকাতো বিচাৰোঁ মই 

উচুপি উঠোঁ যেতিয়া তোক কলুষিত কৰে কোনোবাই

নোৱাৰে যে একো কৰিব 

তোৰ হিতৰ কাৰণে৷

হয়তো মোৰ জন্মৰ আগৰেপৰাই 

তোৰ প্ৰতি অন্যায় নহয়নে? 

তইতো দিছ অনুমতি 

এইবোৰ কৰিবলৈ?

কেতিয়াওতো উভতি ধৰা নাই তই?

কেনেকৈ ধৰিবি

তই যে  সমাজ৷

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply to জিতু Cancel reply

Your email address will not be published. Required fields are marked *