ফটাঢোল

ভিক্ষাৰী-পাৰ্থপ্ৰতীম

“অ’ মা মা শুনাচোন, কোনোবা আহিছে। আণ্টী এজনীয়ে তোমাক বিচাৰি আহিছে।” – বাৰান্দাত খেলি থকা টিকলুৱে দৌৰি গৈ মাকক ক’লে।

“কোননো আহিছে অ’ এই দুপৰীয়াখন। যোৱাচোন বহিবলৈ কোৱাগৈ, মই গৈ আছোঁ।” জয়াই ক’লে।

“নাহে মা ভিতৰলৈ। ভুউউউউউউউউউউউউউ………” – মুখেৰে গাড়ীৰ শব্দ উলিয়াই টিকলুয়ে তাৰ খেলা গাড়ীখন লৈ বাহিৰলৈ লৰ মাৰিলে।

জয়াই গেছটো বন্ধ কৰি পাকঘৰৰপৰা দৌৰা দৌৰিকৈ বাহিৰলৈ ওলাই আহিল কোন আহিছে চাবলৈ বুলি। আহি দেখিলে বাৰান্দাত আদহীয়া মানুহ এগৰাকী থিয় হৈ আছে ভিক্ষা খুজিবলৈ বুলি। দেখিয়েই বিৰক্তিত জয়াৰ মুখখন কোঁচ খাই আহিল।

“ধেইত। কি লাগে এই দুপৰীয়াখন? এতিয়া একো দিব নোৱাৰো দেই, ভাত ৰান্ধি আছোঁ মই। পিছত আহিবা।”

“বাইদেউ বহুত দূৰৰপৰা আহিছোঁ। কিবা এটা দিয়ক। সৰু ল’ৰাটোৰ জ্বৰ দুদিনৰপৰা। অলপ পইছা যোগাৰ হ’লে দৰৱ কেইটামান আনিব পাৰিম।” – জয়াৰ মুখৰ অভিব্যক্তি দেখিও মানুহজনীয়ে বৰ আশাৰে জয়াক কথাখিনি ক’লে।

“নোৱাৰোঁ বুলি কৈছোঁনে নাই এতিয়া? আজি বৃহস্পতিবাৰ, আজি একো দিব নোৱাৰোঁ। লাজ নালাগেনে তহঁতৰ, গাভৰু মানুহ একোজনী হৈও ভিক্ষা খুজিবলৈ আহিবলৈ। পালিব নোৱাৰ যদি ল’ৰা-ছোৱালী জন্ম দিয় কেলেই?” – কথাখিনি কৈয়েই জয়াই টিকলুক ভিতৰলৈ টানি লৈ আহিল৷

ভিক্ষা খুজিবলৈ অহা মানুহজনীয়ে অলপ সময় টিকলুৱে খেলি থকা গাড়ীখনলৈ চাই দুখমনেৰে উঠি গ’ল। 

দুপৰীয়া জয়া আৰু টিকলু ভাত খাবলৈ বহিল। মাকে টিকলুৰ ভাতকেইটা সানি দিলে। ভাত এগৰাহ লাহেকৈ তাৰ মুখত সোমোৱাই জয়াই ক’লে,

: বাবা মুনু, তুমি কিন্তু অহা বৃহস্পতিবাৰে আমাৰ ইয়াত যে ফাংচনখন হ’ব তাত ডান্স কৰিব লাগিব ধুনুকে। হ’বনে?

: অ’ মা তাত বহুত মানুহ হ’ব ন? 

: অঁ বহুত মানুহ হ’ব। তাত ভালকৈ ডান্স কৰিবা দেই। তেতিয়াহে সকলোৱে তোমাক বাঃ বাঃ বুলি ক’ব। আজিৰপৰা লিনীবা আহিব, তাইৰ লগত ভালকে প্রেকটিছ কৰিবা হাঁ মুনু।

: অ’ মা, দুপৰীয়া যে আণ্টীজনী আহিছিল, তুমি কিয় গালি দিছিলা তেওঁক?

: সেইবোৰ ভাল মানুহ নহয় অ’। সেইবোৰক মাতিবই নালাগে। সিহঁতে সৰু ল’ৰা ছোৱালী পালে ধৰি লৈ যায়। 

: কিয়নো হ’ব! তেওঁ পইছা খুজিবলৈহে আহিছিল। মাতু বাহঁতৰ বৰমাই তেওঁক চাউল দিছে জানা? তুমিওতো দিব পাৰিলা হয়। 

: ভিক্ষা খোজাতো কিবা ভাল কথা নেকি? মানুহে কাম কৰিহে পইছা ল’ব লাগে। এইবিলাক বেয়া কাম কাৰণে মই তাইক খেদি দিলোঁ। সেইবোৰ বাদ দিয়া এতিয়া। তুমি কোনটো গানত ডান্স কৰিবা কোৱাচোন। ফার্ষ্ট প্রাইজটো আনিব লাগিব কিন্তু। তেতিয়া তোমাক আমি একোলেণ্ডলৈ লৈ যাম এইবাৰ।

: অ’ মা এবাৰ যে দেউতা নাথাকোতে মোৰ বেমাৰ হৈছিল, তেতিয়াতো তুমিও মাতু বাহঁতৰ বৰমাৰপৰা পইছা লৈ মোক ডাক্তৰক দেখুৱাইছিলা। তেন্তে আণ্টীক কিয় নিদিলা তুমি? বেয়া পাইছোঁ মই।

“ধেৎ এইটো! দিনে দিনে বেছি কথা কোৱা হৈছা। ৰ’বা আজি স্কুলৰ ডায়েৰীত লিখি দিম মাকৰ লগত কাজিয়া কৰা বুলি। – জয়াই খঙতে টিকলুক ভাত খুৱাই দিয়াৰপৰা উঠি আহিল।

          ………………………………………………

সন্ধিয়া সাংস্কৃতিক সন্ধিয়াৰ কমিটিৰ মানুহ কেইজনমান আহিল। জয়াই তেওঁলোকক ড্রয়িং ৰুমত বহিবলৈ দি চাহ বাকিবলৈ পাকঘৰলৈ গ’ল। টিকলুৰ দেউতাক মানৱে তেওঁলোকৰ লগত বহি কথা পাতিবলৈ ধৰিলে। 

“দাস, এইবাৰ বৰঙণিটো অলপ বেছিকৈ উঠাইছোঁ। ভাল আর্টিষ্ট মাতিছোঁ দুজন। আপুনিতো জানেই আৰু… হেঃহেঃহেঃ…।” – সম্পাদক কলিতাই মানৱ দাসক উদ্দেশ্যি কথাখিনি ক’লে।

“আপোনালোককনো কোনবাৰ কমকৈ দিওঁহে? মোকে ঢিলা পাই সদায় ধৰি থাকে ন?”

“হেঃহেঃ… সেইটো কথা নহয় দিয়কচোন। আপোনাকনো আমাৰ ইয়াত কোনে নাজানে? আপোনাৰ ভাল নাম এটা আছেই। তাতে দাতাকেইজনৰ নাম আমি স্মৃতিগ্রন্থখনত দিম। আপোনাৰো এটা সন্মানৰ কথা আছে দিয়কচোন।”

এনেতে জয়াই চাহ আনি মাজৰ টেবুলখনত সকলোৰে কাৰণে সজাই দিলে। 

“চাহ খাওক দেই।”

“এঃ চাহনো কিয় দিলে? আমি খায়েই আহিছিলোঁ। পিছে হেৰি নহয় বৌ, এইবাৰ আমাৰ মুখ্য গায়কজনক আপুনিয়ে সম্বর্ধনা জনাব লাগিব কিন্তু। আমি আপোনাৰ কথাই ভাবি আছিলোঁ।” – ডেকা সাংস্কৃতিক সম্পাদকজনে জয়াৰ ফালে চাই কথাখিনি ক’লে।

“ইচৰাম, মোকহে পালানে এইবোৰ কৰিবলৈ? বেলেগ কাৰোবাক ক’বাহে।” – ভিতৰি অত্যন্ত সুখী হ’লেও তেনে এটা ভাব নেদেখুৱাই জয়াই কথাখিনি ক’লে।

“নাই নাই। আপুনিয়ে আঁত ধৰিব লাগিব সম্বর্ধনা অনুষ্ঠানটো।” – সকলোৱে একেলগে হয়ভৰ দিলে কথাটোত।

“অঁ আমাৰ টিকলুৱে এইবাৰ আপোনালোকৰ ডান্স কম্পিটিছনত ভাগ ল’ম বুলি কৈছে। গতিকে অলপ সহায় কৰি দিব লাগিব আপোনালোকে।” – জয়াই খুব উৎসাহেৰে কথাখিনি ক’লে।

“অঁ বঢ়িয়া কথা দেখোন দাস। আপোনাৰ ল’ৰাই ভাগ ল’লে ফার্ষ্ট প্রাইজটো পাবই দেখোন সি। গতিকে আপুনি অলপ বঢ়াইহে দিব লাগে দাস।” – সম্পাদকজনে হাঁহি হাঁহি মানৱক কথাখিনি ক’লে।

“হ’ব হ’ব দিম বাৰু। আপোনালোকে চাই দিব আৰু।” – মানৱে পার্চৰপৰা টকা পাঁচহাজাৰ উলিয়াই সম্পাদকজনক দিলে। 

মানুহখিনি যোৱাৰ পিছত জয়া পাকঘৰলৈ গ’ল ভাত ৰান্ধিবলৈ। মানৱে পানী খাবলৈ বুলি ফিল্টাৰটো খুলি বটলটো তলত লৈ জয়াৰ ফালে চাই ক’লে – 

“এইবিলাক চাল্লা একেই। সব ভিক্ষাৰী। ইহঁতে মাত্র ষ্টাইলত পইছা খুজিবলৈ জানে। বছৰটোত যে কেইবাৰ পইছা নিয়ে, কেইবাৰ ফাংচন পাতে!”

জয়াই মানৱৰ কথাটো মানি ল’বলৈ টান পালে। তাই তপৰাই ক’লে, “তেনেকৈ কিয় কোৱানো? আমাক ভাল পাই কাৰণেহে আমাৰপৰা বেছিকৈ নিয়ে আৰু আমাৰ টিকলুৱে কিবা এটাত জইন কৰিলেই যে ফার্ষ্ট প্রাইজটো দিয়েই সিহঁতে।”

টিকলু তেতিয়া পঢ়া টেবুলত বহি ডাঙৰ ডাঙৰকৈ মহৎলোকৰ বাণী পঢ়াত ব্যস্ত –

“কষ্ট কৰিলেহে ৰত্ন পাবা। 

দুখীয়াক সহায় কৰিবা। 

অসৎ পথেৰে অর্জা ধন, নৰকত পাবা স্থান।”

☆ ★ ☆ ★ ☆

4 Comments

  • ডলী

    ভাল লাগিল

    Reply
  • জিতু

    ভাল লাগিল।

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    খুউব ভাল পালোঁ পঢ়ি৷

    Reply
  • কাবেৰী মহন্ত

    সমাজৰ দাপোণ একদম৷ বঢ়িয়া লিখিছা

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *