ফটাঢোল

বৰ্ণমালাৰ মেল-নীলাঞ্জনা মহন্ত

কই বোলে আনা কলম, লিখিম এটা পদ্য৷

খই বোলে আনা মলম, খৰ হৈছে বৈদ্য৷৷

গই বোলে পৰিছে গৰম, আনা এঘটি পানী৷

ঘই বোলে ঘামত তিতি ছিগিল ফটাকানি৷৷

ঙই বোলে খঙতে হেনো পৰিল ৰঙাচিঙা৷

চই বোলে চকুত পৰিছে কিবা চগাৰ পাখি৷

ছই বোলে ছাঁতে শুকাল মুঠিতে লুকাল দেখি৷৷

জই বোলে জহকাল নাহোঁতেই কিহৰ বিননি

ঝই বোলে ঝৰ্ণাৰ পানীকে দিম নেকি আনি৷

ঞই বোলে চিঞৰিব নালাগে হেৰা মহাৰাণী৷৷

টই বোলে টাকুৰী ঘূৰাদি আছোঁ তাঁতবাতি৷

ঠই বোলে ঠগি নাখাওঁ নিজৰে কাঁহীবাতি৷৷

ডই বোলে ডাঙৰ হৈ চহৰলে যাম পঢ়িবলে৷

ঢই বোলে ভগা ঢাৰি কোবাই ঘটিম চলেবলে৷৷

ণই বোলে ৰণলে যোৱা বনলে যোৱা একেই কথা৷

তই বোলে তাঁত লগাইছোঁ নলগাবাহিচোন লেঠা৷৷

থই বোলে থালত দিছো পঁইতাভাতেৰে পিটিকা৷

দই বোলে দান কৰিবা ধন যদিহে পাৰা বলে৷

ধই বোলে ধান ৰ’দাইছোঁ ধৰি দিয়া সোনকালে৷৷

নই বোলে নাহৰকটীয়ালে গৈছানে কোনোকালে?

পই বোলে পেহীৰ ঘৰ তাতে চাহৰ বাগানৰ ফালে৷৷

ফই বোলে ফলাখৰি শুকালে জুই ধৰিবা এইফালে৷

বই বোলে বগৰী খাম আনাচোন নিমখ জলকীয়া৷

ভই বোলে ভোক লাগিছে আজি বগৰীকে খাম দিয়া৷৷

মই বোলে মকৰাজালে ধোঁৱাচাংখন ধৰিছে আবৰি৷

যই বোলে য’ৰে বস্তু ত’তে কিন্তু সময়ত নাপাওঁ বিচাৰি৷৷

ৰই বোলে ৰ’বাচোন ৰবাব টেঙা এটাও যে আছিল৷

লই বোলে লোভ লগাইছা খাবলে বৰ মন আছিল৷৷

ৱই বোলে বোৱাৰীকেইজনী আজিহে তাঁতত লাগিল৷

শই বোলে শালত লাগিছে যদি মাতিলে পাবা ঔকিল৷৷

ষই বোলে বিষাব কঁকাল নধৰিবা পিছত দায়দোষ৷

সই বোলে সাতজাপ মাৰিম বিষৰ কথা নক’বা মোক৷৷

হই বোলে হয়তো কথাটো হঁহাৰ কথা এইটো নহয়৷

ক্ষই বোলে ক্ষমাহে আইসকল পিছত নাপাবা সময়৷৷

ড়ই বোলে দাড়ি নগজা চেঙেলীয়াবোৰ ক’ত গ’ল?

ঢ়ই বোলে বুঢ়ামেথাৰ কথা নুশুনাহঁত অধঃপতনে গ’ল৷৷

য়ই বোলে বিয়া পাতি দিয়া সোপাকে গাঁৱৰে কোনোবা চাই৷

ৎই বোলে হঠাৎ বাৰু ক’ৰপৰা সৎ বুদ্ধিবোৰ খেলায়৷৷

ং ই বোলে চাংঘৰ আছে, ৰংঘৰো আছে চিন্তানো কিহৰ৷

ঃ ই বোলে নিঃপালিৰপৰা আহিলোঁ কথাৰ ভাগ ল’বৰ৷৷

ঁ ই বোলে হাঁহ এটাই হাঁহি হাঁহি ভাত খাই আছে কাঁহীত৷

গোটেই বৰ্ণমালাই শুনি পেলাই বাগৰি পৰিল পাটীত৷৷

☆ ★ ☆ ★ ☆

10 Comments

  • rintumoni dutta

    বাপ্পা ঐ

    Reply
  • কাবেৰী মহন্ত

    তইহে পাৰ দেই৷
    সাংঘাতিক লিখিছ৷ মই ভাৱিবও নোৱাৰোঁ

    Reply
  • মিনতি মহন্ত ,

    বঢ়িয়া , মই আধা লিখি আৰু লিখিবলৈ খূপৰিটোৱে বিচাৰিয়ে নাপালো । ভাল লাগিল ন

    Reply
  • মিনতি মহন্ত ,

    বঢ়িয়া , মই আধা লিখি আৰু লিখিবলৈ খূপৰিটোৱে বিচাৰিয়ে নাপালো । ভাল লাগিল ।

    Reply
  • বাগ্মিতা

    চুপাৰ্ব !?????

    Reply
  • জিতু

    কৃষ্ণ

    Reply
  • ডলী তালুকদাৰ

    বঢ়িয়া

    Reply
  • ৰাজশ্ৰী শৰ্মা

    বাপৰে। ভাবিও যে পাইছে দেই বা‌

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    বঢ়িয়া৷

    Reply
  • জয়ন্ত গগৈ

    বাহ:
    বাইদেউ সাংঘাতিক লিখনি। এই কবিতাতোচোন প্ৰি প্ৰাইমেৰীত ১০০% ই সংযোগ ঘটাব পাৰি। ১০৩ নং গজপুৰীয়া প্ৰাথমিক বিদ্যালয়ত শ্ৰদ্ধাৰ ভীমকান্ত চাৰে পঢ়োৱা “ভুপেন মামাৰ অ আ ..ক খ..” পাঠ্যপুথি খনলৈ সোঁৱৰাই দিলে।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *