ফটাঢোল

আপদীয়া পদ্য-তাবিবৰ ৰহমান

১)

ৰজাই নিৰ্বাচনী সভা পাতে প্ৰজাৰ হিতৰ ভাও ধৰি 

প্ৰজাই সভালৈ যায় সকলো  কাম বন এৰি,  

ৰজাই আশা দেখুৱায়  

প্ৰজাই তালি বজায় 

ক্ষমতা পায় ৰজাই প্ৰজাৰ কথা যায় পাহৰি। 

২)

অঞ্চল-সমাজ ভালে থকাটো সকলোৱে বিচাৰে 

সজাগতা আনিবলৈ কিন্তু কোনেও আগ নাবাঢ়ে 

হঠাৎ অঘটন ঘটি যায় 

নেতা আহি উপস্থিত হয়

 চল চাতুৰীৰে নেতাবোৰে নিজৰ উপাৰ্জন কৰে। 

৩)

পৰিয়ালত সন্তান বুলিবলৈ এটিয়েই মাথোঁ ল’ৰা

কেৰিয়াৰ গঢ়াৰ সপোন লৈ ওলাই গ’ল ঘৰৰপৰা 

কেৰিয়াৰ গঢ়িলে

ঘৰলৈ পাহৰিলে 

মাক-দেউতাকৰ দুখ হ’ল  কুলাই পাচিয়ে নধৰা।

☆ ★ ☆ ★ ☆

15 Comments

Leave a Reply to Tabibar Rahman Cancel reply

Your email address will not be published. Required fields are marked *