ভাই – দ্যা আনচিন ব’ণ্ড – ৰামানুজ গোস্বামী
অৰ্ডাৰ.. অৰ্ডাৰ অৰ্ডাৰ..
ন্যায়াধীশৰ কাঠৰ হাঁতুৰীৰ কোবত ক্ষন্তেকৰ বাবে আদালত কক্ষত কথাৰ গুণগুণনি স্তব্ধ হৈ গ'ল। তেওঁৰ কাষতে থকা আইনৰক্ষী, ক'লা কাপোৰেৰে চকুত বান্ধি ৰখা প্ৰস্তৰ ন্যায়দেৱী মূৰ্ত্তিৰ চক্ষু-বন্ধনৰ ক'লা বস্ত্র সামান্য লৰি উঠিল।
: দুয়ো পক্ষৰে বাদ বিবাদ, যুক্তি, আৰ্জি, খণ্ডন আদি বিচাৰ বিবেচনা কৰি এই আদালত এই সিদ্ধান্তত উপনীত হৈছে যে অপৰাধী মদন কলিতাৰ হাততে তেওঁৰ পত্নী সৱিতা ডেকা কলিতাৰ মৃত্যু হৈছে। নিজ পত্নীক হত্যা কৰি হাতে-লোটে পুলিচৰ হাতত ধৰা পৰা শ্ৰীকলিতাক আদালতে দোষী সাব্যস্ত কৰে আৰু শিক্ষকতাৰ দৰে মহান বৃত্তিত থাকিও এনে গৰ্হিত কাম কৰা বাবে আদালতে তেওঁক ভৎসৰ্ণা কৰে আৰু ১৫ বছৰৰ বাবে সশ্ৰম কাৰাদণ্ড দিয়াৰ ঘোষণা কৰে।
: দেউতা....
: দেউতা…. আ….
- একেলগে দুটা ক্ৰন্দনৰত কিশোৰকণ্ঠই চিঞৰি উঠিল।
: দ্যা কোৰ্ট ইজ্ এড্-জাৰ্ণড্। - ন্যায়াধীশৰ শেষ বাক্যত হুকহুকাই কান্দি উঠিল শিক্ষক মদন কলিতাও।
আদালত চৌহদৰ গেটৰ ভিতৰফালে থকা মস্তান কেইটামানে ঢেকঢেকাই হাঁহি উঠিল। কলিতাক পুলিছে চৌহদৰ বাহিৰলৈ লৈ অনাত দুই পুত্র চন্দন আৰু পলাশে বাপেকক ধৰি কান্দিবলৈ ধৰিলে। তেওঁ দুই পুত্রকে সান্ত্বনা দি, নিজেও উচুপি আহি থাকোতে মস্তানকেইটাৰ অট্টহাস্য দেখি ৰৈ গ'ল।
: এতিয়া কেনে ঐ মাষ্টৰ? ছাল্লা তাৰ নাম নাজানো। আমাৰ গেম দেখিলি? - মস্তানকেইটাই আগুৱাই আহি তাচ্ছিল্যভৰা বাক্যবাণ এৰিলে।
: কুত্তাহঁত... মাত্র পোন্ধৰ বছৰ। ৰহ তহঁতক। মই এটা এট্টাকে যদি শেষ নকৰোঁ ময়ো মদন কলিতা নহয়।
: ছাল্লা চোঁৱৰ। বাচি থাকিবি নেকি ১৫ বছৰ!
কিশোৰ পলাশৰ সোঁহাতখন টান হৈ অহাৰ লগতে চকুতো হিংসাৰ দাবানল দেখা গ'ল। মস্তান দলৰ নেতৃত্বত থকা চৰণ আৰু চম্পকে গেটত থকা জনতাৰ দলটোলৈ কিবা ইঙ্গিত দিলে। গোটেইজাক মানুহে তীব্ৰ চিঞৰ বাখৰেৰে হঠাৎ পৰিৱেশটোৱেই সলাই পেলালে।
: মাষ্টৰ হৈ ঘৈণীয়েৰক মাৰিলি…
: ঘৈণীয়েকৰ চাগে কাৰোবাৰ লগত…
: নহয়, ইয়েই অসভ্য। তাৰ কথা ওলায় যায় বুলি ঘৈণীয়েকক…
: এইবোৰ সমাজৰ কীট। শিক্ষক… ইচ্…
: চাল্লা চৰিত্রহীন... ঐ লম্পট…
: মাৰ... ছাল্লা মাৰ ইয়াক... হত্যাকাৰী...
মানুহবোৰে চিঞৰাৰ লগতে একাংশই মদন কলিতালৈ খেদিও আহিল। পুলিছে তৰ্কিবই নোৱাৰিলে। গণৰোষৰ মাৰ-কিলত সোমাল কলিতা।
পলাশ আৰু চন্দনে দুই-একক হাতে- ভৰিয়ে ধৰিলে যদিও দুয়োটা আফাল খাই গ'ল। মাত্র দুয়ো মন কৰিলে সেই ভীৰৰ মাজত চৰণ আৰু চম্পকে দুখন খুকুৰি লৈ জুমটোৰ মাজত সোমাই পৰিছে।
: আ... আ...হ্...আ....হ্.....
- মৃত্যুকাতৰ যন্ত্রণাৰে জনতাৰ ৰোষৰ বলি হোৱা কলিতা মৃত্যুকাতৰ চিঞৰেৰে ঢলি পৰিল। পেটৰপৰা হোলোকা-হোলোকে ৰক্তক্ষৰণ ঘটি ঠাইতেই শেষ উশাহ ল'লে।
*********
প্ৰচণ্ড জুইকুৰাৰ সন্মুখত উচুপি আছে বৰপুত্র চন্দন। সন্মুখত পিতৃদাহন। কাষতে মাটিত আঁঠু দুটা চেপি বহি আছে পলাশ। মুক আৰু ভাৱলেশহীন। দুমাহৰ আগতে মাকৰ চিতা জ্বলিছিল। সেইদিনাও দুই ভাই এইদৰেই চিতাৰ সন্মুখত একেলগে আছিল। লগত দেউতাক নাছিল। কাৰণ তেওঁ পত্নীহত্যাৰ গোচৰত আৰক্ষীৰ হাতত ইতিমধ্যেই বন্দী। মাতৃহত্যা হৈছিল দুই ভাইৰ সম্মুখতেই।
সেই ৰাতি চৰণ আৰু চম্পকৰ লগত ডোগ্ৰাও আহিছিল। ডোগ্ৰা চৰণ-চম্পকৰ মালিকৰ পুত্র। মালিক মানে কান্তেবাবা। কান্তেবাবা চহৰৰ আইনে ঢুকি নোপোৱা ডন। নগাওঁ, মৰিগাওঁ, হোজাই, লংকা, ডিফুলৈকে ধৰি চলে কান্তেবাবাৰ মাফিয়াৰাজ। কাৰোবাক হত্যা কৰাতো যেন তাৰ তামোলখোৱাৰ দৰে সিদ্ধান্ত! পিতাকৰ পদচিহ্নৰে পুতেক ডোগ্ৰাৰো অতপালি বাঢ়ি আহিছিল।
ভোটাইগাঁৱত বাপেক পুতেকে মিলি এটা চুলাইৰ ভাট্টি খুলিবলৈ যো-জা কৰোতেই গাঁৱৰ শিক্ষক মদন কলিতা সোচ্চাৰ হৈ পৰিছিল। বাকী গাঁৱৰ ৰাইজক কাৰোবাক টকাৰে, কাৰোবাক ভাবুকিৰে মুখ বন্ধ কৰিছিল যদিও মদন কলিতাক বলে পৰা নাছিল। কলিতা শান্তিপ্ৰিয় শিক্ষক যদিও বৰ শক্তিবন্ত লোক আছিল, সেয়ে চুলাই ভাট্টিৰ খুটাবোৰ পুতিবৰ দিনাই অকলে উভালিছিল। খবৰ পাই কান্তেবাবাই মুখ্য অনুচৰদ্বয় চৰণ আৰু চম্পকৰ অধীনত দহজনীয়া গুণ্ডাদল এটাক জীপছি এখনত ভৰাই, কলিতাৰ দাঁত-মুখ হাত-ভাৰি ভাঙি তিনিআলিৰ বৰগছত ওলোমাই থৈ আহিবলৈ পঠায়।
কিন্তু একালত ভীমৰ ভাও লোৱা মদনে ওলোটাই দহোটাৰেই হাত-ভৰি, দাঁত-মুখ ভাঙি পঠাই দিয়ে। চৰণ আৰু চম্পকক পঘাৰে বান্ধি অন্তৰ্বাস পিন্ধাই সিহঁতৰেই জীপছিখনেৰে চোঁচৰাই গাঁৱৰ বাহিৰ কৰি দিয়ে।
কিন্তু মাজনিশাই অঘটন ঘটিল। "কোন মাইকেলালে আমাৰ মানুহৰ গাত হাত দিয়ে" বুলি কান্তপুত্র ডোগ্ৰাই এপাল গুণ্ডা লৈ কলিতাৰ ঘৰত অস্ত্র-শস্ত্রৰে দৰ্জা ভাঙি প্ৰৱেশ কৰি, কলিতাক মাৰ পিট কৰে। কলিতাপত্নীক ডোগ্ৰাই কিছু অশ্লীল ইংগিত দিয়ে। উগ্ৰমূৰ্ত্তি ধৰি সৱিতা ডেকা কলিতাই ডোগ্ৰাৰ মুখত থুৱাই দিয়ে। চন্দন পলাশ ভয়ত বিতত হৈ পৰিছিল। মুখত থুৱাই দিয়াত ডোগ্ৰাৰ মুখেৰে সৱিতাৰ প্ৰতি "বেশ্যা"মূলক থলুৱা গালি এটা ওলাই যায় আৰু খঙত সৱিতাই ডোগ্ৰাক এটা পূৰ্ণহতীয়া চৰ শোধায়। ডোগ্ৰা বলিয়া হৈ পৰে আৰু চৰণ-চম্পকৰ সহায়ত এখন ডেগাৰেৰে সৱিতাৰ পেটত সুমুৱাই হত্যা কৰে। মুষ্টিত আৱদ্ধ কলিতা বলিয়া হৈ উঠে।
"কঁ..অঁ.......কঁ..অঁ..." কৈ ভাঁহি অহা পুলিছৰ গাড়ীৰ শব্দ শুনি ডোগ্ৰাবাহিনী পলায়। কলিতাই পত্নীৰ পেটৰপৰা ডেগাৰখন উলিয়াবলৈ চেষ্টা কৰে। পুলিচৰ আৱিৰ্ভাৱৰ কিছুক্ষণ পিছতেই চৰণ-চম্পকো আহি উপস্থিত হয় আৰু হাতত পেটৰপৰা উলিয়াই অনা ডেগাৰ লৈ থকা কলিতাই ঘৈণীয়েকক হত্যা কৰা বুলি চিঞৰ বাখৰ লগায়।
গোটেই কথাখিনি যেন পিতৃচিতাৰ সন্মুখত বহি ৰোৱা পলাশৰ চকুৰ আগেৰে আকৌ এবাৰ জীৱন্ত হৈ দেখা দিলে। মাতৃহত্যাকাৰী ডোগ্ৰাক নিঃশেষ কৰিবলৈ ইতিপূৰ্ব্বেই পণ লৈ থোৱা ১২ বছৰীয়া কিশোৰ পলাশৰ দেহত যেন সাতটা ঘোঁৰাৰ তেজ উথলি উঠিল। চন্দনক তাতে এৰি ঘৰলৈ আহি তৰোৱাল এখন লৈ ঘৰৰ ঘোঁৰাটোত উঠি কান্তেবাবাৰ চহৰৰ দালানলৈ চেঁকুৰিলে। মূল চৌহদৰ প্ৰকাণ্ড দুৱাৰৰ একাংশ মহতিয়াই পলাশে উদ্যত তৰোৱাল লৈ চোতালত বহি মদ খাই থকা ডোগ্ৰাৰ সন্মুখত মৃত্যুদূত হৈ থিয় দিলে। সামান্য কিশোৰটিৰ অসামান্য অতপালি দেখি সন্ত্রস্ত হৈ পৰিল প্ৰহৰীবৃন্দ। প্ৰথম মহলালৈ দৌৰি আহিল খোদ কান্তেবাবা। হাতত খোলা তৰোৱাল আৰু চকুত ক্ৰোধৰ স্ফুলিংগ দেখি অভিজ্ঞতাপুষ্ট ডন কাম্তেবাবাই ঘটনাৰ উমান পাই গ'ল;
: মাৰ ঐ... গুলীয়াই মাৰ এই সাপৰ পোৱালিটোক। জীৱ বাহিৰ কৰি দে।
কান্তেবাবাৰ নিৰ্দেশত ৰক্ষীবোৰে পলাশক মাৰিবলৈ বন্দুক উঠালে, পোনালেও। কাল বিলম্বত যে তাৰ প্ৰাণ শেষ, সেয়াও নিমিষতে বুজিলে পলাশে। ছেকেণ্ডৰ ভিতৰতে তৰোৱালখন এনেকৈ ঘূৰালে যে তিনিটা বস্তু তিনি দিশে ওফৰি পৰিল - এক, পলাশৰ তৰোৱাল, দুই, সি নিজে আৰু তিনি, ডোগ্ৰাৰ ছিন্ন হাত এখন। তাৰপিছত মাথো ওলোটা দৌৰ। পিছে পিছে দুই-চাৰিটা বন্দুকৰ ফায়াৰিং চিটিকি আহিলেও কাৰোবাৰ ঘৰৰ গছ, কুঁৱা, কলৰ বাৰী আদি কেইবাবাৰো সৰকি, দৌৰি দৌৰি সি এটা ৰে'লৱে ষ্টেশ্যন পালেগৈ।
"চাপৰমুখ"।
তীব্ৰবেগে আহি ৰৈ যোৱা গুৱাহাটীমুখী ট্ৰেইনখনত দৌৰি দৌৰিয়েই উঠিলহি পলাশ। তাৰ অজ্ঞাতসাৰেই পিছফালৰ এটা ডবাত ককায়েক চন্দন। মোমায়েকে এই নৰকৰপৰা লৈ গৈছে চন্দনক। পলাশতকৈ দুবছৰ ডাঙৰ ক্লাছ নাইনত পঢ়া চন্দন নিশ্চিত হৈছিল যে উগ্ৰভাৱে যোৱা পলাশক ডোগ্ৰাবাহিনীয়ে সুদাই নেৰিব। এনেয়েও কান্তেৰ ঘৰলৈ শত্রু গ'লে তাৰ ঘৰতে জীৱন্তে পোতে বুলি শুনা যায়। তদুপৰি ঘোঁৰাটোও ঘূৰি নহাত, মোমায়েকেও পলাশ আৰু নাই বুলিয়েই ধৰি চন্দনক লৈ ট্ৰেইনত উঠিল। লক্ষ্য - নিজা ঘৰ তেজপুৰ। একেখন ট্ৰেইনতে দুয়ো ভায়ে নীৰৱে উচুপিলে ইজন সিজনক এৰিব লগা হোৱাত। দুয়ো নিজৰ ডিঙিত ওলমি থকা তাবিজ দুটা লৈ আনজন ভাই ভালে থকাৰ মঙ্গল প্ৰাৰ্থনা কৰিলে। কাণত বাজিল দেউতাকে মায়ঙৰ বঘাই ওজাৰপৰা অনা তাবিজ দুটা দুয়োকে পিন্ধাই কোৱা কথাষাৰ - "জল, স্থল একোতে হানি-বিঘিনি নহয় কদাপিও। এই নৰসিংহ মৃত্যুঞ্জয় কবচে দুয়ো ভাইকে সদায় বচাই ৰাখিব অস্ত্র-শস্ত্র আৰু হিংস্ৰ জন্তুৰপৰাও।"
- দুয়োটা তাবিজৰ এফালে নৰসিংহৰ চিহ্ন অংকিত থকাৰ লগতে আনফালে খোদিত আছিল এটা শেন চৰাইৰ ঠোঁট।
গুৱাহাটীত নামি দুই ভাইৰ যাত্রাপথ ওলোটা হৈ গ'ল! পলাশে যেতিয়া আগৰ ট্ৰেইন এখন ধৰিবলৈ পশ্চিমমুৱা হৈ আগলৈ গ'ল, চন্দনে পল্টন বজাৰ বাছ ষ্টেণ্ডৰ বাবে মোমায়েকৰ লগত পূবমুৱা হৈ আগুৱালে। একেখন ট্ৰেইনৰপৰাই বিচ্ছেদ হৈ হ'ল দুই ভাই।
******
পাটনা। এখন হুলস্থুলীয়া চহৰত ভৰি দি পলাশে যেন এক নতুন জনমহে ল'লে। ৰেলৱে ষ্টেছনৰ বাহিৰলৈ ওলাই বিনা পইছাৰে ক'তো চাহ একাপো খাবলৈ নাপাই সি দিনটো পগলা কুকুৰৰ দৰে দৌৰি থাকিল। সন্ধ্যা এখন ৰৈ থকা মাৰুটি কাৰৰ ভিতৰত বহি থকা গাভৰু এগৰাকীক কিবা এটা খুজি হাত পাতোতেই তাই তাক বৰ বেয়াকৈ ক'লে। "থেইকিট্ মাই বেইবী" বুলি ডেকা এজনে গাভৰুক কিবা এটা খোৱাৰ পেকেট তাইক দি, ডেকা চালকৰ আসনত ঠিক উঠিছিলহে, পলাশে ভোকৰ তাড়নাত ৰ'ব নোৱাৰি চিলনীয়ে থপিওৱাদি গাভৰুৰ হাতৰ খোৱা পেকেটটো লৈ দৌৰিবলৈ ধৰিলে। সি দৌৰি থাকিল... দৌৰি থাকিল।
সেই দৌৰতেই ক্লাছ চেভেনৰ ল'ৰাটোৰ সৰু সৰু পিট দুটা ক্ৰমে যেন কিছু ডাঙৰ হৈ আহিল। লেটেং পেটেং খোজবোৰ মোটোহা ভৰিৰ হৈ পৰিল। হাফপেণ্টটো নোহোৱা হৈ লংপেণ্ট লিপিট খাই পৰিল। পাটনাৰ গলিয়ে গলিয়ে এইদৰে দৌৰি দৌৰি পলাশ, কৰণ হৈ পৰিল ডাকু কৰণ। ভাই কৰণ বা কৰণ ভাই!
: এ কৰণ ভাই! কাইকো মেৰে ইলাকে মে অপনা বন্দাকো ভেজেলালা? অয়ে তু য়ে মূলি ভাই কো নেহী জানতা। চ্চালে মূলি জেইচে পিচ্ পিচ্ কৰকে তেৰেকো গিদৰকো খিলায়েগা। আবে তু চমঝা না... ক্যা… কাইকো লফৰে মেঁ...
"ধাপাক্ - ঢেক্ - ঢিকলুছ্ টেং...." কৈ শব্দ হ'ল। ধাতবীয় কলহ এটাৰে মূলি ভাইৰ মূৰটোলৈ মাৰি, কিছুসময় হতা-হতিৰ পিছতেই মূলি ভাই ৰণত পৰিল।
: ক… আজিৰপৰা আৰু এই কৰণৰ লগত পাংগা ল'বি? চাল্লা আলু পিটিকাদি...
: নাই নাই। আজিৰপৰা... মাই বাপ... আজিৰপৰা..
: যা। ঐ মিনা বজাৰৰ ফুটা বেলুন। মূলি নে কুলি। কেলেণ্ডাৰত দাগ দিবি আজিৰ তাৰিখ, বুইছ! ক কি তাৰিখ আজি?
: ভাই আজি ১১ অক্টোবৰ...
: ১১ অক্টোবৰ? - কৰণ কিছু আনমনা হৈ পৰিল। আৰে! আজিৰ তাৰিখতেইতো দেউতাক জেলৰপৰা ওলালে হয়। ১৫ বছৰ যে সৰকি গ'ল কেনেকৈ! আজি সি তাৰ দেউতাকক লগ পোৱাৰ দিন আছিল। কিন্তু চৰণ আৰু চম্পকে কান্তেবাবাৰ নিৰ্দেশতে দেউতাকক গণ আক্ৰোশৰ ৰং সানি তেওঁ নৃশংসভাৱে ডেগাৰেৰে হত্যা কৰিছিল। ডোগ্ৰাও এখন হাত লৈ বাচি আছে। নাঃ! অসম্পূৰ্ণ প্ৰতিশোধ সম্পূৰ্ণ হ'বই লাগিব।
পাটনাৰপৰা ৰাজধানী এক্সপ্ৰেছত বহি গুৱাহাটী অভিমুখী হ'ল কৰণ ওৰফে এসময়ৰ পলাশ।
********
তাৰ ঠিক ছমাহৰ আগত -
ইন্সপেক্টৰ অৰ্জুন কলিতা। মেৰাপানীৰপৰা বদলি হৈ নগাঁও থানাত দায়িত্বভাৰ লৈছেহি। সাহসী, আইনত বিশ্বাসী, কানুনৰ ৰক্ষাকৰ্ত্তাৰ লগতে চিনিয়ৰ পুলিছ অফিছাৰৰ প্ৰতি সন্মানো আছে। মাজে মাজে খঙাল হৈ পৰে। তেজপুৰৰ মোমায়েকৰ ঘৰত থাকি পঢ়া-শুনা কৰি নিজৰ ভৰিত নিজে ঠিয় দিছে। জীৱনৰ লক্ষ্য - সমাজৰ সকলোকে সমান চকুৰেই ৰাখি নিজৰ দায়িত্বৰ জৰিয়তে অইনক সহায় কৰা। দুৰ্নীতি মুক্ত।
ইন্সপেক্টৰ অৰ্জুন কলিতাৰো এটা অতীত আছে। মোমায়েকে সেই অতীত তাক পাহৰিবলৈ শিকাইছে। শিকিছেও তেনেকে। কিন্তু মাজে মাজে আউল লাগি যায়। চৰকাৰী দায়িত্বৰ আওঁতাতেই তেওঁৰ ব্যক্তিগত হিচাপ এটাও কৰিবলৈ বাকী। নাম এটা তেওঁ কেতিয়াও পাহৰিবই নোৱাৰে। কান্তেবাবা! নিজৰ চকীত বহি অতীতৰ বিৰিং বাৰাং চিন্তাৰ যতি পেলাই হঠাৎ যেন এজাক ধুমুহা সোমাই আহিল।
ধুমুহাৰ এক উপাদান হিচাপে অহা এজন পেটাল, দুৰ্জয়, গুণ্ডাহেন লগা লোক এজনে কান্ধত দাঙি অনা চকী এখন তেওঁৰ টেবুলৰ সন্মুখত ধমহকৈ নমালে। পিছতে আহি থকা লোক এজনে চকীত কুশ্যন এটা পাৰিলে। গোটেই ধুমুহাটোৰ উৎসটো সোমাই আহিল আৰু চকীখনতে ধমহকৈ বহি বুকু ফিন্দাই ক'লে -
: নাম?
: কান্তেবাবা...
- কাষতে থকা তেওঁৰেই সচিবহেন লগা মানুহ এজনে লাহকৈ মূৰ দোঁৱাই কৈ উঠিল।
: কান্তেবাবা, নামটো শুনিছাই ছাগে ইন্সপেক্টৰ?
: (কিছু তভক মাৰি) হয় শুনিছোঁও, দেখিছোঁও...
: কিন্তু বুজা নাই! বুজা নাই নহয় কোন এই কান্তেবাবা? - পিছৰ বাক্যটোত গোটেই থানাখনেই গমগমাই গ'ল।
: কওকচোন কিদৰে আপোনাক সহায় কৰিব পাৰোঁ। - শান্তকণ্ঠে ক'লে অৰ্জুন।
: সহায় নালাগে! মোক অন্ততঃ এই পুলিছৰ সহায় নালাগে। থানাৰ চকী এখনতো মই নবহোঁ। মোৰ কথা হ'ল - কালি পানীগাঁৱত থকা মোৰ বাচ ৰিপেয়াৰিঙৰ গেৰেজটোত কিয় সোমাইছিলিগৈ সদলবলে? হাঁ? কাৰ বাপেৰৰ মূৰটো বিচাৰি গৈছিলি?
এটা শ্লাইডিং কিকেৰে টেবুলৰ তলেৰেই মৰা প্ৰচণ্ড গোৰত কান্তেবাবাৰ চকী "চিঁউ… ফিঁউ..ইঁউ...চ্" কৈ গৈ থানাৰ চোতালত পৰি গ'ল; মানুহটো চিতভোলোঙা খাই আধাপাক ঘূৰি, কোঠাতে পৰি ৰ'ল। কান্তেবাবাৰ চোলাত খামুচি ধৰি উঠাই কেৰেক্ চেৰেক্ কৈ দাঁত কৰচি হাতেৰে কেবাটাও টিলিকি মাৰি, চকুৰে যেন দুকুৰা জুই উলিয়াই অৰ্জুনে ক'লে,
: বাপেৰক ধৰি আৰু কথা নক'বি। মোৰ পিছৰবাৰৰ গোৰৰ স্থান ইফাল-সিফাল হ'লে চি..ই..দ্ধা সিপুৰী পাবিগৈ...
জীৱনত প্ৰথমবাৰৰ বাবে পুলিছৰ ধমকিত যেন কিছু থমকি ৰ'ল কান্তেবাবা। কিন্তু পিছমুহূৰ্ত্ততে চিঞৰি উঠিল,
: তোক চাল্লা চাই ল'ম মই। ঐ.. (অশ্লীল ১)... (অশ্লীল ২) ইন্সপেক্টৰ....
সেই হুংকাৰত যেন শকতি ঘূৰি আহিল কান্তেবাবাৰ চেলা-চামুণ্ডাসকলেৰ সকলোৱে সজোৰে সমস্বৰে বিকট চিৎকাৰ কৰি আক্ৰমণাত্মক ভংগীমাৰে ইন্সপেক্টৰক খেদি আহিল; কান্তেই এখন হাত হঠাৎ ওপৰলৈ উঠালে। চুইচ্ অফ্ হোৱাৰ দৰেই ৰৈ গ'ল ঘাতক বাহিনী।
: এই মামলা আজিয়েই সমাপ্ত নহয়। - চকু পকাই গোঁজৰণি মাৰি উভতিলে কান্তে আৰু সহযোগী গুণ্ডা বাহিনী। আগতকৈয়ো বেছি খঙেৰে দুই কঁকালত হাত দি ক্ষোভেৰে কান্তেবাবালৈ চাই ৰ'ল অৰ্জুন কলিতাই। চাকৰিৰ বান্ধোন নথকা হ'লে যেন কান্তেক এতিয়াই… সন্মুখত থকা পানীৰ বটলটো এহাতেৰে খঙতে চেপি চাধাৰ টেমাৰ দৰে চেপেটা কৰি পেলালে।
*****
নিশাৰ সময়। পৰিত্যক্ত ঘৰটোলৈ সোমাল কৰণ। লাইটাৰেৰে মমডাল জ্বলালে। ধূলি-মকৰাজালে পৰিপূ্ৰ্ণ ঘৰটো যেন এক ভূত বাংলা। ৱাল ফটা, কাঠ-দৰ্জা খিৰিকী ভঙা। পকাৰ মজিয়াতে ঢেঁকীয়া গছ, পুৰণি সা-সামগ্ৰী লণ্ড-ভণ্ড। দেৱালত ফটো এখন ওলমি আছে। চন্দন আৰু পলাশে একে ৰঙৰ স্কুলীয়া শ্বাৰ্ট-পেণ্টেৰে পিন্ধা ১৭ বছৰামান পুৰণি ফটো। ক'ৰবাৰপৰা যেন সকৰুণ কণ্ঠেৰে ধীৰ লয়েৰে ভাঁহি আহিছে,
"মনলৈ ওভতি আহে ল'ৰালি...
তোৰে মোৰে এটি এটি ধেমালি…"
ফটোখনৰ পৰা যেন চন্দনৰ মুখখন ধোঁৱা এছাটিৰ দৰে উৰি আহি জীৱন্ত হৈ গাই দিলে...
"আছিলো তোৰে মৰমতে খেলি...
মোৰো ভাল লাগে তাকে সুঁৱৰি অ'...অ'...অ'...
মনলৈ ওভতি আহে ল'ৰালি...
তোৰে মোৰে….."
জীৱন্ত চন্দন যেন পুনৰ ধোঁৱাৰ মাজেৰে ৰূপান্তৰিত হৈ ফটোখনৰ আগৰ ঠাইত খাপ খাই পৰিল। বাস্তৱলৈ ঘূৰি অহা পলাশে বাওঁহাতেৰে মচি দিলে নিজৰ বৈ অহা অশ্ৰু। মেকুৰী এটা ৰুমৰপৰা জঁপিয়াই ওলাওঁতেই "থেলেং"কৈ কিবা এটা পৰিল। পলাশ ওৰফে কৰণে সেই শব্দৰ উৎসত এখন ওপৰৰপৰা সৰি পৰা ফটো পালে, যুটীয়া ফটো। মদন কলিতা আৰু সৱিতা ডেকা কলিতাৰ।
******
ACP অফিছ, গোলাঘাট।
: তোমাৰ হৈছে কি ইন্সপেক্টৰ অৰ্জ্জুন? জানানে? তোমাৰ মইমতালিৰ বাবে মই দিছপুৰত আৰু DGP ৰ ওচৰত জবাবদিহি হ'ব লগা হৈছে?
: ছাৰ, কান্তেভাইৰ দুই নম্বৰী ধান্দা বহুত চলি আছে। লংকা, ডিফু, মৰিগাঁৱত তাৰ ড্ৰাগছৰ ধান্দা আছে। বাংলাদেশলৈ হাথিয়াৰ চাপ্লাই দিয়ে। লুংলেইৰপৰা ইষ্ট বেংগলৰ কাপ্তেইলৈকে বাংলা জালি নোট...
: প্ৰমাণ আছে? কিবা নথি পত্র? ছবি? অডিঅ' ভিডিঅ' ফুটেজ?
: না.. নাই ছাৰ।
: তথাপি তুমি তাৰ হেৰিত গোৰ মাৰি দিলা? তাকো পুলিছ থানাত? - গৰগৰাই চিঞৰি উঠিল ACP বৰুণ দলে।
: না...নাই ছাৰ। মিছা কমপ্লেইন কৰিছে সি। মই চকীতহে গোৰ মাৰিছোঁ। তাত মৰা নাই।
: চোৱা, কান্তেবাবাৰ পহুঁচ বহু ওপৰত। বিৰোধী দলপতিৰ খুলশালীয়েকৰ লগত তাত উঠা বহা। ইলেকশ্যনৰ আগত পাৰ্টিবোৰৰ নামত পইছা দিয়ে। বিধায়কৰ সুৰাপান কৰা সংগী। সেয়ে...
******
উচ্চাঙ্গ সংগীত। "কঁকাল খামুচীয়া" ডিস্কো হাউচ্। মাজনিশা ৰঙীন পৃথিৱীত লয়লাস ভঙ্গীমাৰে নৃত্যৰত এজাক আকৰ্ষণীয় গাভৰুৰ দল। দলনেত্রীৰ কণ্ঠ অাৰু উদ্দাম নৃত্যই সবকে যেন বলিয়া কৰিছে।
"দুনীয়াই মানক বা না মানক, মোৰ যে বহু অনুৰাগী...
বেলেগৰ প্ৰেম কিয় লাগে মোক, মই নিজেই যে প্ৰেম প্ৰত্যাশী….
হোৱাটছ্ মাই নেম...হোৱাটছ্ মাই নেম...
মাই নেইম ইজ্ শ্বিইলা..
শ্বিলা কি জৱানী..
আইম্ চ'.......
মাই নেইম ইজ্ শ্বিইলা...
শ্বিলা কি জৱানী...
আইম্ চ'......."
চিভিল ড্ৰেছত সোমাই আহিল ইন্সপেক্টৰ অৰ্জুন। নৃত্য সমাপ্তিত ভাগৰি পৰা শ্বিলাৰ কাষ পালেগৈ। ফটো এখন দেখুৱাই ফুচফুচাই সুধিলে,
: কৈছিলো যে! খবৰ কোৱা।
চম্পকৰ ফটোখন চাই তাই লাহেকৈ কৈ উঠিল,
: আজি ৰাতি ২ মান বজাত গাড়ী ওলাব। বেটেৰী গ' ডাউনৰ পৰা। কনচাইনমেণ্ট হোজাইলৈকে ইয়েই নিব।
টকাৰ নুৰা এটা তাইক চকুৰ পচাৰতে, হাতৰ পাকতে দি অৰ্জুন ওলাই গ'ল। আজি এৰাত নাই অৰ্জুন। চম্পক আৰু কান্তেৰ এই বেআইনী গোটক উচিত শিক্ষা দিবলৈ।
তেনেতে সোমাই আহিল শ্বীলাৰ প্ৰতি যোৱা কিছুদিনত অনুৰক্ত হোৱা কৰণ। যোৱা কিছুদিন ধৰি দৈনন্দিন এই "কঁকাল খামুচীয়া" ডিস্কো হাউছলৈ অহা-যোৱা কৰণ যোৱা কিছুদিনৰ বন্ধুত্বৰে শ্বীলাৰ লগত সহজ হৈ পৰিছিল।
: কি ক'লা এই ইন্সপেক্টৰক? কিহৰ মিতিৰালি ইমান?
: ইন্ফৰ্মেশ্যন দিলে দুপইছা পাওঁ, কৰণ..
: মোকো দিয়াহে ইনফৰ্মেশ্যন। - বেপেৰুৱা হাঁহিৰে সি ক'লে।
: চম্পকে আজি বেটেৰী গ'ডাউন গেৰেজৰপৰা হোজাই হৈ ডিমাপুৰলৈ গাড়ী নিব। ইম্ফল-মোৰেলৈকে যে আৰ্মছ চাপ্লাই সেই কথা কৈছোঁ।
*********
নিজৰ দল লৈ সাজু হ'ল অৰ্জ্জুন। এটা তাৎক্ষণিক অপাৰেশ্যনৰ বাবে পুলিছৰ বাইক আৰু গাড়ী দৌৰিল বেটেৰী গ'ডাউনলৈ। আজি পাই যাব বহু প্ৰমাণ। ACPৰ হাতত তুলি দিব পাৰিব প্ৰমাণ। কান্তেবাবাৰ মুখা খুলিবলৈ চম্পকৰ সাক্ষী ল'ব লাগিব। প্ৰয়োজনত পিছত চম্পকক এনকাউণ্টাৰ কৰা হ'ব। লগতে চৰণকো বিচাৰি ব্যক্তিগত প্ৰতিশোধ ল'বই ল'ব। এক অধীৰ উত্তেজনাত বাইকৰ স্পীড বাঢ়ি গ'ল অৰ্জ্জুনৰ।
"ধা...ধা...ৰাম...ধি...কি...ই...চ্" - প্ৰচণ্ড গতিৰে সোমাই অহা বাইকৰ খুন্দাত বেটেৰী গ'ডাউনৰ বেৰা ভাঙি পৰিল। আগন্তুকে যাকে পায় তাকে গুলীয়াবলৈ ধৰাত কেইবাজনো গুণ্ডাকৰ্মী আহত হয়। মুহূৰ্তৰ ভিতৰতে গ'ডাউনত যেনি তেনি পেট্ৰ'ল ঢালি অগ্নি সংযোগেৰে ছাৰখাৰ কৰে। চম্পকক অতিকৈয়ে উধ্যম-মাধ্যম শোধাই বাইকত গাহৰি বন্ধাদি বান্ধি উধাও হয় আগন্তুক।
"কঁ...অঁ...কঁ...অঁ...কঁ...অঁ..." কৈ বিকট শব্দেৰে হাজিৰ হ'ল ইন্সপেক্টৰ অৰ্জুন। কিন্তু তাৰ আগতেই সকলো ধ্বংস হ'ল। হেৰাই গ'ল বা বন্ধ হ'ল কান্তেবাবা বিৰোধী প্ৰমাণৰ।
ঠাইতে বহি অৰ্জুনে চিগাৰেট এটা জ্বলাই কিছুক্ষণ নীৰৱে থাকি ভাবিলে - "কোন হ'ব পাৰে এই দ্বিতীয় অৰ্জ্জুন?"
*******
নিজৰ বিলাসী গাড়ীৰপৰা নামিল মিচ্ নয়না সাউদ। সন্মুখত বিগ বজাৰ। তিনিজন চুলি দীঘল, কাণত ৰিং পিন্ধা ল'ৰা তাইৰ ফালে ঢাপলি মেলিলে। চিভিল ড্ৰেছত থকা অৰ্জুনৰ চকু গ'ল নয়নালৈ! আস্। সঁচাই অপূৰ্ব সুন্দৰী! কিন্তু ডেকা তিনিজনে তাইক প্ৰায় ঘেৰি ধৰিলে আৰু প্ৰস্তাৱকৰ দৰে এজনে এটা ভৰিত আঁঠুকাঢ়ি তাইলৈ ফুল এটা দিলে।
: ৰাস্তাই ঘাটে এনে নকৰিবচোন। প্লীজ। আপোনালোকে বাৰু কিয় সদায় ইমান আমনি কৰি আছে?
: ঔকে বেবী। ৰাস্তাই-ঘাটে বেয়া পোৱা যদি ব'লা কোঠা এটিলৈ যাওঁ। - চকুত নিৰ্লজ্জ হাঁহি তাৰ।
: ঐ ছোৱালী, কি ইমান ভাও খাৱ বে? চিধা ক তই আমাৰ ভানুদাদাৰ লগত পতিবিনে নাই? নপতিলে (অবাইচ, বেশ্যাসূচক বেয়া শব্দ) ছাল্লা...ইচ্! আমনি কৰিছাঁ বোলে তাইক! কিমানদিন ধৰি...
অৰ্জুনৰ মনত ডোগ্ৰাই মাকক কোৱা কথাষাৰ মনত পৰিল। সি হিতাহিত জ্ঞান হেৰুৱাই পেলালে আৰু, "ধি...চুম" প্ৰায় উৰি অহাদি ইন্সপেক্টৰ অৰ্জুন আহি তাক এক প্ৰচণ্ড ঘোঁচাৰে আঘাত কৰিলে। সি প্ৰায় উৰি গৈ বিগ বজাৰৰ দেৱালখনত একমুহূৰ্ত্তৰ বাবে লাগি ধৰি তললৈ "থপক"কৈ পৰিল।
প্ৰস্তাৱক আৰু অন্য অনুচৰজনকো নিমিষতে ওফৰাই দিয়াত মিচ্ নয়না আশ্বস্ত হ'ল। পৰি যোৱা বেগটো উঠাবলৈ ধৰোঁতেই অৰ্জুনেও তেওঁৰ কাগজ পত্রবোৰ উঠাই দিলে।
: আৰে এয়া আপুনি কি কৰিছে! না না...মই উঠাম। নালাগে আপুনি। প্লিজ...আই মিন থে...থেংক য়ু...
: নহয়। মোৰ উদ্ভণ্ডালিতেই পৰিল যে বস্তুবোৰ...
: কি কয়! কিমান অপদস্থ হোৱাৰপৰা যে সন্মানেৰে বচালে আপুনি। থে...থেংকছ্...
দুয়ো দুয়োলৈ চালে; কৰ'বাত যেন কেইখনমান গীটাৰ একেলগে বাজি উঠিল।
*********
"মই যে কাৰোবাক - হিয়া দি দিলোঁ,
হিয়া দি দিলোঁ, জানা হিয়া দি দিলোঁ উ উ উ...
সোধা সোধা সোধা সোধা কোন হয় তেওঁ...
কোৱা কোৱা কোৱা কোৱা কোন হয় তেওঁ...
কোন হয় তেওঁ... কোন হয় তেওঁ…"
এখন মস্ত পথাৰত বহু কলহ ইটোৰ ওপৰত সিটো ৰাখি নয়না আৰু অৰ্জুনে নাচিছে। যেনি তেনি ধোঁৱা। গছবোৰত থকা যোৰা কপৌবোৰে যেন ইটোৱে সিটোৰ ঠোঁট চুইছে। সংগীতৰ উদ্দাম গতি… নায়কে বুজিও সুধিছে হিয়া কাক দিলা কোৱা, নায়িকাই জানিও নকৈছে। বাৰে বাৰে আৰু সুধিবলৈহে কৈছে...
: ছাৰ ছাৰ ছাৰ.... - চাব্ ইন্সপেক্টৰ ৰতন তিৱাৰী আহি জগাই দিয়াত খকৰ মকৰকৈ গানৰ সপোনৰপৰা সাৰ পালে অৰ্জুনে।
: ছাৰ, কান্তেৰ যিকেইটা ঘাটিত আপুনি ৰেইড্ মৰা কথা আছিল, দুয়োটা ঘাটিতেই কিছুক্ষণ আগেয়ে মুখাপিন্ধা যুৱক এজনে অকলেই আক্ৰমণ কৰি কান্তেৰ কেবাটাও মানুহক মাৰিলে। ঘাটি জ্বলালে। এটা ঘাটিত সি এতিয়াও কান্তেৰ পুতেক ডোগ্ৰাক গৰু পিটন দি আছে ছাৰ!
ভোঁ-ভোঁৱাই গাড়ী লৈ ওলাল অৰ্জুন। কোন এই ৰহস্যময়ী ডেকা? যিমানেই কান্তেৰ বিৰুদ্ধে প্ৰমাণ আনিবলৈ খবৰ আৰু অভিযানেৰে যো-জা চলাই তাৰ আগেয়েই সি ধ্বংস কৰি পেলায় সকলো। সি কান্তেৰ শত্রু নে মিত্র? সেয়া বুজা নাই, কিন্তু সি পুলিছৰ শত্রু। তাক কৰায়ত্ত কৰা জৰুৰী। গাড়ীৰ বেগ তীব্ৰভাৱেই বাঢ়ি গ'ল।
কান্তেৰ এইটো গোপন ঘাটি যেন এক মৰিশালীলৈহে ৰূপান্তৰিত। যেনি-তেনি জুই। দেখা গ'ল একহতীয়া এক নৰমনিচক এজন দুৰ্দ্দান্ত ডেকাই অফলিয়াই মাৰিছে। অৰ্জুনক এই এহতীয়া ডেকাজন লাগে। সি কান্তেপুত্র ডোগ্ৰা। তাৰ জবানবন্দী ল'ব পাৰিলেই… অৰ্জুন দৌৰি গ'ল ডোগ্ৰাক বচাবলৈ। কিন্তু তেনেতেই মুখাপিন্ধা যুৱকে ডোগ্ৰাৰ ইখন হাতো কাটি পেলালে!
কিন্তু অৰ্জুনে ধৰিলে আক্ৰমণকাৰী ডেকাক। ডেকায়ো বাচিবৰ বাবে চেষ্টা কৰিলে। জোঁটা-পুটি... মাৰ-পিট... ইন্সপেক্টৰৰ সহায়ৰ বাবে বহু পুলিছ আহি পালে। ইন্সপেক্টৰৰ ডিঙিত খামুচি ধৰা যুৱকে পলাবলৈ সিদ্ধান্ত লৈ দৌৰিলে। হাতত ইন্সপেক্টৰৰ তাবিজটো গুচি গ'ল।
নিজৰ কোঠাত ডেকাই ফোঁপনি সামৰি তাবিজটো চালে। বুকু কঁপি উঠিল। দেউতাকৰ কণ্ঠটো সজোৰে যেন বেৰত ঠেকা খালে - "জল, স্থল একোতে হানি-বিঘিনি নহয় কদাপিও। এই নৰসিংহ মৃত্যুঞ্জয় কবচে দুয়ো ভাইকে সদায় বচাই ৰাখিব অস্ত্র-শস্ত্র আৰু হিংস্ৰ জন্তুৰ পৰাও..." দুয়োটা তাবিজৰ এফালে নৰসিংহৰ চিহ্ন অংকিত থকাৰ লগতে আনফালে খোদিত আছিল এটা শেন চৰাইৰ ঠোঁট।
মুখা খোলা কৰণৰ কিবাকৈ মুখেৰে ওলাল - "চন্দন দা..."
******
ACP অফিছ, গোলাঘাট।
: Information বোৰ লৈ তুমিয়ে গুণ্ডাবাহিনী পঠাইছা নেকি অৰ্জুন? তেওঁৰ অ'ত দুই নম্বৰী ঘাটি, ত'ত তিনি নম্বৰী ঘাটি বুলি তুমি raid order নিয়াৰ পাছতেই ধ্বংস হয় প্ৰতিটো ঘাটি। - উষ্মাৰে ক'লে ACP বৰুণ দলেই।
: নহয় ছাৰ ইয়াত অন্যপক্ষও সোমাই আছে।
: সেইটো ২য় নে ৩য় নে ৪ৰ্থ? এঃ! কথা ক'লেই হ'ল! কোন এই অন্য পক্ষ? (গৰগৰাই) ধৰা নাই কিয়? কান্তেৰ পিছতচোন লাগিয়েই আছা।
: ছাৰ মাত্র ৪৮ ঘণ্টা সময় দিয়ক। মই সকলো অভিযোগ সত্যতালৈ নি দেখুৱাম।
: ঔকে। ৪৮ ঘণ্টা মাথো। শুনা অৰ্জুন, খুটি তাল এযোৰো আনি দিয়া। ৪৮ ঘণ্টা বজাই থাকোঁ। কিন্তু মনত ৰাখিবা - ফৰ্টি এইট্ ৱাৰাৰ্ছ!
*********
ইতিপূৰ্ব্বেই সন্ধানত থকা ৰহস্যময় যুৱকৰ ঘৰটো বিচাৰি উলিওৱাত সফল হ'ল আৰক্ষী। কিন্তু হৈ-চৈ নকৰি অৰ্জুনে সেই ঘৰত সোমাই প্ৰতিটো বস্তু তন্ন তন্নকৈ চাব ধৰিলে। এজন ডেকাৰ সাধাৰণ সামগ্ৰী মাথো। ফটো ফ্ৰেম এখন লুটিয়াই ৰাখি, সন্মুখত ধূপ চাকি দিয়াৰ চিন! মানুহে আকৌ ফটো সন্মুখত লৈহে চাকি দিয়ে, এইখনৰ কথাটো কি? ফটোখন লুটিয়াই চাই অৰ্জুনৰ যেন ভৰিৰ তলৰ মাটি হেৰাই গ'ল। "মা..? দেউতা? কোন হ'ব পাৰে মোৰ মা দেউতাক এনেদৰে পূজা কৰা লোক? কোন হ'ব পাৰে? প...প...পলাশ নহয়তো! না না… পলাশচোন পৃথিৱীতে নাই! তেন্তে?"
: ক্ৰিং ক্ৰিং.... - ফোনটো বাজি উঠাত অৰ্জুনে উঠাই ল'লে।
: আপুনি মোৰ কোঠাত সোমাই আছে ইন্সপেক্টৰ অৰ্জুন? অনুগ্ৰহ কৰি মোক দিগদাৰ নকৰিব।
: কোন? কোন তই?
: মই কৰণ। কিছুদিন আগতে পাটনা পুলিছে বিচাৰি অহা কৰণ ভাই।
: আচ্ছা! পুলিছৰ বিপক্ষে যুঁজি আছ যে? আৰু তোৰ কোঠাত এখন ফটো পোৱা গৈছে, ধূপ-দীপ দি...
: সেইখন মোৰ ছাৰ অাৰু বাইদেউৰ ফটো। মোক পঢ়ুৱাইছিল। সেয়ে ৰাখিছোঁ।
: সেয়া যে মোৰ মা-দেউতা তই জান?
: না...না...নাজানোঁ। ফটোখন লৈ যাওক তেন্তে। ভালকৈ ৰাখিব।
: কান্তেভাইৰ বিৰুদ্ধে কিয় লাগি আছ?
: মোৰ ব্যক্তিগত শত্রুতা আছে। মই তাক ধ্বংস কৰিম। সপৰিয়ালে।
: নো, নেভাৰ। তই আইন তুলি ল'ব নোৱাৰ হাতত। কান্তেভাইৰ যদি দোষ আছে সেয়া প্ৰমাণিত হৈ আদালতে শাস্তি দিব।
: সেয়া আপোনাৰ প্ৰফেশ্যনে কৈছে ইন্সপেক্টৰ। অন্তৰেৰে নহয়। বৰঞ্চ কান্তেবাবা ধ্বংস হৈ গ'লে আপুনিও সুখী হ'ব বুলি মই ভালকৈ জানো।
: ডোণ্ট্ এক্ট লাইক স্মাৰ্ট। আইনৰ চকুত তই দোষী। আততায়ী। তোক মই ধৰিমেই।
: ধৰক। কথা নাই। মাত্র ৪৮ ঘণ্টা দিয়ক।
: হোৱাই ফৰ্টি এইট্ ৱাৰাৰ্চ?
: এখন নিৰ্বাচনী সভালৈ কান্তে যাব। Sitting MLA ৰ নিৰ্বাচনী প্ৰচাৰ। তাতে শেষ কৰি দিম মই তাক। যিদৰে চৰণ আৰু চম্পকক...
: কি কৰিলি সিহঁত দুটাক?
: হাবিৰ গছত ওলোটাকৈ বান্ধি ওলোমাই থৈছিলোঁ। পাপৰ শাস্তি দিছিলোঁ। পোক বিছা সোমাল নাকে মুখে, মৰিল!
: কি? এই ভুল দুনাই নকৰিবি। তোক জেলত ভৰামেই মই।
: খং নকৰিব। বুজিছোঁ। জবান বন্দী দিবলৈ মই ডোগ্ৰাক সেয়ে জীয়াই ৰাখিছোঁ। দুখন হাতহে কাটিছোঁ। বাই। লেট্ মি ফিনিছ্ কান্তেবাবা নাও।
ফোন কাটি গ'ল। অৰ্জুনে বলিয়াৰ দৰে চিঞৰিলে। নাঃ ... কান্তে তাৰ চিকাৰ। কাকো তাৰ চিকাৰ কাঢ়ি নিবলৈ নিদিয়ে সি। ফটোখনলৈ চাই কিছু আবেগ বিহ্বল হৈ সি ক্ষোভত ফাটি পৰিল।
********
: দেউতালৈ ভয় লাগে। সৰুৰেপৰা মোক পেহীৰ লগতে ৰাখিছে। তেওঁ বহুতো ব্যৱসায়ত জড়িত।
: দেউতাৰ ব্যৱসায়নো কিহৰ নয়না?
: তেওঁৰ গাড়ীৰ শ্ব'ৰুম আছে। "সাউদ হুইলছ্"। বাই দ্যা ৱে, বিয়াৰ প্ৰস্তাৱ লৈ আহিব কোন তোমালোকৰ ফালৰপৰা অৰ্জুন?"
: মই বৰ অকলশৰে ডাঙৰ হ'লো হে! বাই দা ৱে, ৪ বজাত মই মিটিং এখনলৈ যাব লগা আছে। মই আহোঁ দিয়া। বাই নয়না!
৪ বজাত মিটিং! হয়েইতো! আজি ৪ বজাৰ মিটিং এখনত তায়ো দেউতাকক লগ ধৰিবলৈ যাব। সময় নিদিয়া ব্যস্ত দেউতাক। কিন্তু কিছুমান সিদ্ধান্ত বা মনৰ বুজ দেউতাকক নকৈ ক'বনো কাক? তাই ল'ৰালৰিকৈ নিজৰ গাড়ীলৈ ধাৱমান হ'ল।
*******
নিৰ্বাচনী সভা।
বিধায়ক দমন্ত শৰ্মাৰ ভাষণ আৰম্ভ হৈছে। মঞ্চত অন্য দুজনমানৰ সৈতে কান্তেবাবাও। ডিঙিত গামোছা। জনজাতীয় অঞ্চলৰ সভা বাবে মঞ্চত মঞ্চৰ বেৰত সজোৱাৰ বাবে দুখন তৰোৱাল ক্ৰছ কৈ, জাপি এটাৰ পিছফালে ৰখা হৈছে। সভাৰ দায়িত্বত সুৰক্ষা বিষয়া স্বয়ং অৰ্জুন। সেয়ে জীঁয়া এটাও সোমাব নোৱাৰি উভতি গৈছে। অচিনাক্ত দুৰ্বৃত্তজনে দিয়া টেলিফোনিক হুমকিৰ বাবে অৰ্জুন অধিক সচেতন। চৌপাশে পুলিছ। হঠাৎ সভাত চাহ বিলাই থকা দঢ়ীয়া ডেকাজনে একে জাঁপে মঞ্চলৈ জঁপিয়াই উঠি সজাই থোৱা তৰোৱাল দুখনৰপৰা এখন তৰোৱাল লৈ কান্তেবাবালৈ খেদি গ'ল। হুৱা-দুৱা লাগিল। অৰ্জুনে পুলিছ বাহিনীক ডেকাক ধৰিবলৈ নিৰ্দেশ দিলে। তাৰ মাজতেই বাগি মাৰি সাৰিল কান্তে। ডেকা ওৰফে কৰণ ওৰফে পলাশে খেদি গ'ল কান্তেক। গাড়ী এখন আহি ৰৈ গ'ল। কান্তে জঁপিয়াই নিজৰ এই কাৰখনত উঠিল। ডেকাই বাইকৰ ছাবি পকাই খেদি গ'ল। পিছে পিছে অৰ্জুন। চহৰৰ সকলো পথতে কোঁ-কোঁৱাই তীব্ৰ লুকা-ভাকু চলিল কান্তেৰ গাড়ী, পলাশ, চন্দনৰ বাইক আৰু এখন বগা গাড়ী।
এসময়ত কান্তেই তাৰ নিজৰ ফাৰ্ম হাউছৰ ফালে পলালে। পিছৰ গাড়ীবোৰ নোহোৱা হ'ল। কান্তেই স্বস্তিৰ নিশ্বাসেৰে নিজৰ গোপন চৌহদত সোমাল। অনুসৰণকাৰী গাড়ীৰ শব্দও নাইকিয়া হ'ল। কিন্তু কান্তেই প্ৰায় এশমান পোহনীয়া গুণ্ডা চৌদিশে সাজু কৰালে। হাতে হাতে লাঠি, বন্দুক। তেনেতে এখন বাইক প্ৰচণ্ড গতিৰে কিছু ওপৰলৈ উৰা মাৰি কান্তেৰ গেট পাৰ হৈ সোমাল। বাইকৰপৰা নামিল কৰণ। তেনেতে অইন এখন বাইকে গেটখন খুন্দিয়াই দুফাল কৰি লোহা-লক্কৰ উৰুৱাই আগৰ বাইকখনৰ কাষ পালেহি। বাইকখন আফাল খাই দূৰৈত পৰিল যদিও ভাৰসাম্য ৰাখি ঠিয় হৈ ৰ'ল আৰোহী অৰ্জ্জুন।
যেনি তেনি ৰক্ষী বন্দুকধাৰীৰ গুলীবোৰ চিটিকিল। গুলীৰ শব্দত ফাৰ্ম হাউচ দেৱালীমুখৰ হেন হ'ল। কৰণে খেদি খেদি গৈ কান্তেক ধৰি উধাই-মুধাই ঘুঁচিয়ালে। সি ডেগাৰ এখনৰে তাক আঘাত হানিলে। কিন্তু কৰণে ড্ৰাম এটা পাতি বাচি গ'ল। এইবাৰ কৰণে ৰচী এডালত ফাঁচ লগাই কান্তেলৈ দলি মাৰি দিলে। গাঁঠিত খাপ খাই তাৰ ডিঙিত ফচিল। কৰণে চোঁচৰাই আনিলে কান্তেক। সি মৰণকাতৰ হৈ বেবাবলৈ ধৰিলে। কৰণে হঠাতে উৰ্দ্ধমুখী হুক এটালৈ ৰচীডালৰ আনমূৰ ফঁচাই তললৈ টানিলে যাতে কান্তে ফাঁচি লাগি ওলমি মৰে।
তেনেতে অৰ্জুনৰ এটা প্ৰচণ্ড গোৰত কৰণ আফাল খাই উফৰি গ'ল। সৰি পৰা কান্তেই সুবিধা পালে। অৰ্জুনৰ গোৰত কৰণৰ মূৰ ফাটি তেজ ওলাল। মূৰৰ তেজ হাতত লগাত সি বলিয়াৰ দৰে হ'ল আৰু অৰ্জুনৰ ওপৰত জঁপিয়াই পৰিল। পুলিছ হৈয়ো অৰ্জুনে বেয়াকৈ মাৰ খালে। এইবাৰ ওলোটাই কৰণক মাৰিবলৈ লওঁতেই দেখিলে যে কান্তে পলাইছে। অৰ্জুনে কান্তেক খেদি গ'ল।
পুলিছৰ ৰুদ্ৰমূৰ্ত্তি দেখি আজি কান্তেই অলপ ভয় খাইছে। তাতে এই ইন্সপেক্টৰে তাক এবাৰ গোৰ মাৰি... অৰ্জুনে কান্তেৰ ভৰিত গুলীয়ালে। কান্তে বাগৰিল। কিন্তু এইবাৰ কৰণে কান্তেৰ ওপৰত জঁপিয়াই টেঁটু চেপি ধৰিলে। কান্তেক "জীন্দা" ৰখাৰ স্বাৰ্থত অৰ্জুন-কৰণৰ পুনৰ দবৰা-দবৰি আৰম্ভ হ'ল। অসতৰ্ক মুহূৰ্তত অৰ্জুনৰ পিষ্টল পৰি গ'ল।
: মোক কান্তেক শেষ কৰিব দিয়ক ইন্সপেক্টৰ। তাৰ পিছত আপুনি মোক এৰেষ্ট কৰক লাগিলে।
: মই কানুনৰ ৰখৱালা। তই আইন হাতত তুলি ল'ব নোৱাৰ।
: মই তাক বধিমেই...
সেই খণ্ডযুদ্ধতেই অৰ্জুনৰ হাতলৈ কৰণে পিন্ধি থকা তাবিজটো সূতাসহ চিঙি আহিল। তৎমুহূৰ্ত্ততেই অৰ্জুনৰ পৰি যোৱা পিষ্টলেৰে কান্তেবাবাই অৰ্জুনলৈ গুলীয়ালে। গুলীটোৱে তাৰ নিৰ্দিষ্ট গতিপথ মানি লৈ অৰ্জুনলৈ ঢাপলি মেলিলে।
: দাদা....আ....আ….
গুলীৰ অদমনীয় পথত স্প্ৰীঙৰ দৰে জঁপিয়াই বাধক হৈ পৰিল কৰণ...
অৰ্জুন বাচি গ'ল। কৰণৰ শৰীৰটো সি আকোঁৱালি ল'লে। এটা এটাকৈ ছটা গুলী ফুটিল। আটাইকেইটাই কৰণক শালিলে। সাত নম্বৰ গুলী এটাও ফুটিল। সেইটো গুলী কান্তেৰ পেটত লাগিল। যাৰ উৎস আছিল স্বয়ং নয়না সাউদ!
অৰ্জুনে হাতৰ মুঠিত থকা তাবিজটো খুলি বিস্ময়নেত্রে হতবাক হৈ চিৎকাৰ কৰিলে,
: প...লা...শ... মোৰ ভাই!
: চা চন্দনদা… আমি প্ৰতিশোধ ল'লোঁ... আৰু চা শেষ সময়ত তোৰ বুকু... তোৰ কোলাত...
: নহয় পলাশ… তই মৰিব নোৱাৰ মোৰ ভাই... কিয় নক'লি আগতে... এবাৰো... - চন্দনে হুকহুকাই উঠিল।
সিফালে,
: মোক...মোক… তুমি কিয় গুলীয়ালা মাজনী...
: মই সব গম পাইছিলো পাপা। তুমি বহুতৰে জীৱন ল'লা। আজি গুলী মোৰ নাছিল। তোমাৰ পাপে মোৰ অন্তৰত সৃষ্টি কৰা এজাক ধুমুহাৰ আছিল। কি পালা তুমি কোঁৱা? মদন কলিতাক মাৰিছিলা তোমালোকে আৰু আজি তোমাৰ পতনৰ কাৰণ সেই দুজন ডেকাই, যি মদন কলিতাৰ দুই কিশোৰ পুত্র আছিল। চোৱা কৰণ আৰু অৰ্জুন। ভাই হৈও দুয়ো আজিও একেলগে থাকিবলৈ নাপালে। কেৱল তোমাৰ বাবেই...
তেনেতে অৰ্জুনে চিঞৰি উঠিল "পলাশ... পলাশ... ঐ মোক মাত এবাৰ... মাতচোন…"
"মনলে উভতি আহে ল'ৰালি...
তোৰে মোৰে এটি এটি ধেমালি..." - কৰুণ সুৰত ভাঁহি আহিল ক'ৰবাৰপৰা।
এমাহ পিছত...
অৰ্জুন আৰু নয়নাৰ বিয়াত ভদ্ৰ ব্যক্তি হৈ কন্যাদান কৰিলে খোদ কান্তেবাবা ওৰফে কনক কান্ত সাউদে। দুই কটা হাতেৰে মিচিকিয়াই হাঁহি বহি থাকিল ডোগ্ৰা, মানে দিগন্ত সাউদ।
বিয়া বুলি আজি বজাব পৰা যাব বুলি পকেটৰপৰা খুটিতালযোৰ উলিয়াই ল'লে ACP বৰুণ দলেই!
☆ ★ ☆ ★ ☆
10:19 am
মজ্জা লাগিল। পৰ্দাত চোৱা যেনে লগিছে।
1:32 pm
বহুত ধন্যবাদ ৰামানুজ, ইমান ব্যস্ততাৰ মাজতো সময় উলিয়াই লিখি দিয়াৰ বাবে৷
তোমাৰ যিকোনো লেখাই সদায়ে বান্ধি ৰাখে৷
একদম প্ৰভাষ, ৰজনীকান্তৰ চিনেমা চোৱাৰ দৰেে লাগিল
8:12 pm
গোঁসাই,বহুত ভাল লাগিল চিনেমাখন।
9:42 pm
ঝাকাচ
11:07 am
বহু দিন চিনেমা চোৱাৰ পৰা আঁতৰি আছিলো । তোমাৰ চিনেমাই পৰ্দাত যেন চাই আছিলো তেনে লাগিল ।ধন্যবাদ ৰামানুজ , বৰ সুন্দৰ ।
8:04 am
আটাইলৈ ধন্যবাদ..