বাপেৰ ক’লৈ গ’ল?-ৰথীন্দ্রনাথ গােস্বামী
মানুহজনৰ প্ৰশ্নটো শুনি খঙে মূৰৰ চুলিৰ আগ পালেগৈ৷ মােৰ ককাৰ বয়সৰ হ’ল বুলিয়েই তেনেকৈ কথা ক’ব লাগেনে? কোনাে উত্তৰ নিদিয়াকৈ মই ঘৰৰ ভিতৰলৈ লৰ মাৰিলোঁ। কোন মানুহ এইজন! কৌতূহলবশতঃ পিছদিনা একে সময়তে ঘৰৰ আগফালে ৰৈ থাকিলোঁ; মানুহজন আহিব পাৰে৷ মূৰত বগা পাগ আৰু দেউতাৰ দৰে শুভ্র সাজ৷ দেখিলেই দূৰৈৰ পৰা চিনিব পাৰিম। কিন্তু উত্তৰত কি ক’ম। এক প্রচণ্ড উত্তেজনা।
সেয়া তেওঁ আহিছে৷ মই নিশ্চিত যে দীঘল হনুৰ এই মানুহজনে আকৌ মােক জোকাব৷ তেওঁ আহি আমাৰ ঘৰৰ সমুখ পাবৰ হৈছে। মােৰ অন্তৰে প্রতিক্রিয়াৰ বাবে বিভিন্ন উত্তৰ প্ৰস্তুত কৰি সাজু হৈছে৷ তেনেতে মােৰ সৰু বাইদেউ ভিতৰৰ পৰা ওলাই আহক৷ মানুহজনে বাইদেউ আৰু মােক উদ্দেশ্যি হাঁহি এটা মাৰি ক’লে — “এই ল’ৰাটোক কালি কিবা এটা সুধিলোঁ, উত্তৰ নিদি ভিতৰলৈ দৌৰ দিলে।”
কথাখিনি কৈ তেওঁ নিজ পথে আগবাঢ়িল৷ মানুহজনক বাইদেৱে চিনি পায় বুলি জানি মই আচৰিত হ’লােঁ৷ বাইদেৱে মােক তেওঁৰ চিনাকিটো দিলে৷ মই অনুভৱ কৰিলোঁ মানুহজনৰ বিষয়ে কওঁতে বাইদেউৰ মনত যেন এক গভীৰ ভক্তিৰ ভাৱ ফুটি উঠিছে। কিছু সময়ৰ পাছত বুজিলোঁ তেখেত আমাৰ পৰিয়ালৰ সকলােৰে চিনাকি, মইহে চিনি নাপাওঁ।
দুদিন পাছত পুনৰ তেখেত আমাৰ ঘৰৰ সমুখেৰে গ’ল৷ ‘ককা, নমস্কাৰ।’ মই দূৰৈৰ পৰাই মাত লগালোঁ।
‘বাপেৰ ক’লৈ গ’ল?
‘নাজানাে। চন্দ্রকান্ত সন্দিকৈ ভৱনৰ ফালে চাগে’।
‘বৰ দুষ্ট হৈছে। আহিলে ক’বি, কাণত ধৰি চকীৰ ওপৰত থিয় হৈ থাকিব।’—কথাষাৰ কওঁতে মানুহজনৰ দীঘলীয়া মুখখনত এটা দুষ্টামিৰ হাঁহি বিয়পি পৰিল। তেখেতৰ মুখমণ্ডল ছানি ধৰা হাঁহিটোৱে মােক আকর্ষিত কৰিলে। কেইদিনমানৰ আগত ভমককৈ উঠা খংটো হঠাতে নােহােৱা হ’ল। তেখেত আমাৰ অতি আপােন—তেনে এক অনুভৱে মােক আৱৰি ধৰিলে। ডাঙৰ হৈ বুজিলোঁ কেৱল আমাৰ পৰিয়ালৰ নহয়, সেইজন ব্যক্তি সমগ্ৰ অসমৰে অতি আপােন, বৰেণ্য। মােৰ শৈশৱৰ স্মৃতিত গভীৰ ৰূপে অংকিত শুভ্র সাজ পৰিহিত সেই মানুহজনৰ সৰল, হাঁহিমুখীয়া, ৰসিক প্রতিকৃতি এতিয়াও মাজে মাজে মােৰ মন গহনত ভুমুকি মাৰি মােৰ অৱসাদ নােহােৱা কৰি যায়৷ মই যেতিয়া নিজৰ সৈতে গােপনে কথা পাতোঁ তেতিয়া তেওঁক দেখা পালে মই আৱেগিক হৈ পৰোঁ। মূৰত পাগ, শুভ্র সাজ পৰিহিত এইজনা বৰেণ্য ব্যক্তিক যদি কোনােবাই এবাৰলৈ দেখিছে তেন্তে কেতিয়াও পাহৰিব নােৱাৰে। আৰু অসমীয়া জাতিয়ে! অসমীয়া জাতিয়ে তেওঁক চিৰদিন স্মৰণ কৰি থাকিব তেওঁৰ অতুলনীয় সৃষ্টি ‘চিৰচেনেহী মােৰ ভাষা জননী…’ গীতটিৰ বাবে৷ হয়, এইজন মহান ব্যক্তি আন কোনাে নহয়, অসমবাসীৰ নমস্য, সাহিত্যাচার্য মিত্ৰদেৱ মহন্ত, যাক আমি ককা বুলি সম্বােধন কৰিছিলোঁ৷ যেতিয়াই তেওঁক ঘৰৰ আগেৰে খােজ কাঢ়ি যােৱা দেখোঁ তেতিয়া অতি উৎকণ্ঠাৰে অপেক্ষা কৰোঁ ‘ককা, নমস্কাৰ’ বুলি মাতষাৰ দি স্নেহধন্য হ’বৰ বাবে।
ককা আমাৰ বাবে অতি চিনাকি, দেখিলেই মনটো ভাল লাগি যায় আৰু আটাইতকৈ ভাল লাগে তেখেতৰ মুখমণ্ডল বিয়পি পৰা ৰসপূর্ণ সৰল হাঁহিটো৷ দেউতা থাকিলে কেতিয়াবা আমাৰ ঘৰত সােমাই দেউতাৰ সৈতে কথা-বতৰা হয়৷ আমাৰ পৰিয়ালৰ নীতি অনুসৰি ডাঙৰে কথা পাতিলে তাত উপস্থিত থাকিব নালাগে৷ সেয়ে ককাই বিদায় লােৱা যেন শুনিলেই আমি ভিতৰৰ পৰা দৌৰি আহোঁ আগবঢ়াই দিবলৈ৷ কেতিয়াবা দেউতা উপস্থিত নাথাকিলে মায়ে তামােলৰ বঁটা লৈ সােধপােচ কৰে৷ ককাই মাক কয় — ‘আই, তুমি কটাৰীখন আৰু তামােলটো দিয়া, মই চিজিল কৰি ল’ম।’
কেতিয়াবা তেখেতৰ পাঞ্জাবী চোলাটোৰ জেপৰ পৰা কাগজত বান্ধি অনা প্রসাদ কেইটামান আমাৰ হাতত গুজি দিয়ে। এতিয়া ডাঙৰ হৈ অনুভৱ কৰোঁ যে সেই মানুহজনৰ গাত এক দূৰন্ত ‘পজিটিভ এনার্জি’ আছিল, যাৰ দর্শনে আমাক আনন্দিত কৰি তুলিছিল; একে প্রভাৱ অসমবাসীৰ ওপৰতাে।
সৰুতে ককাৰ সাহিত্যিক প্রতিভাৰ বিষয়ে বিশেষ জনা বা বুজা নাছিলোঁ৷ কিন্তু এটা কথা জানিছিলোঁ যে তেখেত লেটুগ্রাম সত্ৰৰ সত্ৰাধিকাৰ আৰু মােৰ জন্মৰ পূর্বেই অসম সাহিত্য সভাৰ ডিগবৈ অধিবেশনৰ সভাপতি পদ (১৯৬৪) অলংকৃত কৰিছিল। এদিন দেউতাই আমাৰ বাই-ভাইৰ মাজত এখন কিতাপ আনি পঢ়িবলৈ দিলে, মৌ মহাভাৰত। আমি আটাইবােৰে হেতা-ওপৰা লগালোঁ। গােগ্রাসে গিলিলোঁ৷ কিতাপখন পঢ়ি ইমানেই আপ্লুত হ’লােঁ যে সেইখন পুনৰাই পঢ়িলোঁ। প্ৰতিটো কাহিনীয়ে মােৰ মনত একোটা নতুন দৃশ্য সৃষ্টি কৰাত সহায় কৰিলে, মােৰ কল্পনাৰ সীমা প্রসাৰিত কৰিলে। কিতাপখন পঢ়ি উঠি ককাৰ প্রতি শ্রদ্ধা অধিক বৃদ্ধি পালে। সহজ-সৰল মানুহজনে নিশ্চয় মােৰ নিচিনা কণমানিহঁতৰ অন্তৰ ভালদৰে বুজি পায়৷ সেয়ে তেখেতৰ কথা-বতৰা, চিন্তা-চর্চা সকলােতে দূৰন্ত শিশুসুলভ মনৰ প্রতিফলন। নহ’লে কেনেকৈ ইমান প্রাঞ্জল ভাষাৰে মনােৰম চিত্র অংকন কৰিব পাৰে।
ডাঙৰ হৈ মিত্ৰদেৱ মহন্তদেৱৰ বর্ণাঢ্য জীৱনৰ বিষয়ে জানিব পাৰি অভিভূত হৈ পৰিলােঁ — সাহিত্যৰ পৰা সংস্কৃতিৰ বৰঘৰলৈকে তেখেতৰ কর্মব্যাপ্তি। ত্ৰিশখনতকৈ অধিক গ্রন্থ ৰচনা কৰিছে৷ ইয়াৰে ভালে সংখ্যক নাটক। আমাৰ সৈতে মনােৰম কথােপকথনবােৰ তেখেতে নিশ্চয় জীৱন-নাটৰ সংলাপ হিচাপে গণ্য কৰিছিল। আজীৱন অভিনয় ভাল পােৱা, এই গৰাকী বৰেণ্য ব্যক্তিয়ে সাহিত্যৰ প্ৰায়বােৰ ক্ষেত্ৰতে বিচৰণ কৰিছিল৷ তেওঁৰ ব্যংগ ৰচনাসমূহে মােক অতিকৈ আকর্ষিত কৰে। সেই ৰচনাবােৰৰ মাজত মােৰ চিনাকি মানুহজনক সহজে বিচাৰি পাওঁ।
স্বভাৱসুলভ শিল্পী এই গৰাকী ব্যক্তিয়ে যােৰহাট চৰকাৰী বহুমুখী বালক বিদ্যালয়ত ছাত্ৰ হিচাপে থাকোঁতে শিক্ষক চন্দ্রকান্ত বৰপূজাৰীয়ে হেনাে তিনিজন নলে-গলে লগা বন্ধুৰ এজনক পণ্ডিত (পণ্ডিত প্রৱৰ কৃষ্ণকান্ত সন্দিকৈ), আনজনক এডিট (লক্ষ্মীনাথ ফুকন) আৰু মিত্ৰদেৱ মহন্তক আর্টিষ্ট বুলি মাতিছিল। যি মূলা বাঢ়িব তাৰ দুপাততে চিন। মিত্ৰদেৱ মহন্তই তেওঁৰ শিল্পী সত্ত্বাটোৰে সাহিত্য-সংস্কৃতি বিশাল জগতখনত এক উল্লেখযােগ্য বৰঙণি আগবঢ়াই গ’ল। মৌ মহাভাৰত তেওঁৰ চিৰযুগমীয়া কীর্তিস্তম্ভ। সেই সময়ত প্রকাশন ব্যৱস্থাটো যদি আজিৰ দৰে হ’লহেঁতেন, তেন্তে এই অপূর্ব প্রতিভাৰ গৰাকীজনৰ পৰা অসমে বহুত অমূল্য সৃষ্টি লাভ কৰিলহেঁতেন।
সাহিত্য-সংস্কৃতিৰ এই সাধকজনক সংগীত-নাটক অকাডেমী বঁটাৰে সন্মানিত কৰা হৈছিল। দশম শ্ৰেণীত পঢ়োঁতে জানিবলৈ পালোঁ যে এইজন ব্যক্তিক সাহিত্যাচার্য সন্মানেৰে (১৯৮২) বিভূষিত কৰা হৈছে। অসম সাহিত্য সভাই প্রথম সাহিত্যাচার্য সন্মান প্রদান কৰা দুয়ােগৰাকী বৰেণ্য ব্যক্তিয়ে (অতুল চন্দ্র হাজৰিকা আৰু মিত্ৰদেৱ মহন্ত) শিশুৰ বাবে মনােৰম জগতৰ সৃষ্টি কৰি অসমীয়া সাহিত্যৰ বুনিয়াদ দৃঢ় কৰি থৈ গৈছে। আনন্দৰ বিষয় যে তাৰ দুবছৰ পাছতেই ‘মৌচাক’ আলােচনীৰ জৰিয়তে অতুলচন্দ্ৰ হাজৰিকাৰ সান্নিধ্য লাভ কৰাৰ সৌভাগ্য হৈছিল। যেতিয়া মই শৈশৱলৈ উভতি যাওঁ, মূৰত বগা পাগ আৰু শুভ্র বগা সাজ-পাৰৰ মৰমীয়াল আৰু নিকা অন্তৰৰ সেই মানুহজনৰ ছবি উদ্ভাষিত হৈ উঠে৷ দূৰৈৰ পৰা ৰিণিকি ৰিণিকি ভাহি আহে তেওঁৰ মৰমসনা বাক্যবােৰ। প্ৰতিটোতে যেন ৰসে চৌ চৌ। অদ্ভুত প্রতিভাৰ গৰাকী কলাকাৰজনে আজিও মােৰ কল্পনাৰ জগতত ভুমুকি মাৰি অনাবিল আনন্দ প্রদান কৰে।
☆ ★ ☆ ★ ☆
1:08 pm
খুব ভাল লাগিল
7:54 am
ধন্যবাদ।
6:03 pm
পঢ়িলো , ককাক দৰ্শন কৰিবলৈ নোপোৱা দুখটো থাকি গ’ল । ভাল লাগিল পঢ়ি ।
6:05 pm
পঢ়িলো , ককাক দৰ্শন কৰিবলৈ নোপোৱা দুখটো থাকি গ’ল । ভাল লাগিল পঢ়ি ।
9:22 pm
আপোনাৰ লেখাৰ সৰুৰে পৰাই অনুৰাগী৷ সুন্দৰ ৰসাল লেখাটোৰ বাবে ধন্যবাদ৷
11:04 pm
ভাল লাগিল।
11:51 pm
ভাল লাগিল পঢ়ি৷
10:03 am
বৰ ভাল লাগিল
3:18 pm
ভাল লাগিল
7:56 am
আটাইকে আন্তৰিক ধন্যবাদ জনালোঁ।
2:44 pm
อยากรวย ให้ superslot777 ช่วยคุณ พวกเรานั้นได้เก็บรวบรวมค่ายเกมยักษ์ใหญ่แล้วก็ค่ายเกมทุกชนิดเข้ามาไว้อยู่ในเว็บเดียว ไม่ว่าจะเป็นเบอร์ต้นๆของออนไลน์เช่น pg slot และอื่นๆ
2:51 pm
jgaming88 เว็บไซต์พนันออนไลน์ที่โด่งดังแล้วก็มาแรง pg slot เป็นเว็บไซต์พนันยอดฮิตที่คนไหนก็เลือกเข้าไปเล่น ด้วยเหตุว่าตรงนี้จะมีความน่าดึงดูดใจมากยิ่งกว่าเว็บทั่วๆไป