ফটাঢোল

পঞ্চপদী পদ্য-হেমেন ডেকা

(১)

সৰলভাৱে কাকনো ভাবিছিলোঁ সহোদৰ

ভালকৈ চিনিলোঁ তেৰা বদনৰে বংশধৰ

            চকুত ঐতিহাসিক ঘৃণা

          আপোন পাহৰা দিনকণা

পৰৰ গোলাম হৈ মাৰে দম্ভালি হাস্যকৰ৷

(২)

পিন্ধে জাতীয়তাবাদীৰ মুখা

বুকুত জাত্যভিমানৰ পোখা

       মুখত শ্লোগান

       মিছা অভিমান

জাতি ৰক্ষক বহু শূৰ্পণখা৷

(৩)

আন্তঃআঞ্চলিক বিদ্বেষৰ হোতা

দেখুৱায় নিজকে জাতিৰ নেতা

     কণ্ঠত সুৰীয়া আহ্বান

     একতাৰ কি ভেশচন

দেখি-শুনি অতিষ্ঠ দৰ্শক-শ্ৰোতা৷

(৪)

আচলতে প্ৰতিশ্ৰুতি সৱ মিছা

ক্ষমতা লালসাই কেৱল সঁচা

       বহুতেই বুজি পায়

        নীৰৱে মাথোন ৰয়

ভিতৰতেচোন চলে হনা-খোঁচা!

(৫)

জাতি-জনগোষ্ঠীৰ গঢ়িব সম্প্ৰীতি

খহনীয়াৰপৰা ৰাখিব ভেটি-মাটি

       মনত অলীক সপোন

        চকুত ঘৃণাৰ নাচোন

সুবিধাবাদী হৈ মাৰে ইলুটি-সিলুটি৷

(৬)

দেখাত চমৎকাৰ, কি সুন্দৰ মায়াজাল

একতাৰ ভগাঢোল বজায় তেৰাই ভাল

               শেন চৰাইৰ দৃষ্টি

               দলৰ বাবেই সৃষ্টি

সাজু বাহুবল, দিশহাৰা নিবনুৱা দল৷

(৭)

বৰ ভাল পাওঁ খাই ভোজ-ভাত

অইনৰ বাবেহে নোলায় মাত

     কোনোবাই পোৱা নাই

     আমাৰ কি আহে যায়

মাতিম কেনেকৈ- নিমিলে যে জাত!

(৮)

সকলোতে প্ৰায় একেই নাটক

নাটকৰ কথাকে পাতোঁ দিয়ক

       নাটক চলিছে ভাল

       মঞ্চত কি তালফাল!

সানন্দে কৰোঁ উপভোগ- আহক৷

☆ ★ ☆ ★ ☆

10 Comments

  • কাবেৰী মহন্ত

    আপোনাৰ পঞ্চ পদী পদ্য সমূহ আলোচনীৰ সদায়ে গৌৰৱ

    Reply
  • Namita

    ভাল লাগিল কবিতাটো

    Reply
    • হেমেন ডেকা

      ধন্যবাদ জ্ঞাপন কৰিলোঁ৷

      Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    বৰ ভাল পালোঁ৷

    Reply
    • হেমেন ডেকা

      ধন্যবাদ জ্ঞাপন কৰিলোঁ৷

      Reply
  • ৰাজু কুমাৰ নাথ।

    অনুপম।মন মগজুক খুণ্ডিয়াই যোৱা শব্দবোৰ।

    Reply
  • জয়ন্ত

    ভাল লাগিল৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *