ফটাঢোল

কৌতুক-ডাঃ পাৰ্থসাৰথি ভূঞা

হোমৰ গুৰিত দৰা আৰু কইনা। পূজাৰীৰ মন্ত্ৰপাঠ চলি আছে। এইবাৰ পূজাৰীয়ে দৰা কইনা দুয়োকে থিয় হ’বলৈ দিলে আৰু মন্ত্ৰ মাতি থকাৰ লগে লগে হোমৰ জুইৰ কাষে কাষে ঘূৰিবলৈ নিৰ্দেশ দিলে। 

পূজাৰী : মই মন্ত্ৰ মাতি যাম, দুয়ো হোমৰ কাষে কাষে ঘূৰিব, কইনা আগে আগে দৰা পাছে পাছে….ঔম,  ধৃং ক্ৰিং প্ৰজাপতেয়…..

তেনেতে দৰা কইনাতকৈ আগবাঢ়ি গ’ল, পূজাৰীয়ে বোলে, 

: হেই হেই…কইনা আগত, দৰা পাছত, ঔম মঙ্গলম ভগবানে…….”

এইবাৰ আকৌ দৰা কইনাতকৈ আগ পালেগৈ। পূজাৰীয়ে অতিষ্ঠ হৈ বোলে, 

: বাচা, কথা বুজি নোপোৱা নেকি হে, মই অসমীয়াতহে কৈ আছোঁ, ছমছকিটত কোৱা নাই নহয়, তুমি কইনাৰ পাছে পাছে গৈ থাকিবা।

দৰাৰ বাপেকে পূজাৰীৰ কাণে কাণে ক’লে, 

: দেউ, খং নকৰিব, এয়া তাৰ স্বভাৱৰ দোষ। সি মানে ট্ৰেভেলাৰৰ ড্ৰাইভাৰ।

****

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *