ফটাঢোল

সাহিত্যৰ জয়-সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য

গল্পটোৰ আৰম্ভণি কৰিবলৈ লৈ ৰমনী হাজৰিকা এখন্তেক থমকি ৰ’ল।কোনখিনিৰ পৰা আৰম্ভ কৰিলে গল্পটো পাঠক সমাজৰ মাজত জনপ্ৰিয় হ’ব সেইটো পুনৰবাৰ ভাবি ল’লে,অকল জনপ্ৰিয় হ’লেই নহ’ব বিপুল সমাদৃতও হ’ব লাগিব তেখেতৰ এই নতুন গল্পটো।এই গল্পটোৰ লগত তেখেতৰ সন্মানৰ কথাৰ লগতে গল্পটো বিচৰা আলোচনীখনৰ সন্মানৰ কথাও জড়িত হৈ আছে।পৰিকল্পিতভাবে আগনাবাঢ়িলে মুখ থেকেছা খোৱাৰ সম্ভাৱনাও নথকা নহয়।আগৰ দিনৰ কথা বেলেগ আছিল,আজিকালি ডিজিটেল মাধ্যমৰ ব্যৱস্থাটো সহজলভ্য হোৱাৰ পিচত লিখা মেলা কৰি ভাল বেয়াৰ ফিডবেক তৎক্ষণাত পোৱা যায়,গতিকে সাৱধানে আগবঢ়া মঙ্গল।

আৰতি দেৱীক এবাৰ ক’ৰবাত লগ পাইছিল ৰমনী হাজৰিকাই,গতিকে গল্পটো আৰতি দেৱীৰ জীৱন কাহিনীক লৈয়ে লিখা ভাল হ’ব নেকি বুলি এবাৰ ভাবিলে।মহিলাগৰাকীৰ জীৱনটোত অলপ সংগ্ৰাম আছে, ঊন্নৈশ বছৰত নিজৰ স্বামীক হেৰুৱাই দুটা এমা ডিমা সন্তানক ডাঙৰ কৰা কাহিনী।কাহিনীটো এগৰাকী মহিলাৰ বৈধৱ্য জীৱনৰ সংগ্ৰামক লৈ কৰুণ ৰসত লিখিব পৰা যায় কিন্তু যিখন আলোচনীয়ে হাজৰিকাৰ পৰা গল্প বিচাৰিছে সেইখনৰ ভাৱধাৰাৰ লগত নিমিলে,তাতেই কৰুণ ৰস,কিমান কন্দুৱাব আৰু মানুহক।

এহ বাদ দিয়া হে আৰতি দেৱী!বহুত কাহিনী আছে মোৰ লগত,বেলেগ লিখিম,এইবোৰ ইম’চনেল কাহিনী নচলে আজিকালি।হাজাৰ হ’লেও হাজৰিকাৰ গল্পৰ জনপ্ৰিয়তাৰ কথা আছে,সমাদৰৰ কথা আছে।

হাজৰিকাৰ কলম আৰু মগজু দুয়োটাই চক্ৰাকাৰে ঘূৰে নতুন কাহিনী বিচাৰি।

ইউৰেকা!!ইউৰেকা!!,হাজৰিকাই নতুন কাহিনীটো পাই নিজকে চক্ৰেটিছৰ দৰে অনুভৱ কৰে।

নতুন কাহিনী,নতুন বিষয়,একদম চুপাৰহিট।ধৰণী কচাইৰ কাহিনী এইটো।

“সেইদিনা গাঁৱৰ সবাতোকৈ ধনী মানুহঘৰৰ বিয়াত ধৰণী কচাইয়ে মাংসৰ যোগান ধৰিছিল,তিনি কুইণ্টল ছাগলীৰ মাংস।বিয়াৰ শেষত ধৰণী কচাইক মাংসৰ বাবদ পাবলগীয়া পইচা দিয়া নহ’ল,গৃহস্থৰ অভিযোগ এটাই যে ধৰণীয়ে ছাগলীৰ মাংসৰ লগত ছাগলীৰ মূৰটোও কাটি মিহলাই দিছে,মাংসৰ গুণগত মাণদণ্ড কমিছে।ধৰণীৰ চিধা চিধি উত্তৰ,য’ৰ পৰা ছাগলী কিনিছে সিঁহতেও মূৰটো নোহোৱাকৈ ছাগলী বেচা নাই,গতিকে ছাগলীৰ গা টোৰ লগত মূৰটোৰো মাংস থাকিব”

কাহিনীটোত খাটি খোৱা মানুহৰ কষ্ট আৰু ধনী মানুহৰ আত্মভিমান জড়িত হৈ আছে,এটা বৰ ধুনীয়া প্লট গল্পৰ বাবে,হাস্য ব্যঙ্গ দুয়োটাৰে সমল আছে।

অলপদেৰি ভাবি হাজৰিকাই এইটো প্লটো নাকচ কৰিলে।

নাই নাই,নহ’ব!বাদ দিয়া হে ধৰণী কচাই!বহুত কাহিনী আছে মোৰ লগত,বেলেগ লিখিম।এইবোৰ কচাইৰ কাহিনী,মাংস বেপাৰীৰ কাহিনী লিখা পৰ্যায়ৰ লেখক বুলি মোক পাঠকে নাভাবে,তাতেই হাস্য ব্যঙ্গ,আৰু নোৱাৰি লিখিব এইবোৰ।হাজাৰ হ’লেও হাজৰিকাৰ গল্পৰ জনপ্ৰিয়তাৰ কথা আছে,সমাদৰৰ কথা আছে।

কলমৰ এটা মূৰ কামুৰি বহু দেৰি ৰমণি হাজৰিকাই চিন্তা কৰি থাকিল,কি লিখা ভাল হ’ব।ইমানদিনে এজন সু লেখক হিচাবে অৰ্জন কৰা মান সন্মান,প্ৰতিষ্ঠাৰ কথা জড়িত হৈ আছে গল্পটোৰ লগত।এইবোৰ কৰুণ ৰস,হাস্য ৰসত গল্প লেখি নিজৰ গল্পৰ মানদণ্ড কমাব নিবিচাৰে হাজৰিকাই।অলপ অনুপ্ৰেৰণামূলক ঘটনাৰ উৎসৰ ভিত্তিত গল্প এটা লিখা ভাল হ’ব নেকি।বহুদেৰি চিন্তা কৰি মনলৈ একো নহাত গুগলত কিবা অনুপ্ৰেৰণামূলক ঘটনা পাই নেকি বিচাৰিলে হাজৰিকাই।এই গুগলটোও বৰবাদ হ’ল,মটিভেচনেল ঘটনা বিচাৰিলে চিনেমাৰ নাম ওলাই,কাৰ সময় আছে চিনেমাখন চাই তাৰ পৰা গল্প এটা লিখাৰ! বহুদেৰি বিচাৰ খোচাৰ কৰাৰ পিচত এটা নিৱন্ধত হাজৰিকাৰ চকু পৰিল।

চাইনিজ বেম্বো।এফালৰ পৰা নিৱন্ধটো পঢ়িলে হাজৰিকাই,চাইনিজ বেম্বোৰ কাহিনী।চাইনাত পোৱা এবিধ বিশেষ ধৰণৰ বাঁহৰ ওপৰত লিখা নিৱন্ধটো।এইবিধ বিশেষ বাঁহৰ বীজ মাটিত ৰোৱাৰ পিচত ছয়মাহলৈকে তাৰ পুলিটোৱে মাটি ফুটি নোলায়, বহু কৃষকে বীজটোৱেই বেয়া বুলি তাৰ আশাই বাদ দিয়ে,কিন্তু সাত নম্বৰ মাহটোত বাঁহৰ পুলিটো মাটি ফুটি ওলোৱাৰ পিচত দৈনিক এফুটমানকৈ ওখ হৈ প্ৰায় এক দেৰমাহতে এশফুট পৰ্যন্ত ওখ হৈ প্ৰকাণ্ড বাঁহ একোদাল হয়গৈ।প্ৰথম ছয়মাহ যে বীজটো মাটি ফুটি নোলাই সেইখিনি সময়ত শিপাবোৰ মাটিৰ তলফালে বিয়পি গৈ থাকি ভৱিষ্যতৰ প্ৰকাণ্ড বাঁহজোপাক হাউলি নপৰিবলৈকে তাৰ গুৰিটো মজবুত কৰি গৈ থাকে।

কি শিকিলে হাজৰিকাই এই নিৱন্ধটোৰ পৰা।

শিপাই মেইন।

শিপা মজবুত হ’লেহে নিজৰ শিৰ উঠাই বৰ্তি থাকিব পাৰি প্ৰতিকুল পৰিস্থিতিত।নিজৰ কথাকে ভাবিলে হাজৰিকাই।সাহিত্যৰ এই বিশাল পথাৰখনত নিজকে সদায় উচ্চস্থানত ৰাখিবলৈ কমখন কষ্ট কৰিছিলনে হাজৰিকাই।কিমান সম্পাদকক ঘৰে ঘৰে গৈ লগ কৰি আহিছে,কিমান ঘটনা বিদেশী সাহিত্যৰ পৰা ধাৰত লৈছে।চাইনিজ বেম্বোজোপাৰ জেগাত নিজকে কল্পনা কৰি চালে এবাৰ হাজৰিকাই,শিপাই মেইন।

এতিয়া হাজৰিকাৰ শিপা মজবুত সাহিত্যৰ পথাৰত,যি লিখিলেও পাঠকে গল্প উপন্যাস বুলিয়েই পঢ়িব।

গল্পটো লিখিবলৈ আৰম্ভণি কৰাৰ পৰা এটাও শব্দ নিলিখাকৈ এতিয়ালৈকে মনত অহা কথাবোৰ জুকিয়াই চালে হাজৰিকাই।আৰতি দেৱীৰ পৰা ধৰণী কচাই হৈ চাইনিজ বেম্বোলৈকে।এইবোৰ বাৰু এটা উৎকৃষ্ট গল্পৰ সমল হ’ব পাৰেনে,তাকো ৰমণি হাজৰিকাৰ দৰে এজন সুলেখকৰ কলমত।নাই নোৱাৰে,অসম্ভৱ।হাজাৰ হ’লেও হাজৰিকাৰ গল্পৰ জনপ্ৰিয়তাৰ কথা আছে,সমাদৰৰ কথা আছে।

কেইখনমান জনপ্ৰিয় বিদেশী উপন্যাস উলিয়াই আনিলে হাজৰিকাই ঘৰতে আটোমটোকাৰিকৈ সজাই থোৱা লাইব্ৰেৰীটোৰ পৰা,বহুদিন আগতেই কিনা যদিও এতিয়ালৈকে এইকেইখন পঢ়া নাই হাজৰিকাই।

হাজৰিকাই এতিয়া এফালৰ পৰা পঢ়িব এইকেইখন উপন্যাস।ভাল লগা প্ৰতিটো বাক্য,শব্দ,চৰিত্ৰক নতুনকৈ একো একোটা অলঙ্কাৰিক ৰূপ দিব লাগিব।এটা মনপৰশা শিৰোনাম দিব লাগিব।সেইটোও মনতে ভাবিয়েই ৰাখিছে হাজৰিকাই।

“সাহিত্যৰ জয়”

এতিয়া হাজৰিকাৰ চিন্তা মাথো এটাই,দুদিনৰ ভিতৰতে উপন্যাসকেইখন পঢ়ি তাৰ পৰা সমল লৈ গল্পটো লিখি শেষ কৰিব পাৰিলেই হ’ল।

সমাদৰৰ চিন্তা আৰু বিশেষ কৰাৰ প্ৰয়োজন নাই ৰমণি হাজৰিকাৰ।শিপা যিহেতু মজবুত চাইনিজ বেম্বোৰ দৰে।

☆ ★ ☆ ★ ☆

8 Comments

  • rintumoni dutta

    বঢ়িয়া লাগিল সঞ্জীব

    Reply
  • কাবেৰী মহন্ত

    সঞ্জীৱ, তোমাৰ পৰা এনেকুৱা ঝাক্কাছ এটাই আশা কৰিছিলোঁ৷ মন ভৰি গ’ল

    Reply
    • সঞ্জীৱ।

      ধন্যবাদ বাইদেউ।

      Reply
    • বাগ্মিতা

      পঢ়িলোঁ সঞ্জীৱদা,বৰ ভাল লাগিল

      Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    ভাল লাগিল গল্পটো৷

    Reply
  • সঞ্জীৱ।

    অশেষ ধন্যবাদ দাদা।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *