ফটাঢোল

শিল্পীৰ পৃথিবীত শ্ৰী ত্ৰিদিৱ মহন্ত

এজোপা বাঁহ গছ বাৰু কি কি কামত ব্যৱহাৰ কৰিব পাৰি? উত্তৰ বিচাৰিবলৈ হলে আমি কাগজ তৈয়াৰ কৰা, ঘৰ দুৱাৰ সজা, চকী মেজ তৈয়াৰ কৰা আদি কথাই মনলৈ আনিম নিশ্চয়। কিন্তু শ্ৰী ত্ৰিদিৱ মহন্তৰ কৰ্মৰাজি যি লোকে প্ৰত্যক্ষ কৰে তেঁওলোকে অনুভৱ কৰিব পাৰিব যে বাঁহ গছ এজোপাৰে কি বস্তু তৈয়াৰ কৰিব নোৱাৰি! বাঁহগছ কাটি অলংকাৰ পাতিৰ পৰা আৰম্ভ কৰি ঘৰুৱা আচবাব তথা বাচন বৰ্তনলৈ বিভিন্ন ধৰণৰ সামগ্ৰী তৈয়াৰ কৰি মানুহৰ প্ৰশংসা বুটলিবলৈ সক্ষম হোৱা শ্ৰী ত্ৰিদিৱ মহন্তৰ শিল্পকৰ্মৰ সৈতে আপোনালোকক পৰিচয় কৰাই দিবলৈ এই লেখাটি যুগুতাই তোলা হৈছে।

১৯৬৩ চনৰ ১৩ ফেব্ৰুৱাৰী তাৰিখে নাহৰকটীয়াৰ লংজং গাঁৱত জন্মগ্ৰহণ কৰা ত্ৰিদিৱ মহন্ত ডাঙৰীয়া হৈছে প্ৰয়াত তিলেন্দ্ৰ নাথ মহন্ত আৰু শ্ৰীমতী ক্ষীৰদা বালা মহন্তৰ সুপুত্ৰ। বৃত্তিগত ভাবে তেওঁৰ পিতৃ মাতৃ দুয়োগৰাকীয়েই শিক্ষক হোৱাৰ ওপৰিও পিতৃ ডিব্ৰুগড় জিলা সাহিত্য সভা আৰু নাহৰকটীয়া শাখা সাহিত্য সভাৰ প্ৰতিস্থাপক সম্পাদক আছিল। শিক্ষাৰ দিশৰ পৰা আগৰণুৱা ঘৰখনত জন্মলাভ কৰা ত্ৰিদিৱ মহন্ত ডাঙৰীয়াই নিজেও ১৯৮৫ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা পৰিসংখ্যা বিজ্ঞানত প্ৰথম স্থান লাভ কৰি স্নাতক পৰীক্ষাত উৰ্ত্তীণ হৈ মেধাৰ পৰিচয় দিছিল।

মহন্ত ডাঙৰীয়াই আমাক জনোৱা মতে বাঁহৰ সামগ্ৰী নিৰ্মাণ কৰা কামটো তেওঁ বহু আগৰ পৰাই কৰি আহিছিল যদিও বাঁহৰ বাচন বৰ্তন তৈয়াৰ কৰাৰ কথা কেতিয়াও ভবা নাছিল। ২০০৩ চনৰ ২৪ নবেম্বৰৰ নিশা সৰু জীয়ৰী শ্ৰী তৃষা মহন্তৰ তাগিদাত তেওঁ বাঁহৰ কাটা চামুচ এখন নিৰ্মাণ কৰি উলিয়াই৷ সেই ৰাতি যি কৰ্ম আৰম্ভ হ’ল, সেয়া আৰু থমকি নৰল। দিনক দিনে উন্নত মানৰ সামগ্ৰী বনাই গৈ থাকি ত্ৰিদিৱ মহন্তই বিশ্বৰ প্ৰথমজন আৰু একমাত্ৰ reusable decorative bamboo cutlery ৰ নিৰ্মাতা হিচাপে নিজকে প্ৰতিস্থা কৰিবলৈ সক্ষম হৈছে। তাৰোপৰি বাঁহৰ কাটা চামুচৰ আগটো বেকা কৰা পদ্ধতিটোৰ পৰা আৰম্ভ কৰি সামগ্ৰীসমুহ নিৰ্মাণ কৰিবলৈ প্ৰয়োজন হোৱা সা সজুলিসমুহলৈ সকলোবোৰ তেওঁ কাৰো সহায় নোলোৱাকৈ নিজেই প্ৰস্তুত কৰি উলিয়াইছে। এতিয়ালৈ তেও ৪১৩টা বিভিন্ন ডিজাইনৰ সামগ্ৰী তৈয়াৰ কৰিছে। তেওঁ সাজি উলিওৱা সামগ্ৰীবোৰৰ ভিতৰত চামুচ, হেতা, বিভিন্ন ডিজাইনৰ বাচন আদিয়েই প্ৰধান যদিও অলংকাৰ আৰু ঘৰত সজাই থব পৰা কাঠৰ ফুল আদিও তেওঁ নিৰ্মাণ কৰে।

বাহৰ সামগ্ৰী সমুহ তৈয়াৰ কৰিবলৈ মহন্ত ডাঙৰীয়াই জাতি বাঁহ ব্যৱহাৰ কৰে। তেঁও আমাক জানিবলৈ দিয়া মতে জাতি বাঁহ হ’ল পৃথিৱীৰ ভিতৰত আটাইতকৈ টান বাহ যি কেৱল অসম, অৰুণাচল, ত্ৰিপুৰা আৰু কেৰালাৰ বাহিৰে পৃথিৱীৰ আন কোনো ঠাইতে পোৱা নাযায়। জাতি বাঁহ সমূহ কাটি আনি ‘eco friendly’ পদ্ধতিৰে শুকুৱাই সামগ্ৰী তৈয়াৰ কৰিব পৰা হোৱালৈ প্ৰায় দুবছৰৰ সময় প্ৰয়োজন হয়। তাৰোপৰি এবিধ সামগ্ৰী তৈয়াৰ কৰি সম্পুৰ্ণ কৰিবলৈ ডিজাইন অনুসৰি এদিনৰ পৰা সাত দিন সময়ৰ প্ৰয়োজন হয়।

ত্ৰিদিৱ মহন্ত দেৱৰ এই ব্যতিক্ৰমী প্ৰয়াসক স্বীকৃতি দি ২০০৬ চনত UNESCO ই তেওঁৰ সামগ্ৰী সমূহৰ ছয়টা বিশেষত্বৰ বাবে Seal of Excellence for Handicraft বটা প্ৰদান কৰে। উল্লিখিত ছয়টা বিশেষত্ব হ’ল Excellent, Innovative, Authentic, Eco Friendly, Marketable আৰু Fair.

২০০৮ চনত নতুন দিল্লীত অনুস্থিত হোৱা International Conference on Improvement of Bamboo Productivity and Marketing for Sustainable Livelihood শীৰ্ষক অনুস্থানটিত ২৭ দেশৰ সামগ্ৰীৰ ভিতৰত মহন্তদেৱৰ সামগ্ৰীয়ে Best Innovative Product হিচাপে বিবেচিত হয়।

ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড° এ পি জে আব্দুল কালামৰ পৰাও তেখেতে প্ৰশংসা পত্ৰ লাভ কৰিছে। ইয়াৰ উপৰি তেখেতে নতুন দিল্লী, বেংকক আৰু ভাৰতৰ অন্যান্য মুখ্য চহৰসমুহত অনুস্থিত বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰদৰ্শনীত নিজৰ সামগ্ৰী সমূহৰ বাবে ভূয়সী প্ৰশংসা লাভ কৰিছে। আনকি অমিতাভ বচ্চনেও তেখেতৰ জন্মদিনত তেখেতৰ হাতেৰে সজা চুৰিৰে কেক কাটি আহিছে বুলি ত্ৰিদিব মহন্তদেৱে আমাক জনাইছে।

নিত্য ব্যৱহাৰ্য্য আৰু সাজ সজ্জাৰ সামগ্ৰীবোৰৰ উপৰিও মহন্ত দেৱে ‘ভুপেন্দ্ৰ লাহৰী’ নামকৰণেৰে এক বাদ্যযন্ত্ৰ সাজি উলিয়াই যাৰ দ্বাৰা বৰষুণ, জলপ্ৰপাতৰ আদিৰ শব্দ উলিয়াব পাৰি। গীনিজ বুকত নাম অন্তৰ্ভুক্তিৰ বাবে তেখেতে অতি ক্ষুদ্ৰ বাচন বৰ্তনৰ চেট সাজি উলিউৱাৰ প্ৰচেষ্টাত ১.৮ মিলিমিটাৰ দৈৰ্ঘৰ চামুচ আৰু প্ৰায় সমান আকাৰৰ কটাৰী, কাটা চামুচ আদি সাজি উলিয়ায়। বাঁহৰ পদুম ফুল আৰু ডালিয়া ফুলৰ লগতে জুইশলা কাঠিৰে জয় গুৰু শংকৰ লিখি তৈয়াৰ কৰা দুই ফুট ওখ বাঁহৰ শৰাই তেখেতৰ অন্যতম সৃষ্টি।

বাঁহৰ কামৰ দ্বাৰা ত্ৰিদিৱ মহন্ত দেৱে যিটো সাফল্য লাভ কৰিছে তাৰ বাবে তেওঁ NEDFI ৰ সহযোগিতাৰ প্ৰতি চিৰ কৃতজ্ঞ বুলি আমাক জনাইছে। লগতে তেখেতৰ পত্নী শ্ৰীমতী জুৰি মহন্ত আৰু জীয়ৰী দ্বয় পৰিস্মিতা আৰু তৃষা মহন্তৰ সহযোগিতাৰো সলাগ লৈছে। NEDFI ৰ আৰ্থিক সহযোগিতাত অৰুণাচল প্ৰদেশৰ পমা বস্তিত এটা প্ৰশিক্ষণৰ কৰ্মশালাও অনুস্থিত কৰিছে। চৰকাৰৰ পক্ষৰ পৰা সহায় সাহায্য পালে ভৱিষ্যতে বাহৰ শিল্পৰ স্থায়ী প্ৰশিক্ষণ অনুস্থান এটি গঢ়ি দি অসমৰ বাহৰ শিল্পক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ হেপাহৰ কথাও তেওঁ অৱগত কৰিছে।

শ্ৰী ত্ৰিদিৱ মহন্ত ডাঙৰীয়াৰ এই বাঁহৰ শিল্পকৰ্মই অসমবাসীক গৌৰৱান্বিত কৰাৰ লগতে হস্তশিল্পৰ প্ৰতি নৱ প্ৰজন্মক উৎসাহিত কৰিব বুলি আমি আশাবাদী। ফটাঢোল পৰিয়ালৰ তৰফৰ পৰা মহন্ত ডাঙৰীয়ালৈ অভিনন্দন জনোৱাৰ লগতে আমাক তথ্যখিনি যোগান ধৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলোঁ।

যুগুতালে:যোগেশ ভট্টাচাৰ্য

☆ ★ ☆ ★ ☆

4 Comments

  • ৰজনীকান্ত বৰগোহাঁই

    মহন্ত দেৱৰ জীৱন আৰ কৰ্মৰ বিস্তৃত বৰ্ণনা পঢ়িবলৈ পায় গৌৰৱান্বিত হ’লো। তেখেতৰ সুস্বাস্থ্য আৰু উন্নতি কামনা কৰিলো। লগতে লেখক শ্ৰীযোগেশ ভট্টাচাৰ্য্য দেৱক ধন্যবাদ জ্ঞাপন কৰিলো।

    Reply
  • কাবেৰী মহন্ত

    মৌচমদা, আপোনাৰ কামৰ শলাগ নলৈ নোৱাৰিলোঁ৷ আগলৈ আগবাঢ়ি যাওক

    Reply
  • জয়ন্ত গগৈ

    ব্যতিক্ৰমী মনৰ ব্যক্তিত্ব। তেখেতৰ কৰ্মৰাজি শলাগনীয়। বহুত ভাল লাগিল।

    Reply
  • শৰৎ মহন্ত। নগাঁও।।।

    মহন্ত ডাঙৰীয়াৰ উৎকৃষ্ট কম’ খিনি সকলোৰে অনুপ্রেৰণাৰ উৎস। তেখেতে
    অসমবাসীৰ লগতে সকলোকে গৌৰৱানিত
    কৰিছে। এনে ধৰণৰ প্ৰতিভাক চৰকাৰে
    উদগনী যোগোৱা উচিত বুলি ভাবো।
    বহুত শুভেচ্ছা।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *