ব্ৰেক-আপ-হিমাদ্ৰি বি গোস্বামী
চৎচ্চা প্ৰেম বগলীৰ দৰে বগা৷ অকলুষ, পাখি লগা৷ চঞ্চল। নিলাজী বনৰ দৰে লাজুক, ৰবাব টেঙাৰ দৰে গোলাকাৰ। প্ৰেমৰ অলৌকিক শক্তিৰ বলতে প্ৰেমিক প্ৰেমিকাই পাৰ্থিৱ গেৰেকণি নেফেনোৱাকৈ পছোৱা বতাহত ভাঁহি ফুৰিব পাৰে। কুৰুৱাত পাখি মেলি ভৈয়ামৰপৰা পাহাৰলৈ, পাহাৰৰপৰা সাগৰলৈ ভ্ৰমিব পাৰে৷ প্ৰেম স্বৰ্গীয় বস্তু৷ প্ৰেমিক দেৱদূত। প্ৰেমিকা অপ্সৰা৷ উৰ্বশী। ভৰি দুটা চকীখনত তুলি আঁঠু দুটাৰ মাজৰ ফাঁকটোত থুতৰিটো সুমুৱাই দি বহি হেৰেম্ব কাকতিয়ে পুৰণি কথাবোৰ পাগুলিয়াই আছে৷
: বা দা ম!
ইণ্টাৰভেলত কিনি অনা হাতৰ বাদামৰ ঠোঙাটো কাকতিয়ে উৰ্বশীৰ ফালে আগুৱাই দিছিল৷ ঠোঙাৰ মুখখন কাকতিৰ অন্তৰখনৰ দৰেই খোলা৷ চকু আৰু মূৰ দুয়োটাৰে ইংগিত দিলে, উৰ্বশী বাদাম খোৱা৷
নাখায়, ঠোঙাটো তেওঁ দেখা নাই নেকি? প্ৰেমত পৰা ছোৱালীয়ে বোলে ওচৰৰ বস্তু নেদেখে! ফাৰচাইটেডনেশ্ব? হায়পাৰোপিয়া? ইমান ধুনীয়া চকুত কুকুৰিকণা বেমাৰ হয় জানো! উৰ্বশীয়ে বাদাম নাখায়েই নেকি আক’? ইফালে চিনেমাত নায়ক নায়িকাৰ অন্তৰঙ্গ মূহূৰ্ত৷ কাকতিয়ে হাতখন অলপ দাঙি ধৰিলে৷ খাব৷ ক’ব লাগিব-
“উৰ্বশী খোৱা”৷ কিন্তু কি?
বিশেষণটোৱেই নাই দেখোন৷ সেইটোক বিশেষণ নোবোলে হ’বপায়! যিয়েই নোবোলক বস্তুটোৰ নাম ক’ব লাগিব৷
“উৰ্বশী বাদাম খোৱা”৷ বাকলি নুগুছোৱাকৈ বাদামসোপা কেনেকৈ খাব বাৰু!
“উৰ্বশী বাকলি গুছাই বাদাম খোৱা”৷ বৰ দীঘল বাক্য৷ মানুহবোৰে হাঁহি দিছিল৷ চিনেমাত কমিক দৃশ্য। উৰ্বশীক ইম্প্ৰেছ কৰিবলৈ কাকতিয়েও হাঁহি মাৰিলে৷ টাইমিঙৰ হেৰফেৰ হ’ল৷ বাকীবোৰে তেতিয়ালৈ হাঁহি সামৰিছিল৷ সবেই কাকতিলৈ চাই পঠিয়ালে৷ পাতলীয়াকৈ লাজ পোৱাদি পালে৷ কাকতিয়ে আকৌ এটা হাঁহি মাৰি দিলে৷ সুৰ লগাই৷ চমঝদাৰ দৰ্শকৰ ৰসবোধ আনে বুজিব নোৱাৰিব। উপায়ো নাছিল৷ চিনেমা চলি আছে৷ পুলিছ আহিছে৷ কেছ লৈছে৷
হেৰেম্ব কাকতি নিজৰ কেছলৈ আহিল। ইতিমধ্যে বাদাম কেইটামান বাকলি গুছাই ৰেডি কৰিলে৷ উৰ্বশীৰো সঁহাৰি আহিছিল৷ সেয়াই আৰম্ভণি৷ তাৰপিছত চিনেমা হলৰ মজিয়া নতু কেতিয়াবা পাৰ্কৰ সেউজীয়া দুয়োৱে বাদামৰ বাকলিৰে ওপচাই দিছিল৷ কাকতি আৰু উৰ্বশী৷ উৰ্বশী আৰু কাকতি৷ দুয়ো একেলগে এখন বেলেগ ৰাজ্যত বাস কৰিছিল৷ প্ৰেম ৰাজ্য৷ তাত চিনেমাৰ দৰে খল চৰিত্ৰ নাছিল। তাত ফুল ফুলে, ৰ’দে হাঁহে৷ অ’ নহয়৷ তাত ৰ’দ নাছিলেই৷ দিনে ৰাতিয়ে জোনাক আছিল৷ সদায়৷ গোলাপ ফুলিছিল, না বেলেগ নেকি! কাঁইট নথকা কিবা৷ চৰাই আছিল পাতিহাঁহ, নহয় নহয় বনহংস৷ জন্তু? আছিল৷ গঁড়৷ ধেইত সেইখন কাজিৰঙা নহয়তো! পোক? নাছিল৷ থাকিলেও কেৰেলুৱাহে আছিল চাগে৷ চুই দিলেই লাজতে মুছকঁছ যায়৷ পৰুৱা? মনত পেলাব পৰা নাই৷ বহুদিন হ’লতো৷ সেই প্ৰেমকাননতে দুয়োৱে অনাগত জীৱনৰ ধোৱা-চাং সাজিছিল৷ কিন্তু এলান্ধু বিহীন৷ পৰিষ্কাৰ৷ জালুকবাৰীত কাকতি, বামুণী মৈদামত উৰ্বশী৷ সুযোগ পালেই যোৰ পাতে৷ কেতিয়াবা চকু দুটাই দেখেহে৷ মাক বাপেক লগত থাকিলে উৰ্বশীয়ে কাকতিক চিনি নাপায়৷ শৰীৰচৰ্চাবিদ ককায়েকটো ওচৰত থাকিলে কাকতিয়েও তেওঁক চিনি নাপাইছিল৷
এদিন কাহিনীত টুইষ্ট আহিল৷ সেইদিনা উৰ্বশীয়ে হঠাৎ স্ক্ৰীপ্টত নথকা ডায়লগ এটা থ্ৰ কৰি দিছিল।
: তুমি আমাৰ ঘৰলৈ আহা৷ মাক মই কৈয়ে থৈছোঁ৷ তুমি দেউতাকো কোৱাঁ৷ মোলৈ হ’লে দৰা বিচাৰিছে৷
চাকৰিও নাই চিকাৰো যায়। জাগতিক কন্দলে হেৰেম্ব কাকতিৰ প্ৰেমক আগভেটি ধৰিলে৷ যুগ যুগ ধৰি হৃদয়বান প্ৰেমিকে এই ক্ষেত্ৰত যি কৰি আহিছে কাকতিয়েও তাকেই কৰিলে৷ উৰ্বশীক পিতৃদত্ত পাত্ৰতে সুখী হোৱাৰ শুভকামনা যাঁচি কাকতিৰ ব্ৰেকআপ৷
☆ ★ ☆ ★ ☆
12:13 pm
খুবেই ভাল লাগিল পঢ়ি। লিখনশৈলীৰ ফেন হ’লো। আগলৈও লিখিব নিশ্চয়।
11:48 pm
ধন্যবাদ ৷ লিখিবলৈ চেষ্টা কৰিম ৷
1:35 pm
তোমাৰ লেখা পালে গোগ্ৰাসে পঢ়োঁ৷ এইবাৰো মন মুহিলে৷ আৰু লাগে
3:21 pm
ভাল লাগিল।
11:49 pm
ধন্যবাদ ৷
10:00 pm
ভাল লাগিল।
10:08 am
লিখাৰ স্টাইলটো বঢ়িয়া লাগিল দেই, ৰসে চৌ চৌ! বহুত ভাল পালো পঢ়ি৷ ????
10:21 am
বৰ ভাল লাগিল।
10:42 pm
বিন্দাছ লিখিছে ককাইদেউ ৷ পঢ়ি ভাল লাগিল ৷