সহোদৰ-অমিতাভ মহন্ত
: ইন্দুদা, তই বোলে মোৰ পিছত পুলিচ লগাইছ?
-: চা, মোৰ তোৰ ওপৰত মূৰটো গৰম হৈ আছে। তোক এইবোৰৰ উত্তৰ দিয়াৰ কোনো দৰ্কাৰ আছে বুলি মই নাভাবোঁ।
: বাঃ…পুলিচ লগাবি তই আৰু উত্তৰো নিদিবি। বঢ়িয়া দাদাগিৰি দেখোন তোৰ।
: চা পিকু, মই যি কৰিছোঁ মোৰ ঘৰ সংসাৰ বচাবলৈ কৰিছোঁ। তই নিজেতো কাজিয়া লাগি ধ্বংস হ’লিয়েই, এতিয়া মোৰ ঘৰ সংসাৰ ধ্বংস কৰিবলৈ উঠি পৰি লাগি গৈছ।
: তোৰ লগত লাগি মই একো ফূৰ্তি নাপাওঁ। উত্তৰপাৰৰ মাটিখিনি ভালে ভালে মোৰ নামত লিখি দে। দুয়ো শান্তিত থাকোঁ।
: তোক আকৌ কিয় দিবলৈ যাম? দেউতাই উইলত স্পষ্টকৈ সেইখিনি মোৰ নামত লিখি দি গৈছে। সেইখিনিত চকু দিয়া তই বাদ দে কিন্তু। কথা বেয়া হৈ যাব।
: শ্যাট আপ।
: মুখ চম্ভালি কথা ক’বি। পাহৰি নাযাবি মই তোতকৈ ডাঙৰ। মই তোৰ দাদা।
: ডাঙৰ হ’লি বুলিয়েই যি মন যায় তাকেই ক’বিনে? মই নাজানো বুলি ভাবিছ যে সেই মাটিখিনি তই অন্যায় কৰি দেউতাৰপৰা হস্তগত কৰিছিলি।
: দেউতা কেৱল মোৰেই নাছিল পিকু, তেওঁ তোৰো দেউতা হয়।
: উইলখন পঢ়াৰ আগলৈ ময়ো তেনেকৈয়ে ভাবিছিলোঁ। দেউতাই যে মোক এনেকৈ ঠগিব মই কেতিয়াও ভবা নাছিলোঁ।
: কিয় ঘৰ এৰি যাওঁতে সেইবোৰ ভাবিবলৈ নহ’ল তোৰ? তেতিয়াতো খুব ওফাইডাং মাৰি গুছি গৈছিলি।
: গুছি নগৈ কি কৰিম? ইয়াতে মোক জানো শান্তিত থাকিবলৈ দিছিলি তহঁতে?
: নন চেন্স। মই তোক ৰাখিবলৈ কিমান চেষ্টা কৰিছিলোঁ। দেউতাকো বুজাই সকলো ঠিক কৰিছিলোঁ। আৰু ইডিয়ট তই নিজেতো গলিয়েই, লগতে সৰুভণ্টি বিনিকো লৈ গ’লি।
: বিনি নিজৰ ইচ্ছাত মোৰ লগত গৈছিল। তই ভালকৈ জানিছিলি যে তাই সৰুদাদা বুলিলে সৰুৰেপৰা পাগল। বিনি সৰু হ’লেও তাই গম পাইছিল যে তই আৰু দেউতাই মোৰ লগত অন্যায় কৰিছিলি।
: খুব ভাল কথা। যদি ইমানেই মৰম আছিল তেন্তে তাইক নি অত্যাচাৰ কৰিছিলি কিয়? মই মাজত নোসোমোৱাহেঁতেন, যদি তাইক তোৰ কবলৰপৰা উলিয়াই নানি বিয়া নিদিলোহেঁতেন, তেন্তে ভাবি চাচোন তাইৰ কি অৱস্থা হ’লহেতেন।
: বিয়া কৰাৰ সিদ্ধান্তটো বিনিৰ নিজৰ আছিল। তাৰোপৰি তই বিনিক মোৰ বিৰুদ্ধে উচটাইছিলি। অৱশ্যে মোৰো দোষ নথকা নহয়। সেই সময়ত ভীষণ চাপত আছিলো মই। মোৰ হতাশাৰ শাস্তি তাই পাইছিল। সেয়া মই অস্বীকাৰ নকৰোঁ। কিন্তু বিশ্বাস কৰ দাদা সেই বাবে মই আজিও অপৰাধবোধত ভূগোঁ। যিমান যি হ’লেও তাইতো মোৰেই সৰুভনী।
: তোৰ চেণ্টিমেণ্ট তই নিজৰ তাতেই ৰাখ। আৰু হয়, ময়েই তোৰ পিছত পুলিচ লগাইছিলোঁ। বাধ্য হৈছোঁ কাৰণ তই মোৰ পিছত গুণ্ডা লগাইছ।
: মিছা কথা।
: মিছা? মোৰ উত্তৰপাৰৰ মাটিখিনিৰ খালটোৰ ফালে আফজল গুণ্ডাই যে খুটি পুতি বহিছে সি জানো তোৰেই মানুহ নহয়? সেই তিনি বিঘা মাটিৰ আশা মই বাদেই দিছোঁ লাহেকৈ। এটা কথা মনত ৰাখ পিকু, তই এইবোৰ যিমানেই কৰ, মই আৰু এক ইঞ্চি মাটিও এৰি নিদিও। প্ৰয়োজন হ’লে তোৰ বিৰুদ্ধে ক’ৰ্টলৈ যাম। তোকো এসেকা দিহে এৰিম কিন্তু। আৰু বিনিও তলে তলে কম নহয়। এনেই নিবোকা চামোন হৈ থাকে, এইফালে শহুৰেকৰ ঘৰৰ মানুহ লগাই মোৰ পূব ফালৰ সীমা লাহে লাহে ঠেলি আহি আছে। মোৰ সেই মাটিখিনিৰ ৰখীয়াটো আচলতে মহা লোভী। তাক টকা সিকা দি তাই একেবাৰে হাত কৰি লৈছে।
: যি মন যায় কৰ। সেয়া আচলতে মোৰেই মাটি, মই লৈহে এৰিম। মা ঢুকোৱাৰ আগে আগে বাৰে বাৰে কৈ গৈছিল যে সেইখিনি মোৰ মাটি। তই মানুহ লগা, ক’ৰ্ট যা.. যি মন যায় কৰি থাক।
: এইবোৰ কৰি তই কি ভালপাৱ পিকু? মই সকলো খবৰ পাওঁ। তোৰ নিজৰ ইমান অভাৱ। ল’ৰাটোৰ পঢ়াৰ ফিজ তই দিব পৰা নাই। নকওঁ বুলি ভাবিছিলোঁ, পিছে আজি ক’বলৈ বাধ্য হৈছোঁ, তোৰ ল’ৰাৰ পঢ়াৰ ফিজ যোৱা এবছৰ ধৰি মই দি আছোঁ। এইবোৰ এৰ আৰু, নিজৰ কামত মন দে।
: দাদা, তোৰ এই দানবীৰ হোৱাৰ অভিনয় কৰা স্বভাৱবোৰ এৰ। মোৰ ল’ৰাক দৰকাৰ হ’লে নপঢ়ুৱাও, তথাপি তোৰ সহায় নালাগে। দিনে দিনে তোৰ ওষ্টাদি বাঢ়ি গৈছে।
: তোক কিবা বুজাই লাভ আছে নেকি? তই অলপো সলনি হোৱা নাই। তোৰ যি ইচ্ছা তাকেই কৰ। ময়ো মোৰ মতে কাম কৰিম।
: আৰু দাদা, যদি আৰু গম পাওঁ তই আকৌ মোৰ পিছত পুলিচ লগোৱা বুলি, তোক কিন্তু মই………….
: কি কৰিবি? গুণ্ডা লগাই মাৰিবি? আৰু বেছি কি কৰিব পাৰ তই?
: দৰকাৰ হ’লে কৰিবও পাৰোঁ। তই মোক মাৰিবলৈ বাকী আছেনে? আৰম্ভণিৰপৰা কেৱল অন্যায়, বঞ্চনা… মোৰ মান সন্মান বুলিবলৈ একোৱেই নাই এতিয়া।
: ৱাহ পিকু…গুণ্ডা লগালি তই আৰু অন্যায় মইহে কৰিলোঁ। এইবোৰ কৈ থকাৰ আগতে দেউতাৰ উইলখন এবাৰ মন দি পঢ়ি চাবিচোন।
: উফ, কেৱল উইল উইল। তই তোৰ উইল বুকুত বান্ধি বহি থাক। মই যি কৰিব লাগে কৰিম। মই যাওঁ। তোৰ পুলিচ তোৰ লগতেই ৰাখ। আৰু এটা কথা, এই মিঠাইৰ পেকেটটো ৰাখ.. মাইনাহঁতক খাবলৈ দিবি।
: মিঠাইৰ পেকেট? কিয়?
: ভয় কৰিব নালাগে দে। মিঠাইত বিষ নাই। তয়ো খাবি।
: পিচে হঠাৎ মিঠাই কিয়?
: জানিও নজনাৰ ভাও নধৰিবি দাদা। সেইবাৰ চৈধ্য তাৰিখে মোৰ ঘৰত তয়েই জানো কেকটো দি পঠিওৱা নাছিলি? সোৱাদতেই গম পাইছোঁ। সৰুতে দেউতাই আমাক লৈ যোৱা দোকানখনৰ পৰাই কিনা নাই জানো? ঘৰত নোসোমালি কিয়? এওঁ বৰ দুখ কৰিছে তই ঘৰ নোসোমোৱা কাৰণে।
: সোমাম বুলিয়েই গৈছিলোঁ। পিছে তহঁতৰ গলিৰ মুখৰ পোৱালীকেইটাৰ যিহে উৎপাত। সিহঁতৰ আবতৰীয়া দেৱালী দেখি মই তাৰ পৰাই গুছি আহিলোঁ। সেই পিটকলিকেইটাক ইমান সৰুতে আলু বোম্ব কিয় ফুটাবলৈ দিয়? বাৰু সেইবোৰ কথা বাদ দে এতিয়া, অলপ ফ্ৰেচ হৈ ল’গৈ যা। বৌৱেৰা আহিবই এতিয়া। কেক একেলগে কাটিম।
: সেইবোৰ হ’ব বাৰু, পিচে তই বেয়া নাপাৱ যদি এটা কথা কওঁ?
: কি?
: মাজতে মই বিনিৰ তালৈ গৈছিলোঁ। তাই বৰ কষ্টত আছে অ’। ময়ো সহায় কৰিব নোৱাৰোঁ। তহঁতৰ সেই ৰখীয়াটোৱে বোলে তাইক মনে মনে মাটি অলপ দিছেই ইতিমধ্যে। পিছে তাইৰ আৰু অলপ পালে খেতিখিনি কৰিবলৈ সুবিধা হয়। পাৰ যদি তহঁতৰ সেই নৰেন মহৰীক সুধি চাবিচোন তোৰ এনেই পৰি থকা মাটি অলপ তাইক দিব পাৰি নেকি? এনেয়ো এনেয়েহে পেলাই থৈছ সেইখিনি। আৰু বৌ অহালৈ নৰখো দে আজি, কেতিয়াবা সময় পালে যাবিচোন……
: পিকু…
: কি?
: তই বৰ খীনাইছ অ’। ক’লা পৰিছ যথেষ্ঠ। যত্ন ল’বিচোন নিজৰ অলপ? আৰু তোৰ জণ্ডিছ এতিয়া কমিছেনে? সেইদিনা বৌৱেৰাই কৈছিল যে জণ্ডিছত বোলে…..
: যাওঁ দে দাদা… কাজিয়া লাগি লাগি আজিকালি তোৰ মৰমিয়াল ৰুপটোত এডজাষ্ট কৰিব নোৱাৰা হৈছো চাগে মই…. আৰু তোৰ পুলিচগিৰি সোনকালে বন্ধ কৰ কিন্তু, ভালে ভালে কৈ গ’লোঁ।
: যা যা… এইবাৰ পোন্ধৰ তাৰিখে তই নাহিলেও বোৱাৰী আৰু ল’ৰা-ছোৱালীকেইটাক পঠিয়াবি কিন্তু। সিদিনা সিহঁত নাহিলে বৌৱেৰাই বৰ বেয়া পায়। মাজতে এবাৰ তহঁতৰ নৱাজ ড্ৰাইভাৰ আমাৰ নৰেনৰ ঘৰ লোৱালৈ আহিছিল। চাকৰি কৰি আছে যদি সিয়েই আহিব পাৰিব। ৰাষ্টা ঘাট ভালকৈ চিনি পায় সি।
: হ’ব দে, ১৫ আগষ্টলৈ এতিয়াও বহুত দিন আছে৷ আজি ২৬ জানুৱাৰী হ’লহে৷ তেতিয়ালৈ বা আকৌ কি হয়৷ আহো দে। ভালকৈ থাকিবি…
: যত্ন লবি নিজৰ…
—সমাপ্ত—
(দাদা ইন্দুৰ ভূমিকাত–ভাৰতবর্ষ। সৰু ভাই পিকুৰ ভূমিকাত – পাকিস্তান। সৰুভনী বিনিৰ ভূমিকাত – বাংলাদেশ।)
(থীমটো অন্য লেখাৰপৰা লোৱা হৈছে।)
☆ ★ ☆ ★ ☆
1:04 pm
আজিকালি সৱফালে বিনিৰেই ভাল বুজিছা।
বঢ়িয়া লাগিল অমিতাভ
7:39 pm
বেলেগ স্তাইলত গল্পটো৷
বিৰাটেই ভাল লাগিল, ধন্যবাদ
6:45 pm
ফেণ্টাষ্টিক