ছেলছৰ টুপী – অভিজিৎ গোস্বামী
কাহিনীৰ নায়ক অথবা খলনায়কৰ ৰূপত মই আৰু মোৰ কলেজীয়া বন্ধু কেইজন। ২০০৮ চনত মই গ্ৰেজুৱেচন কৰি অলপ দিন চাকৰি কৰাৰ মন মেলিলো। ৰাইজে কোৱা ও শুনিছিলো, যে এম বি এ কৰাৰ আগতেই অলপ দিন চাকৰি বাকৰি কৰি ৱৰ্ক এক্সপিৰিয়েন্চ গোটাই ললে, ভৱিষ্যতে চাকৰি বাকৰি কৰিবলৈ সুবিধা বেছিকৈ পোৱা যাব। কথামতেই কামত লাগি গলো সকলো,প্ৰথম পদক্ষেপ হিচাপে বায়দাতা বনাব লগীয়া হল।এতিয়া অামি আছিলো গোটেইকেইজন বায়টেকনলজিৰ ছাত্ৰ গতিকে এইবিলাক তেনেদৰে নাজানিছিলো। গতিকে চিনিয়ৰ দুজন মানৰ পৰা খুজি মেলি কেনেবাকৈ আৰ্হি এটা যোগাৰ কৰি, প্ৰায় গোটেইকেইটাই নাম, ঠিকনা, আৰু পৰীক্ষাৰ পাৰচেনতেজ কেইটা নিজাববীয়াকৈ দি বাকীবোৰ আৰ্হি মতেই ৰাখি প্ৰায় একে ধৰণৰ বায়দাতা তৈয়াৰ কৰা হল। দ্বিতীয় পদক্ষেপ হল চাকৰি বিচাৰা। গতিকে সুধি পুচি গম লৈ ইন্টাৰনেট কেফেলৈ গৈ নকৰী ডট কম নামৰ পৰ্টেল ভাগত নিজৰ বায়দাতা গতাই আহিলো।
কিছুদিনৰ পাছত লাহেকৈ এটা দুটাকৈ ফোন আহিবলৈ ধৰিলে। তেতিয়া আকৌ খুব কল চেন্টাৰ আৰু বি পি অৰ চাকৰি ওলাইছিল।আৰু অামাৰ গোটেইকেইটাৰে ৰাতিৰ টোপনি ব্যাহত কৰি চাকৰি কৰাৰ সমূলি ইচ্ছা নাছিল। গতিকে থাকিল দ্বিতীয় ভাগ চাকৰিৰ, সেইতো ভাগত ইনচুৰেনচ ছেক্টৰ আৰু টেলিকম ছেক্টৰৰ ছেলছৰ চাকৰি বোৰ পৰিছিল। সাধাৰণ অৰ্থত কবলৈ গলে মোবাইলৰ চিমৰ নতুন সংযোগ আৰু ইনচুৰেনচ পলিচী বিক্ৰী কৰা। অামি নিজৰ মুখ কেইখনৰে, কথাৰ ফুলঝাৰী মাৰিব পৰা কাৰ্য্যদক্ষতাৰ ওপৰত, সম্পুৰ্ণ আস্থা ৰাখি, ছেলছত যোগদান কৰাৰ সমূহীয়া সিধান্ত গ্ৰহণ কৰিলো। প্ৰধান কাৰন আছিল দুটা, ছেলছত টাৰ্গেট কৰিব পাৰিলে আৰামত চাকৰি কৰিব পাৰিম। দিনটো অফিছত বহি থাকিব নালাগিব, দুপৰীয়াৰ সাজ ঘৰতে খাই এঘূমটি মাৰিব পাৰিম আৰু অতিৰিক্ত টাৰ্গেট লিংকদ বোনাছৰ সুবিধা।নতুনকৈ পইচা ঘটাৰ হেঁপাহ এ তেতিয়া আমাৰ মনবোৰ প্ৰায়ে উৰণীয়া মৌৰ দৰে কৰি ৰাখিছিল। ভবামতেই মই ৰিলায়েন্স ফাইনেন্সত আৰু বাকী দুজন বন্ধু আইডিয়া টেলিকমত যোগদান কৰিলে। যোগদান কৰি প্ৰথম ২০ দিন মান ভালদৰেই গৈ আছিল। প্ৰডাক্ট সম্পৰ্কীয় ট্ৰেইনিং বোৰ হৈ আছিল, গতিকে বিক্ৰী বাৰ্তাৰ কথা তেনেদৰে কোনেও সোধা নাছিল। লাহে ধিৰে বুজি উঠিলো যে ইয়াত প্ৰথম মাহ এনেকৈয়ে টিকিব পাৰিম কিন্তু দ্বিতীয় মাহৰ পৰা হে দিগদাৰ আৰম্ভ হব। যেনে তেনে এটাকৈ হলেও, পলিচী দিব লাগিবই প্ৰথম ছমাহলৈ। তেতিয়া দৰমহা বা চাকৰিৰ ছমাহলৈ কোনো ধৰণৰ সমস্যা নহয়। এতিয়া অামি হলো শিক্ষা গ্ৰহণ কৰা সুত্ৰে হে বাংগালোৰৰ, বাকী পৰিয়াল পৰিজন ও নাই যে, ইয়াৰ দৰে কৈ মেলি কাৰোবাক দিব পাৰিম। কম্পেনীৰ ফালৰপৰা ২০০০ মান ফোন নম্বৰ দি জনালে যে এইবোৰ মানুহক ফোন কৰি এপইনমেন্ট লৈ এওঁলোকক পলিচী বেচিব পাৰিবা। লাহেকৈ এফালৰ পৰা ফোন কৰাত লাগি গলো কিন্তু এপইনমেন্ট বাদেই গালি শপনি হে পাইকাৰী হাৰত খাবলৈ পালো। গতিকে চাকৰি জীবনৰ দীৰ্ঘস্থায়ী হোৱাৰ ক্ষীণ আশা চকুৰ আগত ভাহিবলৈ ধৰিলে। সিফালে টেলিকমৰ লগৰ কেইজনেও ডেইলী ৩ টা নতুন পোষ্ট পেইদৰ সংযোগ দিবই লাগিব এমহীয়া ট্ৰেইনিংৰ পাছৰে পৰা। গতিকে অামি মিলিজুলি সিধান্ত গ্ৰহণ কৰিলো যে মোৰ ওচৰত থাকা নম্বৰ খিনি মই লগৰ কেইজনক দিম যাতে তেওঁলোকেও নতুন চিম কাৰ্ডৰ সংযোগৰ বাবেও ব্যৱহাৰ কৰিব পাৰিব অাৰু আন নহলেও প্ৰতিদিনৰ কল ৰেকৰ্ডৰ কাৰণেও ব্যৱহাৰ কৰিব পাৰিব। আৰু দ্বিতীয়তে তেওঁলোকে আমাৰ চিনাকি লগৰ বোৰৰ নামত নিজৰ জেপৰ পইচা ভৰি এটা এটা সংযোগ দি অলপ দিন চলিব পাৰিব। আৰু মই ও হিছাপ কৰি দেখিলো যে ৬ মাহলৈ এটাকৈ পলিচী যদি বন্ধু কেইজনৰ বাবে মই নিজেই পইচা দি ও খুলি দিওঁ মোৰ বিশেষ লোকচান নহব। কাৰণ পলিচীৰ প্ৰথম নিম্নতম তিনিমহীয়া প্ৰীমিয়াম প্ৰায় ২৫০০ টকা দিলেই হৈ যাব। গতিকে কথামতেই প্ৰায় চাৰিমাহ মানলৈ মই মোৰ চাৰিজন বন্ধুৰ নামত প্ৰতিমাহে এটা এটাকৈ নতুন পলিচী খুলি যোৱাত লাগিলো। নিজৰ জেপৰ ২৫০০ টকাকৈ প্ৰতিমাহে দি দৰমহা ও মাহৰ মূৰত লৈ, বিশেষ কষ্ট নোহোৱাকৈ দুপৰীয়া শুই মেলি ৫ মাহ অতিক্ৰম কৰিলো। পিছলৈ বাৰু কিছু চা চিনাকি বঢ়াত এইবোৰ নকৰাকৈ ১ বছৰ ভালদৰেই চাকৰি কৰি নিজে হে এৰি আহিলো। বন্ধু কেইজনেও লগৰ বোৰৰ নামত নিজেই পইচা দি, নতুন সংযোগ বেছি মেলি ৫ মাহ মান চাকৰি কৰিলে। মোবাইলৰ পিছে বেছি ভাগেই বিল পৰিশোধ নকৰাকৈ এৰি দিছিল। কিন্তু দুপৰীয়াৰ ভাত সাজ খাই ভাত ঘুমটি মাৰা অভ্যাসৰ কোনো পৰিৱৰ্তন হোৱা নাছিল। লগৰ এটা আকৌ বেংকত কৰিছিল, তাৰ একাউন্ট খোলাৰ টাৰ্গেট ও আমাৰ চেলাৰী চেক লৈ গৈ সি পূৰণ কৰিছিল, গোটেই পইচা কেইটা বাৰু সেই মাহতেই উলিয়াই ও আনিছিলো। এনেদৰেই আমাৰ পৰোপকাৰী গুণবোৰৰ বাবেই কাকো বিপদত পৰিবলৈ দিয়া নাছিলো। পলিচী খুলি দিয়াৰ ভিতৰত মাত্ৰ এটা বন্ধু এ বাকী ৩ বছৰ নিজে প্ৰিমিয়াম দি পলিচী মেচিউৰিটি বেনিফিট লৈ হে এৰিছিল।
☆ ★ ☆ ★ ☆
2:03 pm
বঢ়িয়া অভিজিত
5:17 pm
ধন্যবাদ ককাইদেউ
9:25 pm
জমনি অভিজ্ঞতা৷ পঢ়ি হাঁহিলো দেই
12:26 pm
ধন্যবাদ বা ?
11:52 am
বঢ়িয়া লাগিল অভিজিত
12:26 pm
হাঃ হাঃ বঢ়িয়া দেই..