ফটাঢোল

মোৰ এটা গৰু আছে… – ৰক্তাভ কুমাৰ দাস

“ঘড়ীটোৱে কয় শুনা টিক্ টিক্ টিক্

সময় গৈছে উৰি ঠিক ঠিক ঠিক।

ভোমোৰাই কয় শুনা গুণ্ গুণ্ গুণ্

ফুটাই পঢ়িবা পাঠ নাই ভুন ভুন।”

সুখবোৰ তেতিয়া শৰাইঘাট দলঙৰ ওপৰৰ পৰা ৰে’লগাড়ীৰ খিৰিকীৰে বাদাম ভাজিৰ বাকলি পেলাই দি দাদা আৰু মোৰ মাজৰ কোনজনৰ বাকলি গৈ আগতে ব্ৰহ্মপুত্ৰৰ পানীত পৰে তাক লৈ প্ৰতিযোগিতা কৰা, চাইকেলখনৰ হাফপেডেল মাৰি কোনে কিমান সময় মাটিত ভৰি নপৰাকৈ চলাব পাৰে, মায়ে খাবলৈ মতাৰ লগে লগে কোনে আগতে ডাইনিং টেবুলত গৈ হাজিৰ হয় ইত্যাদি এনেবোৰ সৰু সৰু কথাতেই সীমাবদ্ধ আছিল। প্ৰতিযোগিতা যদিও আছিল তাত জেদ নাছিল, বৰং যিজনে হাৰিছিল জিকাজনক পিছৰবাৰ হৰুৱাবৰ কাৰণে কামটোত বেছিকৈ মনোযোগ দিছিল। শৈশৱক ধুনীয়াকৈ সজাই তোলা এইবোৰ কথাৰ বাবেই হয়তো সেই সময়খিনিৰ মাদকতাবোৰ বাৰুকৈয়ে অনুভৱ কৰা যায়।

শিশুবোৰৰ স্বাভাৱিক উৎপাতসমূহ মোৰ স্বভাৱতো বিৰাজমান আছিল। এই ধৰা হওঁক ককাইদেউক মোতকৈ আগতে বিদ্যালয়ত নামভৰ্তি কৰাই দিয়া ভাবে দিনৰ ভাগত হোৱা অকলশৰীয়া অনুভৱটোক নস্যাত কৰাৰ কুটিল উপায় হিচাপে ককাইদেউৰ “অকণিৰ কুঁহিপাঠ” খন ফালি পেলোৱা, বিদ্যালয়ৰ ইউনিফৰ্মযোৰত লেতেৰা দাগ লগাই দিয়া, গৃহকাৰ্যৰ বহীত পেঞ্চিলেৰে আঁক-বাক কৰি সেইখনৰ “পোষ্টমৰ্টেম” কৰা আৰু তাৰ পিছত সম্বৰ্ধনা হিচাপে পৰম পূজনীয়া মাতৃৰ হাতৰ চৰ-ভুকু তথা দেহত এক ফুট দীঘল কাঠৰ “নটৰাজ” স্কেলডালৰ  দাগবোৰ এতিয়া ‘নষ্টালজিয়া’। সৰুৰ বদমাছিবোৰে এলাহক বেছি তাগিদা দিব পৰা নাছিল কাৰণে “কুকুৰাৰ ডাক”ৰ সৈতেই এঙামুৰী এৰিছিলোঁ আৰু মিলি গৈছিলোঁ মাটিৰ লগত, মানে লেতেৰা হৈ থকাৰ তীব্ৰ আসক্তি এটা আছিল। চোতালত লেপেট খাই পৰি থাকি তাৰ মাটি গা-মূৰে ঘঁহিছিলোঁ খাইছিলোঁও! দেহৰ বৰণ ক’লা হোৱা হেতু কেতিয়াবা সেইটোক লৈ দুখ কৰিলে মায়ে এতিয়াও কয় বোলে জন্মতে “আমূল তাজা” আৰু মোৰ দেহৰ বৰণৰ কোনো পাৰ্থক্যই নাছিল, চোতালত বাগৰি বাগৰি হে ক’লা পৰি গ’ল! 

সৰুতে আকৌ মগজটো অলপ বেছিকৈ সক্ৰিয় হৈ থাকে কাৰণে কথাবোৰো মনত থাকি যায়; মোৰ কিন্তু তাতো ট্ৰেক ৰেকৰ্ড আধৰুৱা। ঘৰৰ “বেলটেক”ৰ “ব্লেক এণ্ড হোৱাইট” টিভিটোত গধূলি সাত বজাৰ বাতৰি শুনিবলৈ গোটেইকেইজন একেলগে বহি লওঁ। মোৰ দস্তুৰমত কোনো মতলব নাই বাতৰিত কি ক’ব কি নক’ব, কিন্তু তাত মোৰ আটাইতকৈ ভাল লগা কথাখিনি আছিল শাৰী পিন্ধা গোল মুখৰ ধুনীয়া মহিলাগৰাকীয়ে সেই বিশেষ ষ্টাইলত কোৱা “এতিয়া বিতং বাতৰি” আৰু কথাই কথাই মই সেইখিনিকে আওৰাই থাকিছিলোঁ। বাতৰি শেষ হোৱাৰ পিছত মায়ে ককাইদেউক পঢ়াবলৈ বহায় আৰু লগত বাই ডিফল্ট মই। ককাইদেউৱে পঢ়ে, “সিংহই মাংস খায়…. নামঘৰত মৃদংগ বাজে…..”। সি পঢ়ি যায়, মোৰ মগজটোত সেই দুটা শাৰী স্থায়ীভাৱে ৰৈ যায় আৰু লগত মোৰ কল্পনাত দুখন চিত্ৰ। মোৰ কাৰণে তেতিয়া দুনীয়া বুলিলে ঘৰৰ পাছফালৰ চোতালখনেই। লেট্ৰিনত শৌচ কৰিব ভয় লাগে কাৰণে চোতালত কচুপাত পাৰি তাতেই বহাই দিয়ে, হাতত গছৰ সৰু ঠাৰি এডাল। মাটিতেই ককাইদেউৱে ফলিত লিখি থাকোঁতে দেখিব পোৱা বৰ্ণমালাৰ দুই এটা আখৰ গছৰ ঠাৰিডালেৰে আঁকিব চেষ্টা কৰোঁ। ‘অ’ লিখাত ঠিকেই লিখোঁ, পিছে মাথাটোত কথাবোৰ আধৰুৱা হৈ ৰৈ যোৱা কাৰণে ‘অ’ ৰ পিছফালে ‘ক’ৰ পাকটো দি পাওঁ। লগে লগে মোৰ নিজৰ নিউজ চেনেল টেলিকাষ্ট হৈ যায়,

“এতিয়া বিতং বাতৰি…..

সিংহই মাংস খায়….

নামঘৰত মৃদংগ বাজে…..”

তেনেকৈ শৌচ কৰি কৰি চিঞঁৰি থাকোঁতে ক’ৰ পৰা ঢোৰা কাউৰীটো আহি মূৰত খুঁটিয়াই থৈ যায় গমেই নাপাওঁ!

বাৰু যি কি নহওঁক, এদিন ময়ো স্কুলত নাম লগালোঁ। মাক এৰি কোনোকালে বাৰাণ্ডাৰ বাহিৰত গৈ নোপোৱা মইজনে স্কুলৰ প্ৰথমদিনা যিটো ৰাউচি জুৰিছিলোঁ, মোৰ আটাইতকৈ প্রিয় আলুভাজিয়েও সেইটোক প্ৰশমিত কৰিব নোৱাৰিলে! লাহে লাহে ককাইদেউৰ হাতত ধৰি স্কুল অহা-যোৱা কৰিব ধৰিলোঁ। ভাটৌৰ নিচিনাকৈ মুখস্থ বিদ্যাৰ সহায় লৈ আহি পঞ্চম শ্ৰেণী পালোহি, শ্ৰেণীত স্থান দ্বিতীয়। নম্বৰবোৰ ভাল আহে বাবে সকলোৱে প্ৰশংসা কৰি কয় পঢ়াত ভাল বুলি, গতিকে ক’ব নোৱাৰাকৈ অহংকাৰৰ বীজ এটাই ভিতৰি ভিতৰি অংকুৰিত হৈ এদিন বৰ বেয়াকৈ থেকেচা খুৱালে।

তেতিয়া মই পঞ্চম শ্ৰেণীত, ককাইদেউ সপ্তম শ্ৰেণীত। পঞ্চম শ্ৰেণীৰ পৰা ইংৰাজীত “কাল”ৰ জ্ঞান দিয়া হয়, অনুবাদ কৰিব দিয়া হয়, “নিগেটিভ-ইণ্টাৰ’গেটিভ” বাক্যৰ জ্ঞান দিয়া হয়। এইফালে মোৰ ইংৰাজী বিষয়টোৰ ওপৰত দখল একদমেই দুখলগা, যিটো ভিতৰি ভিতৰি অকল মইহে জানিছিলোঁ। মোৰ বাদেও এই কথাটো মোৰ ককাইদেউৱে বুজি পাইছিল কাৰণে চাগে সি মোক ডাঙৰ জেঠাইৰ ল’ৰাটোৰ ওচৰত ইংৰাজী শিকিব যাবলৈ পৰামৰ্শ দিছিল। ইতিমধ্যে সিও তাতেই শিকি আছিল। মই হ’লো অহংকাৰত ডুবি থকা,শ্ৰেণীত স্থানপ্ৰাপ্ত মেধাবী ছাত্ৰ। ইংৰাজী ক্লাছত বহীত অভ্যাস কৰিবলৈ দিয়া অনুবাদকেইটা ওচৰৰ ল’ৰাটোৰ পৰা গম নোপোৱাকৈ চাই চাই লিখিলোঁ কি হ’ল, বাকীবোৰৰ মনত মই তেতিয়াও এজন “জনা ল’ৰা”! বহুত জোৰ কৰাৰ পিছত, মাৰ গালি খোৱাৰ পিছত জেঠাইৰ ল’ৰাটোৰ ওচৰত গ’লো ইংৰাজী শিকিব। লগত “গ্ৰামাৰ”ৰ কিতাপখন আৰু এখন বহী।

জেঠাইৰ ল’ৰাটোৰ ওচৰত গৈ পাই যদিও বুকু ধপধপাই আছিল মোৰ অজ্ঞানতা ধৰা পৰিব বুলি, তথাপি মুখত “জনা ল’ৰা”ৰ “এটিটিউড”ৰ লেশমানো তাৰতম্য নাই। জেঠাইৰ ল’ৰায়ো মোৰ চেহেৰা দেখি জানি গৈছিল মই তাৰ ওচৰত শিকিব আহিব নিবিচৰা কাৰণ কি! মোক দেখি সি টেবুলৰ ওচৰত মাতিলে আৰু সুধিলে,

: তই কি জান?

মোৰ স্পষ্ট উত্তৰ সম্পূৰ্ণ “এটিটিউড”ত, ভিতৰি লাগিলে সৰুপানী চুব যাব লগা অৱস্থাই নহওঁক কিয়!

: মই সব জানোঁ!

: ট্ৰেন্সলেচন জান?

: অ তো!

: দে হ’লে ক মোক, “মোৰ এটা গৰু আছে।” এইটো ইংৰাজীলৈ অনুবাদ কৰ।

এইখিনিতেই আপদ চপাই ল’লো! কিহে পাইছিল মোক সব জানোঁ বুলি ক’বলৈ। তথাপি কিন্তু “এটিটিউড” বাহাল হৈ আছে। বিশেষ সময় ময়ো নল’লো উত্তৰটো দিয়াত কিয়নো ব্যাকৰণৰ ওপৰত নহ’লেও শব্দৰ ওপৰত মৌলিক জ্ঞানখিনি মোৰো নথকা নহয়। মনতে মই আওৰালোঁ,

“মোৰ” মানে “আই”, গৰু মানে “কাও”, এটা মানে “ৱান”। আৰু “আই”ৰ পিছে পিছে সদায় “এম” থাকে। গতিকে “মোৰ এটা গৰু আছে” ৰ ট্ৰেন্সলেচন হ’ব “আই এম এ কাও”। 

মোৰ মনৰ ভিতৰত তেতিয়া ছক্ৰেটিছে দৌৰিব আৰম্ভ কৰিলেই। অলপো বিলম্ব নকৰি মই মোৰ উত্তৰ আগতকৈ বেছি “এটিটিউড”ৰ দ্বাৰা উপস্থাপন কৰি পেলালোঁ – 

“আই এম এ কাও” …..

কিছুপৰ নিস্তব্ধতা। জেঠাইৰ দুয়োটা ল’ৰা, জেঠাই আৰু ককাইদেউৰ দৃষ্টি তেতিয়া মোৰ ওপৰত নিবদ্ধ। এই নিস্তব্ধতা ভাঙি সকলোৱে সমস্বৰে হাঁহিব আৰম্ভ কৰিলে। ঘটনাৰ আঁৰ মই বুজি পাবলৈ ধৰোঁতেই জেঠাইৰ ল’ৰাই আৰম্ভ কৰিলে,

: অই গৰু, আজি তোক এই এশ আঠটা “ভাৰ্ব লিষ্ট” মুখস্থ কৰিব দিছোঁ। অহাকালিৰ পৰা তোৰ ইংৰাজী টিউশ্যন আৰম্ভ……..

☆ ★ ☆ ★ ☆

8 Comments

  • কাবেৰী মহন্ত

    হা হা! ভাল জমিল দেই

    Reply
  • rintumoni dutta

    খুব ভাল লাগিল ৰক্তাভ

    Reply
  • বাগ্মিতা

    তোমাৰ লেখাৰ মই ফেন !

    Reply
  • জয়ন্ত গগৈ

    সঁচাকৈয়ে বৰ সাংঘাতিক লিখিল। ভাল লাগিল।

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    বঢ়িয়া লিখিছা৷

    Reply
  • Anonymous

    ভাল লাগিল পঢ়ি।

    Reply
  • ববিতা শইকীয়া

    মজা দেই ৷ হা হা ৷

    Reply
  • ৰক্তাভ

    ধন্যবাদ সকলোলৈকে।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *