ফটাঢোল

কৌতুক-ৰিন্টুমনি দত্ত

নগেনঃ কালি এটাক ভাল পিটন দিলোঁ মানে বৈদ্য পিটন।

খগেনঃ কাক দিলি ঔ?

চোৰ এটাক। সি আমাৰ বিছনাৰ তলত আহি সোমাইছিলহি৷ চিনি পোৱা নাই কাৰ লগত খেলিবলৈ আহিছে!

তাৰপিছত?

তাৰপিছত আৰু কি? বিছনা তলৰ পৰা উলিয়াই আনি এনেকুৱা পিটন দিলোঁ চকুৰে সৰিয়হ ফুল দেখি গৈছে চোৰে। কোনোমতে জীৱটো লৈ চুঁচৰি বাগৰিহে পলাইছে মোৰ হাতৰ পৰা।

আচ্ছা। কালি কেতিয়া?

কালি ৰাতি।

ৰাতি কেইটা বজাত? তই দেখোন সন্ধিয়াতে শুৱ। ৰাতি নেদেখই। ৰাতি কেইটা বজাত?

ধেই বজা চজা মনত নাই। মই আৰু সপোনটো দেখোঁতেও সময় চাই, ঘড়ী চাই নেদেখোঁ নহয়।

☆ ★ ☆ ★ ☆

One comment

  • কাবেৰী মহন্ত

    হাঁহি হাঁহি পেট বিষাই গ’ল! মানুহ মাৰিব দেই ৰিন্টুদা

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *