ফটাঢোল

ফটালিমাৰিক- ধনজিত বৰুৱা

(১)

আঁচনিত  উল্লেখ বোলে হয় যদি বুঢ়ী  নাচনী
পাব প্ৰতি মাহে তেওঁ হাজাৰৰ  অধিক মাননি

অকালতে বহু বুঢ়ী হ’ল
তদন্ত সংখ্যাত ঘূৰি গ’ল

‘বুঢ়ী’টো প্ৰিণ্টিং মিচটেক হেনো আকৌ দিলে জাননী।

(২)

পঞ্চবার্ষিকী বাজনা তাক তিৰি  খিতি  তাক
বাকীকণ সময় তহঁত  আগৰ দৰেই থাক

শাস্ত্ৰীয় চৰা ভুলকৈ ৰাগ
অতীতৰ পৰা ভাষণৰ নাগ

দেশ সময় চুঁচি খোৱা চিকৰাৰ জাক।

(৩)

চুইচ দিম  মাজনী  আহি যাব খাদ্য
তুমিয়ে  ময়ে কেৱল শুনিম  প্ৰেমৰ বাদ্য

হাউচিং লোণ কামিং চুন
প্ৰতি দিন  হনিমুন

বন্ধ কৰানা  জানু  প্লিজ তোমাৰ  গালিৰ  গদ্য।

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply to ধনজিৎ বৰুৱা Cancel reply

Your email address will not be published. Required fields are marked *