সংখ্যাটোৰ আঁৰৰ কথা
২০২০ চনৰ এক অক্টোবৰ৷ নিশা তেতিয়া দহ বাজিছে৷ হঠাৎ মোবাইল ফোনটোত টিংকৈ এটা শব্দ হ’ল৷ মানে মেছেঞ্জাৰে বাৰ্তা অহাৰ সংকেত দিলে৷ কোনোবাই ‘গুড নাইট’ জনালে কিজানি! ‘হাই কি ক্ৰিছা’ও হ’ব পাৰে! মেছেঞ্জাৰত সোমালোঁ৷ দেখিলোঁ ৰিণ্টুমণি দত্তৰ মেছেজ— ‘দাদা, নমস্কাৰ৷’ ৰিণ্টুমণিৰ মেছেজ? মুহূৰ্তৰ ভিতৰতে মনত কিবা এটা আশংকা হ’ল৷ ‘ভালেই’ বুলি উত্তৰ দিলোঁ৷ কিন্তু মই আশংকা কৰাটোৱেই হ’ল৷ মানে, ৰিণ্টুমণিয়ে ক’লে মই হেনো এবাৰ মেগাজিনখনৰ মানে ‘ফটাঢোল’ৰ সম্পাদক হ’ব লাগে— জানুৱাৰী মাহ মানত৷ মই সহায় বিচাৰিলোঁ৷ তেওঁ বোলে, সকলো হৈ যাব, চিন্তা নাই৷ মইও হ’ব বুলি কলোঁ৷ এদিন মই ডিচেম্বৰত অফিচৰ কামত বৰ ব্যস্ত থাকিম বুলি ক’লোঁ৷ পিছত এদিন ৰিণ্টুমণি দত্তই জনালে যে মই মাৰ্চ বা এপ্ৰিল মাহৰ সংখ্যাটো ল’ব পাৰোঁ৷ মোৰ বাবে আগফালে খাল পিছফালে কুঁৱা যেন হ’ল৷ মানে এপ্ৰিল মাহৰ আগভাগতে ৰাজ্যত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে বুলি সেইসময়ত প্ৰায় নিশ্চিত আছিলোঁ৷ অমুকাই আকৌ যিটো কাম কৰি পৰিয়ালটোক দুবেলা দুমুঠি অন্ন দিছোঁ সেইটো কামত নিৰ্বাচন, বানপানী, লকডাউন, আন্দোলন, সভা-জনসভা, সান্ধ্যআইন বা ৰাজ্যত যিকোনো কাৰণত অস্থিৰ পৰিস্থিতি হ’লে ব্যস্ততা বাঢ়েহে৷ গতিকে মাৰ্চ মাহত মোৰ দ্বাৰা নহ’ব বুলি ভাবিলোঁ৷ (মোৰ ধাৰণা সঠিক আছিল৷) ইপিনে ফেব্ৰুৱাৰী মাহটো হ’ল ২৮ দিনীয়া, মানে একত্ৰিশদিনীয়া মাহতকৈ তিনিদিন কম৷ ভাবি-চিন্তি ফেব্ৰুৱাৰী বোলা খালটোতে নমাৰ সিদ্ধান্ত ল’লোঁ৷ গোটত ঘোষণা হ’ল৷ সাজু হ’লোঁ৷ হঠাৎ বিভিন্ন কাৰণত ব্যস্ততা আৰু সমস্যা বাঢ়িল৷ সেইবোৰ নকওঁ৷ মানুহৰ জীৱনত সেইবোৰ থাকেই৷ শেষৰ সপ্তাহত লেখা অধিক আহে৷ প্ৰতিবাৰেই তেনেকুৱা হয়, গতিকে এইবাৰো তাৰ ব্যতিক্ৰম নহ’ল৷ নিশা কাম কৰি ভালেই পাওঁ, অভ্যাস হৈ গৈছে৷ মাজতে কম্পিউটাৰটোৱে অলপ সমস্যাৰ সৃষ্টি কৰাত ম’বাইলটো বেছি ব্যৱহাৰ কৰিবলগা হ’ল৷
এই যে ৰিণ্টুমণি দত্তই কৈছিল হৈ যাব বুলি, সেইটোৱেই হ’ল৷ লেখা বিচাৰি আনি মোলৈ পঠাই দিয়াৰপৰা আদি কৰি বৰ্ণাশুদ্ধি চোৱা, লেখাবোৰ আপলোড কৰা, সাক্ষাৎকাৰ যুগুত কৰি দিয়া, শিল্পীৰ পৰিচয় যুগুত কৰা, ফটাপ্ৰশ্ন আৰু উত্তৰ সাজু কৰি দিয়া, চিনেমা বনোৱা, আলোচনীৰ বিষয়ে প্ৰচাৰ কৰা, প’ষ্টাৰ ডিজাইন কৰা, ক’ভাৰ পে’জ বনোৱা, বেনাৰ বনোৱা আৰু আলোচনীৰ অলংকৰণ কৰা, লেখা ডি টি পি কৰা, কাৰ্টুন যোগাৰ কৰা আদি কামবোৰ ভাগে ভাগে সম্পাদনা সমিতি আৰু গোটৰ আন একাংশ দায়িত্ববাহীয়ে কৰি গ’ল, মোক টেনচন ল’বই নিদিলে৷ ইয়াৰ বাবে হেমন্ত কাকতি, ৰিণ্টুমণি দত্ত, দেৱজিত শৰ্মা, অভিজিত কলিতা, চবিনা য়াচমিন, প্ৰণীতা গোস্বামী বৰঠাকুৰ, পৰিস্মিতা গগৈ, ঋতুপৰ্ণা মহন্ত, হিমাংশু ৰাজখোৱা, সঞ্জীৱ ভট্টাচাৰ্য, ৰাজশ্ৰী শৰ্মা, যোগেশ ভট্টাচাৰ্য, চন্দন বৰি, আৰাধনা বৰুৱা, দিগন্ত কুমাৰ ভট্টাচাৰ্য, ডলী তালুকদাৰ, ৰিমঝিম বৰঠাকুৰ, দিম্পল কলিতাক আন্তৰিক ধন্যবাদ জনাইছোঁ৷ এওঁলোকৰ সহায় অবিহনে আলোচনীখন হৈ নুঠিলহেঁতেন৷ ৰিণ্টুমণি আৰু দেৱজিতে কম্পিউটাৰৰ কামখিনিত কৰা সহায়ৰ বাবে কঠিন যেন লগা কামখিনিও সহজ হৈ পৰিল৷ হিমাংশু ৰাজখোৱাই কৰা কষ্টও স্বীকাৰ কৰিবই লাগিব৷ সাক্ষাৎকাৰৰ বাবে এইবাৰ কিছু টেনচন খালে সম্পাদনা টীমৰ দায়িত্ববাহীসকলে৷ কিন্তু বহু কষ্ট কৰি হিমাংশুৱে এটা অতি ৰোমাঞ্চকৰ সাক্ষাৎকাৰ যুগুতালে৷ তেওঁক সহায় কৰিলে কৃষ্ণকান্ত দাস, ধূৰ্যতি কাকতি আৰু সুৰজিত ৰাজখোৱাই৷ তেওঁলোককো ধন্যবাদ জনাইছোঁ৷ আৰম্ভণিতে ফোন কৰি মাৰ্গ দৰ্শন কৰিছিল হেমন্ত কাকতিয়ে৷ লেখা দিব নোৱাৰিলেও কাবেৰী মহন্ত, অনামিকা চৌধুৰীয়ে মেগাজিনৰ অগ্ৰগতিৰ খবৰ লৈছে৷ প্ৰথমতে লেখা দি উৎসাহ যোগাইছে নীলাক্ষী কাকতিয়ে৷ আৰু বিজয় মহন্তৰ নাম নল’লে কেনেকৈ হ’ব? ‘দাদা মই কাম নোহোৱা মানুহজন’ বুলি বিজয়ে খবৰ লৈছে৷ সম্পাদনা টীমটোৰ দিনক ৰাতি কৰি কাম কৰা সদস্য-সদস্যাই যেতিয়া প্ৰতিটো ক্ষেত্ৰতে ‘হ’ব, হৈ যাব, কোনো টেনচন নল’ব’ আদি কথা কয় তেন্তে সঁচাকৈয়ে চিন্তা কিহৰ? ‘দাদা আৰু কিবা কাম আছেনে, দাদা আদেশ কৰক, দাদা চিন্তা নকৰিব হৈ যাব, কোনে কোনে লেখা দিয়া নাই অপাৰেচন এটা চলাও ৰ’ব’ আদি হোৱাটছএপত পোৱা অভয়বাণী আবেগিক কৰি দিয়া ধৰণৰ৷ প্ৰথম অৱস্থাত লেখাক লৈ চিন্তা হৈছিল৷ তাতেই আঠাইশদিনীয়া মাহ৷ কিন্তু এনে পৰিস্থিতি প্ৰতি মাহে পাই অহা সম্পাদনা সমিতিৰ যোদ্ধাসকলে কৈছিল— ‘লেখা আহিব, মাহৰ শেষৰ দিনটোতো লেখা আহিব৷’ সেইটোৱেই হ’ল৷ মই বাৰু এটা সংখ্যাৰ সম্পাদক হলোঁ, কিন্তু সম্পাদনা সমিতিয়ে প্ৰতি মাহতেই এই কামবোৰ কৰি গৈছে৷ প্ৰকৃততে তেওঁলোকেই আলোচনীখনৰ আঁৰৰ আচল মানুহ৷ কি সাংঘাতিক টীম স্পিৰিট! সেয়ে তেওঁলোকক কৃতজ্ঞতা জনালোঁ, জনাব লাগিবই৷ এইখিনিতে মোৰ অজ্ঞানতাৰ বাবে কৰোবাৰ নাম ল’বলৈ যদি ৰৈ গ’ল তেন্তে মাৰ্জনা কৰিব৷
যিসকলে আলোচনীখনলৈ লেখা, ছবি, কাৰ্টুন আদি পঠাই আলোচনীখনক প্ৰকাশৰ মুখ দেখুৱালে তেওঁলোককো কৃতজ্ঞতা জনালোঁ৷ আপোনালোকৰ সমলেই আলোচনীৰ মূল উপজীব্য৷ কিয়নো, লেখা, ছবি, কাৰ্টুন আদি নহ’লে আলোচনীয়েই নহ’লহেঁতেন৷ ব্যস্ততা আৰু ব্যৱস্থাটোৰ আও-ভাও বুজাত পলম হোৱাৰ বাবে সকলোকে ব্যক্তিগতভাবে বাৰ্তা প্ৰেৰণ কৰি সম্পাদক হিচাপে লেখা বিচাৰিব নোৱাৰিলোঁ৷ গোটতেই জাননী দিলোঁ৷ গতিকে ৰাইজে যেন বেয়া নাপায়৷ সম্পাদক হিচাপে গোটৰ বাহিৰৰ আৰু গোটত সক্ৰিয় হৈ নথকা কেইগৰাকীমানৰ পৰা লেখা অনাৰ চেষ্টা কৰিছিলোঁ৷ এইক্ষেত্ৰত আংশিক সফল হৈছোঁ৷ গোটটোৰ প্ৰসাৰৰ কথা ভাবিয়েই এই সামান্য চেষ্টা কৰিছিলোঁ৷ আমাক নতুন লেখক-লেখিকাও লাগে৷ ফটাঢোলৰ আলোচনীয়ে যদি কাৰোবাক লিখিবলৈ উদ্বুদ্ধ কৰিব পাৰে তেন্তে গোটটোৰ এজন সদস্য হিচাপে স্বাভাৱিকতে ভালেই লাগিব৷
হাস্য-ব্যংগ লিখাটো ইমান সহজ নহয়৷ আলোচনীখনত প্ৰবন্ধৰ বাহিৰে আন লেখাত হাস্য-ব্যংগ লাগিবই বুলি সিদ্ধান্ত লৈছিলোঁ যদিও লেখাৰ সংখ্যাৰ দিশটো চাই কিছু এৰা-ধৰা কৰিবলগা হ’ল৷ তাৰবাবে ক্ষমা বিচাৰিছোঁ৷ দুটামান লেখা দিব নোৱাৰিলোঁ৷ তেওঁলোকে যেন বেয়া নাপায়৷ আগলৈ তেওঁলোকৰ সৈতে যোগাযোগ কৰিব পৰা যায়নেকি তাৰ চেষ্টা কৰিম৷
শেষত নিজৰ অভিজ্ঞতাৰ পৰা কওঁ যে কোনো অনুষ্ঠানৰ বছৰেকীয়া আলোচনী এখনো সম্পূৰ্ণ নিৰ্ভুলকৈ উলিওৱাটো সম্ভৱ নহয়, তেনেক্ষেত্ৰত এমাহতে ডিজিটেল ব্যৱস্থাটোত থকা কেতবোৰ সীমাবদ্ধতাৰ মাজেৰে আলোচনী এখন নিৰ্ভুলকৈ উলিওৱাটো অসম্ভৱপ্ৰায়৷ ঠায়ে ঠায়ে ভুল ৰৈ গ’ল৷ পাঠকসকলে নিজ গুণে শুধৰাই পঢ়িব আৰু ভুলবোৰ আঙুলিয়াই দিব বুলি অনুৰোধ কৰিলোঁ৷
জয়তু ভাষা জননী৷ জয়তু ফটাঢোল৷
ফটাঢোল, মাৰ্চ, ২০২১ সংখ্যা৷
☆ ★ ☆ ★ ☆
10:15 am
ভাল লাগিল দাদা আপোনাৰ লগত কাম কৰি
9:49 pm
ধন্যবাদ দেই৷
2:37 pm
আলোচনী খন প্ৰতিমাহে ওলালে মই এই শিতানটো আগতে চাওঁ।
এমাহ এজন সম্পাদকৰ লগত কাম কৰোঁ, কত বা কি জগৰ লগাই থৈছোঁ, কিজানি লিখেই কিবা!?
9:51 pm
হাঃ হাঃ ! বহুত কষ্ট কৰিলা৷ এইবাৰ কষ্ট বেছি হ’ল কিজানি৷
3:36 pm
ভাল লাগিল দাদা ?
9:52 pm
ধন্যবাদ৷
3:04 pm
ভাল লাগিল দাদা
6:44 pm
বহুত নিয়াৰিকৈ কামবোৰ কৰিলে৷ অশেষ ধন্যবাদ আপোনালৈ৷
9:53 pm
মন্তব্যৰ বাবে ধন্যবাদ৷ ৰাইজেহে বেছি কষ্ট কৰিলে৷
10:01 pm
বৰ সুন্দৰ সংখ্যা এটা উপহাৰ দিলে দাদা। ধন্যবাদ আপোনাক।
2:25 pm
ধন্যবাদ জনালোঁ৷
12:50 pm
ইমান ব্যস্ততাৰ মাজতো এই দ্বায়িত্ব লৈ আমাক উপকৃত কৰা বাবে আপোনালৈ আন্তৰিক ধন্যবাদ ৰঞ্জিত দা। ভবিষ্যতেও আমাক দিহা-পৰামৰ্শৰে দিক-প্ৰদৰ্শন কৰিব বুলি আশা ৰাখিলো
2:26 pm
ধন্যবাদ জনালোঁ৷
12:56 pm
ধন্যবাদ জনালোঁ ।
2:27 pm
আপনাকো ধন্যবাদ৷
12:58 pm
ভাল লাগিল দাদা। বৰ সুন্দৰ আলোচনী এখন উপহাৰ দিলে।
2:28 pm
ধন্যবাদ জনালোঁ৷
4:16 pm
আগলৈও আপোনাৰপৰা দিহা-পৰামৰ্শ কামনা কৰিলোঁ। কামখিনি যথেষ্ঠ নিয়াৰীকৈ সমাধা কৰিলে। এটি সুন্দৰ সংখ্যা উপহাৰ দিলে, অশেষ ধন্যবাদ।
11:00 pm
ধন্যবাদ জনালোঁ৷
8:30 pm
আপোনাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছিল যে এখন সুন্দৰ আলোচনী সময়ত উলিয়াই দিব।প্ৰশাসনীয় আৰু সম্পাদনা সমিতিৰো শলাগ লৈছো।
10:07 pm
জয়তু ফটাঢোল,জয়তু ভাষা জননী।
দাদা,আপোনাৰ কষ্টখিনিয়ে সাৰ্থকতা লাভ কৰিলে।
3:36 pm
কথাবোৰ বৰ সুন্দৰকৈ প্ৰকাশ কৰিলে৷ বৰ ভাল লাগিল৷ সুন্দৰ আলোচনী এখন উপহাৰ দিয়াক বাবে আপোনাৰ লগতে সম্পাদনা সমিতিক আন্তৰিক অভিনন্দন জনালোঁ৷
7:59 pm
কথাখিনি জানি ভাল লাগিল।সুন্দৰ সংখ্যা এটা উপহাৰ দিলে দাদা।