ফটাঢোল

জীৱনৰ ৰং-ৰূপম ঠাকুৰীয়া

তলমূৰ কৰি লিখি থকাৰ মাজতে মই গম পালোঁ মানুহ এজন আহি মোৰ কাষত থিয় দিছেহি। মই মূৰ তুলি চোৱা নাই। লিখা কামখিনি শেষ কৰি লওঁ বুলি ভাবিছোঁ। মই লিখি থকা বাবে হয়তো মানুহজনে মতা নাই। অলপ সময় পাৰ হৈ গ’ল। লিখা বন্ধ কৰি মই মূৰ তুলি মানুহজনলৈ চালোঁ। বয়সীয়াল মানুহ। পিন্ধনত ধূতি-কামিজ। কিছু পৰিমাণে মলিয়ন। বেছ কিছুদিন ধৰি একেলেথাৰিয়ে পিন্ধি কিছু লেতেৰা হৈ পৰা “থ্ৰি প্লাই” মাস্কখনে মুখ আৰু নাকৰ পৰিৱৰ্তে থুতৰিত অৱস্থান কৰিছে। তেওঁ আৰু মোৰ দূৰত্বটো অলপ বেছি কৰিবলৈ মই চকীখন অলপ পিছলৈ ঠেলি তাত আঁউজি বহি লৈ মানুহজনক ক’লোঁ,

: খুড়া, মাস্কখন ভালকৈ পিন্ধি লওক।

মানুহজনে একো নামাতি মোৰ ফালে চাই ৰ’ল। বুজিলোঁ, মানুহজনে হয়তো কমকৈ শুনে। এইবাৰ মই আগতকৈ অলপ ডাঙৰকৈ কৈ লগতে হাতৰ ইঙ্গিতেৰেও বুজাই দিয়াত যেনিবা মানুহজনে মাস্কখন ওপৰলৈ টানি ল’লে। মই মন কৰিলোঁ ঢিলা হৈ যোৱা মাস্কখন আৰু আগৰ স্থানলৈ ঘূৰি যাবলৈ বেছি সময় নালাগিব।

: কি কাম আছিল কওক খুড়া। 

: বাপা, এইখন চাই দিচোন।

এইবুলি মানুহজনে নম্বৰ এটা লিখি অনা কাগজৰ টুকুৰা এটা মোলৈ আগবঢ়াই দিলে। কাগজখন হাত পাতি লৈ মই মানুহজনক সুধিলোঁ,

: কিবা এপ্লিকেশ্যন দিছিল নেকি আপুনি?

: অঁ বাপা। তাৰেই নম্বৰ এটো।

মই আমাৰ মহিলা সহকৰ্মী এগৰাকীৰফালে দেখুৱাই মানুহজনক ক’লোঁ, 

: আপুনি বাইদেউগৰাকীৰ ওচৰলৈ গৈ এই নম্বৰটো দেখুৱাই আপোনাৰ এপ্লিকেশ্যনখন লৈ আনকগৈ যাওক, মই পুনৰ কামত ধৰোঁ। 

কিছুমুহূৰ্তৰ পিছত মানুহজনে হাতত কাগজ এখন লৈ মোৰ ওচৰ পালেহি। 

: বাপা এখান লোউ। মোৰ এপ্লিকেশ্যনখান।

কাগজখন হাত পাতি ল’লোঁ। পঢ়ি চাই দেখোঁ সেইখন শিল্পী পেঞ্চনৰ বাবে দিয়া আবেদন পত্ৰ।

: আপুনি শিল্পী পেঞ্চনৰ বাবে আবেদন কৰিছে?

: মোক পেঞ্চনটো কৰি দিবা লাগে। আজিক লেগি আকো চৰকাৰী সুবিধা পনাই মই। 

: খুড়া, আপুনি কিহৰ ভিত্তিত আবেদন কৰিছে? কি কৰে আপুনি আচলতে? 

: মই আকসময়ত বিভিন্ন মেল-মিটিং, অনুষ্ঠান আদিত ঢোল বজে ফুইচ্ছিলোঁ। সৱে মোক মাইটছিল। অলপ চলপ টাকাও পাইছিলুঁ। ভালকে চইলছিলোঁ তেইতা। ইটা গাত বল-শক্তি নাই, ইটা কুনিও নামতে, কাৰো পাই টাকা পইচা এটাও নাপাওঁ। মোক তই উদ্ধাৰ কৰ।

: মই আপোনাক উদ্ধাৰ কৰাৰ সামৰ্থ্য নাই খুড়া। সহায় নিশ্চয় কৰিম। কিন্তু আপুনি আবেদনৰ লগত কিছুমান নথি-পত্ৰ যেনে আপোনাৰ সম্পূৰ্ণ পৰিচয়, ঢোল বজোৱা প্ৰমাণ আদি গাঁঠি দিব লাগিব।

মোনাৰপৰা এলবাম এটাৰ সৈতে কিছুমান নথি-পত্ৰ উলিয়াই সেইখিনি মোৰফালে আগবঢ়াই দি তেওঁ ক’লে,

: এগলা চাওচুন। ফটো, কাগাজ সৱ আছে। মই যেইতা ঢোল বজ’ আৰম্ভ কইচ্ছু, তুহনাৰ জন্মই হ নাছিল। 

: আপোনাৰ দেখোন সকলোবোৰ নথিয়েই আছে। (মনে মনে বেয়াও লাগিল, আমি আজিকালি বহুত পুৰণি স্থানীয় শিল্পীক চিনিয়েই নাপাওঁ।) আপুনি আচলতে পেঞ্চনটো পোৱাৰ যোগ্য।

: আজিকলেগি চৰকাৰে আকো নেদ্লাক। ধনী মাহনুই ঘৰ পাইছি। মোক নেদে। ৰেচন কাৰ্ড নাই। মই কাকো পইচা দিবা নৰু কাৰণে মই আকো সুবিধা নাপাওঁ। মই আমাৰ ……মন্ত্ৰীৰ (স্থানীয় মন্ত্ৰী মহোদয়ৰ কথা কৈছে) বিয়াত ঢোল বজেছিলোঁ। কিন্তু মন্ত্ৰী মোক ইটা চিনি নাপোয়। অথচ মই মন্ত্ৰীৰ সমষ্টিৰে মানুহ। কিমানবাৰ গেলু তেওঁক লগ ধৈইৰবা। মোক লগ নেদে।

নাতিদূৰত কিবা কামত অহা মন্ত্ৰীৰ মানুহ (আমি জনা হিচাপে) এজনে এই মানুহজনৰ কথাখিনি শুনি আছিল। মই তেওঁক উদ্দেশ্যি ক’লোঁ,

: এই মানুহজনক আপোনালোকৰ মন্ত্ৰীয়ে প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ ঘৰ এটাতো দিব পাৰে!

নিমিষতে মানুহজন মোৰ কাষলৈ আহি ডাঙৰ ডাঙৰকৈ ক’বলৈ ধৰিলে,

: হো, এওঁ ঘৰ কেনেকৈ পাব? চাৰে (মন্ত্ৰীয়ে) এওঁৰ ল’ৰাক চাকৰি দিছে। চৰকাৰী চাকৰিয়াল থকা পৰিয়ালে এই ঘৰ নাপায়। 

: বৰ ডাঙাৰ চাক্ৰিটো দিছি! চকীদাৰ চাক্ৰি এটাহে দিছি!

: চকীদাৰ হ’লে কি হ’ল? সি দৰমহা পাইনে নাই?

 মই সুধিলোঁ। 

: বাৰ হাজাৰমান পায়। আৰু সি কেৱল বহি থাইকাপা লাগে, কাম-বন আকো নাই।

মন্ত্ৰীৰ মানুহজনে মাত লগালে,

: এওঁৰ ল’ৰা ফিজিকেলী হেণ্ডিকেপ। বহি থাকিব লগা চাকৰি নিদি কি দিব?

মই কাৰ কথা শুদ্ধ, কাৰ মিছা ধৰিব নোৱাৰিলোঁ। অফিচত তৰ্কা-তৰ্কিৰ সৃষ্টি হ’লে বেয়া দেখি কাৰণে মন্ত্ৰীৰ মানুহজনক যাবলৈ দি এই মানুহজনক ক’লোঁ,

: বাৰু খুড়া আপুনি চিন্তা কৰিব নালাগে। আপোনাক মই সহায় কৰিম। আমি প্ৰথমতে চক্ৰ বিষয়াৰপৰা ৰিপ’ৰ্ট (প্ৰতিবেদন) এটা ল’ম তাৰপিছত বাকীখিনি কৰাই দিম। আমি চক্ৰ বিষয়াক চিঠি লিখিম আৰু তেওঁ আপোনাক মাতি কথাবোৰ সুধিব। আপুনি ভালকৈ ক’ব আৰু এই নথি-পত্ৰবোৰ তেওঁক দেখুৱাব। তেওঁ যিমান ভালকৈ লিখিব সিমানেই আপোনাৰ বাবে ভাল। ময়ো ব্যক্তিগতভাবে তেখেতক ফোন কৰি ক’ম বাৰু। মোৰ লগত তেওঁৰ ভাল।

মুহূৰ্ততে মানুহজন আৱেগিক হৈ পৰিল আৰু দুয়োখন হাত লগ লগাই ওপৰলৈ তুলি থোকাথুকি মাতেৰে ক’বলৈ ধৰিলে,

: ভগৱান আছে, ভগৱান আছে, ভাল মানুহ নহ হৈ য নাই ইটাও এই দুনীয়াত! আমাৰ নিচ্না গৰীবৰ কথা শুনা মানুহ এটা হ’লিও আছে। তোৰ ভাল হ’ব বাপা। ভগবানে তোক মংগল কৈৰ্বো।

মানুহজনৰ আৱেগ দেখি মনটো ভৰি গ’ল। 

তেওঁক তিনিদিনৰ পিছত আহিবলৈ ক’লোঁ। মানুহজন গ’লগৈ। গধূলি চাহৰ টেবুলত এওঁৰ আগত কথাটো উলিয়ালোঁ। 

: আজি মানুহ এজন অহিছিল। শিল্পী পেঞ্চনৰ আবেদন লৈ। মোক বৰকৈ আশীৰ্বাদ দিলে। 

: হয় নেকি? ভাল কাম কৰিলে আশীৰ্বাদ পাবা, বেয়া কাম কৰিলে গালি খাবা ৰাইজৰ। মানুহজনৰ কামটো সোনকালে কৰাই দিবা তেন্তে। 

এওঁ ক’লে।

: তাকেই। চক্ৰ বিষয়াৰ ৰিপ’ৰ্ট  লৈ গোটেই নথি-পত্ৰবোৰ গুৱাহাটীলৈ সোনকালে পঠিয়াই দিব লাগিব, যাতে কামটো সোনকালে হয়।

পিছদিনা অফিচলৈ গৈ দেখোঁ মানুহজন বহি আছে। মই তেওঁৰ ওচৰলৈ গৈ ক’লোঁ,

: খুড়া আজি কিয় আহিল? আপোনাক মই পৰহিলৈহে মাতিছোঁ?

: এনাই খবৰ ল’ব আইহলুঁ বাপা।

: আজি যাওকগৈ পৰহিলৈ আহিব। 

এইবুলি মই নিজৰ আসনত বহিলোঁহি। মানুহজন গ’লগৈ।

পিছদিনাখন মই কাম কৰি থকাৰ মাজতে কোনোবা এজন মোৰ কাষত থিয় হ’ল। মূৰ তুলি চাই দেখিলোঁ আকৌ আহিছে মানুহজন। মই পুনৰ ক’লোঁ,  

: আপুনি ইমান কষ্ট কৰি কিয় আহি আছে খুড়া? আপোনাক মই কাইলৈ মাতিছোঁ। কাইলৈ আহিব। ৰিপ’ৰ্টটো আজি আহি পাবহি আবেলি। কাইলৈ আমি আপোনাৰ গোটেইখিনি কাগজ ‘সাংস্কৃতিক সঞ্চালকালয়’লৈ পঠিয়াই দিম। তাতে কামটো হ’ব আপোনাৰ।

: বাপা, গুৱাহাটীৰ অফিচটুক লেগি মোৰ কাগাজখান নপঠেবি। তাতে মোক পেঞ্চন নেদে। মই বহুবাৰ গেইছু তাতে। মোৰ কথাই নুশ্নে কুনিও তাতে। মোক মুঠতে এতে পৰ ব্যবস্থাটো কৰি দি। তাকে নপঠেবি…

: খুড়া আপুনি বুজা নাই। এই কামটো কেৱল সেই অফিচটোৱেহে কৰিব পাৰে। আমি নোৱাৰোঁ। আমি আপুনি পোৱা ধৰণে ভালকৈ লিখি পঠিয়াম। আপুনি পেঞ্চনটো পাব নিশ্চয়। 

: মই সৱ বুজি পাওঁ। মই ইমান বছৰ তাঁত-বাটি কাইল্লু, আজিকলেগি নহ’ল। এইবাৰো যদি এইখান তাতে পথে দে তান্থে হৰে ফেল্বো। তাতে পথে লাভ নাই!

: এইবাৰ হ’ব আপোনাৰ কাম,

: তে নপঠা ন গুৱাহাটীত…

অলপ মনে মনে ৰৈ ভাবিলোঁ কি কৰা যায়। তাৰ পিছত মানুহজনক ক’লোঁ, 

: আপুনি যাওক এতিয়া। কিবা এটা কৰিম।

: হ’বদে যাওঁ মই। তই নপঠাওঁ বুলি কৈছা যেইটা মোৰ কামটো হ’ব এইবাৰ। তই বৰ ভাল চলি। ভগৱানে তোৰ….

: খুড়া যাওক এতিয়া, মই কাম কৰোঁ। 

মানুহজনৰ কথা শেষ নহওঁতেই কৈ মই কামত ধৰিলোঁ। 

মানুহজন যোৱাৰ পিছত ভাবিলোঁ, কেনেকৈ বুজোৱা যায় মানুহজনক! ইমান সহজ সৰল মানুহ! বেচেৰাই ঘূৰি ঘূৰিও একো সহায় পোৱা নাই কাৰো পৰা! মনতে ঠিক কৰিলোঁ, আমাৰ অফিচৰপৰা যাবলগা চিঠিখন ভবেশ (জাৰিকাৰক)ৰ হাতত (যিহেতু সি অলপ স্মাৰ্ট) দি পঠিয়াম আৰু ডাইৰেক্টৰ অফিচৰ যিজনে কামটো চায়, তেওঁৰ ফোন নম্বৰটো লৈ আনিবলৈ দিম। দৰকাৰ হ’লে মই এদিন নিজেই যাম। মুঠতে মানুহজনক মই সহায় কৰিমেই।

দুপৰীয়া চক্ৰ বিষয়াৰ ৰিপ’ৰ্ট আহিল। ৰিপ’ৰ্টটোৰ ওপৰত ভিত্তি কৰি আমাৰ ফালৰপৰা আন এটা ৰিপ’ৰ্ট বনাই তাত এ ডি চি চাৰৰ চহী কৰোৱাই ফৰিজাক (চিঠি “ইছু’ কৰা কৰ্মচাৰী) মাতি ক’লোঁ, 

: কাইলৈ পুৱাই ভবেশক এইখন যেনে-তেনে দিবা। তাক মই কৈ থৈছোঁ। সি লৈ যাব এইখন গুৱাহাটীলৈ। আৰু সেই আবেদন কৰা মানুহজন আহিলে তেওঁকো কপি এটা দি পঠাবা আৰু তেওঁক ভালকৈ কথাটো বুজাই দিবা। মোৰ হয়তো আহোঁতে অলপ পলম হ’ব পাৰে।

ঘৰলৈ আহি এওঁক কথাটো ক’লোঁ। লগতে, দৰকাৰ হ’লে মানুহজনৰ কামটোৰ কাৰণে মই নিজেও যে এদিন গুৱাহাটীলৈ যাম, তাকো ক’লোঁ এওঁৰ আগত। উত্তৰত এওঁ ক’লে, 

: যি ভাল দেখা কৰা। কিন্তু মই ভাবোঁ নিজৰ কামৰ পৰিধিৰ ভিতৰত থাকিহে আনক সহায় কৰিবলৈ চেষ্টা কৰা ভাল। তেতিয়া কাৰোপৰা একো বেয়া হোৱাৰ ভয় নাথাকে। বেছি কৰিবলৈ যোৱাতো বেয়া।

মনে মনে ভাবিলোঁ, এই তিৰোতা মানুহবোৰে কথাবোৰ সদায় বেঁকাকৈ ভাৱে। মই যেনিবা অলপ বেছিকৈয়ে কৰিব খুজিছোঁ, ইয়াত কাৰ বেয়া হ’বনো? বৰং হয় যদি কাৰোবাৰ লাভেই হ’ব! নিঃকিন মানুহজনৰ অলপ ভাল হয় বুলিয়েই কৰিব খুজিছোঁ এইখিনি। এওঁৰ লগত সেয়ে কিছুমান কথা নিমিলে মোৰ!

আজি অফিচ পলমেই হ’ব এতিয়া। অৱশ্যে মই কালিয়ে কৈ আহিছোঁ কথাটো। ঘৰুৱা অসুবিধাতো থান-থিত লগাই অফিচ পোৱালৈ মোৰ প্ৰায় ভালেখিনি পলম হ’ল।

মানুহজন আহিলে মই ভালকৈ কথাটো বুজাই ক’ব লাগিব। নিশ্চয় বুজি পাব। বৰ সৰল সহজ মানুহজন। মনতে ভাবি অফিচৰ কোঠাৰ দুৱাৰ মুখত ভৰি দিয়েই কাৰোবাৰ অলপ উচ্চ বাচ্য শুনিলোঁ। ঠাইতে ৰৈ দেখিলোঁ আমাৰ ফৰিজাই মানুহজনক কিবা বুজাইছে। কিন্তু তেওঁ বুজিব খোজা নাই। কথাটো ময়ে ভালকৈ বুজাই দিওঁ বুলি হাঁহি মনে দুখোজ আগবাঢ়োঁতেই মানুহজনে কোৱা শুনিলোঁ, 

: অ’ সি বেটাই এইখলাহে কৈল্লাক ন? মই তাক ভাল বুলি ভাইবছিলোঁ। ইমান হাক দেৰ পিছতো কাগাজখান সি গুৱাহাটীত পঠালাক? নাই সিয়ো ভাল চলি নহয়। মোৰ দৰে গৰীবক সহায় কৰা মানুহ এই দুনীয়াত নাই! মই বুজি পাইছুঁ। সি বোধকৰো পইচাৰ ধাণ্ডা কৈচ্ছিল! মই যিহেতু দিবা নৈল্লু, সেয়ে মোৰ কামটো এনাই কৈল্লাক! ক’তনো সি? আহা নাই নেকি আজি অফিচত? ময়ো আজি এৰে পাৰাই নল্লু। বহি থাকিম সি আহাক লেগি। আহাক সি আজি! চাওঁ মই!

মুহূৰ্তৰ বাবে মই কোঠাত সোমামেই নে ওলাই দৌৰিম ভাবি নোপোৱা হ’লোঁ।

এওঁ কালি কোৱা কথাষাৰলৈ মনত পৰিল,  

“নিজৰ কামৰ পৰিধিৰ ভিতৰত থাকি আনক সহায় কৰা ভাল, বেছি কৰিবলৈ যোৱাতো বেয়া।”

☆ ★ ☆ ★ ☆

One comment

  • বন্দিতা জৈন

    ভাল লাগিল পঢ়ি। সচাঁ কথা নিজৰ পৰিধিৰ ভিতৰত কাম কৰাটো উচিত।

    Reply

Leave a Reply to বন্দিতা জৈন Cancel reply

Your email address will not be published. Required fields are marked *