বীজেন্দ্ৰ সংবাদ-দিব্যজ্যোতি কলিতা
আমাৰ ঘনকান্ত আৰু বতাহীবাইৰ পুতেক বীজেন্দ্ৰ বিপ্লৱ বৰা। অ’ ৰ’ব ৰ’ব। বাপেক মাকৰ নামৰ সৈতে পুতেকৰ নামৰ এনে আকাশ-পাতাল পাৰ্থক্য দেখি নিশ্চয় সোঁহতীয়াসকলৰ সোঁহাতখনে আৰু বাওঁহতীয়াসকলৰ বাওঁহাতখনে মূৰৰ ওপৰলৈ উঠি গৈ ৰহিলা পেহীৰ ওকণি খজুওৱাৰ শৈলীত খৰক্ কৈ এখজুৱনী মাৰিলেই। পিচে ৰ’ব। টিলিকতে মই আপোনাসৱৰ হাতবোৰ নমাই অনাৰ ব্যৱস্থা কৰোঁ৷
আচলতে ঘনকান্ত আৰু বতাহীৰ ল’ৰা সন্তানটি জন্ম হোৱাৰ পিছতে বটাহীয়ে ঘনকান্তক কৈছিল,
: বোলো, আমাৰ দিন গ’ল। এতিয়া মদনৰ যুগ৷ (ৰাইজৰ মুখত শুনা মডার্ণ যুগক নিৰক্ষৰ বতাহীবায়ে মদনৰ যুগ বুলিয়েই জানে।)গতিকে এতিয়াৰ ল’ৰাৰ নাম চেটেপা, কেৰেপা, বহি খোৱা, পথালি চকুৱা আদি নাম থ’লে নহ’ব। ভাল নাম এটা থ’ব লাগিব।
সেই মতেই গণকৰ হতুৱাই ঘনকান্তই পুতেকৰ নাম থ’লে বীজেন্দ্ৰ বিপ্লৱ বৰা।
এই ঘনকান্তৰ পুতেকই আজি কলেজৰ কাষৰ আমজোপাৰ তলত বহি দুপৰীয়াৰপৰাই ৰাউচি জুৰি গছৰ পাত সৰুৱাব লাগিছে। তাকে দেখি সকলো আচৰিত! ইতিমধ্যে এটি দুটিকৈ ওচৰৰ মানুহে গছৰ তল আগুৰি ধৰিলে। ৰাজহুৱা সবাহত হাতৰ টিপত মুঠি মাৰি অনা ক’লা পলিথিনটোত ভঁৰালৰপৰা সাউতকৈ আনে নেদেখোঁতেই দুটামান ভৰাই লওঁ বুলি খৰধৰ কৰাত হাতৰপৰা সৰিপৰা ৰসগোল্লাটোৰ ওপৰতহে যেন পিপৰা জঁপিয়াই পৰিছে। তাতে আকৌ প্ৰত্যেকটো শ্ৰেণীতেই জিৰাই-সতাই এই বেলি কলেজ পোৱা বীজেন্দ্ৰৰ বয়সেও ৰূপালী জয়ন্তী স্পৰ্শ কৰিছে৷
: ঔ আই, তাই গ’ল ঐ। তাই নিলে ঐ নিলে।
ইতিমধ্যে তাৰ কান্দোন বাঢ়ি আহিছিল। তাৰ মাজৰেই দুই এজনে তাক সান্ত্বনা দিবলৈ গৈ সুধিছে বোলে,
: হেৰৌ, কচোন কোনে, ক’লৈ, তোৰ কি লৈ গ’ল যে এনেদৰে গছৰ তলত বহি ৰাউচি জুৰিব লগা হৈছে।
সৰু ল’ৰাৰ দৰে কান্দোনৰ ফাঁকে ফাঁকে সি মানুহবোৰক কথাৰ গুৰি বুজোৱাত লাগিল।
হাইস্কুলত থাকোঁতেই আমাৰ বীজেন্দ্ৰ সহপাঠী এগৰাকীৰ প্ৰেমত পৰিল। পৰিলো পৰিল যেন মৌৰ টিনত মাখিহে পৰিল। এনেদৰেই সি তাইৰ প্ৰেম সাগৰত সাঁতুৰি-নাদুৰি কেলি কৰি থাকিল যে সি এটা শ্ৰেণীত যিমান বাৰ ৰয়, তায়ো ৰয়। মুঠতে ক’বলৈ গ’লে সিহঁতৰ এই প্ৰেম ডেটল চাবোনৰ দৰেই সম্পূর্ণ বিশ্বাসী আৰু পৰিষ্কাৰ আছিল।
কথাৰ মাজতে সি পুনৰ একোবাৰ নিলে নিলে বুলি চিঞৰি উঠিল। মানুহবোৰে বুজালে বোলে এজনী গ’লেও অন্য এজনী আহিব নহয়৷ তাইতো আৰু তাৰ কলিজাটো কাঢ়ি নিবপৰা নাই। পিচে সি নামানে। কেৱল নিলে নিলে বুলি ৰাউচি জোৰে।
ইফালে সমজুৱা আয়তীসকলৰ মাজত এখন ফুচফুচীয়া মেল আৰম্ভ হ’লেই। যেন সকলো কথা তেওঁলোকে আগতেই জানিছিল। “হে ৰচকীৰ মাক, কথাৰ গুৰি ক’ৰবাত বুজিছা……তাইক ই গোটেই কলিজাখন দিছিল, জানানে…..সিপাৰৰ উদ্ধৱৰ লগত তাইৰ আগৰপৰাই….এঃ আমাৰ ইয়ো জানো ধোৱা তুলসীৰ পাত…সিদিনা কি হ’ল জানানে…….”। মুঠৰ ওপৰত বিষয় এটা ওলাইছে যেতিয়া আৰু নিস্তাৰ নাই।
আন ফালে থোকা থুকি মাতেৰে বীজেন্দ্ৰৰে কৈ গৈছে,
: তাই যোৱাত মোৰ দুখ লগা নাই অ’ ককাই। পিচে তাই মোক শেষ কৰিলে। তাই মোৰ পিতাইৰ জীউটোকে নিলে।
: ধেৎ, তই বলিয়া হ’লি নেকি? তাই আকৌ কি তোৰ পিতায়েৰৰ জীউটো নিলে?
এজনে ধমক দিয়াৰ সুৰত ক’লে।
: সঁচা অ’ ককাই। তাই পিতাইৰ লং পেণ্টটো নিলে৷
এইবাৰহে সকলোৰে আচৰিত হোৱাৰ পাল। পুতেকৰ প্ৰেমিকাই বাপেকৰ লং পেণ্ট নিলে!
: এই হ’ব দে উঠ উঠ। এটা লং পেণ্ট নিলে বাপেৰ নমৰে। উঠ।
এজনে বিৰক্ত হৈ তাক হাতত ধৰি উঠাবলৈ চেষ্টা কৰিলে।
: তহঁতে নুবুজ কিয় অ’ ককাই? পেণ্টটো নিয়াত মোৰ দুখ লগা নাই। তেনে পেণ্ট পিতাইৰ আৰু দুটা আছে। পিচে পেণ্টৰ জেপত পিতাইৰ চাধাৰ টেমাটো আছিল। সেইটোৱেই পিতাৰ জীউ। দিনটোত চাধা এখোলা ভালদৰে মুখত দিবলৈ নাপালে পিতাইৰ খোজ থৰক-বৰক হয়। আৰু এতিয়া যদি চাধাৰ টেমাটো মই ক’ৰবাত কিবা কৰিলোঁ বুলি গম পায়, তেনেহ’লে মোক আজি সুদাই নেৰে অ’ ককাই। অ’ পিতাই অ’, তাই তোকো মাৰিলে, এতিয়া তোৰ হতুৱাই মোকো মাৰিব অ’ পিতাই।
সি পুনৰ কান্দোন আৰম্ভ কৰিলে।
: ঐ ৰহচোন ৰহ। কথাটো ভালদৰে বুজাই দেচোন৷
এজনৰ কথামতে এইবাৰ সি ঘনকান্তৰ চাধাৰ টেমা অপহৰণৰ কাহিনীটো ক’বলৈ লাগিল।
বীজেন্দ্ৰহঁতৰ কলেজত কলেজ উইক চলি আছে। আজি আছিল ভেশচন প্ৰতিযোগিতা। তাতেই বীজেন্দ্ৰৰ প্ৰেমিকাক বেপাৰীৰ ভাও ল’বলৈ লং পেণ্ট এটা লগা হ’ল। লগে লগে বীজেন্দ্ৰই সেই দায়িত্ব লৈ বাপেকৰ লং পেণ্ট এটা মনে মনে আনি দিলে। পিচে ঘৰত সি গমেই নাপালে যে তাত বাপেকৰ চাধাৰ টেমাটো আছিল। পিছত কলেজলৈ আহি দেখিলে যদিও একেলগে নিম বুলি জেপতেই এৰিলে। ভেশচন শেষ হ’ল। আৰু শেষত ভেশচনৰ পোচাকেৰেই তাই তাৰ চকুৰ সন্মুখেৰেই সিখন গাঁৱৰ ৰজতৰ পুতেকৰ চাইকেলৰ কেৰিয়াৰত উঠি গুচি গ’ল। বীজেন্দ্ৰই তলকিবই নোৱাৰিলে। পিছতহে তাইৰ লগৰ ছোৱালী এজনীয়ে তাক কাগজৰ টুকুৰা এটা দিয়াত তাৰ এই অৱস্থা। কাগজখনত কাউৰিঠেঙীয়া আখৰ কেইটামান জিলিকি আছিল, “ছৰি, তই বেয়া নাপাবি। মই হৰমোহনৰ কেৰিয়াৰতে উঠিলোঁ। তই চিনি পাৱ বুলি……”
বীজেন্দ্ৰৰ কথা শুনি সমজুৱাৰ দুখতকৈ হাঁহিৰ কোবহে চৰিল। তাৰ মাজৰেই বলেনে কৈ উঠিল, “ঐ ধৰ ধৰ। ইয়াক ঘৰত থৈ আহোঁ।” অৱশেষত কেইজনমানে জোৰ কৰি হাতে ভৰিয়ে ধৰি তাক দাঙি নিলে।
☆ ★ ☆ ★ ☆
6:44 am
তামাম জমনি দেই।
1:16 pm
ধেৎ তেৰি। দুখৰো নমুনা।
4:18 pm
? ভাল লাগিল
10:35 am
মজা মজা
11:21 am
মজা হৈছে দিব্য
4:03 pm
বঢ়িয়া লাগিল
1:57 pm
ভাল লাগিল৷