ফটাঢোল

সম্পাদকীয়-নীলাক্ষি কাকতি

আজৰি পৰতেই হওক অথবা অকলশৰীয়া মুহূৰ্তবোৰত মই প্ৰায়ে চিন্তাৰ চাকনৈয়াত সোমাই পৰোঁ৷ মোৰ মনলৈ অহা এই চিন্তা উদ্ৰেককাৰী সমস্যাসমূহ বোধকৰো মোৰ দৰে বহুতৰে মনলৈ আহে৷ চৌদিশৰ পৰিবেশত সঘনাই ঘটি থকা কিছুমান ডুখৰীয়া ছবিয়ে মোক বাৰুকৈয়ে প্ৰভাৱান্বিত কৰে যাৰ ফলত দৈনন্দিন জীৱনৰ কামৰ মাজতো মোৰ মনটো ‘চেতনাৰ ধাৰা’ নাইবা ইংৰাজীত যাক “stream of consciousness” বুলি কোৱা হয় তাৰ আৱৰ্তত প্ৰবেশ কৰে৷ আধুনিক আৰু যান্ত্ৰিকতাৰে ভৰা আজিৰ এই যুগটোত প্ৰায় সকলোৱে যেন “নিগনি দৌৰত” অৱতীৰ্ণ হৈছে৷ ফলত সৃষ্টি হৈছে বিভিন্ন ধৰণৰ শাৰীৰিক ৰোগ, মানসিক অৱসাদবোধ, নিম্নগামী মূল্যবোধ আৰু আধ্যাত্মিক শূন্যতা৷ দুদিনমান আগতে মোৰ মন মগজুত একে সময়তে ক্ৰিয়া কৰা এনে ডুখৰীয়া ছবিসমূহ আছিল এনে ধৰণৰ :

১) এজন বৃদ্ধ ব্যক্তি বেংকলৈ আহিছে নিজৰ সাঁচতীয়া পলিচিখন ভাঙিবলৈ৷ বেংকৰ কৰ্মচাৰীজনে তেওঁক বুজাব বিচাৰিছে যে পলিচিখন মেচিউৰ নোহোৱাকৈ ভাঙিলে তেওঁৰ সাঁচতীয়া অৰ্থৰ বহুলাংশে লোকচান হ’ব৷ তেওঁ উত্তৰত কৈছে- “উপায় নাই বোপা৷ ঘৰৰ মাটি বন্ধকত থৈ ল’ৰা পঢ়ুৱাইছিলোঁ৷ এতিয়া ল’ৰা হ’লগৈ এটা মদাহী৷ অ’ত ত’ত পৰি থাকে৷ ছোৱালীজনীৰ বাবে সু-পাত্ৰ এজন পাইছোঁ৷ এই বয়সত আৰু কি কৰিম? কাৰপৰা সহায় বিচাৰিম? গতিকে পিতৃ হিচাপে মই মোৰ দায়িত্ব পালন কৰিবই লাগিব৷ সেয়ে পলিচিখন ভাঙি যি অলপ পাওঁ তাকেই কামত লগাব লাগিব৷”

২) অকণমানি পাহীৰ ‘বিদ্যালয় সপ্তাহ’ৰ বঁটা-বিতৰণী চলি আছে৷ মঞ্চত তাই পুৰষ্কাৰ ল’বলৈ গৈছে৷ শিক্ষকে তাইক মৰম কৰি সুধিছে, “তুমি কাক বেছি ভালপোৱা?” তাই উত্তৰ দিছে, “মালতী বাক (ঘৰৰ বনকৰা ছোৱালী)৷ মালতী বায়ে মোৰ লগত খেলে, মোক সাধু শুনাই, পাৰ্কত ফুৰাবলৈ নিয়ে৷” সদা ব্যস্ত ঘৰখনত পাহীৰ একমাত্ৰ লগৰী মালতী৷ পাহীৰ পিতৃ-মাতৃ দুয়ো চাকৰিসূত্ৰে অতিশয় ব্যস্ত৷ লগতে বন্ধৰ দিনবোৰত সংসাৰ, সামাজিক দায়িত্ব ইত্যাদিৰ মেৰপাকত আবদ্ধ৷ সেয়ে কণমানি পাহীৰ অধিকাংশ দায়িত্ব তেওঁলোকে মালতীৰ ওপৰতেই দিছে ৷

৩) এম্বুলেঞ্চখন আহি পোৱাত গিৰীণ দত্তৰ ঘৰত হুৱাদুৱা লাগিল৷ দত্তৰ নিথৰ দেহটো চোতালত থোৱা হ’ল৷ কিছুদিনৰপৰা তেওঁৰ গাটো বেয়া লাগি আছিল কিন্তু একমাত্ৰ জীয়ৰীৰ বিবাহ উপলক্ষে তেওঁ তেওঁৰ পত্নীৰ কথাত গুৰুত্ব নিদি চিকিৎসকক দেখুওৱাৰ পৰিৱৰ্তে বিয়াৰ কামত অধিক গুৰুত্ব দিছিল৷

উপৰোক্ত ডুখৰীয়া ছবিসমূহে আপাত দৃষ্টিত ভিন্নতা বহন কৰিলেও এটা কথাত সামঞ্জস্য প্ৰকাশ কৰিছে৷ সেয়া হ’ল- ‘সময়’৷ জীৱনটোত আউল নলগাকৈ ৰাখিবৰ বাবে কৰিবলগীয়া পৰিকল্পনাৰ অভাৱ, যান্ত্ৰিক যুগটোত কৰ্মব্যস্ততা আৰু বিলাসীতাৰ অজুহাতত সন্তানৰ প্ৰতি অমনোযোগিতা, স্বাস্থ্যৰ প্ৰতি অমনোযোগিতা, এই সকলোবোৰ কাৰকেই প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত হৈ থাকে৷

যুগৰ পৰিৱৰ্তন হৈছে৷ পৰিৱৰ্তন হৈছে মানুহৰ খাদ্যাভ্যাস, জীৱন ধাৰণৰ প্ৰণালীৰ আৰু চিন্তাধাৰাৰ৷ সময়ৰ আহ্বানক আমি স্বীকাৰ কৰিবই লাগিব৷ চোতালত পাটি পাৰি সেলেঙি বোৱা মুখখনেৰে আৰু বিচনীৰে বিচি বিচি আইতাকে নাতিয়েকক সাধু শুনোৱা দিনবোৰ এতিয়া অতীতৰ গৰ্ভত৷ ‘বৃদ্ধাশ্ৰম’ৰ সমান্তৰালভাৱে ‘শিশুগৃহ’ৰ পয়োভৰ মনকৰিবলগীয়া৷ চিঠি কেনেকৈ লিখে আৰু কাক উদ্দেশ্যি লিখা হয় সেয়া যেন আজি কেৱল পাঠ্যক্ৰমতেই সীমাবদ্ধ৷ সময়ৰ খোজত খোজ মিলাব নোৱাৰিলে আমি ঠাইতে ৰৈ যাব লাগিব৷

এবাৰ পাৰস্যৰ এজন ৰজাৰ জানিবলৈ মন গ’ল কোনো এজন ব্যক্তিৰ জীৱনত আটাইতকৈ বেছি অশান্তিৰ কাৰণ কি হ’ব পাৰে? সেই প্ৰশ্নটোৰ উত্তৰ জানিবলৈ তেওঁ দেশখনৰ তিনিজন বিজ্ঞ ব্যক্তিক মাতি আনিলে৷ ৰজাৰ প্ৰশ্নৰ উত্তৰত প্ৰথমজন বিজ্ঞ ব্যক্তিয়ে ক’লে, “ধৰুৱা মানুহে ধাৰ পৰিশোধ কৰিব নোৱাৰি যি মানসিক যন্ত্ৰণাত ভোগে, তাতকৈ ডাঙৰ যাতনা একো নাই৷” দ্বিতীয়জন ব্যক্তিয়ে ক’লে, “দুৰাৰোগ্য ৰোগত ভোগা মানুহে প্ৰতি নিয়ত যি ধৰণৰ আশংকা, উদ্বিগ্নতাত দিন পাৰ কৰে তাতকৈ যন্ত্ৰণা একো নাই৷” তৃতীয়জন বিজ্ঞ ব্যক্তিয়ে ক’লে, “এজন ব্যক্তি যেতিয়া তেওঁৰ জীৱনৰ শেষ সময়খিনিত উপনীত হয় আৰু তেওঁ তেওঁৰ পাৰ হৈ যোৱা জীৱনটোলৈ ঘূৰি চাই অনুভৱ কৰে যে তেওঁৰ জীৱনটো অথলে গ’ল বা বৃথাই গ’ল তাতকৈ যন্ত্ৰণা একো নাই৷”

‘সময়’ আৰু ‘প্ৰাধান্য’- যেন এক এৰাব নোৱৰা সম্পৰ্ক৷ জীৱনত কৰিবলগীয়া কামবোৰক প্ৰাধান্য অনুযায়ী সময়ৰ লগে লগে শৃংখলিত কৰি আগবঢ়াটো খুবেই দৰকাৰী৷ ভোগবাদী সমাজখনত বহুতে কেৱল ধন-সম্পত্তি অৰ্জনকে প্ৰাধান্য বা আগস্থান দিয়া দেখা যায় কিন্তু সন্তানৰ প্ৰথম খোজটো, সন্তানৰ প্ৰথম মৌ-সনা মিঠা মাতষাৰ আৰু পিতৃ-মাতৃৰ আপোনালৈ আগবঢ়োৱা আশীৰ্বাদৰ হাত দুখনিক গুৰুত্ব দিয়াটো আপোনাৰ প্ৰাধান্যৰ তালিকাখনত অন্তৰ্ভুক্ত হোৱাটো সমীচীন, কিয়নো জীৱনত সুখী হোৱাৰ বাবে মজবুত সম্পৰ্কৰ ডোলডালে মানসিক প্ৰশান্তি প্ৰদান কৰে৷ নেদেখাজনে প্ৰদান কৰা সৰ্বশ্ৰেষ্ঠ উপহাৰেই হ’ল সময়৷ জীৱনত সময়ে দিয়া অভিজ্ঞতাবোৰেই আমাৰ শ্ৰেষ্ঠ পাঠ৷ আনুষ্ঠানিক শিক্ষাই মানুহক যিমান শিকাব নোৱাৰে তাতকৈ অধিক শিক্ষা সময়ে আমাক শিকাই যায়৷

যদি আপুনি প্ৰায়ে দৈনন্দিন জীৱনৰ কামৰ হেঁচা নাইবা জীৱনৰ ধামখুমীয়াত দিকভ্ৰান্ত হৈছে তেন্তে তাৰ অন্যতম কাৰণ আপোনাৰ অপৰিপক্বভাৱে আৰু পৰিকল্পনাবিহীনভাৱে অপচয় কৰা আপোনাৰ বহুমূলীয়া সময়ো হ’ব পাৰে৷ হয়তো আপুনি জীৱনৰ পল-অনুপলক ব্যৱহাৰ কৰাত বুৎপত্তি অৰ্জন কৰিবপৰা নাই৷ সময় যিমানেই আগবাঢ়িব সিমানেই আপুনি অনুভৱ কৰিব যে আপুনি চকুমুদি সপোন ঠিকেই দেখিলে কিন্তু চকুমেলি সপোনক বাস্তৱায়িত কৰাৰ জোখাৰে কষ্ট নকৰিলে৷ মাথো “মুংগেৰীলালৰ হচীন স্বপ্নে”ৰ দৰে সাময়িক তৃপ্তি ল’লে৷ প্ৰত্যেকগৰাকী অভিভাৱকে দেখাৰ দৰে আপুনিও আপোনাৰ সন্তানে সমাজত প্ৰতিষ্ঠিত হোৱাটো আৰু সমাজত বুৎপত্তি অৰ্জন কৰাটো নিশ্চয় বিচাৰিব কিন্তু সন্তানৰ বিফলতাৰ পিছত যেতিয়া আপুনি অনুভৱ কৰিব যে আপুনি আপোনাৰ কষ্টোপাৰ্জিত সমষ্ট ধন অপব্যয় কৰিলে আৰু সৰ্বস্ব হেৰুৱালে তেতিয়া আপুনি কাৰ ওচৰত হাত পাতিব? ব্যক্তিকেন্দ্ৰিক আৰু হাজাৰতা সমস্যাৰে জৰ্জৰিত সমাজখনৰ মাজৰপৰা কোনোবা সু-হৃদয় ব্যক্তিয়ে সাময়িকভাৱে হয়তো আপোনাক সকাহ দিব পাৰে কিন্তু চিৰস্থায়ী সমাধান কেতিয়াও দিব নোৱাৰে৷ আমি জীৱনত কি বিচাৰোঁ আৰু কেনেকৈ আমি আমাৰ লক্ষ্যত উপনীত হ’ম তাৰবাবে আমাক কিছুমান হ্ৰস্বকালীন আৰু দীৰ্ঘকালীন পৰিকল্পনাৰ প্ৰয়োজন৷ যাৰ ফলস্বৰূপে স্ব-অভিৰোচিত হোৱাটো অতীৱ জৰুৰী৷ কিবা এটা কৰাৰ আৰম্ভণিতে আমি হয়তো এশ শতাংশ তৃপ্তি নাপাব পাৰোঁ কিন্তু সময় আগবঢ়াৰ লগে লগে যেতিয়া কামটো আমাৰ অভ্যাসত পৰিণত হ’ব তেতিয়া আমি সম্পূৰ্ণভাৱে কামটোৰ প্ৰতি আকৰ্ষিত হ’ব পাৰিম৷ উদাহৰণস্বৰূপে- পৰিৱেশ প্ৰদূষণ, মানসিক চাপ, ব্যস্ততা ইত্যাদিৰ ফলত আমাৰ প্ৰায়ে শাৰীৰিক ব্যাধিয়ে দেখা দিয়ে৷ ঔষধক দৈনন্দিন জীৱনৰ অভিন্ন অংগ হিচাপে আদৰিব লগাৰ আগতেই যদি আমি শাৰীৰিক সচেতনতা অবলম্বন কৰোঁ তেন্তে আমি নিশ্চয় সু-স্বাস্থ্যৰ অধিকাৰী হ’ব পাৰিম লগতে নিজকে কিছু পৰিমাণে হ’লেও নিৰোগী কৰি ৰখাত সক্ষম হ’ম৷ কথাতেই কয়- “দেহা থাকিলেহে বেহা৷” নিজকে উৎপাদনক্ষম কৰি তোলাৰ অৰ্থ এইটো নহয় যে আমাক বিশ্ৰামৰ প্ৰয়োজন নাই৷ নিজকে উৎপাদনক্ষম কৰি তুলিবলৈ আমি আমাৰ শাৰীৰিক সক্ষমতাবোধক গুৰুত্ব দিব লাগিব৷ তাৰবাবে আমাৰ পৰ্যাপ্ত পৰিমাণৰ টোপনি আৰু বিশ্ৰামৰ প্ৰয়োজন৷ লগতে পৰিমিত পৰিমাণৰ সুষম আহাৰ গ্ৰহণ, যোগাভ্যাস আৰু ব্যায়ামৰ অভ্যাস গঢ়ি তোলাটো খুবেই প্ৰয়োজনীয় কথা৷ মানসিকভাৱে নিজকে সবল কৰি ৰাখিবলৈ সুস্থ শৰীৰ এটাৰ তালমিল অতিশয় জৰুৰী৷

মহান আমেৰিকান দাৰ্শনিক হেনৰী ডেভিদ থৰোৱে লিখিছিল- “The mass of men lead lives of quite desperation.” প্ৰত্যেকেই নিজকে জুকিয়াই চালে অনুভৱ কৰিব পাৰিব যে কোনো মানুহেই সম্পূৰ্ণ স্বস্তিত জীৱন যাপন কৰিব নোৱাৰে৷ প্ৰত্যেকই কিবা নহয় কিবা এটা গোপন উদ্বিগ্নতা মনৰ মাজত কঢ়িয়াই লৈ ফুৰে৷ জীৱনত প্ৰয়োজনীয়তাৰ অন্ত নাই৷ মাতৃগৰ্ভত থিতাপি লোৱাৰ ক্ষণটোৰপৰা শেষ নিশ্বাস ত্যাগ কৰাৰ মুহূৰ্তলৈ মানুহে অহৰহ আকাংক্ষিত আৰু প্ৰয়োজনীয় বস্তুৰ বাবে প্ৰস্তুতি চলাবলগীয়া হয় কিন্তু মনে বিচৰা ধৰণে প্ৰাপ্তিৰ সোৱাদ পোৱাটো কঠিন৷ তাৰবাবে আমি পৰিকল্পনাবোৰক সু-শৃংখলিত কৰি সময়ৰ লগত খোজ মিলাব লাগিব৷ বুদ্ধিমত্তাৰে ব্যৱহাৰ কৰা সময়ৰ সদব্যৱহাৰে শাৰীৰিক আৰু মানসিক দিশ দুটিক ত্বৰান্বিত কৰি দৈনন্দিন জীৱনৰ অৱসাদ আৰু দুৰাকাংক্ষা দূৰ কৰে আৰু জীৱনৰ গুণগত মান বৃদ্ধি কৰে৷ সময়ৰ কাম সময়ত কৰিব নোৱাৰিলে তাৰ ফল সদায় ঋণাত্মকেই হয়৷ হয়তো কৰিব নোৱাৰাৰ হাজাৰটা অজুহাত ওলাব কিন্তু “পাখি লগা কাঁড়”ৰ দৰে যোৱা সময়ৰ দুৰন্ত গতিক পুনৰ ঘূৰাই আনি জীৱনটোক উদযাপন কৰাৰ অৱকাশ হয়তো নাথাকিব৷ সেই অমূল্য সময়খিনিক হাতৰপৰা হেৰুওৱাৰ পিছত আমি কবি জন কিটচ্‌ এ কোৱাৰ দৰে “winter season of life” – অৰ্থাৎ জীৱনৰ বৃদ্ধ অৱস্থাত খিৰিকীৰ ইটো মূৰত বহি উদাস দৃষ্টিৰে বাহিৰলৈ চাই থকাৰ বাহিৰে একো উপায় সাধাৰণতে নোলায়৷ 

“Time is Money”-এই কথাষাৰ সৰ্বকালৰ বিখ্যাত বিজ্ঞানী, অৰ্থনীতিবিদ বেঞ্জামিন ফ্ৰেংকলিনে ১৭৪৮ চনত ‘Advice to a young Tradsman’ নামৰ ৰচনাখনত লিখিছিল৷ সময় জীৱনৰ আটাইতকৈ মূল্যৱান সম্পত্তি যাক কোনো মূল্যৰ বিনিময়ত নিজৰ অধীন কৰিব নোৱাৰি৷ এই কথাষাৰ আমি কামে কাজে আমাৰ সন্তানক, উঠি অহা প্ৰজন্মক কৰি দেখুৱাব লাগিব৷ ব্যক্তি আৰু ব্যক্তিৰ সম্পৰ্ক অংগাংগী৷ সমাজ জীৱনৰ সৈতে ইয়াৰ সম্পৰ্ক এৰাব নোৱৰা৷ প্ৰতিজন ব্যক্তিয়ে এক সুকীয়া ব্যক্তিত্বৰ অধিকাৰী কিন্তু এযোৰ সুন্দৰ পোচাক অথবা এযোৰ দামী জোতা পিন্ধিলেই  এজন ব্যক্তি আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ’ব নোৱাৰে নাইবা জনপ্ৰিয় হ’ব নোৱাৰে যদিহে তেওঁৰ ব্যক্তিত্ব নাথাকে৷ এজন ব্যক্তিৰ ব্যক্তিত্ব হ’ল সামগ্ৰিক পৰিচয় আৰু ব্যক্তিসত্বা৷ লগতে ব্যক্তিৰ প্ৰথম পৰিচয়৷ মানুহৰ মাতবোল, আচাৰ-আচৰণ, ব্যৱহাৰ আদিৰ সু-সংগঠিত ৰূপেই হ’ল মানুহৰ ব্যক্তিত্ব৷ শৈশৱকাল হ’ল ব্যক্তিত্ব গঢ় দিয়াৰ উপযুক্ত সময়৷ এই সময়ত বিভিন্ন কাৰকে বিভিন্ন সময়ত বিভিন্ন ধৰণে শিশুমনত প্ৰভাৱ পেলায় যদিও এই ক্ষেত্ৰত পৰিয়ালৰ ভূমিকা অপৰিসীম৷ এটি শিশুৱে প্ৰাথমিক শিক্ষা আৰু শাসন পৰিয়ালত যিমানখিনি লাভ কৰে সেয়া আন ক’তোৱেই লাভ কৰাটো সম্ভৱপৰ নহয়৷ সেয়ে মাক দেউতাকৰপৰা শিশুৱে বিচৰা ধৰণে শাৰীৰিক নিৰাপত্তা আৰু মানসিক সাহচৰ্য লাভ কৰা উচিত৷ দুচকু মেলিয়েই শিশু এটিয়ে মাক-দেউতাকৰ সংগসুখ লাভ কৰি আনন্দিত হয়৷ আমি আমাৰ দৈনন্দিন ব্যস্ততাৰ মাজতো সন্তানক সময় দিব লাগিব৷ সিহঁতৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্কৰে সিহঁতৰ মনোজগতত বিচৰণ কৰিব পাৰিব লাগিব৷ সিহঁতৰ আত্মসন্মানক স্বীকৃতি দিব পাৰিব লাগিব৷ সিহঁতৰ সমস্যা, মনোকষ্ট, আশা, আকাংক্ষা, ভাললগা, বেয়ালগাবোৰক বুজিবলৈ অভিভাৱকে সময় উলিয়াব লাগিব৷ ইয়াৰ উপৰি সন্তানৰ জীৱনত পিতৃ-মাতৃৰ অত্যাধিক হস্তক্ষেপে সন্তানৰ মনত বিৰূপ প্ৰভাৱ পেলায়৷ পিতৃ-মাতৃয়ে সন্তানক সু-শিক্ষা প্ৰদান কৰি সু-পথ দেখুৱাব পাৰে কিন্তু সন্তানটিয়ে তেওঁলোকে দেখুওৱা প্ৰতিটো দিশৰ প্ৰতি আকৰ্ষিত হয় নে নহয় সেয়া সিদ্ধান্ত সন্তানৰ ওপৰত এৰি দিব লাগে৷ আজিৰ সমাজ ব্যৱস্থাই বহুক্ষেত্ৰত শিশুক স্বাৰ্থপৰ হ’বলৈ শিকায়৷ আমি অভিভাৱকে সময়ৰ সোঁতত মিলি সামাজিক পৰিৱৰ্তনবোৰ গ্ৰহণ কৰিব লাগিব৷ এনে কৰোঁতে আমি লক্ষ্য ৰাখিব লাগিব যাতে সন্তানক আমি শুদ্ধ পথৰ নিৰ্দেশনা দিব পাৰোঁ৷ তেতিয়াহে আমি উৎসাহী, কৰ্মোদ্যমী আৰু যোগাত্মক চিন্তাধাৰাৰ এক নৱ প্ৰজন্মক সমাজত দেখিব পাৰিম বুলি আশা কৰিব পাৰোঁ৷

যি নহওক, সদৌ শেষত আপোনালোক সকলোকে আমাৰ অসমীয়াৰ বাপোতিসাহোন বহাগ বিহুটিৰ হিয়াভৰা ওলগ জনালোঁ৷ আপোনালোকে যিয়ে যেনেকৈ পাৰে ৰঙালি বিহুটিক আদৰক৷ বিহুৰ বতৰত পৰিয়াল, ওচৰ-চুবুৰীয়া, আত্মীয়-স্বজনৰ লগত মৰম-চেনেহ, প্ৰীতিৰ এনাজৰীডাল সু-দৃঢ় কৰক৷ বিহুৰ পৰম্পৰাসমূহ ৰক্ষা কৰাৰ লগতে বৰ অসমখনৰ ভিন্ন জাতি-উপজাতি, সম্প্ৰদায়ৰ লগত সম্প্ৰীতিৰ বান্ধোন কটকটীয়া কৰি তোলক৷ 

“চেনেহৰ বহাগৰ বিহুটি ঐ

চেনেহৰ বহাগৰ বিহুটি,

গছে-বনে মেলিলে কোমল কুঁহিপাত

কুলি-কেতেকীয়ে লগালে মাত,

তাকে দেখি লাহতী 

হিয়াযে পৰিছে শাঁত৷”

লঠঙা ডালবোৰ আজি কোমল কুঁহিপাতেৰে পূৰ্ণ৷ কুলি-কেতেকীৰ মিঠা মাতে চৌদিশে ধৰা আলোড়িত কৰি তুলিছে৷ পুৰণিৰ ভেটিত নতুনত্বৰ আগমন৷ এয়া যে সময়ৰেই আহ্বান৷ আহকচোন দুবাহু মেলি আঁকোৱালি লওঁ সময়ে সিঁচি দিয়া সমস্ত বিভূতিখিনিক৷ সময়ৰ সদ্‌ব্যৱহাৰ কৰি জীৱনটোক উদযাপন কৰোঁ আহক৷ 

সকলোলৈ শুভকামনাৰে


 

সম্পাদক, চতুৰ্থ বৰ্ষ নৱম সংখ্যা

ফটাঢোল ই-আলোচনী

এপ্ৰিল, ২০২১চন৷

☆ ★ ☆ ★ ☆

38 Comments

  • গৌৰীশংকৰ শৰ্মা

    যথেষ্ট দীঘলীয়া সম্পাদকীয়। কিন্তু সম্পূৰ্ণকৈ পঢ়িলোঁ। আপুনি কোৱাৰ দৰে আজিৰ পৃথিৱীত ভিৰৰ মাজত থাকিলেও আনুসাংগিক বিভিন্ন চিন্তাই প্ৰতিপল প্ৰতিজন মানুহক একোটা খোলাৰ ভিতৰত বান্ধি ৰাখে। সময়ৰ সকলোতে নাটনি। কিন্তু একোটা সুস্থ দীৰ্ঘম্যাদী পৰিকল্পনাই সেই মূল্যবান সময়ক উপভোগ কৰিবলৈ সুবিধাও দিয়ে।
    সাম্প্ৰতিক সময়ৰ যথেষ্ট গুৰুত্বপূৰ্ণ বিষয় এটাৰে বৰ সুন্দৰ সম্পাদকীয় এটা আমাক উপহাৰ দিয়াৰ বাবে ধন্যবাদ। অনাগত ৰঙালী বিহুৰ শুভকামনা জনালোঁ।

    Reply
  • পার্থ প্ৰতীম শৰ্মা

    কথাখিনি পঢ়ি কিবা এটা অজান সাহস পাইছোঁ।
    সময় আৰু প্ৰাধান্যবোৰক সুস্থ ৰূপত সজাই সুখী হ’ব পৰাতেই সফলতা চাগে।

    ধন্যবাদ।

    Reply
    • Anonymous

      বৰ সুন্দৰ লাগিল পঢ়ি ।সময়োপযোগী ।

      Reply
  • ডলী

    বহুত ভাল লাগিল। মানুহৰ জীৱনৰ মূল্যবান কথাকিনিকে কৈছা। সময়তকৈ মূল্যবান একো নাই। সময়ৰ লগে লগে চলিব পৰা জনহে সফল সচাঁ অৰ্থত। সুন্দৰ সম্পাদকীয়। অভিনন্দন জনালোঁ।

    Reply
  • সকলোকে ধন্যবাদ৷

    Reply
  • পঙ্কজ বৰুৱা

    ভাল লাগিল সম্পাদকীয় ৷

    Reply
  • কাবেৰী মহন্ত

    সুন্দৰ সম্পাদকীয় নীলাক্ষী৷

    লগতে আটকধুনীয়া আলোচনীৰ বাবে আন্তৰিক অভিনন্দন

    Reply
  • পল্লৱী কৌশিক শৰ্মা।।

    খুব সুন্দৰকৈ বৰ্তমান সময়ৰ ছবি এখন দাঙি ধৰিলা । সম্পাদকীয় পঢ়ি বৰ ভাল পালোঁ । অভিনন্দন তোমালৈ এখন সৰ্বাংগ সুন্দৰ আলোচনী উপহাৰ দিয়াৰ বাবে ।

    Reply
  • rintumoni dutta

    সুন্দৰ সম্পাদকীয়, খুব ভাল লাগিল

    Reply
  • Diganta Kumar Bhattacharya

    সম্পাদকীয় দীঘলীয়া যদিও সুন্দৰ হৈছে। অভিনন্দন!

    Reply
  • ধন্যবাদ সকলোকে৷

    Reply
  • ৰামানুজ জি

    সম্পাদকীয় দীঘল পোৱা নাই…ভাল পাইছো…অধ্যয়নপুষ্ট ।

    Reply
  • Bhaskar Jyoti Sarma

    সৰল, সবল আৰু সুন্দৰ সম্পাদকীয়।

    Reply
  • Rimjhim Borthakur

    সুন্দৰ সম্পাদকীয়

    Reply
  • ৰাজশ্ৰী শৰ্মা

    সুন্দৰ সম্পাদকীয়। বৰ ভাল পালোঁ বা।

    Reply
  • ধন্যবাদ৷

    Reply
  • কথাখিনি পঢ়ি বৰ ভাল লাগিল৷ সুন্দৰ সম্পাদকীয়৷

    Reply
  • ধন্যবাদ

    Reply
  • মানসী

    সম্পাদকীয় পঢ়ি ভাল পালোঁ ।বৰ সুন্দৰ বিষয়। হয়, দৈনন্দিন ব্যস্ততাৰ মাজতো অভিভাৱকে সন্তানক সময় দিব লাগিব তাৰ লগতে সিহঁতৰ আত্মসন্মানক স্বীকৃতি দিব লাগিব।কথাখিনি সঁচাই প্ৰাসংগিক ।বিহুৰ শুভকামনা আমিও যাচিলোঁ।

    Reply
  • দিম্পল

    সহজ , সৰল ভাষাৰে বৰ ধুনীয়া বিষয় এটা । ধন্যবাদ বাইদেউ

    Reply
  • বাগ্মিতা

    বিষয় সুন্দৰ বাচনি কৰিলা নিলাক্ষীবা। সুন্দৰ সম্পাদকীয় !👌

    Reply
  • ধন্যবাদ আটাইকে৷

    Reply
    • নীতাশ্ৰী নেওগ

      বৰ সুন্দৰ সম্পাদকীয়। সময় আৰু প্ৰাধান্যৰ বিষয়ে কথাখিনি খুবেই ভাল লাগিল।

      Reply
  • শ্ৰুতিমালা মিশ্ৰ

    এক মননশীল সম্পাদকীয় পঢ়িলোঁ ।
    খুব সমৃদ্ধ সম্পাদকীয় । এয়া আপোনাৰ কৃতিত্ব নীলাক্ষি বাইদেউ ।

    Reply
  • নীতাশ্ৰী নেওগ

    বৰ সুন্দৰ সম্পাদকীয়। সময় আৰু প্ৰাধান্যৰ বিষয়ে কথাখিনি খুবেই ভাল লাগিল।

    Reply
  • সুমন শেখৰ কলিতা(দীপ)

    ভাল লাগিল

    Reply
  • হেমন্ত কাকতি

    ভাল লাগিল নীলাক্ষী৷ বৰ সাৰুৱাকৈ লিখিলা৷ সময়ে সকলো শিকাই থৈ যায়৷ সময়ৰ ব্যৱস্থাপনা যিয়ে ভালকৈ শিকিছে তেওৰে জয়জয়ময়৷

    আলোচনীখন ধুনীয়াকৈ সম্পাদনা কৰাৰ দায়িত্ব পালন কৰা বাবে অশেষ ধন্যবাদ আৰু লগতে অভিনন্দন জনালোঁ৷

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    বৰ ভাল ভাল কথাৰে লিখা এটা সম্পাদকীয়৷

    Reply
  • সম্পাদকীয় টো ভাল পালো

    Reply
  • বৰ্নালী মূদৈ

    বৰ সুন্দৰ লাগিল পঢ়ি ।সময়োপযোগী ।

    Reply
  • জিতু

    সুন্দৰ সম্পাদকীয়, ভাল লাগিল।

    Reply
  • চন্দন বৰি

    বৰ ভাল লাগিল সম্পাদকীয়টো৷

    Reply
  • অশেষ ধন্যবাদ সকলোকে৷

    Reply
  • জ্যোতিৰূপা

    মন মগজু আন্দোলিত কৰা সম্পাদকীয়, পঢ়ি সুখী হলো৷

    Reply
  • জয়ন্ত দাস

    বৰ সুন্দৰ মননশীল সম্পাদকীয়৷ বৰ ভাল লাগিল৷ জীৱনৰ বহুবোৰ বিষয়ত আলোকপাত কৰিলে৷

    Reply
  • Bibekananda Choudhury

    এটি দীঘল অন্ধকাৰ সুৰঙ্গৰ শেষত পোহৰৰ ৰেঙণি। ক’ৰবাত বহুত ডাঙৰ বহল প্লেটৰফৰ্মত এনে লেখা দেখা পোৱাৰ আশা থাকিল।

    Reply
  • উৎপলা কৌৰ

    আজিহে পঢ়িলোঁ নিলাক্ষী। ভাল লাগিল। প্ৰাসংগিক কথা লিখিছা 👌

    Reply

Leave a Reply

Your email address will not be published.

error: Content is protected !!