ফটাঢোল

বিভিন্ন জনগোষ্ঠীৰ মাজত প্ৰচলিত ব’হাগ বিহুৰ লগত জড়িত লোকবিশ্বাস – কলচুম বিবি

অসম বিভিন্ন জাতি-জনগোষ্ঠীৰ বাসভূমি। প্ৰতিটো জনগোষ্ঠীয়ে বিভিন্ন সময়ত কৃষিৰ লগত জড়িত বিভিন্ন ধৰণৰ উৎসৱ-অনুষ্ঠান পালন কৰি আহিছে। অসমৰ প্ৰধান উৎসৱ বুলি কলে আমি সকলোৱে একেমুখে বিহু বুলিয়েই কওঁ আৰু এই বিহু প্ৰতিটো জাতি-জনগোষ্ঠীয়ে নিজস্ব পৰম্পৰাগত বিধিৰে অতীতৰে পৰা পালন কৰি আহিছে আৰু সেই পৰম্পৰাসমূহৰ লগত জড়িত হৈ আছে একোটা লোকবিশ্বাস। লোকবিশ্বাসৰ আধাৰতেই এখন সমাজৰ বা এটা জাতিৰ পৰিচয় পোৱা যায়। অসমীয়া লোকসমাজত বিবিধ বিষয়ক লোকবিশ্বাস থকা দেখিবলৈ পোৱা যায়, যিবোৰ ধৰ্ম, প্ৰকৃতি, বিবাহ ইত্যাদিৰ লগত জড়িত। অসমৰ উৎসৱসমূহৰ ভিতৰত বহাগ বা ৰঙালী বিহুৰ এক সুকীয়া বৈশিষ্ট্য আছে। প্ৰতিটো জনগোষ্ঠীয়ে বৰ উলহ-মালহেৰে বহাগ বিহু পালন কৰি অহাৰ লগতে পৰম্পৰাগতভাৱে চলি অহা বিশ্বাস অনুযায়ী পালন কৰি আহিছে কিছুমান বিধি, যিবোৰ সমাজৰ বাবে শুভ বুলি বিবেচনা কৰি অহা হৈছে। 

অসমৰ এটা প্ৰাচীন জনগোষ্ঠী হৈছে সোণোৱাল কছাৰী। তেওঁলোকে বৰ উলহ-মালহেৰে বহাগ বিহু পালন কৰে। চত মাহৰ সংক্ৰান্তিৰ দিনা গৰু বিহু।  অতীতৰে পৰা সোণোৱালসকলে গৰুক শিৱৰ বাহন হিচাপে পূজা কৰি আহিছে। গৰু বিহুৰ দিনাই মহ-মাখি আদিৰ জন্ম হয় বুলি বিশ্বাস কৰি আহিছে। সেই বিশ্বাসৰ বাবেই তেওঁলোকে সেই দিনা তুঁহজুইত জেতুলি পকাৰ পাত, কাঁইটীয়া কঁঠালৰ পাত দি নতুন বিচনীৰে বিচি গোহালিৰ লগতে ঘৰৰ চাৰিওফালে জাগ দিয়ে। এনে কৰিলে পোক-পৰুৱা, মহ-মাখি আদি নাইকীয়া হয় বুলি বিশ্বাস কৰা হয়। ইয়াৰ বাহিৰেও গৰু বিহুৰ দিনা বিচনীৰে বা ললে গোটেই বছৰটোৰ বাবে গা জুৰ পৰি থাকেএই বিশ্বাসৰ আলমত পিছদিনাখনৰ পৰা বিচনী ব্যৱহাৰ কৰা হয়৷

সোণোৱালসকলে গৰু বিহুৰ দিনাখন ছাট মাৰি লৈ গৰু-মহবোৰক গা ধুৱায়। এই ছাট মাৰি বাঁহৰ কামি চাঁচি নিৰ্মাণ কৰা হয় আৰু লাউ, বেঙেনা, থেকেৰা, হালধি আদি সৰু সৰুকৈ চকলিয়াই কাটি ঘৰৰ চালৰ ৰুৱা চটাৰ দৰে সী লোৱা হয়। লগত টুং লতি, মাখিয়তী বগা-বাহু পুখাৰে মুঠা কৰি ছাট মাৰি বান্ধে। ছাট মাৰি কালি আইৰ ন-ভনী সখীয়েকৰ প্ৰতীকৰূপে ন-ডাল শলা ব্যৱহাৰ কৰা হয়। ন-ডাল শলা হৈছে চাৰিডলীয়া এখন, তিনিডলীয়া এখন আৰু দুডলীয়া এখন। চাৰিডলীয়াখন সংসাৰৰ চাৰিমুঠি জীৱ অৰ্থাৎ উৰণ, বুৰণ, গজন আৰু গমন; তিনিডলীয়াখন খ্ৰীং ৰজা, গজাই, মনাই অৰ্থাৎ স্ৰষ্টা, নিয়ন্তা আৰু পালন্তা; দুডলীয়াখন প্ৰকৃতি আৰু পুৰুষ বুলি বিশ্বাস কৰি অহা হৈছে। গৰুৰ গাত ছাট মাৰিৰ বস্তুবোৰ মৰাৰ পিছত দুডলীয়া মাৰিডাল বংশ পৰিয়াল, জীয়ৰী মিতিৰৰ সম্পৰ্ক নথকা লোকৰ লগত সালসলনি কৰা হয়। লোকবিশ্বাস অনুসৰি নিজ বংশ বা মিতিৰৰ লগত বদলি হলে নিজ বংশ বা মিতিৰৰ সৈতে বিবাহ হয়। আকৌ ভুলক্ৰমে যদি শলাডালত থকা বস্তু গৰুৰ গাত মাৰে তেন্তে বিজাতিৰ সৈতে অবৈধ সম্পৰ্ক হয় নাইবা অপবাদৰ সৃষ্টি হয়। সেইবাবে দুডলীয়া শলাৰ আগটো ঘৰতে ভাঙি থৈ যায়। বাকীকেইডালৰ আগটো শত্ৰু নিধনৰ বাবে ব্যৱহাৰৰ পিছত ভাঙে। ঘৰলৈ উভতি আহি ছাটমাৰি মুঠা চালৰ মাজত গুজি থয়। পৰিয়ালৰ মূৰব্বীজনে কোৰেৰে মাটি খান্দি ঘৰৰ চাৰিকোণত দিয়ে, তেনে কৰিলে বিষাক্ত সাপ আদিৰ পৰা পৰিয়ালৰ ক্ষতি নহয় বুলি বিশ্বাস কৰা হয়। ইয়াৰ পিছত বিহুৰ বাবে ৰুই থোৱা নহৰুৰ ভেটি খান্দে, সেইদিনা খন্দা নহৰুৰ গুণ আন দিনা খন্দা নহৰুৰ তুলনাত বেছি হয় বুলি বিশ্বাস কৰা হয়। ৰাতি এশ এবিধ ঔষধি শাকেৰে আৰু আমৰলি পৰুৱাৰ টোপেৰে আঞ্জা ৰান্ধি খায়। এইবিধ ব্যঞ্জনে বিভিন্ন ধৰণৰ ৰোগ প্ৰতিৰোধ কৰিব পাৰে বুলি বিশ্বাস কৰা হয়। 

কোচ ৰাজবংশীসকলে বহাগ বিহুক বিষুৱাউৎসৱ বুলি কয়। এই বিষুৱা উৎসৱৰ প্ৰথম দিনটোক গৰু বিষুৱা বুলি কোৱা হয়। লোকবিশ্বাস অনুসৰি বিষুৱা দিনা বেলি উঠাৰ লগে লগে কেঁচা হালধি, বাঁহকা তিতাৰ পাত, নিম পাত একেলগে পিহি তাৰ ৰস উলিয়াই খোৱাৰ নিয়ম। তিতা-কসাবুলি কোৱা এই ৰস খালে সৰ্প দংশনৰ পৰা হাত সাৰিব পাৰি। লোকবিশ্বাস অনুসৰি কোচ ৰাজবংশীসকলে বিশেষ ধৰণে বিষুৱাৰ সময়ত ৰক্ষা কবচ সাজে, যিবোৰ তেওঁলোকে ঘৰ-বাৰী, চালি-মন্দিৰ, কুঁৱা আদি স্থানত ৰাখে। এনেদৰে ৰাখিলে অপায়-অমংগল বা শিলাবৃষ্টি, বৰষুণ আদিয়ে গৃহস্থক অনিষ্ট কৰিব নোৱাৰে বুলি বিশ্বাস কৰা হয়। ৰক্ষা কবচ সজাৰ সামগ্ৰীসমূহ হৈছে- গুদ্দেৰ পাখাৰ পাত, ভেটেমালি, বনমালি, যাত্ৰাসিদ্ধি, কাণশিশা, ধানশিশা, কালা বাসকা, ধাওলা বাসকা, নিমতিতাৰ পাত, বেতেৰ পাত আৰু গজালি, নাগডেউনা, দীঘলতিৰ ডাল আৰু পাত, মাখিয়তি, বিষ ঢেঁকীয়া, ওদলাৰ ছাল-বাকলি, বেহু, বিষ কুটুলী, ভাং গাঞ্জা, কাতুৰীৰ ফুল, নৰসিংহৰ ডাল-পাত। 

মঙ্গোলীয় গোষ্ঠীৰ অন্তৰ্গত তিৱাসকলে বিহুক পিচুবুলি কয়। তেওঁলোকে বহাগ বিহুৰ উৰুকাৰ দিনা বাৰীৰ ফল-মূল, তামোল-পাণ আদি গছ-গছনিৰ শ্ৰীবৃদ্ধি আৰু ফল-ফুল লাগিবৰ বাবে ধান খেৰেৰে বান্ধ দিয়ে। লোকবিশ্বাস অনুসৰি এনে নকৰিলে গছবোৰৰ বৃদ্ধি নহয়, ফল কমকৈ লাগে। তেওঁলোকে খেতি-পথাৰত নমাৰ আগতেই খেতিৰ সা-সঁজুলিবোৰ ধুই-পখালি পিঠাগুড়িৰ পানী চটিয়াই শুচি কৰা হয়। গৰু বিহুৰ দিনা নাঙল-যুৱলি আদি খেতিৰ সঁজুলিৰ আগত পূজা দিয়ে। তাৰপিছত উপাস্য দেৱতাৰ নামত কুকুৰা চৰাই বলি দিয়ে আৰু সেই বলিৰ তেজ নাঙল-যুৱলিৰ ওপৰত চটিয়াই দিয়ে। গৰু গা ধুৱাই উভতি আহোঁতে পথাৰত ধানখেতি লহপহকৈ বাঢ়িবৰ বাবে আৰু অনিষ্টকাৰী পোক-পৰুৱা আঁতৰি যাবৰ বাবে ভাং, দীঘলতি আৰু পচতীয়া গছ ৰোৱে। তিৱাসকলৰ ডেকা-গাভৰুসকলে একেলগে বোকা-পানী গচকি বিহু নচাৰ লগতো এটা বিশ্বাস জড়িত হৈ আছে। পৃথিৱীৰ উৰ্বৰা গুণ বৃদ্ধি হৈ খেতি-বাতি ভাল হবলৈ এই পৰম্পৰাৰ সৃষ্টি হৈছিল। 

ঠেঙাল কছাৰীসকলে বিহুৰ প্ৰথম দিনা মৃতকক দিয়াঅনুষ্ঠান পাতে। মৃতকক দিয়াঅনুষ্ঠান হৈছে মৃত পূৰ্বপুৰুষসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি পতা অনুষ্ঠান। এই অনুষ্ঠান বিহুৰ আৰম্ভণিতে কৰা হয়। এই অনুষ্ঠানত মৃত ব্যক্তিয়ে জীৱিতকালত খোৱা বিভিন্ন খাদ্যৰ লগত থুৰীয়া তামোল আসন পাতি সজাই-পৰাই চাকি এগছি জ্বলাই ৰান্ধনিঘৰত দিয়া হয়। খাদ্যসমূহ মৃতকে কোনেও নেদেখাকৈ আহি খাই সন্তুষ্ট হৈ পৰিয়ালৰ মংগল কামনাৰে আশীৰ্বাদ দি যায় বুলি বিশ্বাস কৰা হয়। সেইবাবে পুৱা জা-জলপান আৰু সন্ধিয়া ভাত-আঞ্জা আদি মৃতকক  দিয়াহয়। মৃতকক দিলেহে বছৰটোলৈ পৰিয়ালৰ একো অপায়-অমংগল নহয় বুলি ঠেঙাল কছাৰীসকলৰ লোকবিশ্বাস আছে। 

দেউৰীসকলে বিহুৰ প্ৰথমদিনা ঘৰদেও পূজা পাতে। প্ৰথমদিনা পাতিব নোৱাৰিলে বহাগ মাহৰ যিকোনো এদিন এই পূজা পাতে। তেওঁলোকৰ বিহু থানঘৰৰ দেওপূজাৰ দ্বাৰা আৰম্ভ হয়। দেওপূজাত দেওধনীৰ আৱিৰ্ভাৱ হয়। লোকবিশ্বাস অনুসৰি ঘৰত ঘৰদেউ পূজা নাপাতিলে থানঘৰত দেওধনীৰ আৱিৰ্ভাব নহয়। যাৰ ঘৰত দেওধনি থাকে সেইখন ঘৰত পৰম্পৰাগত ৰীতি-নীতিৰে বিহুৰ প্ৰথম দিনাখন ঘৰদেও পূজা কৰে। ঘৰদেও পূজাক সুবচনী পূজা বুলিও কোৱা হয় আৰু এই পূজা নাপাতিলে দেওধনি থানঘৰলৈ ওলাই আহিব নোৱাৰে। দেউৰীসকলে গৰু বিহুৰ দিনা কণী যুঁজ খেলে। লোকবিশ্বাস অনুসৰি কণী যুঁজত যিজন জিকে সেইজনে শস্যৰ বীজ প্ৰথমে সিঁচিলে উৎপাদন ভাল হয়।

বড়োসকলে বহাগ বিহুক বৈছাগু বুলি কয়। পহিলা বহাগৰ দিনা কাহিলীপুৱাতে খেৰাই পূজাৰ ছত্ৰাওঁলি সুৰৰ বাঁহী বজাই নতুন বছৰক ওলগ জনায়। তেওঁলোকৰ বিশ্বাস অনুসৰি এই বাঁহীৰ সুৰত সাপৰ কণী ঘোলা হয়। আকৌ কোনো কোনো ঠাইত পহিলা বহাগৰ দিনা পুৱা মেঘে গাজিলে সাপৰ কণী ঘোলা হয় বুলি লোকবিশ্বাস আছে। মৃতকক দিয়াঅনুষ্ঠান আন আন জনগোষ্ঠীৰ দৰে বড়োসকলৰ মাজতো প্ৰচলিত। তেওঁলোকৰ মাজত নিম তিতা খোৱাৰ প্ৰথা প্ৰচলিত হৈ আছে। তিতা খোৱা পৰম্পৰাই বিগত বছৰটোক ত্যাগ কৰা বুজায়। তেওঁলোকে বিহুৰ দিনাখন পীৰাত নবহে, পীৰাত বহিলে পিতৃ-মাতৃৰ মূৰত বহাৰ নিচিনা হয় বুলি বিশ্বাস কৰা হয়। ইয়াৰ উপৰিও সেইদিনাখন কোনেও কাজিয়া নকৰে, কাজিয়া কৰিলে পৰজনমত গৰু হৈ জন্মিব লাগে বুলি বিশ্বাস কৰা হয়। 

অসমত থকা বিভিন্ন জনগোষ্ঠীৰ মাজত প্ৰচলিত লোকবিশ্বাসসমূহৰ অধ্যয়ন কৰিলে উমৈহতীয়া লোকবিশ্বাস কিছুমান চকুত পৰে। অৰ্থাৎ এটা জনগোষ্ঠীৰ মাজত প্ৰচলিত এটা বিশ্বাস আন এটা জনগোষ্ঠীৰ মাজতো প্ৰচলিত থকা দেখা যায়। উদাহৰণস্বৰূপে মৃতকক দিয়াঅনুষ্ঠানৰ লগত জড়িত বিশ্বাস মঙ্গোলীয় গোষ্ঠীৰ অন্তৰ্গত প্ৰায়বোৰ জনগোষ্ঠীৰ মাজতে প্ৰচলিত থকা দেখা যায়। অৱশ্যে বেছিভাগ জনগোষ্ঠীৰ মাজত প্ৰচলিত অনুষ্ঠানসমূহৰ লগত জড়িত বিশ্বাসৰ তাৰতম্য থকাও দেখা যায়। আনহাতে এই বিশ্বাসসমূহ লোকসমাজৰ বা ব্যক্তিৰ কল্যাণৰ বাবে যে অতীতৰে পৰা পালন কৰি অহা হৈছে সেই কথাও বুজিব পাৰি। 

  

তথ্য :

১/ লোক-উৎসৱ : ধ্ৰুৱকুমাৰ তালুকদাৰ

২/ উত্তৰ-পূৰ্বাঞ্চলৰ জনগোষ্ঠীয় লোক-সংস্কৃতি            সম্পাদক : দেৱজিৎ বৰা 

৩/ অসমৰ জনগোষ্ঠীয় লোকসংস্কৃতি : ড৹ চন্দ্ৰ কমল চেতিয়া

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *