অহা জনমত মিনুক মই বিয়া পাতিম-মৌচুমী বৰি
নব্বৈ দশকৰ কথা৷ মই মিনুৰ প্ৰেমত পৰিছিলোঁ৷ আপুনি নিশ্চয় ভাবিছে মই মিনুৰ প্ৰেমত কেনেকৈ পৰিলোঁ! আচলতে মই মিনুক টিউচন কৰিছিলোঁ৷ মই আছিলোঁ হায়াৰ চেকেণ্ডাৰী পৰীক্ষা দিয়া পিলিঙা ডেকাটি আৰু মিনু আছিল ক্লাছ নাইনৰ পাট গাভৰুজনী৷ ভাল লগাৰ কথাই, নহয়নে বাৰু?চাৰিচকুৰ মিলনেৰে আমাৰ প্ৰেমৰ জাগৰণ হৈছিল৷ মই মিনুলৈ প্ৰেমপত্ৰ লিখিবলৈ আৰম্ভ কৰি দিছিলোঁ৷ মিনুৱেও মোলৈ চিঠি দিছিল৷ আমাৰ প্ৰেম ইমান তুঙ্গত উঠিছিল যে মই মিনুক “দেহা” বুলি মাতিহে হৃদয় শাঁত পেলাব পাৰিছিলোঁ৷ মিনুৱেও মোক জানটো, সোণটো বুলি মাতিছিল৷ মিনুৰ মাকেও মোক বৰ মৰম কৰিছিল সেয়ে মই এশ শতাংশই নিশ্চিত আছিলোঁ যে মিনু আৰু মোৰ প্ৰেমত বাধাৰ খলখলনিতো নাহেই আমাৰ বিবাহতো কোনেও দা, কুঠাৰ নুঘূৰায়৷
এদিন মই ইঞ্জিনিয়াৰিঙ চিট পাই পঢ়িবলৈ গুচি আহিলোঁ৷ মিনুলৈ অনবৰতে চেৰেং চেৰেংকৈ মনত পৰিবলৈ ধৰিলে৷ মিনুৰ মাকেও মোক কৈ পঠাইছিল মাজে মাজে চিঠি পত্ৰ দি থাকিবলৈ৷ সেয়ে এদিন দুখন চিঠি লিখিলোঁ, এখন মিনুৰ মাকলৈ আৰু এখন মিনুলৈ মানে মোৰ ‘দেহা’লৈ৷ মিনুলৈ বুলি লিখা চিঠিখন দিলোঁ মিনুৰ লগৰ বান্ধৱী এজনীৰ ঠিকনাত৷ যথাসময়ত মোৰ চিঠি গৈ মিনুলৈ আৰু মিনুৰ মাকৰ হাতত পৰিল৷ কিন্তু ই কি! মিনুলৈ বুলি লিখা চিঠিখন ভুলতে মাকলৈ লিখা চিঠিৰ লেফাফাত সোমাই পৰিছিল৷ দেহামণি, জানমণি বুলি লিখা মোৰ চিঠিখন মাকে হাতত লৈ গম পাইছিল জীয়েৰৰ লগত মোৰ প্ৰেমলীলা৷ তাৰপিছত মোৰ ঘৰত কথাবোৰ জনোৱা হৈছিল৷ ইয়াৰ পিছত কি হ’ল বুলি আপুনি মোক সুধিব বিচাৰে নেকি? সুধিব বিচাৰে যদি মই আজিও নাকৰ পানী, চকুৰ পানী একাকাৰ কৰি, হুক হুককৈ কান্দোন তুলি ক’ব বিচাৰিম যে অহা জনমত মিনুক মই বিয়া পাতিমেই, পাতিমেই আৰু পাতিমেই৷
☆ ★ ☆ ★ ☆
1:39 pm
হা হা বা, প্ৰেম মানে ভালকৈয়ে ফাটিলে।
10:10 am
হা হা। প্ৰেম যোৰা লগাৰ আগতে ফাটিল
10:28 am
? ভাল লাগিল
3:31 pm
কিচ্নঅ।
11:01 pm
হাঃ হাঃ