ফটাঢোল

বহাগতে ফাগুনৰ বিয়া-ববিতা শইকীয়া

ফাগুন মানেই ধূলিয়ৰি,

ধূলিয়ৰি মানেই

ল’ছালিমখাৰ জ্বৰ কাহ৷

জ্বৰ কাহ মানেই

কফ আৰু শেঙুন

ফাগুন মানেই শেঙুন৷

 

ফাগুন মানেই সৰা পাত,

সৰাপাত মানেই

বাঢ়নী আৰু ঝাড়ু

বাঢ়নী ঝাড়ু  মানেই

কঁকালত টাঙোন৷

ফাগুন মানেই টাঙোন৷

 

ফাগুন মানেই মদাৰ, পলাশ

আৰু শিমলু,

মদাৰ, পলাশ, শিমলু মানেই

ফেবুত কবিতাৰ বৰ্ষণ৷

কবিতাৰ বৰ্ষণ মানেই

“এই জাই কবিতাই নে?”

তাকে চিন্তি উঠি যায়

মূৰত আগুন৷

ফাগুন মানেই আগুন৷

 

ফাগুন মানেই শেঙুন

শেঙুন মানেই টাঙোন

টাঙোন মানেই আগুন৷

বহাগতে ফাগুনৰ বিয়া৷

☆ ★ ☆ ★ ☆

 

Leave a Reply

Your email address will not be published. Required fields are marked *