বিভ্ৰান্তি- মৌচুমী গগৈ
ৰক্তিম : হেল্ল’, আপুনি উকীল বিনোদন বৰুৱা নহয় জানো?
বৰুৱা : হয়, মই বিনোদন বৰুৱাই কৈছোঁ।
ৰক্তিম : দাদা, মোৰ এটা ডাঙৰ সমস্যা
হৈছে, আপুনি সহায় কৰিব পাৰিব নেকি?
বৰুৱা : আপুনি মোক প্ৰথমে সমস্যাটো কওকচোন। তাৰপিছত কি কৰিব পাৰোঁ, চিন্তা কৰিম।
ৰক্তিম : বিশ্বাস কৰক দাদা, মোৰ কোনো ভুল নাছিল। মোক প্ৰথমে আক্ৰমণ কৰাৰ কাৰণেহে মই নিজকে বচাবলৈ সিহঁতক আঘাত কৰিছিলোঁ,
নহ’লে মই আজিলৈকে কাকো গালি
এটাও দি পোৱা নাই। মই একেবাৰেই নিৰ্দোষী মানুহ দাদা। মই এতিয়া কি কৰিম একো ভাবি পোৱা নাই।
বৰুৱা : আপুনি প্ৰথমে শান্ত হওকচোন। মই যিমান পাৰোঁ আপোনাক সহায় কৰিবলৈ চেষ্টা কৰিম বাৰু।
ৰক্তিম : মোৰ বহুত ভয় লাগিছে দাদা, মই পুলিচৰ ওচৰলৈ যোৱা ভাল হ’ব
নেকি?
বৰুৱা : নহয়, নহয়। আপুনি এতিয়াই
পুলিচৰ ওচৰলৈ যাব নালাগে। পুলিচে কেচটো ওলোটাই আপোনাকেই ফচাই দিব পাৰে, গতিকে আপুনি প্ৰথমে মোৰ ওচৰলৈ আহক। আমি দুয়োজনে ভালদৰে আলোচনা কৰি লওঁ, কি কৰিলে ভাল হ’ব ।
ৰক্তিম : মোৰ ঘৰৰ পৰা বাহিৰলৈ ওলাবলৈ ভয় লাগিছে দাদা। যদি বাহিৰত আকৌ সিহঁতে মোৰ ওপৰত আক্ৰমণ কৰে।
বৰুৱা : ঠিক আছে, আপুনি ঘৰৰ পৰাই গোটেই ঘটনাটো বিবৰি কওকচোন।
ৰক্তিম : শুনক তেন্তে। মই আধাঘণ্টামান আগতে অফিচৰ পৰা ঘৰলৈ আহি আছিলোঁ। হঠাতে আলু আৰু বিলাহী নথকাৰ কথাটো মনত পৰাত বজাৰত সোমাই আলু এক কেজি আৰু বিলাহী আধা কেজি কিনি
ল’লোঁ। তাৰপিছত ঘৰ পাই দৰ্জাখনৰ চাবিটো খুলি ভিতৰত ভৰিটো থৈছোঁহে, তেনেতে সিহঁতি
মোক চাৰিওফালৰ পৰা আক্ৰমণ কৰিবলৈ ধৰিলে। ময়ো ভয়ত হাততে
যি পালোঁ, তাৰেই সিহঁতক মাৰিবলৈ ধৰিলোঁ। এটাই মূৰত গুৰুতৰভাৱে
আঘাত পালে আৰু বাকী তিনিটা
পলাই গ’ল।
বৰুৱা : (উদ্বিগ্ন ভাৱে) বাকী তিনিটা কোনফালে ওলাই গ’ল। সিহঁতক কোনোৱে নেদেখিলে নেকি?
ৰক্তিম : কেনেকৈ দেখিব দাদা, সিহঁতে
দুৱাৰেদি পলাই যোৱা নাই নহয়, খিৰিকীখনত থকা ফুটাটোৱেদিহে ওলাই গ’ল।
বৰুৱা : (আচৰিত হৈ) খিৰিকীয়েদি পলাই গ’ল? মানে ভালদৰে বুজাই ক’বনে?
ৰক্তিম : মানে দাদা, আজি মোক অফিচৰ পৰা অহাৰ লগে লগেই চাৰিটা মহে একলগে আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে, ময়ো হাতত থকা আলু, বিলাহীৰে সিহঁতক আঘাত কৰি নিজকে বচাবলৈ সক্ষম হওঁ। তেতিয়াই দুয়োপক্ষৰ মাজত চলি
থকা হতা-হতিৰ ফলত এটা মহ
গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ
মাটিত বাগৰি পৰে আৰু বাকী তিনিটা পলাই যাবলৈ সুবিধা পালে। এতিয়া আপুনি কওক দাদা, মোৰ কিবা ভুল আছিল নেকি?
বৰুৱা : (খঙতে) আপোনাৰ একো ভুল নাই, ইমানদেৰি আপোনাৰ এই পাগলামিখিনি শুনি থকাটো মোৰহে ভুল আছিল। আপুনি পুলিচ ষ্টেচনলৈ যাব নালাগে, তেজপুৰৰ মানসিক
হস্পিতালৰ টিকট এটা কাটি বাছত
উঠি দিয়ক।
বৰুৱাই ফোনটো কাটি দিলে।
ৰক্তিম : এতিয়া ৰাইজেই কওকচোন, মোৰ কি ভুল আছিল।
☆ ★ ☆ ★ ☆
4:40 pm
হা হা। বঢ়িয়া
10:19 pm
উকীলটো বুৰ্বক বনি গ’ল।