ফটাঢোল

কৈ থাকিলে ওৰকে নপৰে-পল্লৱী শৰ্মা

                           (১)

শুনক শুনক ৰাইজ কথা এটা কওঁ

কৰ’নাৰ লটিঘটিৰ কথা উদঙাওঁ

ল’ৰা-ছোৱালীক স্কুলত দিলে নাম লগাই

মাকবোৰেও বোলে ৰক্ষা পৰিলোঁ আমি

কিহৰনো চিন্তা আমাৰ দুনাই।

                           (২)

 উকা উকা বহীবোৰ হাতে হাতে লৈ

 ঘৰতে স্কুল যোৱাৰ আখৰা চলায়

 মিনিটে মিনিটে পাকঘৰলৈ দৌৰি যায়

 কি ৰান্ধিছে মাকহঁতে

 বাৰে বাৰে চকু ডাঙৰ কৰি চায়।

                            (৩)

 চকুৱে মুখে বিৰক্তিৰ ভাব সানি মাকহঁতে

 সন্তানৰ ভালপোৱাৰ ডিমাণ্ড পূৰা কৰে

 দিনৰ দিনটো পাকঘৰতে

 বিধে বিধে ৰান্ধে

 মাকবোৰো একেবাৰে লেবেজান হৈ পৰে।

                           (৪)

 কাৰ কিমান আশা ভাগিল কাৰ কিমান কপাল ফুলিল

 কোনে বুজি পাব হায়, কোনে বুজি পাব

 বুজি পালেও কোনোবাই

 কৰিব নোৱাৰে একোডাল

 কৈ থ’লোঁ বাৰম্বাৰ, কৈ থ’লো বাৰম্বাৰ।

                           (৫)

বিহু বুলি আগধন দি নাচনী বুক কৰি

থৈছিল ঢুলীয়া ককায়ে যোৱা চ’ততে

এইবাৰ বিহু হ’ব বুলি

ভাবি ঢুলীয়াৰ দল

বুক কৰা নাচনীৰ ওচৰলৈ ঢপলিয়াই মাৰিলে লৰ।

                             (৬)

পইচা মাৰি নাচনী গ’ল যে পলাই

খৱৰ পাই বিহুৱাৰো মাতবোল হেৰাই

কি কৰিব, কি হ’ব

ভাবি তৎ নাপায়

কৰ’নাকে উধাই-মুধাই গালি সোধায়।

                              (৭)

ধুম-ধাম পইচা তুলি বিহু কমিটিবোৰে

বিহু পাতিম বুলি ধন ল’লে আগে ভাগে

বিহুৰ বাবে চান্দা দি

মানুহবোৰো গ’ল ভাগৰি

পিছে কৰ’নাই বিহু বন্ধ কৰি লগাই দিলে খেলিমেলি।

                              (৮)

 টকাবোৰ পাই কমিটিৰ জেপ গৰম হ’ল

 মনে মনে ভালেই পালে চুপে চাপে ৰ’ল

 পাঁচশ টকীয়া, হাজাৰ টকীয়া

 হাতে হাতে লৈ

 কিমানৰ যে কপাল ফুলিল তাৰ হিচাপ নাই।

                              (৯)

 কৰ’নাৰ লটিঘটিৰ অন্ত যে নাই

 কৈ থাকিলে ওৰকে নপৰে কিমান শুনিবা ভাই

 দায় দোষ নধৰিব

 মনৰ কথাহে ক’লোঁ

 সেৱা এভাগ জনাই সকলোকে বিদায় মাগিলোঁ।

☆ ★ ☆ ★ ☆

2 Comments

  • বন্দিতা জৈন

    মজা

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    বঢ়িয়া৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *