কৰ’ণাৰ কৃপা – মিণ্টু কলিতা
বিহুতলি নিজম পৰিল
সেৰেঙা দিলে বজাৰ
কিনো ভয়ংকৰ ঐ
চিন নাই ৰজা-প্ৰজাৰ!
আই ঐ দেহী বোপাহঁত
বেয়াই লাগে দেখি
জেল সানি ফেঞ্চি উঠাই
বহিছিলহে আহি।
ক’ৰপৰানো আহিল হায় ঐ(হায়ৈ)
খাকী ককাইহঁত
তেলসনা টাঙোনেৰে
উখহালে হেৰি।
আমেজকণৰো মুদা মৰিল
হোটেলত বহি চাহৰ
এটা মাত্ৰ শুনিলেই
চিটিকি পৰে কাঁহৰ।
সিহঁৰ বটলৰ জোৰনো কি
জুলীয়া বুলেটৰ ওচৰত সি
সকলো বেমাৰৰ পৰিল তল
কৰ’ণাই হ’লগৈ কৰ্মফল।
চেগ চাই বুজি সুধিলোঁ বোলো
“মূলতে ধৰিলা মানুহক কিয়?
বোলে নিয়ম নমনা জীৱ ইটো
তাতকৈ বেছি সহজ কিটো।”
☆ ★ ☆ ★ ☆