ফটাঢোল

ৰহঢলাৰ ভূত-উৰ্বশী প্ৰান্তৰ ভাগৱতী

আজি দহ বাৰ বছৰমানৰ আগৰ কথা দেই। সৰু, সুন্দৰ দেৰগাঁৱৰ দৰে ঠাইটুকুৰাৰ বাসিন্দা হিচাপে  অলপ চিৰিয়াছ খবৰবিলাক আমি সোনকালেই পাই গৈছিলোঁ। এনেকুৱা এটাই চিৰিয়াছ ঘটনা ঘটিছিল দেৰগাঁও গোলাঘাটৰ মাজত থকা বৃহত্তৰ ৰহঢলা পথাৰৰ সোঁমাজত। ঘটনাটো আছিল এনেকুৱা, মৃতদেহ এটা পষ্টমৰ্টেমৰ বাবে নিব লগা হ’ল দেৰগাঁও থানাৰ পৰা গোলাঘাট চিভিল হাস্পতাললৈ, যিহেতু দেৰগাঁও গোলাঘাট জিলাৰ অন্তৰ্গত। নিব লগাটো লাগেই তাকো আকৌ ৰাতি এঘাৰ মান বজাত। ড্ৰাইভাৰ আৰু এজন মৃতদেহ লৈ ৰাওনা হ’ল গোলাঘাটলৈ। যাত্ৰা আৰম্ভ কৰি গণকপুখুৰি পাওঁ কি নাপাওঁতেই এজনৰ আকৌ সৰু পানী চুবৰ হ’ল। গাড়ীৰ পৰা অলপ আঁতৰি গৈ তেওঁ কামফেৰা কৰোঁতেই ইজনো নামি আহিল টিপতে ৰাজা অকন মুখত ভৰাই লওঁ বুলি। নহ’লে আকৌ ভাগহে দিব লাগিব। তেওঁলোকে  নিজৰ নিজৰ কামত ব্যস্ত হৈ থাকোঁতেই পথৰ দাঁতিত বহি থকা আধা বলিয়া এটা আহি গাড়ীৰ পিছফালে লাহেকৈ উঠি ল’লে, মৃতদেহৰ লগত। আমাৰ ককাইহঁতে গমেই নাপালে ইতিমধ্যে পেচেঞ্জাৰ উঠিল বুলি। অলপ সময় পিছত পুনৰ গাড়ী চলিবলৈ লাগিল। দুয়োৰে এনে মনোভাৱ আৰু ক’তো নৰওঁ, চিধাই গোলাঘাট চিভিল। পিচে বিধিৰ বিপাক, ৰহঢলা পথাৰৰ সোঁঁমাজ পাইছে আৰু, ফুটিল নহয় গাড়ীৰ চকা। “ধেইত তেৰি”… বুলি দুইটাই বিৰক্তিত নাক কোঁচাই ইফালে-সিফালে চালে। ক’ত বাৰু ৰহঢলা পথাৰত গাড়ীৰ টায়াৰৰ দোকান পাব। তাকো পথাৰৰ সোঁমাজত। এপিনে গাড়ীত স্পেয়াৰ টায়াৰও নাই। উপায় নাই, কি কৰিব আৰু। এজনে বোলে কোনোবা এজন ৰওঁ, এজন কিবা এখনত উঠি আগলৈ গৈ টায়াৰ মেৰামতি কৰাই আনোগৈ। সেইমতেই কাম। ড্ৰাইভাৰ ৰ’ল গাড়ী সহিতে মৃতদেহৰ ৰখীয়া হৈ। অলপ সময় পথৰ দাঁতিয়ে দাঁতিয়ে পায়চাৰি কৰি আমনি লাগিল ড্ৰাইভাৰৰ। টায়াৰ মেৰামতি কৰি কেতিয়া ঘূৰি আহি পায়হি ইজন ঠিকনা নাই। এনেকৈ বাহিৰত থকাতকৈ গাড়ীৰ ভিতৰত বহি থকাই ভাল। ইতিমধ্যে ঘড়ীয়ে বাৰ বজাৰ সংকেত দিছিল। গাড়ীত বহি ড্ৰাইভাৰে গান এটা গুণগুণাইছে আৰু, পিছফালৰ সংলগ্ন সৰু গ্লাচখন খুলি আধা বলিয়াই বোলে, “অ’ দাদা, অ’ দাদা, গাড়ীখন কিয় ৰৈ গ’ল?” একো ভাবিব নোৱৰা হৈ অলপ পৰ থৰ হৈ ৰ’ল ড্ৰাইভাৰ। তাৰ পিছত আৰু কি! আধাবলিয়া ৰকড্‌, ড্ৰাইভাৰ চকড্‌! শুনা কথাহে দেই।

☆ ★ ☆ ★ ☆

5 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *