ফটাঢোল

চিৰি মতী-দেবজিত শইকীয়া

(বিধিসন্মত সতৰ্কীকৰণ : বিবাহিতসকলৰ বাবে দেই৷ অবিবাহিত পুৰুষ নামৰ অলপ ধতুৱাসকলে পঢ়ি যাতে ভয় নাখায়)

শব্দটোৱেই ভয় লগা৷ চিৰি মতী৷ বিবাহৰ পিছৰে পৰা অন্যৰ বাবে সপ্তাহৰ বাৰ সাতটা পিচে বিবাহিতসকলৰ বাবে আঠটা৷ সোমবাৰ, মঙ্গলবাৰ….ৰবিবাৰ আৰু পৰিবাৰ৷ বাৰু চিৰি মতী কিয় ভয় লগা তাকে ক’ব ওলাইছোঁ৷ শব্দটোকে চাওক৷ শ্ৰীমতী অৰ্থাৎ মতাৰ পিছত এডাল দীৰ্ঘয়ীকাৰ বহি শব্দটোক আৰু জোৰ দিছে৷ আকাৰ ডালৰ ভেলুৱেই নাই বুজিছেনে? বিয়াৰ পিছত চিৰিমতীয়ে যিটো আকাৰ ধাৰণ কৰে জিভা মেলি গিৰিয়েক শিৱৰ বুকুত ভৰি দি থিয় হৈ থকা আমাৰ দৰে শিৱবোৰলৈ মনত পৰে৷ আমি অলপ শিৱ টাইপেই দিয়কচোন৷ অকনমানটো শিৱৰ দৰে নিচা কৰোঁৱেই সকলোৱেই৷ হেভি নিচা জাতীয়বোৰ নধৰিলেওটো এট লিষ্ট চাধা পালি বা ৰজনিবিধ ধৰোঁ৷

বাৰু যি কি নহওক যোৱাকালিৰ কথা৷ নিশা কিমান হৈছিল সঠিককৈ ক’ব নোৱাৰিম৷ কাৰণ ম’বাইল নামৰ যন্ত্ৰবিধ চিৰিমতীৰ লগত থাকিলে চাইলেণ্ট কৰি চাৰ্জত দি শুই থকা মোৰ পুৰণি অভ্যাস৷ বিয়াৰ আগত পিচে তেনে নাছিল৷ ম’বাইলত যদি বৰ্তমানৰ চিৰিমতী অৰ্থাৎ আগৰ প্ৰেমিকাজনীয়ে মেচেজ দিলে উত্তৰ নিদিয়া দুই মিনিট দেৰি হয় “কি কৰি আছিলা? ম’বাইলটো লগত নাথাকে নেকি? চাইলেণ্ট কৰি থোৱা নেকি? নাজানা নেকি মই মেচেজ দিম” ইত্যাদি ইত্যাদি বাক্যবানেৰে থকাসৰকা কৰা গৰাকীয়ে বিয়াৰ পিছত ম’বাইল ল’লে “এইটো কি এৰিব নোৱাৰা নেকি? এইটোকে ডিঙিত আঁৰি লোৱা, কি ইমান কাম থাকে ম’বাইলত? কাৰ লগত কথা পাতি আছা?” ইত্যাদি বাক্যবানৰে থকাসৰকা কৰাৰে পৰা মোৰ দৰে ইণ্টেলিজেণ্ট বিবাহিতসকলে সকলো মেচেজ দিলিট কৰি শুৱাৰ আগতে আজৰি হৈ চাইলেণ্ট কৰি চাৰ্জত দি শুই থকা এটা নিয়ম৷ অৱশ্যে নিশা চিৰিমতীৰ নাকৰ শব্দৰ প্ৰাৱল্য বঢ়াৰ লগে লগে ম’বাইলটোত ফেচবুকৰ নটিফিকেচন আৰু ৱাটচএপটোত এবাৰ চকু ফুৰোৱাটো মোৰ দৰে বিবাহিতৰ এটা অভ্যাস৷

পিচে কালি ৰাতি অঘটন ঘটিল৷

মই চিৰিমতীৰ নাকৰ ঘোৰঘোৰণি দেখি ম’বাইলটোৰ ৰিজলিউচন কমাই টিপিছিলোঁহে৷ “তোমাক আজি চাই ল’ম” বুলি যি দৰে চিঞৰিলে মোৰ হাতৰ ম’বাইল ঘপককৈ মাটিত পৰি দুফাল৷

কথাষাৰ কৈ চিৰিমতীৰ পুনৰ নাকৰ শব্দ৷

কেচ কি! মই একো নুবুজিলোঁ৷ ভয় খাই বুকুত দুবাৰমান থু থু কৰি পুনৰ শোৱাৰ ভাও ধৰিলোঁ৷

পুৱা,

: শুনিছা?

চিৰিমতীৰ মাতত সাৰ পালোঁ৷ লগে লগে ৰাতিৰ কথা মনত পৰিল৷ মনতে ভাবিলোঁ আজি পুৱাই পুৱাই দিলে আৰু এপালি৷ একো নজনাৰ দৰে বোলো,

: কোৱা৷

চিৰিমতীয়ে বোলে,

: কালি এটা সপোন দেখিছিলোঁ জানা৷ তুমি বোলে আমাক সন্ধিয়া ফুৰাবলৈ নিছিলা৷ গাড়ীখন পাৰ্ক কৰি আহোঁ বুলি নাই অহা বহু দেৰিলৈ৷ মই ৰৈ আছোঁ ৰৈ আছোঁ ৰৈ আছোঁ৷ মই ভাবিলোঁ কি হ’ল?

: তাৰ পিছত?

মোৰ প্ৰশ্ন

: তাৰ পিছত আৰু কি? মই সপোনতে ভাবিলোঁ তুমি সেই আগৰ ডাংকাটি গাৰ্লফ্ৰেণ্ডজনী লগ পাই কথা পাতি আছা৷ সেয়ে মই গাড়ী থোৱা ঠাইলৈ আহিলোঁ৷ গাড়ী আছে কিন্তু তুমি নাই৷

: তাৰ পিছত?

মোৰ প্ৰশ্ন৷

: তাৰ পিছত মই ইফালে-সিফালে বিছাৰিলোঁ৷ তুমি নাই৷ সপোনতে মোৰ সন্দেহ আৰু বাঢ়িল৷ মই চিউৰ হ’লোঁ তুমি তাইক লৈ ৰেষ্টুৰাঁত সোমাইছা৷ গতিকে ময়ো ওচৰৰ ৰেষ্টুৰাঁখনলৈ গৈ “চিকেন জাফৰানি অৰ্ডাৰ দি” মনে মনে চাই থাকিলোঁ৷

: তাৰ পিছত?

মোৰ প্ৰশ্ন

: তাৰ পিছত ৱেইটাৰজনে চিকেন জাফৰানি আনি টেবুলত থওঁতেই ৰেষ্টুৰাঁৰ বাহিৰত মই তোমাক দেখা যেন পাই দৌৰা দৌৰিকৈ ওলাই আহিলোঁ৷ চিকেনখিনি খাবলৈও নাপালোঁ জানা? তেনেতে সপোনটো ভাঙি থাকিল৷ এতিয়া তুমি সঁচাকৈ কোৱা যে গাড়ী পাৰ্ক কৰাৰ পিছত তুমি ক’ত গৈছিলা?

: ক’ত গাড়ী পাৰ্ক কৰিছিলোঁ আৰু মই কেতিয়া ক’ত গৈছিলোঁনো? কালি দেখোন মোৰ অফিচৰ পৰা অহাই দেৰি হৈছিল?

মোৰ উত্তৰ৷

: মই সপোনৰ কথা কৈছোঁ৷ ৰিয়েলৰ কথা কোৱা নাই৷ সঁচাকৈ কোৱা ক’ত গৈছিলা? বান্দৰীজনীক লগ কৰিবলৈ গৈছিলা? সঁচা হয় নে নহয় কোৱা?

: হাৰে মোৰ ইমান সাহ নাই যে তোমাৰ সপোনত মোৰ এক্সক লগ কৰিবলৈ যাম৷

মোৰ উত্তৰ৷

: তেন্তে ক’ত গৈছিলা?

চিৰিমতীৰ প্ৰশ্ন

: য়াৰ, কেতিয়া ক’ত গৈছিলোঁ?

: মোৰ সপোনত৷

চিৰিমতীৰ ৰঙা চকু৷

: অ জান গাড়ী পাৰ্ক কৰিব যাওঁতে মোৰ বৰকৈ সৰু-পানী চুব লাগিছিল৷ মই পাব্লিক টইলেট বিচাৰি গৈছিলোঁ৷ বিশ্বাস কৰা৷ তোমাৰ শপত৷ তুমি সপোনটো ভালকৈ মনত পেলোৱাচোন৷ তুমি ৰেষ্টুৰাঁঁত চিকেন জাফৰানি অৰ্ডাৰ দিওঁতে বাহিৰত মোক দেখিছিলা নে নাই যে মই পেণ্টৰ জিপ মাৰি আছিলোঁ৷ সঁচাকৈ কোৱা৷

এনেদৰে ফাকি মৰা মোৰ পুৰণি স্বভাৱ৷ আচলতে সময়ে সকলো শিকাই৷

: নাই মন নকৰিলোঁ৷

চিৰিমতীৰ উত্তৰ৷

: সেয়া তুমি মোক ভালকৈ মনেই নকৰা৷ যোৱা মই বেয়া পাইছোঁ৷ য়াৰ তোমাৰ বাহিৰে মই ছোৱালী, মহিলা কি মাইকী জেঠীটোও নাচাওঁ য়াৰ৷

: হুহ৷ মোক ভুলাবলৈ আহিছা? আজি সপোনটোৰ পিছৰখিনি চালে গম পাম নহয়৷

চিৰিমতীয়ে কথাষাৰ কৈ উঠি গ’ল৷ হে প্ৰভু! আজি চিৰিমতীৰ সপোনত যা-তা নেদেখুৱাবা প্ৰভু৷ তোমাৰ নামত ষোল্লটা সোমবাৰ মই পানীকণ নোখোৱাকৈ থাকিম৷ বচাবা প্ৰভু৷ যা-তা নেদেখুৱাবা৷

☆ ★ ☆ ★ ☆

One comment

  • ৰাজশ্ৰী শৰ্মা

    ইমান ভয়ানক জীৱ নে এইবিধ!

    Reply

Leave a Reply to ৰাজশ্ৰী শৰ্মা Cancel reply

Your email address will not be published. Required fields are marked *