ক্ৰচ কানেকচন – দেবজিত শৰ্মা
“তাৰপিছত”?
সহপাঠী সৌৰভলৈ চাই প্ৰশ্ন কৰিলোঁ৷ ঘটনাৰ পটভূমি এম বি এ কৰি থকা সময়ৰ৷ সৌৰভ মানুহটো এনেয়ে ভালেই যদিও সাংঘাতিক কৃপণ আৰু কামোৰ৷ সি প্ৰকৃততে ফিল’চফি বা গৱেষণামূলক কিবা বিষয়ত যাব লাগিছিল৷ কিবা বিসংগতিত হে মেনেজমেণ্ট কৰিবলৈ আহিল৷ যিকোনো বিষয়তে তাৰ সম্পূৰ্ণ ওলোটা দৃষ্টিভংগী থাকিবই৷ লগতে তাৰ নিজৰেই আৱিষ্কৃত থিয়ৰীবোৰ! তাৰ নিজৰ মনত সি ডিটেকক্টিভ ৰয়ৰপৰা আৰম্ভ কৰি আইনষ্টাইনলৈ সকলো৷
বিগত কেইদিনমানৰপৰা সৌৰভে আৱিষ্কাৰ কৰিছে আমাৰে সহপাঠী অদিতি তাৰ প্ৰেমত পৰিছে, মানে সৌৰভৰ ভাষাত লাইন দিবলৈ আৰম্ভ কৰিছে৷ অদিতি আৰু সৌৰভৰ যুতিটো আপাতদৃষ্টিত সোঁ আৰু বাওঁ পন্থাৰ ৰাজনৈতিক মতবাদৰ মানুহ মিলি চৰকাৰ বনোৱাৰ সমকক্ষ বুলিয়েই আমি পতিয়ন গৈছিলোঁ কিন্তু তাক কোনে বুজায়৷ সৌৰভ খুবেই নম্ৰ আৰু অদিতি অগ্নিকন্যা বুলিলেও ভুল নহয়৷ কিন্তু অঁকৰা মৈত উঠিল যেতিয়া তাক কোনে নমাব?
: তাৰপিছত আৰু কি! তাই নিজে কি কৰে চাওঁ ৰহ৷ আজিও খুব ধুনীয়াকৈ গুড মৰ্ণিং দিছে৷ কিবা এটাতো পাক্কা আছে৷ আৎচা,তই ৰ’, মই বায়’ডাটাখন ফটোষ্টেট কৰাই আনো৷ কাইলৈ ফিলিপচৰ ইণ্টাৰভিউ আছে৷
মোক বিশেষ কোৱাৰ সুযোগ নিদি সৌৰভ কোবাকোবিকৈ জগত শৰ্মাৰ ফটোকপি কৰা দোকানখনলৈ আগবাঢ়ি গ’ল৷ ইমান সময়ে মোৰ কাষতে ৰৈ নিৰৱে কথা শুনি থকা সহপাঠী সঞ্জয় ডেকায়ে মুৰটো দুপিয়াই হাঁহি এটা মাৰিলে৷ এই হাঁহিৰ ৰহস্য মই বুজি পাওঁ,আফটাৰ অল মোৰ সি ক্ৰাইম পাৰ্টনাৰ৷
পৰৱৰ্তী দিনাখন ইণ্টাৰভিউ ভালেৰেই হৈ গ’ল৷ আমাৰ ইতিমধ্যে কেম্পাচ চিলেকচনত চাকৰি হৈ যোৱাৰ বাবে এইটোত বহাৰ সুযোগ নাপালোঁ৷ দিনৰ প্ৰায় ১মান বজাত সৌৰভৰ লগত ইণ্টাৰভিউ চাকৰি আদিৰ কথা পাতি থাকোঁতেই তাৰ ফোনটো ৰিং কৰিলে,
সৌৰভ : হেল্ল’,কোনে কৈছে?
সিফালৰ পৰা : মই ফিলিপচৰ উত্তৰ-পূবৰ হেডে কৈছোঁ৷ এইটো সৌৰভ গুপ্তাৰ নম্বৰ হয় নে?
সৌৰভ : হয় চাৰ, মই সৌৰভে কৈছোঁ৷
সিফালৰ পৰা : সৌৰভ তোমাৰ বায়’ডাটা আৰু ইণ্টাৰভিউৰ ৰিজাল্ট বৰ্তমান মোৰ হাতত৷ খুব সুখী তোমাৰ অভাৰঅল পাৰ্ফমেন্সত৷ আমাৰ কোম্পানীত জইন কৰিবলৈ ইচ্ছুক নে?
সৌৰভ : হয় চাৰ, হয় চাৰ৷
হেড : ভেৰি গুড, মই অফাৰ লেটাৰ সাজু কৰিবলৈ HR-ক কৈ দিম৷ তুমি আজি সন্ধিয়া ৮টা মানত আমাৰ HR-ক ফোন কৰি দৰমহা আদিৰ কথা পাতি ল’বা৷ মই ফোন নম্বৰ এটা দিওঁ,নোট কৰা৷
সৌৰভে কোম্পানীৰ বছে দিয়া নম্বৰটো নোট কৰি আমাৰ আগতেই জাঁপ এটা মাৰি দিলে৷ ইমান দিনে কৃপণ হিচাপে নাম থকা সৌৰভে সেইদিনা মুক্তহস্তে মোৰ চিকেন ৰোল আৰু কফিৰ বিলো পৰিশোধ কৰিলে৷
সন্ধিয়া আঠবজাত সৌৰভৰ ৰূমত মই আৰু সঞ্জয়৷ সি ফোন লগালে, দৰমহাৰ কথা পাতিবলৈ৷ ফোনটো লগাই দুটামান শব্দ কৈ শেষ নহওঁতেই সিফালৰপৰা বৰ্ষণ হোৱা গালিৰ ভমকত ফোনটো কাটি দিবলৈ বাধ্য হ’ল৷
তাৰ শেঁতা পৰা মুখখনলৈ চাই প্ৰশ্ন কৰিলোঁ,
: কি হ’ল ৰে?
সি বৰ দুখেৰে উত্তৰ দিলে
: কোনোবাই মোৰ লগত বদমাছি কৰিলে৷ নম্বৰটো অদিতিৰ আছিল৷ মই তাইৰ লগত চেনী খাবলৈ চেষ্টা কৰা বুলি ভাবি সোঁৱে বাঁৱে ভালকৈ গালি দিলে৷ ফিলিপচৰ বছটোও নকল আছিল৷ তহঁতে কাকো নক’বি দেই, বৰ লাজৰ কথা হ’ব৷ চাকৰি প্ৰেম দুইটাই নহ’ল ৰে৷
আমি মূৰ দুপিয়াই ক’লোঁ
: নকওঁ কাকো, চিন্তা নকৰিবি।
আৰু আমিও নিজে কৰা দুষ্কাৰ্যৰ কথা বেলেগক কিয় ক’বলৈ যাম যে সঞ্জয়েই বছ হৈ সৌৰভক ফোন কৰিছিল৷ সদায় বেলেগৰ মূৰত কঠাল ভাঙি খোৱা আৰু হোৱাই নোহোৱাই কামোৰ দি থকাৰ বাবে সৰুকৈ শিক্ষা এটা দিয়াৰ আঁচনি আমাৰ বহুদিন আগৰে আছিল৷
যি কি নহওক, চাকৰি পোৱাৰ ফূৰ্তিতে সৌৰভৰ টকাৰে অনা লোকেল মুৰ্গীৰ মাংসখিনিয়েনো কি দোষ লগালে৷ সৌৰভলৈ চাই মাত দিলো,
: যি হ’ল হৈ গ’ল আৰু! চাকৰি পাই যাবি৷ সদ্যহতে তই নহৰু আৰু পিয়াঁজ সাজু কৰ৷ মই চিকেন ধুই ৰান্ধিবলৈ আৰম্ভ কৰো৷
☆ ★ ☆ ★ ☆
1:07 pm
হাঃ হাঃ! বঢ়িয়া৷
4:05 pm
নেপাই দেই।