ফটাঢোল

এখন অস্বস্তিকৰ বিছনা (মূল : গি দ্য মোপাচাঁ) : অনুবাদ : বিবেকানন্দ চৌধুৰী

শৰতৰ এটা দিনত মোৰ কিছুমান বন্ধুৰে সৈতে চিকাৰ অভিযান এটাত ওলাই মই পিকাৰ্ডিৰ এটা প্ৰাসাদত গৈ আছিলোঁ। মোৰ বন্ধুকেইজন আছিল কিছু ধেমেলীয়া ধৰণৰ, মানে কিবাকিবি গণ্ডগোল কৰি থৈ আহুকালত পেলাই ৰং চাই ভাল পোৱা। মই অৱশ্যে এওঁলোকৰ সঙ্গ বেচ উপভোগেই কৰিছিলোঁ।

মই উপস্থিত হোৱাৰ লগে লগে তেওঁলোকে মোক ৰজাৰ দৰে আদৰিলে। সেই মূহুৰ্ততে মোৰ মনত সন্দেহৰ বীজ ৰোপণ হ’ল। তেওঁলোকে বন্দুকেৰে গুলী ফুটালে, মোক সাৱটি ধৰিলে, আৰু ইমান হৈ-চৈ কৰিলে যে তেওঁলোকে যেন মোক লৈ  সাংঘাতিক আমোদজনক কিবা পাঙি থৈছে।

মই নিজকে নিজে ক’লোঁ, “চোৱা, হেৰা বুঢ়া শিয়াল, সিহঁতে নিশ্চয় তোমাৰ বাবে কিবা পাঙি থৈছে।

নিশাৰ আহাৰ খোৱাৰ সময়ত ফূৰ্তিখিনি প্ৰয়োজনাধিক আছিল আৰু হাঁহিব নলগীয়া কথাটোতো হাঁহিত ফাটি পৰিছিল। মই ভাবিলোঁ, এই মানুহবোৰে যেন চাক্ষুষ কোনো কাৰণ নোহোৱাকৈ অত্যাধিক আমোদ পাইছে। তেওঁলোকে নিশ্চয় কিবা এটা কাৰবাব পাঙি থৈছে। নিশ্চয়কৈ মই সেই আঁচনিৰ কেন্দ্ৰবিন্দু – মূল লক্ষ্য। সাৱধান!

গোটেই সন্ধিয়াটো আটায়ে প্ৰয়োজনাধিক ধৰণেৰে হুলস্থূল কৰি হাঁহি থাকিল। মই যেন বতাহত কিবা তামাচাৰ গোন্ধ পালোঁ, ঠিক যিদৰে কুকুৰে চিকাৰৰ গোন্ধ পায়। কিন্তু আঁচনিটোনো কি? মই খুব সতৰ্ক আছিলোঁ, আৰু অস্থিৰ অনুভৱ কৰিছিলোঁ। মই কোনো ধৰণৰ শব্দ, অৰ্থ বা ভাৱাবেগ মোৰ মুখেৰে নিঃসৃত হ’ব দিয়া নাছিলোঁ। প্ৰত্যেকজনেই মোৰ বাবে এক সন্দেহৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল। মই আনকি লগুৱাকেইটাৰ মুখকেইখনো সম্পূৰ্ণ অবিশ্বাসপূৰ্ণ দৃষ্টিৰে খুব সাৱধানে পৰ্যবেক্ষণ কৰিছিলোঁ।

নিশা শুবৰ সময় হ’লহি আৰু আটাইবোৰে মোক মোৰ কোঠালিলৈ আগবঢ়াই থ’বলৈ আহিল। কিয়?

তেওঁলোকে মোক ক’লে – শুভৰাত্ৰি। মই কোঠালিটোত সোমালোঁ, দুৱাৰখন জপালোঁ, আৰু তাতে থিয় হৈ থাকিলোঁ, এখোজো লৰচৰ নকৰাকৈ, জ্বলি থকা মমডাল দুহাতেৰে ধৰি। মই বাহিৰৰ বাটচ’ৰাত হাঁহি আৰু ফুচফুচনিৰ শব্দ শুনিলোঁ। ইয়াত কোনো সন্দেহ নাই যে তেওঁলোকে মোৰ ওপৰত কিবা প্ৰকাৰে চকু ৰাখিছে। মই গোটেই দেৱালবোৰ, কাঠৰ আচবাব পত্ৰ, চিলিং, ওলমি থকা গৃহসজ্জাৰ সামগ্ৰীসমূহ আৰু অৱশ্যেই মজিয়াখন খুব সূক্ষ্মভাৱে নিৰীক্ষণ কৰিলোঁ। পিচে সন্দেহ প্ৰতিষ্ঠা কৰিবলগীয়াকৈ একো নাপালোঁ। মোৰ কোঠালিৰ দুৱাৰমুখেৰে মানুহ অহা-যোৱা কৰা শব্দ শুনিবলৈ পালোঁ। তেওঁলোকে তলাৰ ফুটাটোৰে কোঠাৰ ভিতৰখন নিৰীক্ষণ কৰি আছে এই বিষয়ে মোৰ কোনো সন্দেহ নাথাকিল।

হঠাতে মোৰ মনত এটা ধাৰণা আহিল। মোৰ হাতৰ মমডাল হঠাতে নুমাই যাব পাৰে আৰু মোক আন্ধাৰত নিমজ্জিত কৰি থ’ব পাৰে।

লগে লগে মই মমদানিটোৰ ওচৰলৈ গ’লোঁ আৰু এডাল এডালকৈ তাত থকা আটাইকেইডাল মম জ্বলাই দিলোঁ।  মই আকৌ এবাৰ সমগ্ৰ কোঠালিটোত তন্ন তন্নকৈ চকু ফুৰালোঁ কিন্তু একো সন্দেহজনক দেখা নাপোলোঁ। মই চুটি চুটি খোজেৰে ধীৰে ধীৰে গোটেই কোঠালিটোত এপাক মাৰিলোঁ। একো নাই। মই প্ৰত্যেকপদ সামগ্ৰীয়েই এটা-এটাকৈ চালোঁ। একো গণ্ডগোল নাই। মই খিৰিকীখনৰ কাষলৈ গ’লোঁ। পাল্লাকেইখন, কাঠৰ বৃহৎ পাল্লাকেইখন খোল খাই আছিল। মই খুব সাৱধানে সেইকেইখন বন্ধ কৰিলোঁ, আৰু পৰ্দাকেইখন, মখমলৰ ডাঙৰ ডাঙৰ পৰ্দাকেইখন টানি দিলোঁ আৰু চকী এখন সন্মুখতে থ’লোঁ যাতে বাহিৰৰ একোৰে পৰা মোৰ আৰু ভয় কৰিবলগীয়া কোনো কথা নাথাকে।

এইবাৰ মই অতি সাৱধানে বহিলোঁ। হাত থকা চকীখন মজবুত আছিল। মই বিছনালৈ যাবলৈ কোনো পদক্ষেপ নল’লোঁ। পিচে নিশা ক্ৰমাৎ গভীৰ হৈ গৈ আছিল আৰু মই নিজেই সিদ্ধান্তত উপনীত হ’লোঁ যে মই এটা জধামূৰ্খ। যদি সিহঁতে মই ভবা ধৰণে মোক গোপনে নিৰীক্ষণ কৰি আছে, মোক হাঁহিয়াতৰ পাত্ৰ কৰিবলৈ মোৰ বাবে পাতি থৈ দিয়া ফান্দখন কাৰ্যকৰী হোৱা মূহুৰ্তলৈ অধীৰ অপেক্ষাৰে বাট চাই, তেন্তে সিহঁতে নিশ্চয় মোৰ অন্তৰত সৃষ্টি হোৱা এই ত্ৰাস প্ৰত্যক্ষ কৰি বাগৰি বাগৰি হাঁহিছে। সেয়ে মই বিছনালৈ যোৱাৰে সিদ্ধান্ত ল’লোঁ। কিন্তু বিছনাখনহে কিবা বৰ সন্দেহজনক লাগিল। মই পৰ্দাকেইখন ভালদৰে আঁজুৰি টানি চালোঁ। সেইবোৰ ঠিকেই লাগি থকা যেন লাগিল।

যিয়েই নহওঁক, বিপদ নিশ্চয়কৈ আছে। মই বিছনাত উঠাৰ লগে লগে হয়তো ওপৰৰ পৰা চেঁচা পানীয়ে মোক ধুৱাই নিব আৰু নতুবা তুলীখনে সৈতে মই মজিয়াত সৰি পৰিম। মই মনতে এনে সকলোবোৰ ৰং চোৱা ধেমালি কথা মনতে আওৰাবলৈ যত্ন কৰিলোঁ, যিবোৰৰ বিষয়ে মোৰ পূৰ্ব অভিজ্ঞতা আছে। আৰু মই ধৰা দিব খোজা নাছিলোঁ। নিশ্চয়কৈ নহয়। নিশ্চয়কৈ নহয়! তেনেতে মোৰ মনত চাটকৈ চিন্তা এটা খেলালে যিটো মোৰ নিৰাপত্তাৰ নিশ্চিতি আছিল। মই দোধোৰ-মোধোৰকৈ তুলীখনৰ কাষত ধৰি ল’লোঁ, আৰু লাহে লাহে মোৰ গাৰ ফালে টানিলোঁ। এইখন বিছনাৰ পৰা ওলাই আহিল, তাৰ ওপৰত থকা গাৰু বিছনা চাদৰ আদিৰ সৈতে। মই গোটেইখিনি কোঠালিটোৰ মাজভাগলৈ চোঁচৰাই লৈ আহিলোঁ‌, একেবাৰে প্ৰৱেশদ্বাৰৰ মুখলৈ। মই পৰামতে মজিয়াতে বিছনাখন সাজু কৰিলোঁ, খাটখনৰ পৰা আৰু সেই চুকটোৰ পৰা, যিটোৱে মোক বহু দুৰ্ভাৱনা দিছে। তাৰ পাছত মই আটাইকেইডাল মম নুমুৱালোঁ আৰু খেপিয়াই খেপিয়াই বিছনাখনৰ ওচৰলৈ গৈ বিছনাচাদৰখন গাত লৈ শুই দিলোঁ।

তাৰপাছতো মই প্ৰায় এঘণ্টা সাৰে থাকিলোঁ, সামান্যতমো শব্দতো চক খাই উঠিছিলোঁ। প্ৰাসাদত সকলো নিস্তব্ধ হৈ পৰিছিল, আৰু মই টোপনিৰ কোলাত ঢলি পৰিলোঁ। মই নিশ্চয়কৈ বেছ কিছু সময় গভীৰ টোপনিত আছিলোঁ, কিন্তু হঠাতে মই গাৰ ওপৰতে গধুৰ বস্তু এটা পৰাত খকমকাই সাৰ পালোঁ। একে সময়তে মোৰ মুখমণ্ডলত, ডিঙিত আৰু বুকুত উতলি থকা জুলীয়া কিবা পদাৰ্থৰ স্পৰ্শৰ যন্ত্ৰণাত চিঞৰি দিলোঁ। আৰু লগতে আছিল এটা ভয়লগা শব্দ, যেন কাঁচ আৰু চিনামাটিৰে ঠাঁ‌হ খাই থকা আলমাৰী এটাহে যেন চুৰ্চুময় হৈ ভাগি পৰিল – এনে কাণতাল মৰা শব্দ।

মোক হেঁচা মাৰি ধৰি উশাহ বন্ধ কৰি পেলোৱা ভৰটোৰ চাপত মই লৰচৰ কৰিব নোৱৰা হৈ আছিলোঁ। মই কোনোমতে হাতখন মেলি বস্তুটোনো কি গমি চাবলৈ যত্ন কৰিলোঁ। এখন মুখ, এটা নাক, একোচা গোঁফ মোৰ হাতত লাগিল। তাৰ পাছত মোৰ গাত থকা সমস্ত শক্তি একগোট কৰি মই মস্ত এটা ঘোঁচা সোধালোঁ‌ সেই মুখখনত। কিন্তু তাৰ প্ৰতিক্ৰিয়াস্বৰূপ মোৰ মুখত চৰ আৰু ঘোঁ‌চাৰ বৰষুণ পৰিল আৰু তাৰ পৰা পৰিত্ৰাণ পাবলৈ মই তিতা কাপোৰৰ আৱৰণৰ পৰা জাঁ‌প মাৰি ওলাই আহিলোঁ আৰু নিশাৰ পোছাকেৰেই বাটচৰালৈ দৌৰ মাৰিলোঁ, সেই দুৱাৰখনেৰে যিখন মই খোলা অৱস্থাত পালোঁ।

হে হৰি, এয়াচোন একেবাৰে দিনৰ তগবগীয়া ৰ’দ। সেই শব্দবোৰে মোৰ বন্ধুসকলক মোৰ কোঠালিলৈ দৌৰাই আনিলে, আৰু আমি উভতি পুনৰ কোঠালিত সোমাই দেখিলোঁ সেই অপ্ৰস্তুত খানচামাজনক মোৰ এদিনীয়াকৈ পৰা বিছনাখনত হাত-ভৰি মেলি লাং খাই পৰি থকা — যিজনে ৰাতিপুৱাৰ চাহ পৰিৱেশন কৰিব আহি দুৱাৰ খোলা পাই পোনেই সোমাই আহি মজিয়াত থকা বাধাৰ স্তুপটোত উজুটি খাই চিতভোলোঙা খাই পৰিল আৰু মোৰ মুখতে মোৰ ৰাতিপুৱাৰ আহাৰখিনি উবুৰিয়াই দিলে।

মই খিৰিকীৰ পাল্লাবোৰ আঁটি আঁটি বন্ধ কৰা, কোঠালিটোৰ সোঁমাজত শুবলৈ লোৱাৰ দৰে সাৱধানতাখিনিয়ে ওলোটাই মোৰ ওপৰত সেই আহুকালত পেলাই ৰং চোৱা খেলটোৰ কাৰণ হ’ল, যিটো নহ’বৰ বাবে মই সকলোধৰণৰ প্ৰয়াস কৰিছিলোঁ।

অঃ! সেইদিনা আমি কিমান যে হঁহা নাছিলোঁ !

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply to nilakshi kakati Cancel reply

Your email address will not be published.