ফটাঢোল

ৰুদ্ৰমা দেৱী-অভিজিত কলিতা

(প্ৰথম খণ্ড)

“নমস্কাৰ। মোৰ নাম ৰুদ্ৰমা দেৱী, মোৰ বয়স ৪০০ বছৰ…………..”

কি হ’ল? ইমান অদ্ভূতকৈ চালে যে? আপুনি ভাবিছে নিশ্চয় মই ধেমালি কৰিছোঁ। এনেই আপোনাক ভয় খুৱাবলৈ চেষ্টা কৰিছোঁ। জানো আপুনি তেনেকৈয়ে ভাবিব। আপোনাৰ ভবাৰ ওপৰত মোৰনো কি নিয়ন্ত্ৰণ আছে? আৰু যোৱা ৩৬০ বছৰত আপোনাৰ দৰে মানুহ বহুত দেখিলোঁ, লগ পালোঁ। অভিজ্ঞতাৰ পৰাই আপোনাৰ এই চাৱনিটোৰ অৰ্থ বুজি পাওঁ মই। কিন্তু মই আপোনাক দোষ নিদিওঁ। আপুনি মোৰ কথা বিশ্বাস কৰিবলৈ অসুবিধা পাবই। ৪০০ বছৰ বয়সৰ কথাটো বাদেই দিয়ক, আপুনি ৰুদ্ৰমাৰ দৰে নামৰ মানুহো আপোনাৰ জীৱন কালত লগ পোৱা নাই। ৰুদ্ৰমা দেৱী…. ইস্ একেবাৰে যেন ইতিহাসৰ পাতৰ পৰা উঠাই অনা মহাৰাণী এগৰাকীৰহে নাম! কিন্তু মই আপোনাৰ এই উপহাসক উপহাস কৰি ক’ব খোজো যে, হয় মোৰ নাম ৰুদ্ৰমা দেৱীয়েই হয়, মই ইতিহাসৰ পাতৰ পৰাই আহিছোঁ আৰু মই এগৰাকী মহাৰাণীয়েই। 

হয়! ৪০০ বছৰ আগতে এই ভূখণ্ডৰ সকলোতে জনাজাত সৰু অথচ শক্তিশালী আৰু সকলোতকৈ উন্নত জনপদবিলাকৰ এখন, বিজয়গড়ৰ মহাৰাণী মই। বিজয় নগৰৰ শেষ মহি‍ষী – ৰুদ্ৰমা দেৱী। বৃটিছৰ অাগ্ৰাসন, প্ৰতিবেশী শত্ৰু ৰাজ্য আৰু লগতে ঘৰ বিভীষণৰ ষড়যন্ত্ৰত নিঃশেষ হৈ যোৱা আৰু এখন প্ৰতিপত্তিশীল জনপদৰ শে‍ষগৰাকী ৰাণী মই, যাৰ সৌন্দৰ্যৰ চৰ্চা কেৱল ভাৰতৰ জনপদবোৰতে নহয়, সূৰ্য অস্ত নোযোৱা বৃটিছ সাম্ৰাজ্যতো হৈছিল। মোৰ চিত্ৰ অংকন কৰিবলৈ পেৰিছ, লণ্ডনৰ পৰা চিত্ৰশিল্পী আহিছিল। কিন্তু আমাৰ দেশৰ নিয়ম অনুযায়ী, সেই চিত্ৰবোৰ বাহিৰলৈ লৈ যোৱা মোৰে নহয়, মোৰ দেশৰো অপমান বুলি ভবা গৈছিল। সেইবোৰ চিত্ৰ আজিও আছে। জহি খহি নিঃশেষ হৈ যোৱা বিজয়নগৰৰ ৰাজমহলৰ দেৱালত মকৰাজালেৰে ঢাক খাই আজিও আছে, বিদেশী চিত্ৰকৰে অঁকা মোৰ পৰ্ট্ৰেইট, মোৰ ছবি। সুপ্ৰশস্ত ৰাজমহল, ৰাজমহলৰ আগফালে চকুৰে মনিব পৰালৈকে ফুলনি, ফোঁৱাৰা, পিছফালে সৰল গছৰ অৰণ্য, পাহাৰ, কুলুকুলু সুৰেৰে বৈ যোৱা এখন সৰু শিলাময় পাহাৰীয়া নদী আৰু লগতে অগণন দাস দাসী, মৰমীয়াল বলবান স্বামী, সুখী প্ৰজা… কি নাছিল মোৰ? কিন্তু আজি মই নিঃস্ব, পৰাধীন আৰু এক শেষ নোহোৱা অপেক্ষাৰ মায়াজালত বন্দী। সেইবোৰ কথাই ক’বলৈ ওলাইছোঁ আজি। 

এই যে মই কথাখিনি ক’লোঁ – তাৰ পৰা আপোনাৰ কি ভাৱ হৈছে, মই জানোঁ। আপুনি ভাবিছে কোনোবা সস্তীয়া দক্ষিণ ভাৰতীয় হ’ৰ’ৰ চিনেমাৰ কাহিনী শুনাই মই আপোনাক বুৰ্বক সজাবলৈ খুজিছোঁ। কিনো কৰিম কওকচোন? মোৰ জীৱন কাহিনী সেই চিনেমাবোৰৰ লগত মিলিলে মোৰ কি দোষ? তেওঁলোকেহে মোৰ কাহিনী নকল কৰিছে, ৪০০ বছৰৰ আগতে চিনেমা বোলা বস্তুটো আছিল জানো? তেন্তে মই তেওঁলোকৰ কাহিনী কেনেকৈ নকল কৰিম?

মোৰ জীৱন কাহিনী সঁচাকৈয়ে এনেকুৱা চিনেমাবোৰৰ লগত মিলে, সাংঘাটিক প্ৰতিপত্তিশালী এখন দেশ, প্ৰজাবৎসল ৰজা, সুন্দৰী সাম্ৰাজ্ঞী, সুখী প্ৰজা, ঈৰ্ষাকুৰীয়া প্ৰতিবেশী শত্ৰু, আৰু শেষত আইচিং ইন দ্য কেক’ৰ দৰে ইষ্ট ইণ্ডিয়া কোম্পানী, এই সকলোবোৰ চিনেমাৰ মছলা মোৰ জীৱনত আছে। গতিকে এইখিনি কথা মই বহলাই নকওঁ, আপোনালোকৰ জানিবৰ মন গ’লে দক্ষিণ ভাৰতৰ যিকোনো এখন পিৰিয়ড চিনেমা চাই ল’ব। চিনেমাৰ নামৰ শেষত দেৱী শব্দটো থাকিলেতো কথাই নাই, মোৰ সৈতে এশ শতাংশ মিলি যাব। গতিকে চমুৱাই কওঁ, আমাৰ প্ৰতিবেশী দেশ ‘ধৰ্মনগৰৰ’ সৈতে আমাৰ বিজয়গড়ৰ বহু শতিকা যোৰা শত্ৰুতা আছিল, আজিকালি আপোনালোকৰ সেই ভাৰত পাকিস্তানৰ দৰে, আৰু শেষৰ ফালে সেই শত্ৰুতাৰ জুই ঘিউ ঢালিছিলোঁ মই! মানে ঠিক মই নহয়, মোৰ সৌন্দৰ্যই। ধৰ্মনগৰৰ অহংকাৰী সম্ৰাট জয়দেৱ মোৰ প্ৰেমত বলিয়া হৈ গৈছিল, যিকোনো উপায়েৰে তেওঁ মোক পাব খুজিছিল, প্ৰয়োজন হ’লে মোৰ স্বামীক হত্যা কৰি হ’লেও। কিন্তু তেওঁ কেইবাবাৰো চেষ্টা কৰিও বিফল হৈছিল, বিজয়গড়ৰ সৈতে বাৰম্বাৰ যুদ্ধত পৰাজিত হৈ তেওঁৰ দেশ কঙাল হৈ গৈছিল, ৰাজনৈতিক, আৰ্থিক, সামৰিক সকলো দিশেই অধঃপতনৰ চূড়ান্ত সীমাত উপনীত হৈছিলগৈ ধৰ্মনগৰ। কিন্তু সেই উন্মাদ ৰজাই হাৰ মান নাছিল, আৰু শেষত নিকৃষ্ট চাতুৰিৰ সহায় লৈছিল। ইষ্ট ইণ্ডিয়া কোম্পানীক বিজয়গড়ৰ প্ৰাচুৰ্যৰ লোভ দেখুৱাই আৰু বিজয়গড়ে ধৰ্মনগৰৰ ওপৰত কৰা অত্যাচাৰৰ কিছুমান মিছা কাহিনী প্ৰচাৰ কৰি তেওঁ বৃটিছক বিজয়গড় আক্ৰমণ কৰোৱাইছিল আৰু মোৰ বীৰ স্বামী আৰু আমাৰ সমগ্ৰ সেনাবাহিনী সেই যুঁজত ব্যস্ত হে থাকোতেই, জয়দেৱে কেইজনমান ঘৰশত্ৰুৰ সহায়ত বিজয়গড়ৰ ৰাজধানী অধিকাৰ কৰি মোক ৰাজমহলত অৱৰূদ্ধ কৰি পেলাইছিল। মোৰ স্বামীয়ে এই দুমুখীয়া আক্ৰমণ সহ্য কৰিব নোৱাৰিলে, সেইদিনাই সমুখ সমৰত তেওঁ প্ৰাণত্যাগ কৰিলে আৰু এদিন বিজয়গড় নামৰ এখন দেশ ইতিহাসৰ পাতৰ পৰা বিলুপ্ত হৈ গ’ল। থাকি গ’লোঁ কেৱল মই। 

 

মই বুজি পাইছোঁ আপুনি কি ভাবিছে! হাজাৰবাৰ শুনিছে আপুনি এই কাহিনী, একদম ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিয়’ৰ। একো নতুনত্ব নাই এই কাহিনীত। আমনি পাইছে নহয়? পিছে মোৰ উপায় নাই, মোৰ কাহিনীটোৱেই তেনেকুৱা, আগতেই কৈছোঁ নহয়। ইয়াৰ পাছৰ পৰা অৱশ্যে কাহিনীত কিছু টুইষ্ট এণ্ড টাৰ্ণ আহিব। অলপমান ধৈৰ্য ধৰক প্লীজ!

মই কি কৈ আছিলোঁ – অঁ মোৰ স্বামীৰ মৃত্যুৰ কথা। হয়, সেই সংবাদ পাই মই ভাগি পৰিছিলোঁ, এনে লাগিছিল যেন মোৰ সকলো শেষ হৈ গ’ল, মই নিজেই মহাশূন্যত বিলীন হৈ গ’লোঁ – নিঃশেষ হ’ল মোৰ অস্তিত্ব, মোৰ জীৱন আৰু মৃত্যুৰ কোনো পাৰ্থক্যই নাইকিয়া হৈ গ’ল। বিজয়গড়ৰ প্ৰায় সকলো সৈনিক ইতিমধ্যে শ্বহীদ হৈছিল, সাধাৰণ প্ৰজাই দেশ এৰি পলায়ন কৰিছিল আৰু আমি, মানে মোৰ দেহৰক্ষীকেইজন আৰু মোৰ প্ৰায় ৫০ গৰাকী পৰিচাৰিকা আৰু লগত কিছু দাস দাসী ৰাজমহলত আৱদ্ধ হৈ ৰৈছিলোঁ। সকলোৱে মোক এৰি যোৱাৰ পাছতো মোৰ পৰিচাৰিকা আৰু দেহৰক্ষীসকলে মোক পৰিত্যাগ কৰা নাছিল। তেওঁলোকৰ বাবে মই তেতিয়াও তেওঁলোকৰ ৰাণী। আৰু মই ভাগি পৰিলেও ৰাণী হিচাপে মোৰ দায়িত্ব পাহৰি যোৱা নাছিলোঁ। তেওঁলোকক সাহস দি কৈছিলোঁ – মই কোনোপধ্যে সেই ৰাক্ষস জয়দেৱৰ সৈতে বুজাপৰা নকৰোঁ। 

ইয়াৰ পিছৰ ঘটনাখিনিও মোটামুটি আপোনালোকে দেখা চিনেমাবোৰৰ দৰেই, বিজয়গড়ৰ পৰাজয় নিশ্চিত হোৱাৰ পাছত, আমাৰ সামান্য প্ৰতিৰোধ নেওচি জয়দেৱ ৰাজমহললৈ সোমাই আহিল আৰু আশাকৰা মতেই মোক বন্দী কৰি বিবাহৰ প্ৰস্তাৱ ৰাখিলে। ভাবি চাওক, মোৰ স্বামী ৰণবিজয় সিঙৰ মৃত্যুৰ দিনাই, মোৰ স্বামীৰ হত্যাকাৰীয়ে মোক বিবাহৰ প্ৰস্তাৱ দিছে। মোৰ মনৰ অৱস্থা ভাৱি চাওক আপুনি! তাতকৈ মৃত্যু হাজাৰ গুণে শ্ৰেয় নহয় জানো? হয়, আৰু মই মৃত্যুকে আদৰিব খুজিলোঁ। হাতত শিকলি বন্ধা অৱস্থাৰেই মই লুকুৱাই থোৱা খঞ্জৰেৰে আক্ৰমণ কৰিলোঁ জয়দেৱক। আৰু এনে ঠাইত আক্ৰমণ কৰিলোঁ – যাতে মই কিয়, ৰাক্ষস জয়দেৱে আৰু কোনো ৰমণীকে বিবাহ কৰাৰ উপযুক্ত হৈ নেথাকে। মই সৰুৰে পৰা অস্ত্ৰ আৰু শাস্ত্ৰ দুইটাৰে শিক্ষা লৈ ডাঙৰ হোৱা ছোৱালী, মোৰ আক্ৰমণ বিফল হ’বই নোৱাৰে। 

এতিয়ালৈকে কাহিনীত সেই আগৰ ষ্টেণ্ডাৰ্ড প্ৰচিডিয়’ৰেই চলি আছে বাৰু, মই জানোঁ। কিন্তু মই আপোনাক অনুৰোধ কৰিছোঁ, ইমান সময় ধৈৰ্য ধৰিলেই যেতিয়া আৰু কেইমিনিটমান সময় মোক দিয়ক। নিজৰ পুৰুষত্ব হেৰুৱাৰ ক্ৰোধত ব্যাকুল হৈ জয়দেৱে মোৰ মোৰ দাসী আৰু দেহৰক্ষীসকলৰ সৈতে জীৱন্তে সমাধিস্থ কৰাৰ আদেশ দিলে। আৰু তেওঁ যিটো উপায় কৰিলে, সেইটো তেওঁৰ নিজৰ নহয়,  তেওঁ সেইটোও মোগল সম্ৰাট আকবৰৰ পৰা নকল কৰিলে, তেওঁ আমাক এটা কোঠাত ভৰাই চাৰিওফালে পকা দেৱাল গাঁঠি দিবলৈ আদেশ দিলে – অনাৰকলিলৈ মনত পৰিছে নে আপোনাৰ? ধিক্কাৰ,  নকল-নবিচ কৰবাৰ। নিজৰ বুদ্ধি একো নাই, সৱ চুৰি কৰা, প্ৰতিবেশী দেশৰ ৰাণীৰ প্ৰেমত পৰা, বিদেশী শত্ৰুক বৰপীৰা দি মাতি অনা, ঘৰশত্ৰু মবিলাইজ কৰা, সকলো আগতে কোনোবাই কৰা কাম, তাৰ নিজস্ব আইডিয়া এটাও নাই তাত। সেইকাৰণেই আপোনাৰ মোৰ কাহিনীটোও ক’ৰবাৰ পৰা চুৰি কৰা যেন লাগিছে। মোৰ কাহিনীৰ মূল ভিলেইনেই সকলো নকল কৰা আইডিয়া ব্যৱহাৰ কৰিছে, গতিকে মোৰ কাহিনীটো তেনেকুৱাই হ’ব নে নহয়? মোৰ দোষ আছে জানো তাত?

আৰু এটা কথা কৈ থওঁ, মই এটা পৌৰাণিক কাহিনীত ইমানবোৰ ইংৰাজী শব্দ ব্যৱহাৰ কৰাৰ বাবে আপোনাৰ হজম হোৱা নাই, নহয় জানো? সেয়ে এটা কথা আপুনি জানি থোৱা আৱশ্যক, মোৰ পিতাই মোক শাস্ত্ৰৰ লগতে আধুনিক শিক্ষাও দিছিল, মই ইংৰাজী আৰু উৰ্দু দুইটা ভাষাই জানিছিলোঁ, সেয়ে মোৰ কথাত বিভিন্ন ভাষাৰ শব্দবোৰ মিহলি হৈ গৈছিল। আমাৰ দিনৰ মানুহবোৰে কেৱল সংস্কৃত ভাষাতে কথা পাতিছিল বুলি থকা আপোনাৰ ধাৰণাটো আচলতে ভুল।

অ’কে। তাৰ পাছত মোক মোৰ পৰিচাৰিকা আৰু দেহৰক্ষীসহ ৰাজমহলৰে এটা কোঠাত ভৰাই চাৰিওফালে দেৱাল গাঁঠি দিয়া হ’ল। কৈছোঁৱেই নহয় সেইখিনি? আৰু আমি সকলো মৰিলোঁ। কি চকু ডাঙৰ কৰি চাইছে আকৌ? তেনেকে উশাহ নোপোৱাকৈ দেৱাল গাঁঠি দিলে মানুহ নমৰিব নেকি? অঁ, আপুনি সেই ষ্টেণ্ডাৰ্ড প্ৰচিডিয়’ৰ মতে ক’ৰবাত গোপন সুৰংগ এটা থাকিব বুলি আশা কৰি আছিল নহয়? মই দুঃখিত তেনে কোনো সুৰংগ নাছিল, আচলতে তেনে এটা সুৰংগ নিৰ্মাণ কৰাৰ পৰিকল্পনা নথকা নহয়, কেপিটেল বাজেটো ৰখা হৈছিল! কিন্তু ফাইলটো ফাইনান্সৰ পৰা পাছেই নহ’ল – ঠিকাদাৰ নিশ্চিত কৰাই নহ’ল, ৱৰ্ক অৰ্ডাৰো দিয়া নহ’ল, তেনেকুৱাতে ঘটনাটো ঘটি গ’ল।

একমিনিট ৰ’ব! আপুনি কি এতিয়াও বুজা নাই? কি আচৰিত মানুহ হে আপুনি? আপুনি বুজা নাই মই ভূত বুলি! হে ভগৱান, কি বুৰ্বক মানুহ হে? ৪০০ বছৰ বয়স, চাৰিওফালে পকা দেৱাল গাঁঠি দিয়া বুলি গম পোৱাৰ পাছতো আপুনি মোক কি বুলি ভাবি আছে? মই ভুল মানুহকে কাহিনীটো ক’বলৈ ল’লোঁ নেকি? চাৰ, মহোদয়, চেন’ৰ… মই ভূত। ৪০০ বছৰ বয়সীয়া এটা অতৃপ্ত আত্মা, মহাৰাণী ৰুদ্ৰমা দেৱীৰ। প্লীজ অলপ নিজৰ কমন চেন্স ব্যৱহাৰ কৰক। 

এনিৱেইজ, আমি সকলো মৰিলোঁ, কেনেকৈ, কিমান কষ্ট খাই মৰিলোঁ, সেইবোৰ কথা নবহলাওঁ। আচল কাহিনী আৰম্ভ হ’ল মৰাৰ পাছত। জীয়াই থাকোতে মই ভূত বোলা বস্তুটো লৈ ইমান মাথা মৰা নাছিলোঁ, ক’ৰবাত আছে যদিও আছে, নাই যদিও নাই। কিন্তু মৰাৰ পাছত গম পালোঁ, ভূত আছে, আৰু থকাই নহয়, ভূত সমাজ কিছুমান নিৰ্দিষ্ট নিয়ম কানুনেৰে বন্ধা এখন সংঘৱব্ধ সমাজ, ইয়াতো চিনিয়ৰিটিৰ কথা আছে, হিয়েৰাৰকীৰ কথা আছে, অৰ্গেনাইজেচনেল চাৰ্ট আছে। সকলোৱে ৪০০ বছৰ ভূত হৈ থাকিব নোৱাৰে, অলপধতুৱাবিলাক এমাহমানৰ ভিতৰতে আকৌ নতুন জনম লৈ সেই একেই ঘিচি পিটি জিন্দেগীলৈ ঘূৰি যাব লাগে। কিন্তু মই আছিলো হাড়ে হিমজুৱে ৰাজবংশৰ ৰাণী, জীয়াই থাকোতে বেছিদিন ৰাজত্ব কৰিব নোৱাৰিলে কি হ’ল – ভূতৰ জনম পোৱাৰ লগে লগে মই ঠিক কৰিলোঁ, না মই এইখন দুনীয়াও চাব লাগিব। মই ইয়াতো ৰাজত্ব কৰিব লাগিব। ইয়াত মোৰ নামৰ আগত ৺ চিহ্ন এটা থাকিব হয়, সেইবুলি ইয়াৰ পৰা যদি কিবা সুবিধা ওলাই, মইনো নলওঁ কিয়? 

আমি ভূত হোৱাৰ সন্ধিয়াই ভূত সমাজৰ কেইবাজনো বয়োজ্যেষ্ঠ লোক আহি আমাক স্বাগতম জনালে, আৰু ভূত সমাজৰ নিয়ম নীতিবিলাক সম্বন্ধে কিছু জ্ঞান দিলে। অঁ ৰ’ব, আপোনালোকক কওঁ, ভূত হৈ মোৰ কিন্তু বৰ বেছি বেয়া লগা নাছিল। মানে ধৰক এই খোৱা বোৱা, গা ধোৱা, পইচা-পাতি, এইবোৰ চিন্তা পলকতে নোহোৱা হৈ যায়। অসুখ বিসুখৰো কথা নাই, কাৰণ এইবোৰ শৰীৰতহে হয়, তেতিয়ালৈ আমাৰ শৰীৰ বোলা বস্তুটোৱেই নাইকিয়া হৈ গ’ল। অৱশ্যে শৰীৰ নোহোৱা বাবে কিছু অসুবিধাও নোহোৱা নহয়, যেনে আপুনি ভূত হ’লে গছৰ শুকান পাত এটাও লৰচৰ কৰিব নোৱাৰে। মানে পাৰিব, কিন্তু তাৰ বাবে বহুত অধ্যৱসায় লাগিব, অনুশীলন লাগিব, হাই লেভেলৰ বস্তু। পিছত ক’ম। 

সেই যে বয়োজ্যেষ্ঠ ভূত কেইজন আহিছিল, তেওঁলোকৰ মাজৰে এজনে মোৰ প্ৰতি অলপ বিশেষ গুৰুত্ব দিছিল। হাজাৰ হ’লেও মই এগৰাকী মহিলা, পুৰুষে বেছি গুৰুত্ব কেতিয়া দিয়ে মই জানোঁ। হয়তো মই জীয়াই থাকোতে তেওঁ মোক দেখিছিল, হয়তো মোৰ সৌন্দৰ্যত মোহিতও হৈছিল। এতিয়া মোৰ সেই সুন্দৰ দেহাটো নাই যদিও সেইজনাৰ হেং অভাৰ যোৱাই নাই বুলি মই পলকতে বুজি পালোঁ। আৰু সুন্দৰী মহিলাৰ বাবে পুৰুষক কাবু কৰা বাওঁহাতৰ খেল। গতিকে ময়ো তেওঁক অলপ পাত্তা দিয়া যেন দেখুৱাই ভূত সমাজৰ বহু ৰীতি নীতি, নিয়ম কানুন সেইদিনাই জানি ল’লোঁ।

তেওঁ মোক সেইদিনাই বহুত কথা ক’লে – পুৱতি নিশালৈকে আমি কথা পাতিলোঁ। মোৰো আচলতে তেওঁক ভালেই লাগিছিলগৈ। মই আওপকীয়াকৈ তেওঁক মোৰ উদ্দেশ্যৰ কথাও ক’লোঁ। চিধা কথা, জীয়াই থাকোতে মোক যিবোৰ মানুহে গড্ডাৰী কৰিলে, সেইবোৰক মই ভূত হৈয়েই শাস্তি দিব খোজোঁ, যিমান দিন লাগে লাগক। তেওঁ মোক কেইটামান গুৰুত্বপূৰ্ণ কথা ক’লে।

বহুদিন ভূত হৈ থাকিবৰ বাবে সকলোতকৈ বেছি প্ৰয়োজন এটা অতৃপ্ত আশা, এক অপে‍‍ক্ষা। আৰু সেই আশাটো একদম জোৰদাৰ হ’ব লাগিব। প্ৰথম কথা মই মোৰ তেনে এটা আশা, যিটো মই জীয়াই থাকোতে পূৰ্ণ নহ’ল, সেইটো বিচাৰি উলিয়াই, তাক হৃদয়ত খোদিত কৰি দিনে ৰাতিয়ে সেইটোকে ধ্যান কৰি থাকিব লাগিব। মই তড়িৎ গতিত চিন্তা কৰিলোঁ, কি আশা থাকি গ’লনো মোৰ? ৰাণীচোন হ’লোৱেই, কিন্তু মোৰ বহুবছৰ ধৰি একছত্ৰী সম্ৰাজ্ঞী হোৱাৰ ইচ্ছা এটা আছিল, এতিয়াও আছে, কিন্তু সেইবোৰ কথা খোলাখুলিকৈ ক’ব নোৱাৰি দিয়কচোন। গতিকে মই সৰুতে শুনা ভূতৰ কাহিনীবোৰলৈ ঘূৰি গ’লোঁ – মোক এটা কনভিন্সিং ‘এলিবাই’ লাগে, যাতে মই বহুত দিন ধৰি ভূত হৈ থাকিব পাৰোঁ, আৰু মোৰ শত্ৰুবোৰক শেষ কৰিব পাৰোঁ। ভাবি ভাবি মই পালোগৈ- মই ইয়াত ৰোমাণ্টিক এংগল এটা ব্যৱহাৰ কৰাই ভাল হ’ব। আধৰুৱা প্ৰেম… য়েচ… সেইটো এংগলে ভূত পঞ্চায়ততো অলপ চিম্পেথী ভোট আনিবলৈ সক্ষম হ’ব। ইউৰেকা! সেয়ে মই বয়োজ্যেষ্ঠ ভূতজনক কৈয়েই পেলালোঁ – আন কোনো তেনেকে নাছিল বাবে ৰণবিজয়ৰ নামকে ল’ব লগা হ’ল। মই তেওঁক ক’লোঁ – ৰণবিজয়ৰ প্ৰেমৰ বাবে মই আজিও আকুল, যু্দ্ধক্ষেত্ৰত মৃত্যু হোৱা ৰণবিজয়ৰ বাবেই মই ‘আভূতজীৱন’ অপেক্ষা কৰিব খোজোঁ। কি ক’ম আপোনাক, টুৰুপৰ ইক্কা পৰিল, জেগাত। প্ৰেম বস্তুটো বাস্তৱিকতে যেনেকুৱাই নহওক কিয়, ইয়াৰ মাৰ্কেট ভেলু সাংঘাটিক। বিশ্বাস কৰক, মই সেইদিনা মাত্ৰ দুটোপাল চকুলো টুকিছিলোঁ আৰু ভূত পঞ্চায়ত আধাঘণ্টা নিস্তব্ধ হৈ বহি আছিল। এনেকুৱা এজনো ভূত নাছিল যাৰ দুচকু সেমেকা নাছিল। ভূত সমাজে একেমুখে মোক ভূত হৈ ৰণবিজয়লৈ অপেক্ষা কৰাৰ অনুমতি দি দিলে, আৰু তাৰ বাবে সময় সীমাও আঁতৰাই দিলে। যেতিয়ালৈকে মই ৰণবিজয়ৰ প্ৰেম নেপাওঁ, তেতিয়ালৈকে মোক ভূত হৈ থকাৰ অনুমতি প্ৰদান কৰা হ’ল। অৱশ্যে মই মোৰ লগতে মোৰ পৰিচাৰিকা আৰু দেহৰক্ষীসকলৰ বাবেও সেই অনুমতি আদায় কৰি ল’লোঁ। মই হ’লোঁ ৰাণী। ভূত হ’লোঁ বুলিয়েই ৰাতিপুৱা ব্ৰাছ কৰোঁতে মই নিজে টুথব্ৰাছত টুথপেষ্ট লগাই ল’ব নোৱাৰোঁ নহয়। মোক দাসী, পৰিচাৰিকা, দেহৰক্ষী লাগিবই। প্ৰট’কলৰ কথা আছে। 

কিন্তু এইখিনিতে এটা সৰু সমস্যা ওলাল। ভূত সমাজে জানি গৈছিল যে, ৰণবিজয়ে ইতিমধ্যে আন ক’ৰবাত জনম ল’লেই… মই জানিছিলোৱেই। তেওঁ সদায়ে এনেকুৱাই ‘ডেস্পো’ আছিল, একমুহূৰ্ত ধৈৰ্য ধৰিব নোৱাৰে। এইটোও ঠিক নাই যে তেওঁ কি জন্ম ল’লে- মানুহ হ’লে বাৰু যেন তেন, কিন্তু যদি সাপ, ভেকুলী, পইতাচোৰাৰ জনম পাইছে? ‘এমিবা’ও হ’ব পাৰে। য়াকচ্! নোৱাৰি আৰু দেই। মই খবৰ ল’বলৈ অনুৰোধ কৰিলোঁ। এইখিনিতে মই এটা বৰ দৰকাৰী খবৰ গম পালোঁ। যদি ৰণবিজয়ে মানুহ হিচাপে জন্ম লোৱা নাই, তেনে ভূত সমাজে কেতিয়াও গম নেপাই, তেওঁ পিছৰ জনমত কোনজন বা কি? ভূত কেৱল মানুহ মৰিলেহে হয়, গৰু, ছাগলী, কুকুৰ, গাহৰি মৰিলে নহয়। গতিকে ইতৰ জীৱনবিলাকৰ ওপৰত ভূত সমাজৰ কোনো এক্তিয়াৰ নাই। সেয়ে আমি জীৱন কালত ভূতে পোৱা হাতী, ভূতে পোৱা ৰৌ-মাছ আদি দেখা নেপাওঁ – কেৱল ভূতে পোৱা মানুহ হে লগ পাওঁ, ভূতে মানুহকহে লম্ভে। আপুনিওতো বহুত ভূতৰ চিনেমা চাইছে, ক’ৰবাত মানুহৰ বাদে আন কিবা প্ৰাণীক ভূতে লম্ভা দেখিছে নেকি? মই তেওঁলোকৰ যুক্তিটো মানি ল’লোঁ। কিন্তু মোক ভূত সমাজে এটা ভাল খবৰ দিলে, মানুহ মৰিলে আকৌ পৰৱৰ্তী মানৱ জীৱন পোৱাৰ কিছুমান চাইকল থাকে, আৰু তাৰ পৰাই বহু কথা অনুমান কৰিব পাৰি। চাইকলবিলাক মানুহ লৈ লৈ বেলেগ বেলেগ হয়। ৰণবিজয়ৰ ৰেকৰ্ডচ চাই ভূত পঞ্চায়তে মোক জনাই দিলে যে, ৰণবিজয়ে আকৌ ৪০০ বছৰৰ পাছতহে মানৱী জনম পাব, সেইবাৰত যদি মই মিছ কৰি দিওঁ তেনে নেক্সট ৮০০ বছৰ, তাৰ পিছৰ বাৰ ১৬০০ বছৰ, এনেদৰেই এৰিথমেটিক প্ৰগ্ৰেছনত কথাবিলাক গৈ থাকিব। মানে কথা হ’ল মই ৰণবিজয়ক হাছিল কৰিবলৈ কমেও ৪০০ বছৰ ৰ’বই লাগিব। আৰু মই ৰৈ আছোঁ। ভূত পঞ্চায়তে মোক কথা দিছে, ৰণবিজয়ে পৃথিৱীৰ য’তে নহওক, মানৱী জনম পোৱাৰ লগে লগে মোক খবৰ দিব, আৰু তেতিয়াই মই আমাৰ মিলনৰ বাবে প্ৰয়োজনীয় কদম উঠাব লাগিব। আই এম অকে ৱিথ ডেট। ৪০০ বছৰ ভূতীয়া জীৱন এঞ্জয় কৰি লওঁ। তাতে আন কেইটামান কামো আছে – শত্ৰু বিনাশ, ইংৰাজ বিনাশ।  

কিন্তু কথাবোৰ ইমান সহজ নাছিল। কম সেইবোৰ কাহিনী, পিছত।

দীৰ্ঘদিন ধৰি ভূত হৈ থকাৰ অনুমতি পোৱাৰ পাছত মোৰ পৰৱৰ্তী কাম হ’ল – ভূত হৈ জীয়াই থকা মানুহবোৰক হেণ্ডল কৰাৰ কৌশল আয়ত্ব কৰা। আমাক দস্তুৰমত প্ৰশিক্ষণ দিয়া হ’ল। কেনেকৈ মানসিক শক্তিক একাগ্ৰ কৰি তাক শাৰীৰিক ৰূপ দিব পাৰি। কেনেকৈ মুহূৰ্ততে আন ৰূপ ধাৰণ কৰি মানুহক আভুৱা ভাৰিব পাৰি। কেনেকৈ নিজৰে সহস্ৰ প্ৰতিৰূপ তৈয়াৰ কৰি শত্ৰুক ভেবাচেকা খুৱাব পাৰি। আৰু ফৰ দ্য ফান, কেনেকৈ মানুহক ভয় খুৱাব পাৰি, ৰাতি বিয়লি মানুহ গৈ থাকিলে বাঁহজোপা কেনেকৈ বেঁকা কৰি বাটত পেলাই দিব পাৰি, চাৰিআলিৰ বৰগছজোপাত ওলোটাকৈ ওলমি থাকি কেনেকৈ মানুহৰ পেণ্ট গিলা কৰিব পাৰি, জলকুঁৱৰীৰ ৰূপ লৈ কেনেকৈ ধুনীয়া ল’ৰা পানীৰ তললৈ চোচৰাই নিব পাৰি, বাদুলি, হুদু, নিউ নিউ ফেঁচা, ভেম্পায়াৰ… সকলো শিক্ষা আমাক দিয়া হ’ল আৰু আমি অতি সোনকালেই সকলো ভূতবিদ্যা আয়ত্ব কৰি একো একোজন সৰ্বাংগ সুন্দৰ, শক্তিশালী ভূত ৰূপে প্ৰতিষ্ঠা লাভ কৰিলোঁ। কিন্তু মই তেতিয়াও ৰাণীয়েই আছিলোঁ, সেয়ে মোৰ সেৱক সেৱিকাসকলকো মোৰ সমানেই আগবঢ়াই নিবলৈ মই যত্নৰ ত্ৰুটি কৰা নাছিলোঁ। আৰু সেই যত্নৰ ফলতেই আমি আজি একো একোজন প্ৰতিষ্ঠিত, শক্তিশালী আৰু জনপ্ৰিয় ভূত। আৰু আমাৰ এই সফলতাৰ বাবেই মানৱ সমাজতো আমাৰ চৰ্চা সৰ্বত্ৰ আৰম্ভ হ’ল। কেনেকৈ বুজি পাইছেই চাগে… মোৰ সহচৰ সহচৰীসকলে মাজে ধেমালি কৰিলে আৰু।

মই আৰু মোৰ সাংগোপাংগ সকলো মিলি সিদ্ধান্ত ল’লোঁ যে আমি আমাৰ এই ৰাজমহলটোতে থাকিম, আন ক’ৰবালৈ গৈ, নতুন পৰিস্থিতিত এডজাষ্ট কৰাৰ প্ৰয়োজন নাই। জয়দেৱ সেইদিনাই পলাইছিল আৰু আমাৰ প্ৰজাসকলো আঁতৰি গৈছিল, গতিকে আমাৰ ৰাজমহলত আমাক ডিষ্টাৰ্ব কৰিবলৈ কোনো নাছিল। কিছুদিনৰ ভিতৰতে ৰাজমহলটো বনৰীয়া গছ লতিকাই আৱৰি ধৰিছিল, দেৱালৰ প্লাষ্টাৰ খহি পৰিছিল, ৰাজমহলৰ প্ৰকাণ্ড জপনাখন মামৰে ধৰি খুলিব নোৱাৰা কৰি পেলাইছিল, ওচৰ পাজৰৰ সকলো মানুহ আঁতৰি যোৱাৰ বাবে সমগ্ৰ ঠাইখিনি হাবি বননিৰে ভৰি পৰিছিল – মানে সকলো ফালৰ পৰা চাবলৈ গ’লে ভূত হৈ ৪০০ বছৰ কটাবৰ বাবে এই ৰাজমহলটোৱেই শ্ৰেষ্ঠতম ঠাই আছিল। 

ৰ’ব অলপ খৰকৈ আগবাঢ়িলোঁ। ভূত হৈ জীয়াই থকা মানুহবোৰৰ জীৱনত হেৰা ফেৰি কৰাৰ গুণবিলাক আয়ত্ব কৰাৰ লগে লগেই আমি সকলোৱে মিলি আমাৰ শত্ৰুবিলাকৰ ওপৰত প্ৰতিশোধ লোৱা আৰম্ভ কৰিলোঁ।  কামটো বৰ কঠিন নাছিল। মোৰ দাসীবিলাকে বিৰাট মজা পালে কামটো কৰি। জয়দেৱৰ সৈন্যবিলাকৰ মাজত এবিধ ভয়ংকৰ বেমাৰৰ বীজাণুৰ ৰূপ লৈ সোমাই গ’ল। এমাহতে সৈন্যবাহিনী চাফা। জয়দেৱক একো কৰিব লগাই নহ’ল। বাকী বৃটিছক ভূতৰ ভয় খুৱাওঁতেই কাম হৈ গ’ল – দুই চাৰিবাৰমান সিহঁতৰ কফিনৰ ঢাকোন খুলি ওলাই দিলে দুজনীমান, কি ক’ম আৰু, ১৫ জনমান বৃটিছ অ‌‌ফিচাৰে আত্মহত্যাই কৰিলে। পিছে তাৰ কিছুদিন পাছত মহাত্মা গান্ধী বোলা এজন আহিল – আমি একো কৰিবই লগা নহ’ল – বৃটিছৰ খেলতে তেওঁ সিহঁতক ঘটুৱাই পানী পানী খুৱালে – পলাল সকলো। 

প্ৰথম কেইদশক মান বিৰাট ব্যস্ততা আৰু স্ফূৰ্তিৰে পাৰ হ’ল। কৰিব লগা কামবোৰো হ’ল। কিন্তু পিছলৈ মোৰ এটা সমস্যাই দেখা দিলে – মোৰ সাংগোপাংগ সকলৰ আমনি লাগিবলৈ ধৰিলে। গতিকে মই তেওঁলোকৰ এণ্টাৰটেইনমেণ্টৰ বাবে কিছুমান স্বাধীনতা দিব লগা হ’ল। অনিচ্ছাস্বত্ত্বেও কিছুমান কাম কৰিবলৈ অনুমতি দিব লগা হ’ল। মোৰে দাসী দুগৰাকী মানৰ ফেভ’ৰিট পাছ টাইম হ’ল – অমানিশাৰ ৰাতি আহিলেই বগা শাৰী পিন্ধি, বৰষুণত তিতি ডেকা মানুহৰ মন ভুলোৱা, আৰু তেওঁলোকক মাতি আনি ডিঙি মুচৰি মৰা। মোৰ হিচাপত কামটো সস্তীয়া যেন লাগিলেও, কিন্তু ই আমাৰ বাবে একধৰণৰ বিজ্ঞাপনৰ কাম কৰিলে, আমাৰ ভূতীয়া মহলৰ নাম সমগ্ৰ দেশতে জনাজাত হৈ গ’ল। দিন দুপৰতো কোনেও আমাৰ ৰাজ মহলৰ আগেদি পাৰ হৈ যাবলৈ সাহস নকৰা হ’ল। 

এনেকৈয়ে ধেমালি ধুমুলা, অলপ আমনি, অলপ এক্সাইটমেণ্টৰ মাজেৰে আৰু দুই তিনিশ বছৰ পাৰ হৈ গ’ল। তাৰপাছতে আহি পৰিল আচল সময়টো, মোৰ আধৰুৱা ইচ্ছাটো সম্পূৰ্ণ কৰাৰ মাহেন্দ্ৰক্ষণ। ভূত সমাজে মোক জনালে যে ৰণবিজয় ইতিমধ্যে মানুহৰূপে জনম লৈছে – আৰু সেইদিনাৰ পৰাই আমাৰ চোৰাংচোৱাই ৰণবিজয়ৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে, আৰু তেওঁক যাতে উপযুক্ত বয়সত কেনেবাকৈ আমাৰ ৰাজমহলৰ ফালে লৈ আনিব পাৰি তাৰ ব্যৱস্থা কৰি আছে। 

সঁচা কথা ক’বলৈ গ’লে মই তেতিয়ালৈ ৰণবিজয়ৰ কথা প্ৰায় পাহৰিছিলোঁগৈয়ে। কিন্তু সেইটো কথা মই কেনেকৈ মুখ ফুটাই কওঁ? মই ভূত হৈ থাকিব পাৰিছোঁ কেৱল ৰণবিজয়ৰ প্ৰতি মোৰ তথাকথিত প্ৰেমৰ বাবেই। আৰু এটা কথা, ৪০০ বছৰ বহুত সময়, এই ভূতৰ একঘেয়ামী জীৱনে আমাৰ সকলোকে আমুৱাইছিলেগৈ। আমিও আকৌ নতুন জনম ল’বলৈ উন্মুখ হৈ পৰিছিলোঁ। আৰু সেইবাবেই মোক ৰণবিজয় লাগিছিল। লাগেই। তেওঁৰ লগত মিলিত হ’ব পাৰিলেই আমি সকলোৱে মুক্তি পাম। মই ডাঁৰৰ বাতৰি ডাঁৰে লৈ থকাৰ ওপৰিও ৰণবিজয়ক আদৰিবলৈ নিজকে সাজু কৰি তুলিছিলোঁ। আমি কেইটিমান কঠিন কাম কৰিব লাগিব, আজিৰ ৰণবিজয়ক, সম্ৰাট ৰণবিজয়ৰ কথা মনত পেলোৱাব লাগিব, মোৰ প্ৰতি তেওঁৰ প্ৰেম আকৌ জাগ্ৰত কৰিব লাগিব, আৰু শেষত তেওঁক মোৰ সৈতে মিলনৰ বাবে উপযুক্ত কৰি তুলিব লাগিব। কেনেকৈ বুলি সুধিলে যে, ভূত আৰু মানুহৰ বিয়া হয় নেকি? আৰু মই এতিয়া মানুহ হ’ব নোৱাৰোঁ.. কিন্তু তাৰ ওলোটাটোতো হ’ব পাৰে, মানে ৰণবিজয়… বাকীখিনি নকওঁ আৰু, নিজে বুজি লওক। 

ৰণবিজয়ক তেওঁৰ পূৰ্বজনমৰ কথা সোঁৱৰাবলৈ মই নানা বুদ্ধি কৰিলোঁ, ৰাজমহলত তেওঁৰ পুৰণা ছবি কিছুমান লগালোঁ, তেওঁৰ প্ৰিয় সামগ্ৰীবোৰ, ডবাখন, ধোঁৱাখোৱা গুৰুগুৰিটো, প্ৰিয় লক্ষ্নৌৱী শ্বেৰৱানীটো… সকলো ঠায়ে ঠায়ে ৰাখিলোঁ আৰু নিজকেও সজালোঁ। ৰণবিজয়ৰ প্ৰিয় পোচাক পিন্ধিলোঁ।

 

এতিয়া মাথো অপে‍ক্ষা!

ক্ৰমশঃ…….

☆ ★ ☆ ★ ☆

One comment

  • বন্দিতা জৈন

    ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published.

error: Content is protected !!