কৌতুক-কৰৱী দেৱী
পতি : হেৰা মোকো অলপ ৰাজনীতি শিকাবাচোন।
পত্নী : আগতে কেৰাহীখনৰ তেলখিনি গৰম হৈছেনে নাই আঙুলিটো ভৰাই চোৱাচোন।
পতি : হেই কি কথাবোৰ কোৱা? মাৰিব খুজিছা মোক?
পত্নী : সেয়াহে, মোৰ ওপৰত বিশ্বাসেই নাই কি ৰাজনীতি শিকিবা।
পতি : কেনেবাকৈ তেলখিনি যদি গৰম হয়?
পত্নী : আৰে, সেইখিনি কালিৰে তেল। কেৰাহীখনতে আছিল। মই কেৰাহীখন পাতিছোঁহে মাত্ৰ, ক’ৰপৰা গৰম হব?
পতি : অ’ হয় নেকি হাঃ হাঃ হাঃ! মই মিছাতেই টেনশ্যন লৈ আছিলোঁ। অ’কে ছুইটহাৰ্ট, এয়া চোৱা দিলোঁ ভৰাই আঙুলিটো৷
পত্নী : ভেৰি গুড৷
পতি : হেৰা….হে…… ৰা! এইসোপা দেখোন গোটেই উতলা তেল, আই ঔ! মোৰ আঙুলিটো।
পত্নী : এইটোৱেই হৈছে ৰাজনীতিৰ প্ৰথম ট্ৰেইনিং। অৰ্থাৎ ৰাজনীতিত নিজৰ পত্নীকো বিশ্বাস নকৰিবা বুজিলা৷
☆ ★ ☆ ★ ☆
8:25 am
আই ঔ…কথাটো মিছা নহয় দেই …