ফটাঢোল

সোণপাহীৰ সোণসেৰীয়া কথা-মনজিৎ

১)

সোণমইনা : যিমান যি হ’লেও তুমি তোমাৰ ভুলটো কেতিয়াও স্বীকাৰ নকৰা আৰু ন!

সোণপাহী : আৰে তোমাক বিয়া পাতি ডাঙৰ ভুল কৰিলোঁ বুলি স্বীকাৰ কৰিছোঁ, তাতকৈ আৰু কি ভুল স্বীকাৰ কৰিম হে!

২)

পুনঃ বন্ধুত্ব মিলনৰ খেলটো ঘৰতে খেলি চ‍াওঁ বুলি সোণপাহীক সুধিলোঁ বোলো মোক প্ৰথম দেখোঁতে কি মনলৈ আহিছিল? সোণপাহীয়ে অলপ চিন্তা কৰিলে (মই বোলো ৰোমাণ্টিক কথ‍া ওলাব চাগৈ দেই) তভক মাৰি গহীনাই ক’লে,

:  শিৱসাগৰ ASTC-ৰ সমুখত আঁহত গছ জোপাৰ তলত ব্লেক জিন্স, পেৰট কালাৰ চাৰ্ট, উদলেন্দৰ ওখ জোতা, ৰেৱেনৰ চশমা, হাতত টাইটানৰ ঘড়ীৰে দেখাত থিক অতন্ত্য ধনী যেন লগা অতন্ত্য ভীকহু ল’ৰা (পিছত গম পালোঁ) এটা মোলৈ ৰৈ আছিল। প্ৰথম দেখাতেই ভাল লাগি গৈছিল আৰু সেই ভাল লগাই কাল হ’ল মোৰ। আৰু আজিও পস্তাই আছোঁ সেই দিন মনত পেলাই।

বি:দ্ৰ: অতন্ত্য ভিকহু বুলি কোৱাৰ কাৰণটো হ’ল

প্ৰথম লগ পোৱাৰ পিছতে গম পালে যে

ব্লেক জিন্স লগৰ ল’ৰাৰ৷ পেৰট কালাৰ চাৰ্ট লগৰ ল’ৰাৰ, উদলেন্দৰ জোতা লগৰ ল’ৰাৰ, টাইটানৰ ঘড়ী কুঁৱাৰ পাৰত হেৰাই পোৱা মন গ’লেহে চলে৷ ৰেৱেনৰ চশমা ৩০ টকীয়া বেছি দেৰি পিন্ধিলে ব্লাৰ ব্লাৰ দেখি

last but not the least শইকীয়া ফাষ্ট ফুদত পইচাও তেঁৱেই দিব লগা হৈছিল। য’ত মোৰ ৫০০ টকাৰ খুচুৰা নাই ট্ৰিকটোৱে কাম দিছিল৷

৩)

নতুন কে কিনা কাপোৰযোৰ পিন্ধি ধুনীয়াকে ওলাই মোক সুধিলে,

: কেনেকুৱা লাগিছে?

মোবাইলৰ পৰা মূৰ নদঙাকৈ ক’লোঁ,

: বৰ ধুনীয়া!

সেইখিনিতে লাগিল কেনা ৰাইজ গৰম হৈ গ’ল নহয়।

: অ মোক কেনেকুৱা লাগিছে সুধিলে তোমাৰ মোবাইলৰ পৰা মূৰ ডাঙিবলৈ সময় নাই, অথচ গাড়ী চলাই থাকোঁতেও ধুনীয়া ছোৱালী দেখিলে ডিঙি মেলি মেলি চোৱা! বিয়াঘৰত জীয়াৰি বোৱাৰী সকলোৰে সৌন্দৰ্য বিশ্লেষণ কৰি অভিমত অনুস্থান পাতা অথচ মোলৈ চাবলৈ সময় নাই। এনেই নকয় “ঘৰ কা মুৰ্গী ডাল বৰাবৰ।” সৱ মতা মানুহ একেই বুলি হাজৰিকানীয়ে থিকেই কয়। মই যাম গৈ মাৰ ঘৰলৈ থাকিবা কাৰ লগত থাকা৷

পানী মূৰৰ ওপৰত যোৱাত মোবাইলৰ পৰা মূৰ নুতুলি নোৱাৰিলোঁ। অপ্ৰীতিকৰ পৰিস্থিতিত ধৈৰ্য্য আৰু সাহসেৰে মোকাবিলা কৰিবই লাগিব। সেয়ে যিমান পাৰি সিমান মিহি আৰু মিঠাকৈ মাতষাৰ উলিয়াই ক’লোঁ,

: জানা সোণপাহী ধুনীয়া আৰু আকৰ্ষণীয় ব্যক্তিত্বৰ মানুহক ৰ লাগি চোৱা, তেওঁলোকৰ স’তে কথা পতা বা সম্পৰ্ক গঢ়ি তোলাটো মোৰ হ’বি। আৰু সেই hobby ক পুৰাবলৈ মই বাচি বাচি চিৰদিনৰ বাবে তোমাক নিজৰ কৰি ল’লোঁ। তোম‍াৰ ছবি অন্তৰত এনেকৈ অঁকা আছে যেনেকৈ হনুমানৰ অন্তৰত প্ৰভু শ্ৰী ৰামৰ। গতিকে মূৰ নোতোলাকৈয়ে কৈ দিব পাৰোঁ তোমাক কেনে লাগিছে। বুজিলা।

কি বা হ’ল জানো কথা নাই বতৰা নাই গালত তপকে চুমা এটা খাই ক’লে,

: তুমি ইমান ভাল… তোমাক পাই মোৰ লাইফ বনী গ’ল ৰে…লাভ ইউ!

☆ ★ ☆ ★ ☆

2 Comments

  • ডলী

    ভাল লাগিল পঢ়ি

    Reply
  • বন্দিতা জৈন

    তেল মৰাৰ কলাটো শিকিব লগা

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *