ফটাঢোল

বিয়া খোৱাৰ মজা – বাগ্মিতা ৰাজখোৱা বৰকাকতি

আগদিনা সন্ধিয়া খুড়ী শাহু আহি ক’লে,

: বাগ্মী, কাইলৈ আমাৰ হেমাহঁতৰ সৰু ছোৱালীজনীৰ বিয়া আছে নহয়, যাবানে? মই অকলে যাম, তুমিও ওলাবা৷

হেমা খুড়ীৰ সম্বন্ধীয়া ভাগিনী৷ মোকো বিয়ালৈ নিমন্ত্ৰণ দি গৈছিল যদিও পাহৰি গৈছিলোঁ৷ বিয়া এখন বহুতদিনৰ মূৰত খাবলৈ পাম বুলি মনটো ভাল লাগি গ’ল৷ এনেও বিয়া খাই মই ভালেই পাওঁ৷ তাতে লকডাউন বুলি বছৰটো গ’ল বিয়া এখনো নোখোৱাকৈয়েই! সেয়ে বিয়া এখন খাবলৈ পালে বেয়া নহয় বুলি মনটোতে ফুৰ্তি লাগিল  কিন্তু ভাল লগাৰ দুটা আৰু কাৰণ আছিল৷ প্ৰথম নতুনকৈ চিলোৱা পাটৰ কুৰ্তা এটা ক’ত ট্ৰায়েল দিব পাৰি ভাবিয়েই আছিলোঁ৷ তাতকৈও  ভাল লগাৰ আনটো কাৰণ আছিল যে  দুবছৰ আগতে তেওঁলোকৰ ডাঙৰ জীয়েকৰ বিয়া খাইছিলোঁ৷ তাত যিকণ ছাগলী মাংসৰ জোল বনাইছিল তাৰ সোৱাদ এতিয়াও এতিয়াও জিভাত লাগিয়েই আছে। বাকী  খাদ্যবোৰো  বৰ সুন্দৰ হৈছিল, কিন্তু ছাগলী মাংস গৰমে গৰমে পৰিবেশন  কৰিছিল, গোন্ধ আৰু সোৱাদ একেবাৰে লাজৱাব আছিল। বিয়াৰ কথা শুনাৰ লগে লগেই মাংসখনলৈ মনত পৰি গ’ল আৰু লগেলগে যাম বুলি খুড়ীক কথা দিলোঁ৷ 

পিছদিনা স্কুলত হেদবাইদেৱে বাইদেৱে বিয়াৰ কথা শুনি ক’লে,

: তুমি আজি অলপ সোনকালেই যাবা দিয়া৷ 

মই ভালেই পালোঁ স্কুলৰ পৰা অলপ সোনকালেই আহি দুপৰীয়া পাতল কিবা এটা খালোঁ, সন্ধিয়া যিহেতু বিয়াত ভালকৈ খামেই। সাজি-কাচি আবেলি চাৰিটামান বজাতে খুড়ীৰ লগত বিয়ালৈ ওলালোঁ। অলপ পিছতেই ভিতৰলৈ মাতিছিল যদিও নগ’লোঁ৷  ভাবিলোঁ অলপ বহি লৈ দেৰিকৈ খাম যাতে ৰাতি ঘৰত একো নেখালেও হয়৷ ছাগলী মাংসৰ গোন্ধটো নাকত লগা লগা যেন লাগিলেই৷ পাঁচটামান বজাত  খুড়ীৰ ড্ৰাইভাৰজনক ক’লোঁ যোৱা তুমি খাই লোৱা৷ খাই উঠি অহাৰ পাচত তেওঁক সুধিলোঁ “খানা কেনে?”  ভাল হ’ব বুলি জানোৱেই বাৰু তথাপি সুধিলোঁ ৷ 

“গ’লেই গম পাবই নহয় বাইদেউ…!” বুলি দুষ্ট হাঁহিৰে উত্তৰটো দি তেওঁ গুচি গ’ল৷ লগেলগে যেন নাকত লাগি থকা ছাগলী মাংসৰ গোন্ধটো নোহোৱা হৈ গ’ল। কথাটোৱে মোৰ আশাত একেবাৰে  চেঁচা পানীহে ঢালি দিলে। আমি খাবলৈ সোমাই গৈ বহিলোঁ তেনেতে  বিলনীয়া ল’ৰাকেইটাই পাচি এটাত কেইখনমান  শুকাই  কৰ্কৰীয়া মৰা পুৰী, বাল্টি এটাত এগালমান কাবুলী বুট দি ৰন্ধা পনীৰৰ জুলীয়া সেৰসেৰীয়া তৰকাৰী আনি পাতত দিলেহি। লুচী নহয় যেন সেয়া নিমকিহে! পনীৰৰ তৰকাৰীত পনীৰবোৰ পানীত এনেকৈ ডুবি আছে  যে  হেতাৰ সলনি পনীৰৰ টুকুৰাকেইটা জাল মাৰি আনিবলৈহে ভাল হ’ব৷ তাকে লৈ অলপ কামোৰ দুটামান দি গুচি আহিলোঁ,।নেখালোঁ৷ খুড়ীয়ে মোৰ মনৰ অৱস্থা দেখি অকণমান মনত যেন সংকোচো কৰিলে। ঘূৰি আহোঁতে খুড়ীয়ে ক’লে, 

: চিকেন টণ্ডুৰী এটাকে লৈ যাওঁ ব’লা,।ঘৰতে খাবগৈ পাৰিবা৷ 

মনত সম্পূৰ্ণ ইচ্ছা আছিল যদিও খুড়ীক নেলাগে দিয়ক বুলিয়েই ক’লোঁ৷ পিচে ঘৰ  আহি পাই এওঁক দুই প্লেট ম’ম’ আৰু এক প্লেট চিকেন চাও কিনি আনিবলৈ দি সেইখিনি খাইহে অলপ শান্তি পালোঁ৷ ৰাতি বিছনাত বাগৰি কি আশা লৈ বিয়া খাব গৈছিলোঁ,।কি হ’লগৈ সেইটো কথা ভাবি মোৰ পেটে পেটে খুউব  হাঁহি উঠিল। আনকি পিছদিনা স্কুলত বাইদেউৰ আগত গোটেই কাহিনী বৰ্ণনা কৰি দুয়োজনীয়ে খুউব হাঁহিলোঁ।

☆ ★ ☆ ★ ☆

6 Comments

  • ৰাজশ্ৰী শৰ্মা

    আয়ু বেচেৰী?? এনেকুৱা হ’লে যে কি দুখ লাগে!

    Reply
  • হেমন্ত কাকতি

    বেচি খক লৈ গলে এনেকুৱাই হয়৷ জমনি লাগিল৷

    Reply
  • Krishna

    হা হা হা, মস্ত ট্ৰেজেদি ভৰী কাহানী দেখোন ????

    Reply
  • ৰাজু কুমাৰ নাথ

    এগাল সমবেদনা… পুৰী আৰু পনীৰলৈ।

    Reply
  • Anonymous

    ওৱা বাকলি খকটো পিছে কম নহয়।।

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    বেছি লোভ কৰিলে এনেকুৱা হয়য়েই৷

    Reply

Leave a Reply to ৰঞ্জিত কুমাৰ শৰ্মা Cancel reply

Your email address will not be published. Required fields are marked *