ফটাঢোল

উৰহঁৰ খং ভগা ধাৰিত- শ্বাহ নাৱাজ আহমেদ

মই বিয়া খাই বৰ ভাল পাওঁ মানে বিয়াঘৰৰ খানা হে, মানুহ নাখাওঁ৷

আচলতে খোৱা মানে বিয়াঘৰলৈ যোৱাটোৱেই মোৰ বহুত প্ৰিয়৷ কি যে আচৰিত পৰিবেশ বিয়া ঘৰ৷ জুন জুলাই মাহৰ গৰমতো আমি পুৰুষবোৰৰ কিমান যে ঠাণ্ডা লাগে অ’৷ কোট-ছুইট পিন্ধিমেই৷ জীৱনত ক’তো টাই নিপিন্ধিলেও বিয়া ঘৰত দৰাই হওক বা বাটিচেট লৈ বিয়া খাবলৈ যোৱা কেইজনেই হওক সকলোৱে টাই পিন্ধেই৷ চুৰিয়া কামিজ পিন্ধি বিয়া খাবলৈ কিয় যাম হে! 

আৰু আমাৰ মহিলাবোৰৰ আকৌ ডিচেম্বৰৰেই হওক বা জানুৱাৰী মাহেই হওক ঠাণ্ডা একেবাৰেই নালাগে৷ এয়া আমি কোৱা নাই দেই পিঠি কটা ব্লাউজকেইটাই হে বুজাই দিয়ে৷ লগত শ্বল এখন থালিলেও সেয়াও ধুনীয়াকৈ জাপি হাতত লৈ থৈ দিয়ে৷ পুৰুষ-মহিলাৰ এই চৰিত্ৰ চাগে ভগৱানেও ভাৱে কি খেলিমেলিৰ বাবে জুলাইত গৰম নালাগে আৰু ডিচেম্বৰত ঠাণ্ডা নালাগে৷ গৰম নলগা আমাৰ সুন্দৰীকেইজনীৰ আকৌ ঘৰত ঠাণ্ডাৰ কোবত বাছন ধুবলৈ পতি বুলি এজন চিৰযুগমীয়া মানুহ ৰাখি থয়৷ বিচিত্ৰ এই পৃথিৱী৷ 

মই আকৌ বিয়াৰ পৰা আহি ক’ত পাকঘৰৰ বাচনত আহি পালোঁ৷ বিয়াঘৰৰ খানা খাই লওঁ এতিয়া৷ খাম কি পিচে? বিধে বিধে খাদ্য৷ কোনটো বা কি? চিনিয়েই নাপাওঁ নহয়৷ আগৰ দিনতেই ভাল আছিলে, বাল্টি এটাত লৈ আহি সুধিব দাদা ছাগলীমাংস দিম নে? দাদা মুৰ্গীৰ জোল দিমনে? এতিয়া পিচে নিজে থাল এখন লৈ লাইনত থিয় হৈহে থাকিব লগা হয়৷ একপিচৰ জেগাত দুইপিচ লওঁ বুলি প্ৰতিটো খাদ্য সম্ভাৰৰ পিছফালে এজন থিয় হৈ থাকে কিন্তু মাংস টুকুৰা কেৰাহিৰ পৰা উঠাই দিবলৈ সহায় কৰাত নাই দেই৷ হ’ব দিয়ক খাদ্যৰ নামত ইমান বদনাম কৰিলে হ’ব নে? বিয়া বুলি ইমান ডাঙৰ বিবাহভৱন যে বুক কৰিছে৷ বিয়া বুলি নিজৰ ঘৰখনো লেতেৰা নহ’ল আৰু ভৱনত বিয়া বুলি থকা আলহীও বেছি নাহিলে৷ তাতে কি হ’ল যে চিৰদিনৰ বাবে ঘৰখন এৰি যাবলগীয়া ছোৱালীজনীক ভাড়ালোৱা ভৱনৰ পৰাহে বিদায় দিলোঁ৷ পিছত আহি নিজৰ ঘৰত বিয়াৰ ভিডিঅ’বোৰ চাবই নহয়৷ বিয়া বুলি ক’লে ভিডিঅ’ আৰু ডিএছএলআৰ হে প্ৰধান৷ DSLR দেখি প্ৰতিজনেই যে এনেকৈ গৈ দৰা কইনাৰ লগত ফটো উঠে যেন নতুন দম্পতীয়ে প্ৰতিজনকেই ফটোবোৰ ফ্ৰেম কৰি কুৰিয়াৰ কৰি পঠাই হে দিব৷ ময়ো দুখনমান বিয়াত খুব ফটো উঠিলোঁ৷ বহুদিনৰ অপেক্ষাৰ অন্তত যেতিয়া এখনো ফটো ফ্ৰেম হৈ কুৰিয়াৰত নাহিলে তেতিয়া দৰাক WHATSAPPত মেছেজ দিলোঁ, কিহে তোমাৰ বিয়া বুলি নতুন কোট-ছুইট পিন্ধি বিয়ালৈ গৈ ফটো উঠিলোঁ এখনো ফটো নাপালোঁ যে? উত্তৰত দি আছোঁ বুলি ক’লে৷ অলপ পিছত ফটোৰ ঠাইত http:://youtu.be/xyz ধৰণৰ কিবা এটা whatsapp মেছেজ হে দিলে৷ লিংকটো খুলিলোঁ৷ বাপৰে কি মজা৷ গোটেই বিয়াৰ ফটো ভিডিঅ’ youtubeত দিছে৷ যেতিয়াই মন যায় চাব পাৰিম পিচে মোৰ হে jio free নেট নাই৷ দুখনমান অচিনাকিৰ ফটো চাওঁ মানে সকলো বেলেন্স শেষ৷ এতিয়া অহামাহতহে চাম মোৰ ফটোকেইখন৷

এইবাৰ কৰোণা বুলি বিশজন গুৰুত্বপূৰ্ণ মানুহ হে বিয়াত থাকিব পাৰে৷ মই গোটেই অসমৰ কোনো এখন বিয়াৰেই বিশজনৰ মাজত স্থান নাপালোঁ সেয়ে সকলো খঙত জ্বলি জ্বলি এইখিনি লিখিলোঁ৷

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *