ফটাঢোল

ৰং নাম্বাৰ – শ্ৰুতিমালা মিশ্ৰ

ধমধমাই বাজি উঠিল নʼকিয়াৰ সৰু হেণ্ডচেটটো। পঢ়ি থকা কিতাপতে বৰ মনোযোগেৰে ৰঙা চিঞাহীৰে আণ্ডাৰলাইন কৰি থকাৰ পৰা মূৰ তুলি চালোঁ। আননʼউন নম্বৰ। মুখখন বেকেটাই দি আকৌ কিতাপত ৰঙা লাইন টনাৰ কাম চালু হ’ল। বিকট শব্দেৰে পুনৰাই ফোনটো বাজি উঠিল। আগৰ আননʼউন নম্বৰটোৱেই আকৌ ফোন লগাইছে। এইবাৰ গহীনত কলমৰ মূৰত সাঁফৰটো লাগিল, চকু কিতাপৰ পাতৰ পৰা আঁতৰিল। নাকৰ পৰা পিচলি অহা চছমাযোৰ ঠেলি পৰম বিৰক্তিৰে ফ’নটোলৈ চালোঁ। ৰিচিভ কৰিলোঁ। 

 : হেল্ল’

: হেল্লʼ কোনে কৈছে? ক’ৰ পৰা কৈছে?

: ৱেইট ৱেইট। এটা এটাকৈ সোধক।

 : আচ্ছা। ঠিক আছে। কোনে কৈছে?

: মই কোনে কৈছোঁ সেয়া বাদ দিয়ক। আপুনি কাক ফ’ন লগাইছিল সেয়া কওক।

: মই নগাঁৱত ফ’ন লগাইছিলোঁ। প্ৰিয়ংকাক বিচাৰি।

: অহ চʼৰী দেই। এয়া নগাঁও নহয় আৰু ময়ো প্ৰিয়ংকা নহয়। ৰং নাম্বাৰ।

: অʼ হয় নেকি? তেন্তে তুমি কোন?

: মই নে! হেৰৌ মই কোন কেলেই লাগে আপোনাক? মুঠতে আপুনি যাক ফোন কৰিছিল সেইজনী মই নহয়। এতিয়া ফ’নটো ৰাখোঁ। 

ফোনটো কাটি কিবা টাইম বʼম ডিফিউজ কৰা যেন লাগিল। “পুৱাই পুৱাই মূৰ চোবাবলৈ আহে একোটা” – মুখখন ভেঙুচাই দিলোঁ। 

পুনৰ ৰঙা কলম হাতৰ আঙুলিৰ ফাঁকত, দৰকাৰী লাইনবোৰ চাই চাই তলে তলে সৰলৰেখা অঁকাত ব্যস্ত কলমৰ নিব। পোন্ধৰ মিনিটমান পিছত আকৌ বাজিল ফ’ন। “শনিটো কোন” – চছমাৰ ফাঁকেৰে কেৰাহিকৈ চাই দেখিলোঁ সেই আননʼউন নম্বৰটোৱেই। “এইবাৰ আকৌ কি হ’ল” বুলি প্ৰচণ্ড বিৰক্তিৰে ফোনটো ৰিচিভ কৰিলোঁ। 

: হেল্লʼ, আপুনি আকৌ ফোন লগালে যে!! প্ৰিয়ংকা নহয় বুলি আগতেই কৈছোঁ দেখোন মই আপোনাক। 

: নহয় মানে। তোমাৰ মাতটো শুনি বৰ ভাল লাগিল। সেয়ে ৰং নাম্বাৰ হʼলেও চিনাকি হ’ম বুলি আকৌ ফ’ন লগালোঁ।

সন্মুখত থকা হনুমান বাবাৰ মূৰ্তিটোৰ ফালে চাই মনে মনে বাবাক কʼলোঁ “বাবা, কি দোষ কৰিছিলোঁ মই যে এই ৰাতিপুৱাই এই শনিয়ে ধৰিলেহি। ভক্তক বচোৱা।” 

: আচ্ছা। মোৰ এই ভঙা ধামাত কোবোৱাৰ নিচিনা মাতটো আপুনি কি ভাল পালে শুনি? ছোৱালীৰ নম্বৰ বুলি গম পাই আকৌ ফ’ন লগাইছে ন! ফ’ন নকৰিব, নহʼলে আপোনাৰ নম্বৰৰ এগেইনষ্টত থানাত কমপ্লেইন দি আহিম।

এইষাৰ ক’ব পালোঁ কি নাই, লগে লগে সেইফালৰ পৰা সংযোগ বিচ্ছিন্ন। দিনটো গ’ল। গধূলি পুনৰ পঢ়া টেবুলত। পুৱাই লাইন টনা কথাবোৰ এইবাৰ ভালদৰে পঢ়িবলৈ ধৰিলোঁ। আকৌ ফ’ন বাজিল। মুখখন উটটোৰ দৰে আগুৱাই অলপ দূৰত থকা ফ’নটোলৈ চালোঁ, সেই ৰাতিপুৱাৰ আননʼউন নম্বৰ কলিং। এইবাৰ কাটি দিলোঁ। আকৌ বাজিল, আকৌ কাটি দিলোঁ। এই ফ’ন বজা আৰু বাজিলেই কাটি দিয়া প্ৰচেছটো ত্ৰিছবাৰমান চলিল। একত্ৰিছ নম্বৰৰ বাৰত এইবাৰ ফোনটো নি পেহীক দিলোঁ, 

: পেহী, চাওকচোন, কোন জানো এইজন আজি ৰাতিপুৱাৰ পৰাই মোক ডিষ্টাৰ্ব দি আছে। আপুনি ফোনটো ৰিচিভ কৰি দুটামান সাংস্কৃতিক গালি দিয়কচোন

বুলি কৈ পেহীৰ হাতত ব্ৰহ্মাস্ত্ৰ চলোৱাৰ দায়িত্বটো দি ফ’নটো ৰিচিভ কৰি লাউডস্পীকাৰত দিলোঁ। 

: হেল্লʼ, অʼ মেডাম। তুমি ফ’নটো ইমান কিয় কাটি আছা? ফ’নতহে কথা পাতিব বিচাৰিছোঁ, কিয় কথা নাপাতা। মোৰ খং উঠি গৈছে কাৰণে তুমি বাৰে বাৰে কাটি দিয়াৰ পিছতো ফ’ন কৰি আছোঁ। কথা পাতাচোন মোৰ লগত। মোৰ তোমাক ভাল লাগিছে। সেয়ে তোমাক ভালপাব বিচাৰোঁ। 

:  আপুনি কোনে কৈছে? কিয় মোৰ ছোৱালীক আপুনি বাৰে বাৰে ফ’ন লগাই আছে?

: অঁ এইবাৰ মানে মাৰক ফ’ন দিলি ন তই। মোৰ লগত কথা পাতিব নোৱাৰ, মাৰক লগাইছ মোৰ কথা।

: হেৰি, মুখ চম্ভালি কথা ক’ব। আপুনি এগৰাকী ৬৫ বছৰীয়া ভদ্ৰমহিলাৰ লগত কথা পাতি আছে  আৰু আগলৈ ফ’ন নকৰিব এইটো নম্বৰত। নহʼলে কথা বেয়া হৈ যাব। ফ’ন ৰাখক এতিয়া। 

বুলি কৈ পেহীয়ে খঙতে ফোনটো কাটি দিলে। 

কঁপালত দুয়োডাল চেলাউৰি থুপ খুৱাই ভাবিবলৈ ধৰিলোঁ  “এইজনেতো সদায় সদায় এইখন নাটক কৰিব। ইয়াক এটা শিক্ষা কেনেকৈ দিব‌ পাৰি। নাকৰ আগটো মোহাৰি মোহাৰি এটা মেনটোছ বুদ্ধি পাঙিলোঁ।” 

: কমল, ঐ কমল 

পেহীৰ ঘৰত থকা ড্ৰাইভাৰ লʼৰাটোক মাতিলোঁ। এইহেন বিপদত ইহে উদ্ধাৰ কৰিব পাৰিব। কুটিল হাঁহি এটা দাঁত দুপাৰি নিকটাই ওঁঠত জিলিকি উঠিল। 

: কি হ’ল! বাপৰে কাণৰ পৰ্দা যাব মোৰ। ক কি হ’ল?

পুৱাৰ পৰা অলপ আগতে ঘটা ঘটনাটোলৈকে কমলক সমস্ত বিৱৰি কʼলোঁ। লগতে মোৰ চিক্ৰেট প্লেনিংটোও তাক বুজাই দিলোঁ। মোক সহায় কৰিবলৈ ‌লগে লগে ৰেডী হ’ল সি। অপেক্ষা মাথোঁ পৰৱৰ্তী ফ’নটো অহালৈ। সন্তুষ্টিৰ উশাহ এটা দীঘলকৈ টানি লৈ ইমান সময়ে খং আৰু বিৰক্তিত থূপ খোৱা চেলাউৰি দুডালক আকৌ আগৰ অৱস্থালৈ ওভতাই আনিলোঁ। 

পিছদিনা ৰাতিপুৱা চাহ খাই থাকোঁতে ফ’ন বাজিল। কেৰাহীকৈ চাই দেখিলোঁ শনিয়ে ফ’ন কৰিছে। ইতিমধ্যে কালিয়েই তাৰ নম্বৰটো ‘শনিধোদ’ বুলি চেভ কৰিছিলোঁৱেই। নিজে ফ’নটো ৰিচিভ নকৰি কমললৈ আগুৱাই দিলোঁ। ভবামতেই প্লেন আৰম্ভ হ’ল। অবিকল ছোৱালীৰ দৰে মাত উলিয়াই কমলে ফ’ন ৰিচিভ কৰিলে।

:হেল্লʼ, আপুনি কালিৰেপৰাই মোক কিয় দিগদাৰ দি আছেনো?

: তোমাৰ লগত কথা পাতি মোৰ বৰ ভাল লাগিছে। মাতটো শুনি ভাল লাগিছে। তুমি কালি কিয় তোমাৰ বুঢ়ীমাৰক ফ’নটো দিছিলানো? ইমান গালি দিছে। মোৰো খং উঠি গ’ল।

: হেই, খং নকৰিবা। মই ফ’ন কৰিমতো। মানে কি জানা! মোৰ এইটো নম্বৰত বেলেঞ্চ নাই। তোমাক মই বেলেগ এটা নম্বৰৰ পৰা মিচকল দি আছোঁ হা। সেইটোত ফ’ন কৰিবা। দিনে-ৰাতিয়ে কথা পাতিব পাৰিবা। এইটো নম্বৰত আজিৰপৰা ফ’ন নকৰিবা। 

: নকৰোঁ জান। এইটো নম্বৰ ডিলিট কৰি দিম। তুমি প্লীজ সেইটো নম্বৰ দিবা, দুয়ো কথা পাতিম দেই। মই ৰৈ আছোঁ, তুমি মিচকল দিয়া। মই ফোন কৰিম।

প্লেন চাকচেছফুল। কমললৈ হাই ফাইভ দি হনুমান বাবাক সেৱা এটা কৰি শনিৰ নম্বৰটো ডিলিট কৰিলোঁ চিৰদিনৰ বাবে। এতিয়া প্লেনৰ প্ৰ’গ্ৰেছ ৰিপʼৰ্টলৈ কিছুদিন অপেক্ষা কৰিব লাগিব। নিজৰ ফ’নটো কাণত লৈ কমল সোমাল নিজৰ ৰূমত। স্বস্তিৰ নিশ্বাস এটা পেলালোঁ, সমস্যা সমাধান হ’ল।

শিৱসাগৰত ঘৰ বুলি কৈ ভায়োলিনা পাটোৱাৰী ছদ্মনাম লৈ বপুৰাৰ লগত কমলে যিখন সাংস্কৃতিক ৰোমাঞ্চ চলালে সিহঁতৰ ফোনালাপৰ কিয়দাংশ শুনি শুনি ভাল এণ্টাৰটেইনমেণ্ট হ’ল মোৰ। আননʼউন নম্বৰে সেইদিন ধৰি বাৰুকৈয়ে ভায়োলিনা পাটোৱাৰীৰ প্ৰেমত হাবুডুবু খালে। লাভৰ মূৰত কমলে বুদ্ধি কৰি মোৰ নম্বৰটোও ডিলিট কৰালে শনিৰ মোবাইলৰ পৰা। কমলেও ছোৱালীৰ দৰে মিহি মাতটো বৰ কষ্টেৰে উলিয়াই ৰোমাঞ্চ চলাই থাকিল। মোটামুটি সেই প্ৰেম চাৰিদিনমান চলিল। সেইচাঞ্চতে কমলে দুদিন এশটকাৰ ৰিচাৰ্জো কৰাই লʼলে শনিৰ টকাৰে। বপুৰাই ভায়োলিনাক যেনেতেনে এবাৰ হʼলেও লগ পাবলৈ উত্ৰাৱল হৈ পৰিল। পিচে এষাৰ কথা আছে নহয় যে দাতাই দিলেও বিধাতাই নিদিয়ে। এই ৰোমাঞ্চ চলাৰ পাঁচদিনমান পিছত ৰাতিপুৱা শোৱাপাটিতে সেইফালৰ পৰা ফোন আহোঁতে কমলে ৰিচিভ কৰিলে। সি যে নিজৰ ভিতৰত উভয়লিঙ্গী আত্মা দুটা ধাৰণ কৰি আছিল সেই কথাটো পাহৰি থাকিল। গলগলীয়া মাতটোৰে “হেল্লʼ কোন?” বুলি কোৱাৰ লগে লগে সেইফালৰ পৰা থতমত খাই উঠিল।

ইপিনে “কোনে কৈছে” বুলি ওলোটাই সোধাৰ লগে লগে কমলৰ বুকু চিৰিংকৈ গ’ল, “আজি ফঁচিলোঁ” বুলি দাঁতেৰে জিভাৰ কামোৰণি এটাও খালে। মাতৰ তাৰতম্য হওঁতেই সেইফালৰ গৰাকীয়ে ইমানদিনে যে সি ছোৱালী বুলি লʼৰাৰ লগত ৰোমাঞ্চ কৰি আছিল সেয়া বুজি পাবলৈ কেইমুহূৰ্তমান লাগিল। প্ৰথমে ঘোৰ তৰ্জনগৰ্জন চলিল, কিছুসময় পিছতে হৃদয়বিদাৰক কান্দোনৰ ধুমুহা বলিল,

: তুমি মোক ধৌখা দিছা। লʼৰা হৈ ছোৱালীৰ দৰে মিহি মাত উলিয়াই মোৰ লগত চেনী খালা। দুটা এশটকাৰ ৰিচাৰ্জো কৰি লʼলা মোৰপৰা। তোমাৰ লগত কথা পতাৰ নামত কিমান মই আমাৰ নলাটোৰ কাষত মহৰ কামোৰ খালোঁ, গৰমত সিজি হʼলেও ৰাস্তাৰ দাঁতিত বহি বহি তোমাৰ লগত বিয়াৰ পিছত মানালীত হনিমুন কৰিবলৈ ফুৰিবলৈ যাম বুলি প্লেনিং কৰিলোঁ। সকলো আশাত চেঁচাপানী ঢালিলা তুমি। এতিয়া মোৰ কি হ’ব কোৱা তুমি কোৱা… (হুকহুকাই কন্দাৰ শব্দ)

কমল : এতিয়া একো নহয় মলুৱাবান্দৰ। তই হকেবিহকে ছোৱালীৰ নম্বৰ লগাই ফ’ন কৰি ডিষ্টাৰ্ব নিদিবি। তোকো‌ তেতিয়া কোনো লʼৰাই ছোৱালীৰ দৰে মাত ‌উলিয়াই ফ’ন নকৰিব। গম পালি, মানুহক বিনা কামত বিৰক্তি দিয়াৰ মজা। কান্দি থাক এতিয়া।

☆ ★ ☆ ★ ☆

7 Comments

  • দীক্ষিতা

    এনেকৈ ধৌখা দিব নালাগে আৰু দেই। অত মহৰ কামোৰ খাই প্ৰেমৰ নামত মেলেৰিয়া হ’লে কি হ’ল হেঁতেন বাৰু ? 😢

    Reply
  • শ্ৰুতিমালা মিশ্ৰ

    ইচ ৰাম 😁 মেলেৰিয়া হʼলে দৰৱ খাব আকৌ

    Reply
  • Anonymous

    🤣🤣..ৰিচাৰ্জ কৰা বুদ্ধিটো কিন্তু ভাল…😂

    Reply
  • স্বপ্ননীল হালৈ

    🤣..ৰিচাৰ্জ কৰা বুদ্ধিটো কিন্তু ভাল…😂

    Reply
  • কমলা দাস

    শণিধোদ!😂😂😂

    Reply
  • ৰাজশ্ৰী শৰ্মা

    ইয়ে, বেচেৰাটোৰ কি দোষ। ইমান ধুনীয়া মাতৰ ছোৱালী জনী পাইছিলে।

    Reply
  • শ্ৰুতিমালা মিশ্ৰ

    পঢ়ি চোৱা আটাইলৈকে আন্তৰিক ধন্যবাদ জনালোঁ 😊

    Reply

Leave a Reply to Anonymous Cancel reply

Your email address will not be published.

error: Content is protected !!