ফটাঢোল

ওমলা ঘৰ-মুনমুন সৰকাৰ শইকীয়া

              (১)

: নাই মিছেচ শইকীয়া, আমি দুঃখিত, আপোনালোক বায়’লজিকেল পেৰেণ্টছ হ’ব নোৱাৰে কেতিয়াও। নিজৰ সন্তান এটা জন্ম দিবলৈ আপোনালোকৰ দৈহিক সমস্যা কিছুমান আছে যাৰ চিকিৎসা এতিয়াও উপলব্ধ নহয়।

নিৰ্মালি ডাক্টৰৰ চেম্বাৰৰ পৰা ওলাই আহিল। এই মূহূৰ্তত ঠিক কি কৰিব লাগে, কি ক’ব লাগে তাই একো বুজি পোৱা নাই। অভিক ফোন এটা কৰিব নেকি তাই? নাই নালাগে। কি সুখবৰটো দিবলৈনো ফোন কৰিব? দীঘলীয়া চিকিৎসাৰ অন্তত এইকেইষাৰ শুনিবলৈ তেওঁলোক প্ৰস্তুত নাছিল মুঠেও। অন্ততঃ তাই। দৰৱৰ দীৰ্ঘদিনীয়া কোৰ্ছটোৱে ইতিমধ্যে তাইক মানসিক আৰু শাৰীৰিক ভাৱে যথেষ্ট দুৰ্বল কৰি পেলাইছিল। আকৌ এক আঘাতে তাইক যেন মাটি খামুচি ধৰি থকা গছ এজোপাৰ পৰা এক নিমিষতে এডাল বগাই থকা লতালৈ পৰিৱৰ্তন কৰিলে। 

চিকিৎসা সংক্ৰান্তীয় সতৰ্কতা কিছুমান অৱলম্বন কৰিব লাগে বুলি তাই কৰি থকা চাকৰিটোও এৰি দিবলগীয়া হৈছিল। চকু দুটা মুদিলে এতিয়াও তাইৰ কৰি থকা স্কুলৰ ল’ৰা-ছোৱালীবোৰৰ মুখ কেইখনে বৰকৈ আমনি কৰে। তাই গুচি অহাৰ দিনা সিহঁতৰ কান্দোনৰ শব্দ এতিয়াও বাজি উঠে তাইৰ কাণত কেতিয়াবা। প্ৰত্যেকৰ নাম নখদৰ্পনত থাকিছিল তাইৰ। সিহঁতৰ সৈতে এক বন্ধুত্বসুলভ সম্পৰ্ক আছিল বাবেই তাই আছিল সকলোৰে প্ৰিয় মিছ।

ঘৰতো তাইৰ আশে-পাশে আটাইবোৰ ভাই-ভনীয়ে জুম বান্ধে। পঢ়ি পেলাব পাৰে তাই সিহঁতৰ সুখ, দুখ, উদ্বিগ্নতা। অথচ নিজৰ সমস্ত অভিজ্ঞতাৰে যাৰ জীৱনটোক হয়তো ধুনীয়াকৈ সজাই পৰাই তুলিম বুলি ভাবিছিল, যাক মানুহ হিচাপে গঢ়ি তুলিবলৈ হেঁপাহ কৰিছিল সেই সন্তানৰ সুখ তাইৰ ভাগ্যত নাছিল।

                   (২)

: আদি, আদি ক’ত লুকাইছা ওলাই আহা নিমি মায়ে বিচাৰি বিচাৰি হায়ৰাণ হৈছে। নিমি মায়ে খং কৰিব কিন্তু!

 চুচুক চামাককৈ ওলাই অহা আদিৰ মিচিক-মাচাককৈ হাঁহি থকা চেহেৰা দেখি নিৰ্মালিৰ নিজৰো হাঁহি উঠে।

: তুমি কিন্তু কেৱল দুষ্টামি কৰা। আদি  বেড বয় হৈ গৈ আছে দিনক দিনে। নিমি মায়ে নামাতিব কিন্তু তোমাক।

: সুৰময়ী অখিও মে’, গানটো কিন্তু তুমিও বহুত দিন গাই শুনোৱা নাই, আদিয়েও বেয়া পাই যাব কিন্তু নিমি মাক।

আস্ এই মৰমসনা আৱদাৰ।‌ জীয়াই থাকিবলৈ ইয়াতকৈ বেছি কি লাগিছে?

নিৰ্মালিয়ে আদিক কোঁচত বহুৱাই লৈ গালে আদিৰ প্ৰিয় গান, 

“সুৰময়ী অখিও মে’ নন্হা মুন্হা এক সপনা দে জা ৰে।”

নিৰ্মালিৰ বুকুত মূৰ থৈ নিশ্চিন্তে টোপনি গ’ল আদি।

: ছ’ৰী, মিছেচ শইকীয়া, আজি অফিচত ইম্পৰটেণ্ট মিটিং আছিল সেয়ে ইমান দেৰি হ’ল। আদিয়ে কি কৰিছে? সি কিবা খালে নে? বেছিকৈ দিগদাৰ কৰিছে নেকি সি? আপুনি যে কিমানখিনি সহায় কৰি দিছে নহ’লে আমি আদিক কেনেকৈ যে তুলিলোঁহেঁতেন?

সহায়! এৰা, সহায় কোনে কাক কৰে? তাইৰ উকা জীৱনত মাতৃত্বৰ এসোপা ৰং সানি আদিয়ে জানো উমাল কৰি ৰখা নাই তাইক?

: আদিয়ে মোক‌ মুঠেও দিগদাৰ নাই কৰা মিছেচ চলিহা। খোৱা-বোৱা কৰি শুইছে। বেয়া নাপায় যদি অলপ সময় তাক শুবলৈ দিয়ক। উঠিলে তাৰ পচন্দৰ চকলেট হৰলিক্স খুৱাই মই থৈ আহিমগৈ। আপুনিও ভাগৰি আহিছে অলপ জিৰাই লওক নহ’লে।

চলিহানীয়ে বৰ ভাল নাপালে কথাটো। নিজৰ ল’ৰাটোৰ ওপৰত দিনক দিনে কৰ্তৃত্ব যেন বাঢ়ি গৈছে মিছেচ শইকীয়াৰ। মাত্ৰ ছমাহমান হৈছে শইকীয়াহঁতৰ পৰিয়ালটো চলিহাৰ পৰিয়াল থকা ফ্লেটৰ কাষৰ ফ্লেটলৈ অহাৰ, মিষ্টাৰ শইকীয়াৰ পোষ্টিং হৈছে ইয়াত। চলিহা-চলিহানী দুয়ো চাকৰিলৈ ওলাই যায়। একমাত্ৰ পুত্ৰ আদিক চোৱা-চিতা কৰিবলৈ ৰখা সহায়িকা গৰাকীয়ে দুমাহমান আগতে এদিন হঠাৎ কামলৈ আহিব নোৱাৰিব বুলি কোৱাৰ পিছত চলিহা-চলিহানীৰ মূৰত সৰগ‌ ভাগি পৰাৰ দৰে হৈছিল। এসপ্তাহ ছুটি লৈ দুয়ো  মানুহ এগৰাকী তন্ন-তন্নকৈ বিচাৰিছিল কিন্তু বিশ্বাসী মানুহ এগৰাকী বিচাৰি পোৱা নাছিল। তেওঁলোকৰ এই বিপদৰ সময়ত নিৰ্মালিয়ে আদিৰ দায়িত্ব ল’বলৈ আগবাঢ়ি আহিছিল। বিনিময়ত তাই একোৱেই বিচৰা নাছিল। দিনৰ দিনটো আঢ়ৈবছৰীয়া আদিৰ সান্নিধ্য লাভ কৰাটো কোনো পাৰিশ্ৰমিকতকৈ কম নহয়। সকাহ পাইছিল চলিহানীয়ে। কিন্তু লাহে লাহে আদিৰ নিৰ্মালিৰ প্ৰতি বাঢ়ি যোৱা মোহ দেখি ভিতৰি ভিতৰি জ্বলিছিল তেওঁ। ৰাতি সপোনত আদিয়ে নিমি মাক বিচাৰিছিল। অসুখত পৰা ল’ৰাটোক নিমি মায়েহে কিবা খুৱাব পাৰিছিল। অসহনীয় হৈছিল কথাবোৰ মিছেচ চলিহাৰ বাবে।

: মিছেছ চলিহা, কি ভাবি আছে? মই থৈ আহিমগৈ আদিক। টোপনি পূৰ নহ’লে সি থেনথেনাব।

: দিনটো ল’ৰাটো আপুনিয়েই চম্ভালে, এইকণ সময় মোক মোৰ নিজৰ ল’ৰাটোৰ লগত থাকিবলৈ দিলে ভাল পাম মিছেচ শইকীয়া।

শেষৰ কথাকেইটাৰ খোঁচটো নিৰ্মালিৰ বুকুত লাগিল। হয়তো নিজৰ ল’ৰা! আদি, মিছেচ চলিহাৰ নিজৰ ল’ৰা। নিজৰ বুলি ক’বলৈ তাইৰতো সন্তান এটাও নাই।

শুই থকা ল’ৰাটোক জোৰকৈ টানি-আজুৰি উঠাই চলিহানী গুচি গ’ল, নিৰ্মালিয়ে অসহায় হৈ চাই থাকিল আদিৰ কান্দি থকা চকুহাললৈ।

আজি এসপ্তাহে আদি নাই অহা। নিৰ্মালিৰ বাবে সময়বোৰ অসহনীয় হৈ উঠিছে।

                    (৩)

: অভি, মই ওমলা ঘৰ এটাৰ কথা চিন্তা কৰিছোঁ।

: ওমলা ঘৰ? কি ওমলা ঘৰ? তুমি কি, কেনেকৈ কৰিবা?

: অভি আমাৰ ছ’চাইটিত সাতঘৰ  এনে মানুহ আছে যিকেইঘৰত স্বামী-স্ত্ৰী দুয়ো চাকৰি কৰে বাবে নিজৰ ল’ৰা-ছোৱালী সম্ভালিবলৈ সিহঁতৰ সহায়িকাৰ প্ৰয়োজন। দিনৰ দিনটো মই এনেই বহি থাকোঁ, তাতকৈ মই দেখোন এই কেইঘৰ মানুহৰ ল’ৰা-ছোৱালীকেইটাক দিনটো ৰখি দিব পাৰিম বিনিময়ত পইচা ল’ম?

: পইচা ঘটিবলৈ বেলেগ ৰাস্তা নাপালা? লোকৰ ল’ৰা-ছোৱালী ৰখি পইচা নঘটিলেও হ’ব।

: তুমি মোক ভুল বুজিছা অভি, মাতৃত্বৰ মূল্য নল’লে মানুহে সন্দেহৰ দৃষ্টিৰে চায়। কিজানিবা তেওঁলোকৰ সন্তানক মই নিজৰ কৰি লওঁ। প্ৰফেশ্যনেলিজিম মেটাৰছ।

হয়, সাতদিনৰ মূৰত চলিহানীক ফোন কৰোঁতে তেওঁ ঠিক এই কথাটো নিৰ্মালিক কৈছিল। প্ৰফেশ্যনেল মানুহ এগৰাকীৰহে প্ৰয়োজন হেনো আদিৰ বাবে, বেছি ইম’শ্যনেল এটাচ্ছমেণ্ট তেওঁ ভাল নাপায়। 

                   (৪)

: মিছেছ চলিহা, এনুৱেল ফী ষ্ট্ৰাকচাৰটো মই আপোনাক মেইল কৰি দিম। এতিয়া ৰাখিছোঁ, মিছেচ বৰা আৰু মিছেচ দত্তকো ফোন কৰিবলৈ আছে।

জপাই থোৱা দুৱাৰখন খুলি সাতটাকৈ দেৱশিশু থুপুক-থাপাককৈ নিৰ্মালিৰ ওমলা ঘৰলৈ আহিল। আদিৰ চকুৱে-মুখে খেলি থকা হাঁহিটো নিৰ্মালিৰ ওঁঠলৈ বাগৰিল। 

গীতৰ কলি এটা নিৰ্মালিৰ বুকুত বাজি থাকিল,

“চন্দা হ্যেয় তু, মেৰা সুৰজ হ্যেয় তু

ও মেৰী আখো কা তাৰা হ্যেয় তু।

জী তী হু ম্যে বস তুঝে দেখ কৰ

ইস টুটে দিল কা কিনাৰা হ্যেয় তু।”

☆ ★ ☆ ★ ☆

3 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *