মূল: দৰৱ,লেখক: হৰিশংকৰ পৰসাই,অনুবাদ- মিতালী নাৰায়ণি
কবি ‘অনঙ্গ’ৰ অন্তিম ক্ষণ সমুপস্থিত হৈছিল৷
চিকিৎসকসকলে কৈ দিছে যে তেওঁ বেছিতকৈ বেছি এঘণ্টামানৰহে আলহী৷ অনঙ্গৰ সহধৰ্মিনীয়ে চিকিৎসকসকলক অনঙ্গক এনে কোনো দৰৱ দিবলৈ অনুৰোধ কৰিলে যাতে তেওঁ কমেও পাঁচ ছয়ঘণ্টা জীয়াই থাকে আৰু বিয়লিৰ ৰে’লেৰে আহি পাবলগীয়া পুতেকক লগ পায়৷ চিকিৎসকসকলে ক’লে যে কোনোধৰণৰ দৰৱে তেওঁক এঘণ্টাতকৈ অধিক সময় জীয়াই ৰাখিব নোৱাৰে৷
সেই সময়তে অনঙ্গৰ বন্ধু আহিল৷ তেওঁ ক’লে,
: মই এওঁক আৰামত কেইবাঘণ্টাও জীয়াই ৰাখিব পাৰিম৷
চিকিৎসকসকলে হাঁহি মাৰি ক’লে,
: এয়া অসম্ভৱ কথা৷
বন্ধুৱে ক’লে,
: বাৰু মোক চেষ্টা এটাকে কৰিবলৈ দিয়কচোন! আপোনালোক আটায়ে বাহিৰলৈ যাওক৷
সকলো কোঠালিটোৰ পৰা বাহিৰলৈ ওলাই গ’ল৷ বন্ধুয়ে কবিবৰ অনঙ্গৰ কাষত বহি ক’লে,
: অনঙ্গ, এতিয়াতো আপুনি চিৰদিনৰ বাবে যাবলৈ ওলাইছে! এই সুললিত কণ্ঠনো আৰু ক’ত শুনিবলৈ পাম! যোৱাৰ আগে আগে কিবা দুশাৰীমান শুনাই যাওকচোন!
বন্ধুৰ এইষাৰ কথা শুনিয়ে কবি অনঙ্গ উঠি বহিল আৰু ক’লে,
: মন যোৱা নাই তথাপি আপোনাৰ অনুৰোধো উপেক্ষা কৰিব নোৱাৰি৷ বাৰু আলমিৰাৰ পৰা এখন কিতাপ উলিয়াই আনকচোন!
বন্ধুৱে কিতাপ এখন উলিয়াই আনি তেওঁৰ হাতত দিলে আৰু কবি অনঙ্গই কবিতা পাঠ কৰিবলৈ ধৰিলে৷ এইদৰে কেইবাঘণ্টাও পাৰ হৈ গ’ল৷ বিয়লিৰ ৰে’লেৰে তেওঁৰ ল’ৰাটোও আহি পালে৷ সি কোঠালিটোলৈ সোমায়ে দেখিলে যে দেউতাকে কবিতা পঢ়ি আছে আৰু তেওঁৰ বন্ধু মৰি পৰি আছে৷
☆ ★ ☆ ★ ☆
6:45 pm
ভাল লাগিল৷
7:20 pm
ধন্যবাদ।