কিডনেপ- হৃষীকেশ ডেকা
কাহিনী, পৰিচালনা, সংলাপ, পৰিকল্পনা : হৃষীকেশ ডেকা
বাস্তৱ : হিতেশ বি বৰুৱা (উগ্ৰপন্থী)
ৰাজা : তবিবৰ ৰহমান (উগ্ৰপন্থী)
সমীৰ : মাধুৰ্য্য গোস্বামী (উগ্ৰপন্থী)
ইন্সপেক্টৰ : সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য (আৰক্ষী বিষয়া)
MLA : হেমন্ত কাকতি
হিৰামানি : কাবেৰী মহন্ত (MLA ৰ ঘৈণীয়েক)
তৰালী : দীক্ষিতা বৰা (MLA ৰ জীয়েক)
অৰ্চন : অৰ্চন শৰ্মা (বিজয়ৰ বন্ধু)
বিজয় : বিজয় মহন্ত (এজন চোৰাংচোৱা)
মালা : নিৰ্মালি বৰমুদৈ (কমলাৰ জীয়েক)
কমলা : চিত্ৰলেখা দেৱী (ৰঞ্জন আৰু মালাৰ মাক)
সাংবাদিক : যোগেশ ভট্টাচাৰ্য (এজন সাংবাদিক)
ৰঞ্জন : দেৱজিত শৰ্মা (কমলাৰ পুত্ৰ)
ৰমেন : দিব্যজ্যোতি কলিতা (এজন চিপাহী)
কমল : অজান অনুভৱ বৰা (এজন চিপাহী)
দৃশ্য ১
দ্ৰোণ কেমেৰাৰে অৰণ্য দেখুওৱা হ’ব। জীৱ-জন্তুৰ মাত শুনা যাব। তাত কেইজনমান উগ্ৰপন্থীক কেমেৰাই কথা পাতি থকা দেখুৱাব।
বাস্তৱ : জীৱনত টকা নহ’লে কোনেও পাত্তা নিদিয়ে ভাই। টকা টকা লাগে ভাই আমাক।
ৰাজা : জীৱনত টকা মেইন। সেয়ে আমি টকাৰ পিছত দৌৰি আছোঁ৷
সমীৰ : ঐ চাধা অলপ হ’ব নেকি বে?
বাস্তৱ : কিয়, এই সময়ত চাধালৈ মনত পৰিল যে। মোৰ হাতত কেপিহে আছে। চাধা নাই মোৰ হাতত।
সমীৰ : চাধা আছে নেকি ঐ, ৰাজা।
ৰাজা : চাধা আছে নিজেই মাৰি খা।
সমীৰ : দে দে।
বাস্তৱ : চাধা অলপ মোকো দিবি দেই।
সমীৰ : দিম দিম, কিয় নিদিম?
ৰাজা : আমাৰ এইবাৰ নেক্স টাৰ্গেট কি হ’ব?
সমীৰ : তাকেই ৰহ, টাৰ্গেটতো বহুতেই আছিল৷ কোনফালে যোৱা ভাল হ’ব তাকেই ভাবিছোঁ।
বাস্তৱ : ঐ সেইবোৰ বাদ দে। আচল কথালৈ আহোঁ৷ আমাৰ এজনক ধৰি বান্ধি লকআপত সুমুৱাই থ’লে। তাক আমি এতিয়া উদ্ধাৰৰ চেষ্টা কৰিব লাগে।
সমীৰ : সেইদিনা চাগে আমাৰ দিন বেয়া আছিল। শনি লাগিছিল চাগে।
ৰাজা : কিনো শনি, ৰবিৰ কথা কৈ থাক। এতিয়া কি ভাবিছ।
বাস্তৱ : কিবাকৈ হ’লেও তাক উদ্ধাৰ কৰিবই লাগিব।
ৰাজা : সেইবাবে আমি হাতেকামে লাগিবই লাগিব৷ এনেকৈ ভাবি আৰু চাই থাকিলে নহ’ব৷
সমীৰ : আচলতে সি বৰ সাহসী ল’ৰা আছিল।
ৰাজা : এইবোৰ সকলো কাম এজন মানুহৰ দ্বাৰাই কৰা হৈছে। তেওঁক এটা উচিত শিক্ষা দিব লাগিব। আমাক জোকাই লোৱাৰ পৰিণাম কিমান ভয়ংকৰ হ’ব সেইটো ভবাই নাই এতিয়ালৈ। দেখুৱাই দিম তাক৷
সমীৰ : মই এটা কথা ভাবিছোঁ।
(সকলোৱে)
: কি কথা….
সমীৰে নিজৰ মোবাইলটো উলিয়াই ফেচবুকত এখন ফটো দেখুৱাই,
সমীৰ : ঐ চাচোন৷ (এখন ফটো উলিয়াই, কেমেৰাই ক্লজআপত এজনী ধুনীয়া ছোৱালীৰ ফটো দেখুৱাব৷) এই ছোৱালীজনীক উঠাই আনিব লাগে। MLAৰ জীয়েক হয়।
বাস্তৱ : নো টেনশ্যন।
ৰাজা : কামটো অৱশ্যে হ’ব কিন্তু এই ছোৱালীজনীৰ ডিটেলইচ লাগে।
সমীৰ : MLA ৰ জীয়েক। বহুত ধনী ঘৰৰ ছোৱালী। সন্দিকৈ কলেজত পঢ়ে। অহাকালি ৰাতিপুৱা ৯ মান বজাত সেই ঠাইলৈ গৈ তাত উপস্থিত হ’বগৈ লাগে। তাইৰ ৯:৩০ত মেজৰৰ ক্লাছ থাকে।
ৰাজা : হৈ যাব৷
দৃশ্য ২
এখন সম্ভ্ৰান্ত ঘৰ। MLA চাহাবে ঘৰৰ চৌহদত এখন বাতৰি কাকত পঢ়ি থাকে। হঠাতে তেওঁলৈ এটা ফোন আহে।
MLA : MLA হাজৰিকা ইজ স্পীকিং।
…….. কি… যেনেকৈ নহওক কিয় মই এইবাৰ টিকট ল’মেই। তেওঁ শইকীয়া শ টকাত খেলে আৰু মই হাজৰিকা হাজাৰ টকাত খেলোঁ। কৈ দিবা তাক। (লগে লগে ফোনটো কাটে)
কিছুসময় পিছত তৰালী ঘৰৰ পৰা ওলাই আহে।
তৰালী : দেউতা মই যাওঁ। কলেজলৈ দেৰি হৈছে। আজি মেজৰৰ ক্লাছটো নাপামেই চাগে।
MLA : কিয় মাজনী
তৰালী : নাই দেউতা, ঘৰতেই প্ৰেক্টিকেলৰ কাম কৰি আছিলোঁ। আজি SUBMIT কৰিবই লাগিব।
MLA : যা মাজনী। ভালকৈ যাবি।
তৰালী : হ’ব দেউতা।
তৰালী ঘৰৰ পৰা ওলাই আহে।
তৰালীয়ে কলেজৰ সন্মুখত গুৱাহাটীৰ চিটিবাছৰ পৰা নমা কেমেৰাই দেখুৱাব আৰু অলপ আঁতৰত এখন বগা ৰঙৰ নম্বৰবিহীন ভেনত উগ্ৰপন্থীকেইজনক দেখুৱাব। তৰালীয়ে কলেজলৈ আগুৱাই আহি থাকে৷ যেতিয়াই তেওঁলোকৰ গাড়ীৰ কাষ পাই হঠাতে তৰালীক মুখত সোপা মাৰি ভেনখনত ভৰাই ভেনখন গুচি গ’ল। কলেজচৌহদত হৈ চৈ লাগিল।
দৃশ্য ৩
এটা জৰাজীৰ্ণ ঘৰ। তৰালীক উগ্ৰপন্থীকেইজনে হাতত ধৰি টানি নি ঘৰটোৰ ভিতৰত সুমুৱাই চকী এখনত বান্ধি থয়।
তৰালী : (খঙত কয়) এইবোৰ আপোনালোকে কি কৰিব ওলাইছে। টকা লাগে, টকা….দেউতাক ফোন কৰক টকা আনি আপোনালোকৰ মুখত মাৰি দিব।
ৰাজা : (খঙত) প্লিজ মাইণ্ড ইয়ৰ লেংগুৱেজ। এতিয়ালৈ আপোনাক মাৰধৰ কৰা নাই। উঠাইহে আনিছোঁ।
তৰালী : এয়া কি আপোনালোকে ভাল কাম কৰিছে বুলি ভাবিছে নেকি?
ৰাজা : ভাল বেয়া বিচাৰ কৰিব নালাগে। আমি যি কৰোঁ কৰি দেখুৱাওঁ।
বাস্তৱ : (অলপমান আগুৱাই আহি ৰাজাক কয়) ঐ ছোৱালীজনীক কিবা এটা খুৱাব লাগিছিল৷ নহ’লে মৰি থাকিব এতিয়া।
ৰাজা : হয় দেই।
দৃশ্য ৪
কলেজ চৌহদ, সকলো নিউজ চেনেল, সাংবাদিক, আৰক্ষী বিষয়া আদি আৰু লগতে স্থানীয় ৰাইজ উপস্থিত হয়। পৰিস্থিতি বৰ উত্তপ্ত হয়। আৰক্ষীয়ে লাঠি চালনা কৰিবলৈ বাধ্য হয়। সাংবাদিকে খবৰটো লাইভত পৰিবেশন কৰি ক’বলৈ ধৰে,
: হয়, বৰ্তমান মই উপস্থিত আছোঁ এইখিনি ঠাইত য’ত দিন দুপৰতে অপহৰণ কাণ্ড সংঘটিত হৈছে। য’ত MLA-ৰ ছোৱালীয়েই সুৰক্ষিত নহয় তাত আনৰ ছোৱালীক কি সুৰক্ষিত দিব চৰকাৰে। মোৰ লগত ভাৰপ্ৰাপ্ত আৰক্ষীবিষয়া মই তেখেতৰ পৰা জানিব বিচাৰিছোঁ। কি ক’ব আপুনি এই ক্ষেত্ৰত৷
আৰক্ষী : আমি আৰক্ষী বিভাগ সম্পূৰ্ণ সাজু। দোষীক কৰায়ত্ত কৰিবলৈ। অতি সোনকালে তেওঁলোক গ্ৰেপ্তাৰ হ’ব বুলি মোৰ বিশ্বাস।
সাংবাদিক : আপোনালকে কিবা খবৰ পাইছে তেওঁলোক ক’ৰ আছিল, তেওঁলোকৰ লগত আৰু কোনোবা জড়িত হৈ আছে নেকি?
আৰক্ষী বিষয়া : আমাৰ হাতলৈ তেনেকুৱা একো খবৰ অহা নাই। শুনামতে তেওঁলোকৰ গেঙটোত বহু সদস্য জড়িত হৈ আছে বুলি খবৰ পোৱা গৈছে। মোৰ বিশ্বাস অপৰাধীক সাৰি যাবলৈ কোনোপধ্যে দিয়া নহ’ব।
দৃশ্য ৫
কমলাৰ ঘৰ। কমলাই ঘৰৰ কাম কৰাত ব্যস্ত হৈ থাকে। হঠাতে কমলালৈ ফোন আহে।
কমলা : হেল্ল৷
কমলাৰ মাক : অ’, কি কৰি আছ তই? বহুদিন খবৰেই পোৱা নাই। এদিন আহিবিচোন আমাৰ ঘৰলৈ।
কমলা : যাম দেই এদিন, কি কৰিবি। ঘৰৰ পৰা ওলাব নোৱাৰা হৈছোঁ।
কমলাৰ মাক : হয় দেই, মালা ভালে আছেনে?
কমলা : অঁ, ভালেই আছে।
কমলাৰ মাক : তাই কলেজলৈ গৈছে নেকি?
কমলা : উম, তাই কলেজলৈ গৈছে। ঘৰৰ পৰাই ওলাব নোৱাৰা হৈ গৈছোঁ। ইহঁতকেইটাৰ কাৰণে। আজিকালি দিনবোৰ বৰ বেয়া৷ ছোৱালীজনী কলেজলৈ গ’লে ঘৰৰ নোপোৱালৈকে চিন্তা হৈয়ে থাকে।
কমলাৰ মাক : হয় দেই বুজিছোঁ। আজিকালি দিনবোৰ বৰ ভাল নহয়। কেয়াৰ ল’বি। হ’ব দে ৰাখিছোঁ এতিয়া।
কমলা : ঠিক আছে মা।
হঠাতে বেগেৰে কমলাৰ জীয়েক মালা ঘৰলৈ সোমাই আহি মাকক চিঞৰে।
মালা : মা…. মা… , অ’ মা……
কমলা : কি হ’ল ঐ, এনেকৈ টেঁটু ফালি আহিছা যে?
মালা : তই ঘৰত সোমাই থাকিলে কি গম পাবি? কিবা বাহিৰৰ খবৰ ৰাখিছা জানো? কিমান ডাঙৰ ঘটনা হৈ গ’ল! তহঁতে কিবা খবৰ ৰাখিছা জানো? কিয় ৰাখিবি?
কমলা : কি হ’ল নোকোৱা কিয় ?
মালা : মোৰ সহপাঠী তৰালীক আমাৰ কলেজৰ সন্মুখৰ পৰা উঠাই লৈ গ’ল।
কমলা : কি, তই সঁচা কৈছনে!
মালা টিভিৰ সন্মুখলৈ গৈ টিভিটো অন কৰে৷
নিউজত ক’বলৈ ধৰে, “এয়া মই উপস্থিত আছোঁ গুৱাহাটী মহানগৰৰ এইখিনি ঠাইত য’ত দিনদুপৰতে এজনী ছোৱালী অপহৰণ কৰি নিয়া ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।”
কমলাই টিভিটো অফ কৰি দিয়ে৷ অলপ সময় চিন্তা কৰি চকীত বহি পৰে।
মালা : কি চিন্তা কৰি আছা মা?
কমলা : এটা কথা ভাবিছোঁ, তৰালী ভাল ছোৱালী। সৰুৰে পৰা তই তাইৰ লগত একেলগে স্কুললৈ গৈছা, কলেজলৈও কিন্তু তেনেস্থলত তাইৰ কাৰোবাৰ লগত কিবা শত্ৰুতা আছে জানো?
মালা : মই জনাত কিন্তু তাইৰ লগত কাৰো একো শত্ৰুতা দেখা নাই আৰু শুনাও নাই। তাই কলেজৰ সকলোৰে লগত ভালদৰে কথা পাতে।
কমলা : তাকেই ভাবিছোঁ।
এনেতে মালাৰ ককায়েক ৰঞ্জন ঘৰৰ ভিতৰলৈ সোমাই আহে। দুয়ো ৰঞ্জনৰ ফালে অবাক হৈ চাই থাকে।
ৰঞ্জন : তহঁতে কি কথা পাতি আছিলি মই সকলো গম পাইছোঁ। একো চিন্তা কৰিব নালাগে। এই তদন্ত প্ৰক্ৰিয়াৰ বাবে আমাৰ জিলাৰ আৰক্ষী বিষয়া নামি গৈছে। তেওঁ কৈছে দোষী যিমানেই পলাই নাথাকক কিয় আমাৰ চকুত ধৰা পৰিবই।
কমলা : তই আৰু কিবা খবৰ পাইছেনে?
ৰঞ্জন : কেইজনমানক আৰক্ষীয়ে সন্দেহ কৰিছে বুলি শুনিছোঁ। ইন্সপেক্টৰজন মোৰ লগৰ এজনৰ চিনাকিয়েই হয়। তেওঁ কথা পাতিব। ভাত আছেনে ভন্টি, দেচোন মোৰ বৰ ভোক লাগিছে।
মালা : দাদা, তই অলপ বহ। মই ভাত বাঢ়োঁ৷
দৃশ্য ৬
MLA ৰ ঘৰ। ড্ৰয়িং ৰূমত জিলা আৰক্ষী বিষয়া আৰু MLA-য়ে কথা পাতি থকা দেখা যায়। কাষত এজন চিপাহী থিয় হৈ থাকে।
MLA : আজি মই বৰ লজ্জিত ইন্সপেক্টৰ। ইফালে ইলেক্সন।
চিপাহী ৰমেন : ছাৰ, আপুনি চিন্তাই নকৰিব। আমাৰ ছাৰ সাধাৰণ মানুহ নহয়। বহুত ওপৰ লেভেলৰ মানুহ হয়। মই নিজেই ছাৰৰ লগত কাম কৰি গম পাইছোঁ।
ইন্সপেক্টৰ : (চিপাহীক ধমকি দিয়ে)ঐ চুপ। (ছাৰক ঊদ্দেশি ক’ব) ময়ো যিমান পাৰোঁ চেষ্টা কৰি আছোঁ ছাৰ। আপুনি চিন্তা নকৰিব৷
MLA : বুজিছোঁ, মোৰ লগত কাৰোবাৰ শত্ৰুতা আছিলেই যদি মোৰ ওপৰত ন’লৈ মোৰ ছোৱালীৰ ওপৰত প্ৰতিশোধ লৈছে কিয়?
ইন্সপেক্টৰ : আপোনালৈ কিবা ফোন কল আহিছে নেকি এতিয়ালৈ?
MLA : নাই অহা এতিয়ালৈ। তাইৰ ফোনটোও চুইছ অফ। ৰাতিপুৱাৰ পৰা চেষ্টা কৰি আছোঁ। ইন্সপেক্টৰ মই আপোনাক যিমান টকা লাগে সিমান টকা দিম কিন্তু মোৰ ছোৱালীক আপুনি উদ্ধাৰ কৰি দিয়ক৷
ইন্সপেক্টৰ : টকাৰ কথা কিয় কৈছে ছাৰ? টকাৰ কথা কৈ মোক লাজ নিদিব। এয়া মোৰ ডিউটি। ছাৰ মই এতিয়া উঠোঁ।
চিপাহী : ব’লক ছাৰ।
ইন্সপেক্টৰ MLA-ৰ ঘৰৰ পৰা ওলাই যায় আৰু MLA হাজৰিকাই কিছুসময় চিন্তা কৰি থাকে৷ কিছুসময় পিছত MLA ৰ পত্নী হিৰামানিৰ প্ৰৱেশ৷
হিৰামানি : কিবা খবৰ পালেনে মোৰ ছোৱালীজনীৰ (MLA হাজৰিকাই মনে মনে কিবা ভাবি থাকে৷) হেৰি, শুনিছেনে। কিবা খবৰ পালেনে?
MLA : নাই এতিয়ালৈ একোৱেই খবৰ পোৱা নাই৷
হিৰামানি : এই সকলোবোৰ আপোনাৰ বাবেই হৈছে। মোৰ ছোৱালীজনীৰ কিবা হ’লে মই জীয়াই নাথাকিম। কৈ থ’লোঁ মই। (কান্দি কান্দি কয়)
দৃশ্য ৭
আৰক্ষী থানা দেখুওৱা হ’ব। দুজন চিপাহীয়ে আৰক্ষীথানাৰ ভিতৰত কাম কৰি কৰি আলোচনা কৰি থাকে।
চিপাহী কমল : বুজিছা, আজিকালি ছোৱালী ওলাবলৈ দিবলৈও ভয় লগা হৈছে।
চিপাহী ৰমেন : আমাৰ এই পুলিচবিলাকৰ শান্তি বোলা বস্তুটো অকণো দেখা নাই। ক’ৰবাত ডকাইতি হ’ব, ডকাইত ধৰিব নোৱাৰিলে গালি খাব লাগিব আমি, ক’ৰবাত চোৰ হ’ব, ধৰিব নোৱাৰিলে গালি দিব আমাক, কোনোবাই ছোৱালীও অপসৰণ কৰি নিব উলিয়াই দিব নোৱাৰিলে আমাকেই গালি পাৰিব৷
কমল : হয় দিয়কহে। কেতিয়াবা ভাবোঁ এই পুলিচৰ চাকৰিত কিয় যে জইন কৰিলোঁ!
হঠাতে ফোন বাজে। ক্ৰিং ক্ৰিং….
ৰমেন : আহিলেই চাগে আকৌ কেচ। (ফোনটো ধৰিবলৈ আগুৱাই যায়, ফোনটো ধৰে) হেল্ল, চান্দমাৰী পুলিচ ষ্টেচন। কি হ’ল আপোনাৰো ছোৱালী পলুৱাই নিলে নেকি কোনোবাই? ছাৰ নাই। ছাৰ আহিলে ফোন কৰিব। (ফোন কাটে)
কমল : কোনে কৰিছে ফোন? আকৌ ছোৱালীৰ কেচ নেকি?
ৰমেন : এহ নাজানো, ছোৱালীৰ নে, মাকৰ নে, জীয়েকৰ কেচ।
হঠাতে ইন্সপেক্টৰ সোমাই আহে।
ইন্সপেক্টৰ : (ৰমেনক উদ্দেশ্যি) মই যে আপোনাক ফাইলটো থ’বলৈ দিছিলোঁ, সেইটো লৈ আহকচোন৷ (ৰমেনে মূৰ খুজুৱাই ফাইলৰ কথা চিন্তা কৰি থাকে) কিবা যে কৈছোঁ শুনিছেনে?
ৰমেন : ছাৰ ক’ত থ’লোঁ মই পাহৰি গ’লোঁ। ছাৰ মোৰ এই পাহৰা স্বভাৱটোৱে বৰ দিকদাৰ দিয়েহে৷
ইন্সপেক্টৰ : কি যে হ’ব নহয়। ইয়াত ৰৈ থাকিবনে ফাইল বিচৰাত লাগিব?
ৰমেন : হ’ব ছাৰ মই এতিয়াই গৈ ফাইলটোৰ ইনভেষ্টিগেচন কৰোঁগৈ।
চিপাহী কমল সোমাই আহে ইন্সপেক্টৰৰ ৰূমলৈ।
কমল : ছাৰ আপোনাক কোনোবা এজনে লগ কৰিবলৈ আহিছে।
ইন্সপেক্টৰ: আহিব দিয়ক।
বিজয় সোমাই আহিব। তেওঁ হৈছে চোৰাং ড্ৰাগছ সৰ্বৰাহকাৰী। তেওঁ সেইটো অঞ্চলত বহুবছৰ ধৰি চোৰাং কাৰবাৰ কৰি আহিছে আৰু বহুত কৌটি কৌটি টকা উপাৰ্জন কৰিছে৷
ইন্সপেক্টৰ : অ’ আপুনি। বহক।
বিজয় : ছাৰ আপুনি মোক কিয় মাতিছে জানিব পাৰোঁঁ নে?
ইন্সপেক্টৰ : হয় নিশ্চয়। আপুনি নিশ্চয় গম পাইছে আপুনি যিটো চোৰাং কাৰবাৰ কৰি আছে মোৰ হাতত সকলো তথ্য আছে।
বিজয় : মানে?
হঠাতে ৰমেন সোমাই আহে আৰু আৰু ফাইলটো ইন্সপেক্টৰৰ হাতত দিয়ে আৰু গুচি যায়৷
ইন্সপেক্টৰ : এই ফাইলটোতেই আপোনাৰ সকলো তথ্য সোমাই আছে। এতিয়া আপুনি কোনোপধ্যেই সাৰি যাব নোৱাৰিব। আপুনি এই চোৰাং ব্যৱসায় বন্ধ কৰক। নহ’লে বিপদ আপোনাৰ নিশ্চিত।
বিজয় : এটা কথা ছাৰ। আপোনাক এটা কথা কওঁ।
ইন্সপেক্টৰ : হয় কওক
বিজয় : আপোনাৰ এই ফাইলটো নোহোৱা কৰিবলৈ কেইলাখ টকা লাগিব কওক।
ইন্সপেক্টৰ : কি আপুনি মোক ঘোঁচ দিব খুজিছে নেকি? মোৰ এই ইন্সপেক্টৰ সূৰুযৰ নাম আছে। আমাৰ এইটো অঞ্চলৰ সকলোৱে জানে৷ (বিজয়ক উদ্দেশ্যি) আপুনি যাব পাৰে।
বিজয় ওলাই যায়, ইন্সপেক্টৰৰ ফোন আহে৷
ইন্সপেক্টৰ : হাজৰিকা ছাৰ, ফোন কৰিছিল নেকি সিহঁতে। হয় আপুনি নম্বৰটো নোট কৰক। মই গৈ আছোঁ।
দৃশ্য ৮
MLA ৰ ঘৰ। ঘৰত শোকাকূল পৰিবেশ এটাই বিৰাজ কৰিব। তৰালীৰ মাকে কান্দি কান্দি শোকত ভাগি পৰে। কিছুসময়ৰ পিছত মালাৰ ককায়েক ৰঞ্জন আহি উপস্থিত হয়। ৰঞ্জনে তেওঁলোকৰ ঘৰৰ গোটেই পৰিবেশটো দেখি ভাগি পৰে। কিছুসময় চিন্তা কৰি।
ৰঞ্জন : বাইদেউ, বাইদেউ….
হিৰামানি : (কান্দি কান্দি) ৰঞ্জন অ’, মোৰ ছোৱালীজনী উভতি নাহিলে কেনেকৈ জীয়াই থাকিম অ’!
ৰঞ্জন : বুজিছোঁ বাইদেউ, ময়ো সকলো গম পাইছোঁ। ঘৰত মালায়ো চিন্তা কৰি আছে।
হিৰামানি : তই খবৰ পাইছা নেকি তৰালীৰ?
ৰঞ্জন : চিন্তা নকৰিব বাইদেউ। আমি তৰালীক বিচাৰি উলিয়ামেই। তৰালীৰ একো নহয় আপুনি বেছিকৈ চিন্তা কৰিছে। (ৰঞ্জনে MLA হাজৰিকাক উদ্দেশ্যি কয়) ছাৰ কিবা খবৰ পাইছে নেকি তৰালীৰ?
MLA : নাই অ’ ৰঞ্জন।
ৰঞ্জন : কিবা ফোনকল আহিছে নেকি?
MLA : ফোন কল এটা আহিছে।
ৰঞ্জন : ফোনত কিবা কৈছে নেকি ছাৰ?
MLA : তেনেকৈ একো কোৱা নাই। কৈছে, তেওঁলোকে ধনৰ বিনিময়ত একো কৰা নাই। ধন দাবীও নাই কৰা। কৈছে তেওঁলোকৰ উগ্ৰপন্থী সদস্য এজনক যে এৰেষ্ট কৰা হৈছিল। তেওঁক মুকলি কৰি দিব লাগে। যেতিয়ালৈ মুকলি কৰি নিদিয়ে তেতিয়ালৈকে তৰালীক মুকলি কৰি দিয়া নহ’ব।
ৰঞ্জন : আপুনি চিন্তা নকৰিব ছাৰ। ময়ো যিখিনি পাৰোঁ সহায় কৰিম। আপোনাৰ তাত ফোন নম্বৰটো আছেনে?
MLA : হয় আছে। ইন্সপেক্টৰক জনাইছোঁ কথাটো। তেওঁ আহি পাবহি এতিয়া।
ৰঞ্জন : চিন্তা নকৰিব ছাৰ। তৰালীৰ একো নহয়৷
খন্তেক সময় পিছত ইন্সপেক্টৰ MLA ঘৰত প্ৰৱেশ কৰে।
ইন্সপেক্টৰ : ছাৰ বেয়া নাপাব। এটা ব্যক্তিগত কামৰ বাবে মোৰ আহোঁতে অলপ পলম হৈ গ’ল।
ৰঞ্জন : ছাৰ বহক।
ইন্সপেক্টৰ : আপুনি?
ৰঞ্জন : মই ৰঞ্জন। এখেতসকলৰ সম্পৰ্কীয় বুলিয়েই ধৰিব পাৰে।
ইন্সপেক্টৰ : ছাৰ, ফোন নম্বৰটো লগত আছেনে?
MLA : হয় আছে, লওক।
ফোন নম্বৰটো দিয়ে৷
ইন্সপেক্টৰ : কল কৰি কিবা কৈছে নেকি তেওঁলোকে।
ৰঞ্জন : নাই ছাৰ, তেনেকৈ একো কোৱা নাই। কৈছে তেওঁলোকৰ কোনোবা এজন উগ্ৰপন্থীক এৰেষ্ট কৰাৰ বাবে তৰালীক উঠাই লৈ গৈছে। যেতিয়ালৈকে তেওঁক মুকলি কৰি নিদিয়ে তেতিয়ালৈ তৰালীক মুকলি কৰি দিয়া নহ’ব বুলি কৈছে।
ইন্সপেক্টৰ : কেচ বেলেগ মানে। সেইজনক ধৰি আমাৰ জিম্মাত ৰখাৰ বাবে এইবাৰ তেওঁলোকে এনেকৈ প্ৰতিশোধ লৈছে। চিন্তা নকৰিব সিহঁত মোৰ হাতত ধৰা পৰিবলৈ বেছি সময় নালাগে। তেওঁলোকে ক’ত কেনেকৈ বাহৰ পাতি আছে মই ভালকৈ জানো। এখন অৰণ্যত বাঘ থাকিলে বাঘে নিজকে ৰজা বুলি ভাবেই কিন্তু তেওঁলোকে নাজানে সেই হাবিত সিংহও যে বসবাস কৰি আছে। এই চোৰাংচোৱা বিজয়ক অলপ মেনেজ কৰিব পাৰিলে তেওঁৰ মুখৰ সকলো কথা ওলাই পৰিব। কাৰণ বিজয়ৰ লগত তেওঁলোকৰ কূটনৈতিক সম্পৰ্ক বহুবছৰ আগৰ পৰাই আছে। ছাৰ মই এতিয়া আহোঁ।
ইন্সপেক্টৰ যায়৷
দৃশ্য ৯
আৰক্ষীথানাৰ ভিতৰত দুয়োজন চিপাহী নিজৰ নিজৰ কামত ব্যস্ত হৈ থাকে। হঠাতে ইন্সপেক্টৰ আহি পায়।
কমল : ছাৰ, কিবা খবৰ পালেনে?
ইন্সপেক্টৰ : অঁ, ভিতৰলৈ আহকচোন।
কমল ইন্সপেক্টৰৰ ৰূমলৈ প্ৰবেশ কৰে।
কমল : ছাৰ…
ইন্সপেক্টৰ : এই চোৰাংচোৱা বিজয়ৰ লগত থকা সেইজন কোন বাৰু?
কমল : অ’ সেইজন অৰ্চন
ইন্সপেক্টৰ : তেওঁক ফোন কৰি মই ইয়ালৈ মতা বুলি কওকচোন।
কমল : মানে, কেচটো কি ছাৰ?
ইন্সপেক্টৰ : পিছত সকলো গম পাব। প্ৰথমে মই মাতিছোঁ বুলি কওক।
কমল : ঠিক আছে ছাৰ।
কমলে অৰ্চনক ফোন কৰে। কিছুসময় পিছত অৰ্চন আহি উপস্থিত হয়।
অৰ্চন : ছাৰ, মোক মাতিছিল?
ইন্সপেক্টৰ : হয়, আপোনাৰ লগত মোৰ দৰকাৰী কথা আছে। আপুনি মোক এটা হেল্প কৰিব লাগে। পাৰিবনে?
অৰ্চন : নিশ্চয় ছাৰ, কওকচোন ছাৰ আপুনি মোৰ পৰা কি সহায় বিচাৰিছে?
ইন্সপেক্টৰ : হয়, আপোনাৰ বিজয় লগত এটা ভাল সম্পৰ্ক আছে?
অৰ্চন : হয় ছাৰ।
ইন্সপেক্টৰ : শুনক, (ইন্সপেক্টৰে অৰ্চনক সকলো কথা বিতংভাবে ক’লে। ক’ত কেনেকৈ সেই উগ্ৰপন্থীবোৰ বাহৰ পাতি থাকে সেই সকলোবোৰ বিতংভাবে বিজয়ৰ মুখৰ পৰা উলিয়াবলৈ ক’লে আৰু ইন্সপেক্টৰৰ কথামতে অৰ্চনেও বিজয়ক লগ কৰি তেওঁৰ মুখৰ পৰা সকলো কথা উলিয়ালে৷)
পিছদিনাখন তেওঁ আৰক্ষীথানাত উপস্থিত হৈ সকলো কথা ইন্সপেক্টৰক জনালে। পিছত ইন্সপেক্টৰে MLA ক ফোন কৰিলে,
ইন্সপেক্টৰ : ছাৰ, ওলাওক। সকলো খবৰ পোৱা গৈছে। আপুনি গৈ সেই ৰঙানদী নৈৰ দলঙৰ কাষত ৰৈ থাকিব। আমি আপোনালোকক তাতেই লগ কৰিম। (ইন্সপেক্টৰে চিপাহীক উদ্দেশ্যি) কমল, গাড়ীখন ৰেডি কৰক।
MLA-ৰ পৰিয়াল, ইন্সপেক্টৰ, লগতে কেইজনমান আৰক্ষীকনিষ্টবল লগত লৈ সেই উগ্ৰপন্থীয়ে বাহৰ পাতি থকা ঠাইত উপস্থিত হয় আৰু চাৰিওফালৰ পৰা তেওঁলোকক ঘেৰি ধৰে। ইন্সপেক্টৰে ডাঙৰকৈ ঘোষণা কৰি দিয়ে।
ইন্সপেক্টৰ : এতিয়া আপোনালকে পলাবলৈ চেষ্টা নকৰিব আৰু পলাবলৈ চেষ্টা কৰিলে নিজৰেই বিপদ হ’ব।
কিছুসময়ৰ পিছত প্ৰচণ্ড গুলিয়াগুলি হয় আৰু এজন উগ্ৰপন্থী নিহত হয় আৰু তৰালীক তেওঁলোকৰ মাজৰ পৰা উদ্ধাৰ কৰা হয় আৰু সেই উগ্ৰপন্থীকেইজনক আৰক্ষীয়ে কৰায়ত্ব কৰি পাঁচবছৰলৈ জেললৈ প্ৰেৰণ কৰে।
☆ ★ ☆ ★ ☆
10:15 am
বঢ়িয়া ঋষি
10:27 am
ধন্যবাদ বা
3:41 pm
ফাটাফাটী হিচি৷ ফালি দিছা৷
6:38 pm
ধন্যবাদ দাদা
4:06 pm
হৃষীৰ চিনেমা চালোঁ৷
7:47 pm
ধন্যবাদ দাদা
4:11 pm
মজ্জা
7:49 pm
ধন্যবাদ
4:37 pm
চালোঁ দেই?
7:51 pm
ধন্যবাদ বা
5:03 pm
চুপাৰ ডুপাৰ হিট চিনেমা।পইচা ৱচুল মুভি।
9:12 pm
ধন্যবাদ দাদা
5:04 pm
নাটক ভাল লাগিল দেই । বাৰ্তা বাহক
9:18 pm
ধন্যবাদ
5:40 pm
চিনেমা বঢ়িয়া হৈছে৷
9:16 pm
ধন্যবাদ বা
5:47 pm
ফালি দিছ দেই
9:20 pm
ধন্যবাদ দাদা
7:34 pm
Val lagil
9:16 pm
ধন্যবাদ বা
12:12 am
বঢ়িয়া
2:13 pm
ধন্যবাদ দাদা
3:48 pm
টামাম বুলিলো