ফটাঢোল

গগৈ পুৰাণ-লক্ষ্যদ্বীপ গগৈ

১) ছোৱালী তিৰোতাই JEC-ৰ অৰ্ণৱৰ পৰা এতিয়া আনন্দ মিশ্ৰালৈকে মাহেকে-পষেকে কিমান ক্ৰাশ্ব সলনি কৰিলে তেতিয়া একো নহয়, কিন্ত আমি নিজৰজনীক বাদ দি বেলেগ এজনীৰ ফালে চালেই পৰকিটি লৰাৰ নাম পাওঁ। এনেকুৱা কিয় অন্যায়।

পোচতা হে ভাৰত

২) জিমতকৈ বেছি কেলৰি বাৰ্ণ আৰু এক্সচেৰচাইজ ঘৰ মোছা আৰু বাচন ধোৱা কৰিলে হয়।
এজন আত্মনির্ভৰশীল গিৰিয়েক

৩) পৃথিৱীৰ আটাইতকৈ কঠিন প্ৰশ্নটো হৈছে “আৰু কোৱা??” আৰু তাতকৈ কঠিন প্ৰশ্নটো হৈছে ইয়াৰ উত্তৰটো “ভালেই, তুমি কোৱা।”

৪) কোনে কয় পুৰুষ হোৱা সহজ। বাহিৰত মুখত মাস্ক আৰু ঘৰত মুখত তলা।

৫) লগৰ হেৰামি বন্ধু এটাই ইঞ্জেকচন লৈ থকা ফটো পোষ্ট কৰিলে। মই সুধিলোঁ প্ৰথম ড’জ নে চেকেণ্ড ড’জ? সি ৰিপ্লাই দিলে : পাঁচ নম্বৰ ড’জ।

পাঁচ নম্বৰ?

অঁ পাঁচ নম্বৰ, কুকুৰে কামুৰিছিলে মোক।

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *