প্ৰশংসা-ৰাকেশ শৰ্মা
বৰুৱাৰ বিয়া পতা প্ৰায় বিশবছৰেই হ’ল। সংসাৰ ঠিকেই চলি আছিল। কেতিয়াবা খুটখাট কিবা এটা লাগে, কিন্তু ভাল হৈ যায়। তথাপি বৰুৱানীৰ এটা অভিযোগ সদায় থাকে, বৰুৱাই কেতিয়াও বৰুৱানীৰ হাতৰ খাদ্যৰ বিশবছৰে শলাগ লৈ পোৱা নাই। তাকে লৈ বৰুৱানী ভিতৰুৱাকৈ নাৰাজ হৈ থাকে। বৰুৱাই সেই কথাটো উপলব্ধি কৰে যদিও ভিতৰি হজম কৰি থৈ দিয়ে বিষয়টো। এদিন নহয় এদিন কিবা এটা বিধান ওলাব।
এদিন অফিচৰ পৰা বৰুৱা ঘৰলৈ আহি থাকোঁতে ৰাস্তাত এজন সাধুবাবা লগ পালে। বাবাই বৰুৱাক লগ পাই খাবৰ কাৰণে কিবা এটা পইচা বিচাৰিলে। বৰুৱাই পইচা নিদি ৰাস্তাৰ কাষৰ হোটেলখনলৈ নি বাবাজনক পেটভৰাই খাদ্য আৰু মিঠাই খুৱালে। বাবা বৰুৱাৰ ওপৰত সন্তুষ্ট হৈ ক’লে,
: আপোনাৰ কিবা সমস্যা থাকিলে কওক।
বৰুৱা : বাবা, মোৰ সংসাৰখন ঠিকেই চলি আছে, কিন্তু মাজে সময়ে বহুত গণ্ডগোল লাগি যায়, কিবা এটা উপায় দিয়ক বাবা!
বাবা : বৎস, তুমি আজিলৈকে পত্নীৰ হাতেৰে ৰন্ধা কোনো খাদ্যৰ প্ৰশংসা কৰি পোৱা নাই চাগে, যিদিনাৰ পৰা প্ৰশংসা কৰিবা সেইদিনাৰ পৰা সংসাৰখন সুস্থিৰ হ’ব।
বাবাৰ উপদেশ শুনি বৰুৱা ৰৈ থাকিব নোৱাৰিলে, ইমান সহজ কামটো আজিয়েই কৰিম বুলি ভাবি বাবাক তাতে এৰি চিধাই ঘৰৰ ফালে গাড়ী পোনাই দিলে।
ঘৰ গৈ পোৱাৰ পিছত বৰুৱা ফ্ৰেচ হৈ ল’লে। অলপ সময়ৰ পিছত বৰুৱানীয়ে ৰুটি আৰু অলপ মাংস ডাইনিং টেবুলত সজাই বৰুৱাক খাবলৈ ইংগিত দিলে।
বৰুৱাই আগ্ৰহেৰে এখন ৰুটি মাংসৰ লগত খাই উগাৰ এটা মাৰি পত্নীক প্ৰশংসা কৰি ক’লে,
: হৌৰা বৰ ধুনীয়া মাংস ৰান্ধিছাহে। আজি বিশবছৰৰ মূৰত তোমাক প্ৰশংসা নকৰি নোৱাৰিলোঁ।
বৰুৱাৰ কথা শুনি বৰুৱানীৰ ধৈৰ্যৰ বান্ধ চিঙি গ’ল, ভিতৰৰ পৰা বেলনা মাৰিডাল আনি বৰুৱাক ভালকৈ দুকোবমান লগালে। বৰুৱাই যেনেতেনে নিজকে বচাই আঁতৰলৈ গৈ ফোপাই জোপাই বৰুৱানীক সুধিলে,
: তোমাৰ কি হ’ল হে, ভাল কামৰ প্ৰশংসা কৰিলেও এনে ব্যৱহাৰ, আৰু কি কৰিব লাগে মই!
বৰুৱানী : আজি বিশবছৰে এই দুখন হাতেৰে ৰান্ধি খোৱালোঁ একো প্ৰশংসা নাই, আজি ওচৰৰ শইকীয়ানীৰ ঘৰৰ পৰা এইবোৰ খাবলৈ দি পঠাইছে কাৰণে ইমান তৃপ্তিৰে খাই প্ৰশংসা কৰিছা। কালিলৈ মই মাৰ ঘৰলৈ যাম, তুমি নিজেই ৰান্ধি খাই থাকিবা।
☆ ★ ☆ ★ ☆
2:56 pm
ইয়ে মজা
3:52 pm
ধন্যবাদ
4:35 pm
ইয়াকেই কয় ফুটা কপাল। মুঠৰ ওপৰত দুয়োৰে কপালত সুখ নাই।
অৱশ্যে পঢ়ি আমি সুখী হলোঁ।
1:43 pm
ফুটাকপাল নে ফটাকপাল
9:28 pm
এনেকুৱা লেখা সদায় দি থাকিব
1:49 pm
মজা লাগিল ৷