ফটাঢোল

ৰিয়েলিটি শ্ব’-ৰক্তাভ কুমাৰ

“সাৰ পাম মই 

পুৱতি নিশাতে

নিয়ঁৰ যেতিয়া সৰে,

বাটৰ শুকান

ধূলিত সেমেকা

যিটো প্ৰহৰে কৰে..

আই মোক জগাবি, আই মোক জগাবি….”

: বেলি দুপৰ হ’ল! জীৱ-জন্তুবোৰৰো এসাঁজ খাই হজম হ’ল, আন সাঁজৰ যোগাৰত লাগিছেই আৰু আমাৰ মহাৰাজ এতিয়ালৈ লাং খাই পৰি আছে। ঐ উঠিবিনে তই, নে চাৰিটা মতাই আনি বিছনাৰ সৈতে চোতালত উলিয়াম?

: ধেই মা! তয়ো যে আৰু! বিচাৰকসকলে মোৰ গান শুনি আবেগিক হৈ হাততালি মাৰিবলৈ লওঁতেই তই মাতি দিলি! পি পি দাসে তামোল চোবাই থাকিয়েই কান্দি দিছিল জান! (চকু দুটা মোহাৰি মোহাৰি বিক্ৰম শোৱাৰ পৰা উঠি বহিল)

: থ হেৰৌ, লোকৰ ল’ৰা ঘৰ বুলি আহি মাক-বাপেকক ঘৰৰ কামত হাত আগবঢ়ায়, পথাৰত গৈ কাম কৰে। তোৰ দৰে বকাসুৰৰ নিচিনাকৈ খাই কুম্ভকৰ্ণৰ নিচিনাকৈ শুই শুই সপোন দেখি নাথাকে।

: তই কি বুজিবি মা এইবোৰ! কেইদিনমান ৰৈ দে মাত্ৰ, তোৰ ল’ৰাক টিভিৰ স্ক্ৰীণত দেখি নিজেই ক’বি, “মোৰ ল’ৰাৰ সপোন ফলিয়ালে” বুলি।

চহৰৰ কলেজত পঢ়ি থকা বিক্ৰম মাক-বাপেকৰ একমাত্ৰ সন্তান। সংগীতত তাৰ নিচা আছে, নাই মাথোঁ চৰ্চা। মাতটোও পেলাই দিবলগা ধৰণৰ নহয়, শুনিব পাৰি। মহাবিদ্যালয় সপ্তাহত সি ইতিমধ্যে “মায়াবিনী” গাই বহুতো মায়াৰ মনত বিননি তুলি থৈছেই। তেতিয়াৰ পৰাই তাৰ সপোন নেশ্বনেল টেলিভিজনৰ “ৰিয়েলিটি শ্ব”ত গান গাই দেশৰ যুৱতীসকলৰ হৃদয়ত খলকনি তোলাৰ।

                     ……………….

: মা, ঠাণ্ডা পানী কিয় দিছ? ফ্লাস্কত পানী গৰম কৰি থৈ দিব নোৱাৰ নেকি? মোৰ গলাৰ কথা আছে, মাত বহি গ’লে ৰেৱাজ কেনেকৈ কৰিম আৰু এইখিনি যত্ন যদি ল’ব নোৱাৰ পিছলৈ টিভিত মই তহঁতৰ কি কাহিনী প্রডিউছ কৰিম?

: অ’ বোপাই, হ’ব দে। কাইলৈৰ পৰা তোৰ কাৰণে ৰাতিপুৱা উঠিয়েই তুলসীৰ পাত পটাত বতি তাৰ ৰস উলিয়াই মৌৰ লগত মিলাই তোক খুৱাম দেই! তেতিয়াতো চাগে তই চুনু নে মুনু নিগমে মৰাটোতকৈও ভাল গান গাব পাৰিবি। এলেহুৱাৰ জাত, অৰ্ডাৰ দিব আহিছ! গৰম পানী লাগে নিজে কৰি খাই থাক। চহৰত কোনে কৰি খুৱাই তোক?

: মা, শুন মা।

: ক কি হ’ল!

: ওচৰলৈ আহচোন! ইয়াত বহ মোৰ লগত।

: তোৰ লগত ইয়াত চুপতি মাৰি থাকিলৈ ঘৰৰ কাম কোন বাপেৰে কৰি দিব?

: কোন বাপেৰ মানে? মোৰ বাপেৰ হৈছে শ্ৰীযুত মদন বৰুৱা, এম.এ., চাবজেক্ট টিছাৰ, ঢলাইবিল হাইস্কুল; মানে তোৰ একমাত্ৰ স্বামী মই জনাত। তেওঁ ঘৰত নাই গতিকে তয়েই কৰিব লাগিব, কিন্তু অলপ সময়তো পুতেৰ বুলি মোকো দেচোন!

বিক্ৰমে যিটো আকুলতাভৰা চাৱনিৰে মাকক মাতিলে মাকেও তাৰ ওচৰত নবহাকৈ থাকিব নোৱাৰিলে।

: তই অকণমান খঙটো কমাবি। অলপ কান্দিবলৈ শিকিবিচোন! মানে প্ৰেক্টিছ। এই গাঁৱৰ ল’ৰা-ছোৱালী যেতিয়া টিভিত নাচ-গানৰ প্ৰগ্ৰেমলৈ যায় নহয় তেতিয়া চেনেলৰ মানুহে ষ্ট’ৰী বনায়। সেইবোৰত এক্টিং কৰিবলৈ আগতীয়াকৈ অলপ প্ৰেক্টিছ কৰি থাকিবি। নহ’লে কিন্তু তোৰ ঠাইত ভৱেশৰ মাকক মোৰ মা বুলি দেখাই দিম টিভিত। আফচোছ কৰি থাকিবি পিছত। এনেয়ো ৰাতিপুৱা উঠাৰ পৰা ৰাতি শোৱালৈকে শেৱালী খুড়ীক কান্দি থকাই দেখা পাওঁ।

: ঐ, তই চহৰত থাকি কিবা নিচা কৰা বস্তু খোৱা কৰিছ নেকি? চাওঁ চাওঁ, মুখখন মেল!

এইবুলি মাকে বিক্ৰমৰ হনুত চেপি মুখ মেলাবলৈ লওঁতেই বিক্ৰমে মাকৰ হাতখন গুচাই ক’লে,

: ধেই, তয়ো যে মানে! তই ৰিয়েলিটি শ্ব’ মানে কি জান নে? ৰং-ৰেঙনিৰ চিৰিয়েলকেইখনৰ কাষৰ পৰা গুচি আহি কেতিয়াবা চনী-কালাৰ্চ এইবোৰ চেনেল চাবিচোন! তেতিয়া বুজি পাবি মই কি কৈ আছোঁ!

এনেকুৱা নহয় বাৰু যে তই এতিয়াই সৱ শিকি ল’ব লাগিব। মই তাত গৈ পোৱাৰ পিছতো শিকিব পাৰিবি বাৰু, চেনেলৰ মানুহেই শিকাই দিব। মই মানে কৈছোঁ কিয় যে তই যদি আগতীয়াকৈ অলপ প্ৰেক্টিছ কৰি থ’ব পাৰ তেন্তে পিছলৈ কষ্ট কম হ’ব।

: হৰি হৰি! ঐ পাগলটো, কিহে পাইছে অ’ তোক! কিবা-কিবিখন বকিব ধৰিছ যে! চহৰলৈ পঠায়েই ভুল কৰিলোঁ তোক, ৰাতি অকলে বাহিৰত ওলাই যাৱ নেকি তই হাঁ? সৰুপানী চুবলৈ জাৰণিলৈ যাৱ নেকি তাত?

কৃষ্ণ কৃষ্ণ! আবেলি ওলাবি, তোক হাকিম বাবাৰ তালৈ লৈ গৈ তাবিজ দিয়াব লাগিব!

পুতেকৰ বেবেৰিবাং কথাবোৰ শুনি মাক চিন্তাত বিতত। সেইদিনা গধূলিয়েই হাকিম বাবাৰ ওচৰলৈ লৈ গৈ পুতেকক তাবিজ দিয়ালে আৰু মন্দিৰত এখন শৰায়ো আগবঢ়াই থৈ আহিল। বিক্ৰমেও এই কথাটো বৰ এটা বেয়া নাপালে, কাৰণ সিয়ো 

“ৰিয়েলিটি শ্ব'” ত শুনাবলৈ বুলি ঘটনা এটাৰ স্ক্ৰীপ্ত বিচাৰি পালে। আহি থাকোঁতেও সি মাকক কিন্তু ৰিয়েলিটি শ্ব’ৰ কথা কৈ থাকিবলৈ এৰি নিদিলে!

: অ’ মা, মা! শুনচোন! আমি যে গাঁৱত থাকিও দুখীয়া নহ’লোঁ! দেউতাক নো চাকৰি কৰিবলৈ কিহে পাইছিল! খেতিৰ মাটিসোপা যে আছে সেইবোৰ আধিত নিদি নিজেইতো খেতি কৰিব পাৰিলেহেঁতেন! ছেঃ, অডিয়েন্সৰ এটেনশ্যনখিনিও এতিয়া হেৰুৱাই পেলাম, চিমপেথি ভোটকেইটাও এনেই গুচি যাব! এটা কাম কৰিম নেকি? দেউতাই চাকৰি কৰা বুলি নকওঁ তাত, খেতিয়কৰ ল’ৰা বুলি ক’ম আৰু তয়ো ঘৰৰ শালত বোৱা চাদৰ উৰি যাবি তেতিয়া ৰিয়েল যেন লাগিব। এনেয়ো দেচোন দেউতাৰ চাকৰিটোৰ বাহিৰে বাকীখিনিতো দুখীয়া মানুহ হোৱাৰেই চিন আৰু ন!

পুতেকৰ কথা শুনি মাক এইবাৰ বেহুচ হ’বলৈ বাকী! ইতিমধ্যে সাঁজ লাগি আহিছে, গাঁৱৰ বাটেৰে পুতেকক একপ্ৰকাৰ হাতত ধৰি টানি নিয়াৰ দৰেই খৰখোজে ঘৰলৈ আগবাঢ়িল।

ৰাতি বাপেক ঘৰলৈ অহাৰ পিছত চিন্তিত মাকে বাপেকৰ আগত পুতেকৰ অদ্ভুত আচৰণৰ গোটেই কথাখিনি কৈ শেষত তাৰ লগত চহৰতে থকাৰ সিদ্ধান্ত ল’লে। একমাত্ৰ ল’ৰা, ক’ৰবাত ভূতে-যখিনিয়ে ধৰা বুলি চিন্তাত মাকৰ তত নোহোৱা হ’ল। এইফালে মাকে বাৰাণ্ডাত বহি বাপেকৰ আগত বিক্ৰমৰ কথা কৈ থকা সি দুৱাৰৰ ফাঁকেৰে সৱ শুনি আছিল। মাকৰ কথাখিনি শুনি সিয়ো ভালেই পালে। তাৰ ষ্ট্ৰাগল ষ্ট’ৰীৰ আৰু এটা প্লট সি বিচাৰি পালে। আকৌ এবাৰ সি তাৰ কল্পনাৰ ৰাজ্যলৈ উভতি গ’ল…

                         ………………..

মঞ্চত নেহা বস্কৰ, ভানু মালিক আৰু ৰমেশ ৰেছামিয়া বহি আছে। স্পট বয় আহি টেবুলত সিহঁতৰ কাৰণে কফি আৰু স্নেক্স দি গৈছে। ভানু আৰু ৰমেশে কফি আৰু বিস্কুট লৈ কিবাকিবি কথা পাতি আছে; আনফালে নেহাই হেয়াৰ ড্ৰেচাৰ আৰু মেকাপ আৰ্টিষ্টক মতাই আনি লুকত ফাইনেল টাচ্ছ আপ কৰি আছে। 

এইবাৰ ডাইৰেক্টৰে ইংগিত দিছে, শ্ব’ আৰম্ভ হ’বলৈ হৈছে আৰু! শ্ব’ৰ হোষ্ট সূৰ্য্য নাৰায়ণ আহি মঞ্চৰ মাজভাগত থিয় দিছেহি।

বস্কৰে আইনাত নিজৰ মুখখন শেষবাৰৰ কাৰণে চাই কাপোৰ-কানি ঠিক কৰিছে। ভানুৱে সাউতকৈ পকেটৰ পৰা ভিক্স চকলেট এটা উলিয়াই মুখত সুমুৱাই লৈছে, ফেৰিঞ্জাইটিছৰ প্ৰব্লেম আছে যে! ৰমেশে ওঁঠৰ দুয়োফালে কোৱাৰীৰ পৰা থুতুৰীলৈ বৃদ্ধ আৰু তৰ্জনী আঙুলিৰে বিশেষ ষ্টাইলত মুখত লাগি থকা বিস্কুটৰ গুড়িখিনি মচি ল’লে।

“ৰোল কেমেৰা, অল পজিছনছ টেকেন। জাজেছ, ৱি আৰ ছেট টু ষ্টাৰ্ট। টেন.. নাইন..এইট……ফাইভ….থ্ৰি.. টু এণ্ড ৱান, এক্সন ….”

: বেলকাম এভৰিৱান টু ইণ্ডিয়াজ মোষ্ট পপুলাৰ ছিংগিং ৰিয়েলিটি শ্ব’ “হিন্দুস্তান কা আইডল” স্পন্সৰ্ড বাই “ভৃঙ্গৰাজ হেয়াৰ অইল”। অব হম মঞ্চ পে বুলাতে হে আছাম কা চিংগিং ছেনচেশ্যন, হৰ এক দিলো মি বছতি আৱাজ, লৰকীও কি দিল কি য়ে হে পাছ…. দোষ্টো প্লিজ পুশ্ব য়’ৰ হেণ্ডছ টুগেদাৰ ফৰ ৱান এণ্ড অনলি “বিক্ৰম বৰুৱা……”

(দৰ্শকৰ হাত চাপৰি, হাতে হাতে বিক্ৰমৰ ফটো লাগি থকা প্লে’ কাৰ্ড, ছোৱালীবোৰৰ হাতত “বিক্ৰম আই লাভ য়ু”, “বিক্ৰম মেৰী মি” ইত্যাদি লিখা থকা প্লে’কাৰ্ড দেখি বিক্ৰমৰ নিজকে পৃথিৱীৰ আটাইতকৈ বিশেষ ব্যক্তিজনৰ নিচিনা অনুভৱ হ’ব ধৰিলে)

বিক্ৰমে সোণালী ৰঙৰ মাইক্ৰ’ফোন হাতত লৈ ষ্টেজৰ মাজত থিয় হৈ আছে, পিছফালে প্ৰজেক্টৰ স্ক্ৰীণত বিক্ৰমৰ সংগ্ৰাম কাহিনীৰ ক্লিপ চলি আছে, কেনেকৈ বিক্ৰমে গাঁৱৰ পৰা আহি “হিন্দুস্তান কা আইডল”ৰ মঞ্চ পালে, কেনেদৰে সৰু থাকোঁতে মাকে তাক গীটাৰ এখন কিনি দিবলৈ ঘৰে ঘৰে কাম কৰি দুপইচা উপাৰ্জন কৰিছিল(মাকে নিজৰ ঘৰতে বাচন ধোৱা-কাপোৰ ধোৱা ভিডিঅ’ শ্বুট কৰি বনোৱা ষ্টৰী), খেতিয়ক দেউতাকে কেনেদৰে পথাৰত কাম কৰি তাক চহৰত সংগীতৰ শিক্ষা ল’বলৈ পঠাইছিল, কেনেদৰে মাকে একমাত্ৰ পুতেকৰ কাৰণে গাঁৱৰ ঘৰ-বাৰী এৰি আহি তাৰ লগত থাকি তাক অনুপ্ৰেৰণা যোগাইছিল ইত্যাদি।

বিক্ৰমৰ সংঘৰ্ষ দেখি তাত থকা সকলোৰে চকুপানী ওলাই আহিল। নেহা বস্কৰৰ চকুপানী নৰখাই হ’ল। নিজৰ চকীৰ পৰা উঠি গৈ বিক্ৰমক সাবটি ধৰিলে। ভানু মালিকে “তু মেৰে ফিল্ম মে গানা গায়েগা” বুলি তাক নিশ্চিতি দিলে, ৰমেশ ৰেছামিয়াই “আজ মে ইছ মঞ্চ ছে য়ে এলান কৰতা হু কি ইছ লৰকে ছে মে অপনে অগলি ফিল্ম মে গানা গৱাউঙ্গা” বুলি কৈয়েই পেলালে। 

সৌটো কোনোবা এটা চুকত ঘৰতে বোৱা মেখেলা-চাদৰ পিন্ধি বহি বহি থকা বিক্ৰমৰ মাকৰ ফালে এইবাৰ কেমেৰাটো ঘূৰালে। আনন্দত মাকে চকুপানী বোৱাইছে। ল’ৰাই বিছনাত এঘাৰটালৈ শুই থাকি দেখা সপোনবোৰ আজি ফলিয়াইছে। এইবোৰ দেখি বিক্ৰমেও চকুপানী ৰখাব নোৱাৰিলে, আবেগ আৰু ফূৰ্তিমিশ্ৰিত এই কান্দোন!

বিক্ৰমে এইবাৰ গান গাবলৈ আৰম্ভ কৰিলে, আৰম্ভণিত পিয়ানোৰ “ছ’লফুল মিউজিক” লগত গীটাৰৰ প্লাকিং, ড্ৰামে ৰিডম ধৰিছে….

” ফুউউউ…..ফুউউউউউ…..”

এয়া কি, বিক্ৰমৰ ডিঙিৰ পৰা মাতটো নোলোৱা হ’ল! কি হ’ব ধৰিছে! দৰ্শক আচৰিত, বিচাৰক আচৰিত, তাত উপস্থিত সকলোবোৰ আচৰিত। বিক্ৰমে জোৰ দিছে কিন্তু মাত ওলোৱা নাই। এনেতে দৰ্শকৰ ফালৰ পৰা বিক্ৰমৰ গাঁৱৰ পৰা অহা এজনে থিয় হৈ মাত দিলে,

: তই হাইস্কুলৰ মাষ্টৰ বাপেৰক দুখীয়া খেতিয়ক সজালি, নিজৰ ঘৰত কাম কৰি থকা মায়েৰক লোকৰ ঘৰত কাম কৰা মাইকী সজালি। তোৰ এইবোৰ কামত ৰুষ্ট হৈ স্বয়ং সৰস্বতী আয়ে তোৰ কণ্ঠ এৰিলে… দগাবাজ ক’ৰবাৰ।

মানুহজনৰ কথা শুনি উপস্থিত দৰ্শকসকলৰ লগতে নেচনেল টেলিভিজনৰ সৱ দৰ্শক আচৰিত হ’ল। উপস্থিতসকলে তালৈ উদ্দেশ্যি ছেণ্ডেল দলিয়ালে, ঘৰত বহি চোৱাসকলে টিভি বন্ধ কৰি ফেচবুকত তাৰ বিৰুদ্ধে পোষ্ট দিবলৈ ধৰিলে। ফেচবুক, টুইটাৰ, হোৱাটছএপ সৱতে মাত্ৰ বিক্ৰমৰ “ভিলেইন প’ৰ্ট্ৰেইট”। লাজ পাই বিক্ৰমে কিবাকৈ নিজৰ কণ্ঠ ঘূৰাই আনি সকলোৰে আগত ক্ষমা বিচাৰিলে,

: মুঝে মাফ কৰ দিজিয়ে, ৰিয়েলিটি শ্ব’ মে মেকিং ৰিয়েলিটি দিখানে কে লিয়ে মে ইটনা দেস্পাৰেট হো গয়া থা কি ডিমাগ মে জো আয়া ৱহী কিয়া… আই এম ছৰী, ৰিয়েলি ভেৰি ছৰী…..

পুতেকে টোপনিতে কিবাকিবি বিৰবিৰাই থকা দেখি মাক সাৰ পালে। এয়া কি! বিক্ৰমে টোপনিতে হাতযোৰ কৰি কান্দি আছে। মাকে চিন্তিত হৈ গাত হেঁচুকি তাক উঠালে।

: ঐ, কি হৈছে তোৰ, কিয় কান্দিছ?

: অ’ মা, মোৰ সৱ সন্মান গ’ল। মা নেচনেল মিডিয়াত মই এক্সপ’জ হৈ গ’লোঁ! তই ইয়াত থাকিও একো কৰিব নোৱাৰিলি! পুতেৰক মাৰিলে সৱেই আৰু তই নোহোৱা হৈ থাকিলি!

: কি বকিবলৈ ধৰিছ? ক’ত কি হৈছে?

বিক্ৰমে চকু দুটা ভালদৰে মোহাৰি লৈ চাৰিওফালে চালে,

: অ’ মা, মইচোন ঘৰত হে! অ’ মানে মই সপোন হে দেখিছিলোঁ! ধেই! নাই দে নাই, তই শুই যা মা। মই এইবাৰ হেপ্পী এণ্ডিং অহাকৈ সপোনটো চাম। মুঠতে মই “হিন্দুস্তান কা আইডল” হ’মেই।

পুতেকৰ কাণ্ড দেখি মাক এতিয়া পাগল হ’বলৈহে বাকী!

☆ ★ ☆ ★ ☆

3 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *