ফটাঢোল

বিলসমূহ  জৈৱবৈচিত্ৰ্যৰ ভঁড়াল- ধীৰেন শইকীয়া

সৰল অৰ্থত বিল তথা জলাশয়সমূহ হ’ল আৰ্দ্ৰভূমি। এই আৰ্দ্ৰভূমি জৈৱ বৈচিত্ৰতাৰ প্ৰধান আধাৰ। সাধাৰণতে বিল হৈছে চাৰিওফালে স্থলভাগে আৱৰি থকা দ’ আৰু বহল স্বাভাৱিক জলভাগ। বিভিন্ন প্ৰাকৃতিক ঘটনা পৰিঘটনাৰে বিলৰ সৃষ্টি হয়। চানডুবি বিলৰ সৃষ্টি হৈছিল ভূমিকম্পৰ ফলত, মতাপুং মাগুৰী বিলৰ সৃষ্টি হৈছিল নিমখৰ পুং এটাৰ পৰা। বহুসময়ত নদীৰ পৰা ওলাই অহা সুঁতি বৈ আহিও বিলৰ ৰূপ লয়, কেতিয়াবা আকৌ পাহাৰৰ পৰা নামি অহা পানীভাগ দ’ পথাৰ সদৃশ স্থানত জমা হৈয়ো বিলৰ সৃষ্টি হোৱা দেখা যায়। জলাহভূমি বা বিলসমূহ জৈৱবৈচিত্ৰ্যৰ ভঁড়াল। ইয়াৰ নান্দনিক সৌন্দৰ্যও অতি মনোমোহা। প্ৰতি বছৰে এই বিলসমূহলৈ শীতৰ দিনত দূৰ-দূৰণিৰ পৰা বিভিন্ন প্ৰজাতিৰ চৰাই আহে। চৰাইৰ কলৰৱত তেতিয়া মুখৰিত হৈ উঠে বিলবোৰ।  বিলসমূহ জলজ উদ্ভিদ তথা জলজ প্ৰাণীৰে উভৈনদী হৈ থাকে। সৰল অৰ্থত এই বিলবোৰে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰাত সীমাহীন বৰঙনি যোগাই আহিছে। এই বিলসমূহে চুবুৰীয়া অঞ্চলসমূহৰ আৰ্থ-সামাজিক দিশত মুখ্য ভূমিকা লৈ আহিছে। তদুপৰি, বিলৰ জলজ উদ্ভিদ প্লাৱকসমূহে বায়ুমণ্ডলত অক্সিজেন গেছ নিৰ্গমনত সমান্তৰালভাৱে পানীত হোৱা প্ৰদূষণ ৰোধতো গুৰুত্বপূৰ্ণ ভূমিকা লয়। এই বিলসমূহ অসমৰ থলুৱা মাছৰো ভঁড়াল। লগতে মৎস্য উৎপাদনৰো কেন্দ্ৰস্থলী। বিলসমূহে কাষৰীয়া অঞ্চলৰ অতিৰিক্ত পানীভাগ ধৰি ৰাখি বানপানীৰ পৰা সকাহ দিয়ে। কৃষি উৎপাদনতো বিলৰ অৰিহণা ভালেখিনি।  ইয়াৰোপৰি বিলৰ জৈৱবৈচিত্ৰ্য আৰু নান্দনিক পৰিবেশে পৰ্যটককো আকৰ্ষণ কৰি একোখন ঠাই পৰ্যটকৰ কেন্দ্ৰবিন্দু কৰি গঢ়ি তুলিব পাৰে। অসমত আনুমানিক ৩৫১৩খন বিল আছে। অসমত আৰ্দ্ৰভূমিয়ে আগুৰা মুঠ মাটিকালি প্ৰায় ১, ৩৪, ১৩৭ হেক্টৰ। অসমৰ  প্ৰধান বিলসমূহ উৰপদ, কনৰা, কাপ্‌লা, কাছধৰা, কাণীবিল, কপৌৰৌৱা, কাৱৈমাৰী, কুকুৰমৰা, খামৰঙা, গড়জান, গৰৈমাৰী, ঘগা, চাতলা, চানডুবি, চলাচল, চিকন, চ’ৰা, জলেশ্বৰ, ডাকৰা, তামৰঙা, তাৰপৰা, ঋৰা, থাপানিৰ, দলনি, দিপৰ, দিপুল, দীঘল, দীঘলী, দীঘেলী, ধীৰ, নলঙা, বহুৱা, বৰবিল, বগীবিল, বৰদুৱা, বৰডুবি, বৰকুৰি, বঙলাবাৰী, ভকতি, ভীমপৰা, মেৰ, মনহা, মৰিকলং, ৰাতা, ৰৌমাৰী, লাই, লচঙা, শন, শৰঙা, সাতদলা আদি। দুখৰ কথা হ’ল আজি উচ্চশিক্ষিত আধুনিক যুগতো এই বিলসমূহৰ প্ৰয়োজনীয়তা নুবুজি কেৱল বিলসমূহ বেদখল কৰি এফালৰ পৰা পুতি তাত আৱাসভূমি বা উদ্যোগ আদি স্থাপন কৰাহে দেখা গৈছে। এয়া নিঃসন্দেহে এটা নেতিবাচক কৰ্ম। কিয়নো ই জলজ প্ৰাণী তথা উদ্ভিদ উভয়ৰ লগতে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা বিষয়ত যোগাই অহা অৰিহণা আজি সকলোৱে জানিও নজনাৰ দৰে হৈছে। ফলত এজাক বৰষুণতে একোটা অঞ্চল সহজতে কৃত্ৰিম বানপানীত ডুবি থকা আমি দেখি আহিছোঁ, একেদৰে বিলুপ্ত হৈছে থলুৱা মাছ-কাছ আদি।

☆ ★ ☆ ★ ☆

2 Comments

  • বন্দিতা জৈন

    ভাল লাগিল

    Reply
  • পঙ্কজ বৰুৱা বুঢ়ালিকচন গাওঁ গোলাঘাট অসম।

    ভাল লাগিল, অসমত আটাইতকৈ বেছি বিল সৃষ্টি কৰে নদীয়ে কিন্তু এই বিলবোৰ চিৰস্থায়ী নহয়। নদীৰ গতি পথ সলনি হোৱাৰ ফলত অশ্বখুৰা আকৃতিৰ বিলৰ সৃষ্টি হয়। এইবোৰক অশ্বখুৰা হ্ৰদ বুলিও কোৱা হয় ৷ অসমৰ বহু কেইখন নদী উপনদীৰ উপত্যকা অঞ্চলত এনে বিল আছে ৷ অশ্বখুৰা বিলৰ সৃষ্টি কৰাৰ ক্ষেত্ৰত এচিয়াৰ ভিতৰতে দ্বিতীয় স্থানত আছে গোলাঘাটৰ ধনশ্ৰী নদী ৷ এই নদীখন এচিয়া মহাদেশৰ ভিতৰত দ্বিতীয় বক্ৰ নদীও।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *