ফটাঢোল

অনলাইন লাৰ্ণিং- আনিমা দাস

অনলাইন লাৰ্ণিং বা অনলাইন শিক্ষা বৰ্তমান সময়ত ব্যাপকভাৱে ব্যৱহাৰ হয়। বিশেষকৈ কোভিড-19 মহামাৰীৰ সময়ত বিদ্যালয় মহাবিদ্যালয় আদিৰ লকডাউন দিব লগা হোৱাত ইয়াৰ জনপ্রিয়তা  বৃদ্ধি পায়।

ইলেকট্ৰনিক ডিভাইচ ব্যৱহাৰ কৰি ইণ্টাৰনেটৰ জৰিয়তে জ্ঞান আহৰণ কৰিব পৰা মাধ্যমক অনলাইন লাৰ্ণিং বা ই-লাৰ্ণিং বুলি কোৱা হয়। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ব্যাপক উন্নতিৰ ফলত আৰু শিক্ষা ব্যৱস্থাৰ মান উন্নত কৰিবৰ বাবে মানুহে ই-লাৰ্ণিং ব্যৱস্থাটো গ্ৰহণ কৰিছে।

ই-লাৰ্ণিং শব্দটো এলিয়ট মাইচিয়ে 1999 চনত প্ৰথমে ব্যৱহাৰ কৰিছিল। পিছত স্মাৰ্ট ফোন, টেবলেট, কম্পিউটাৰ আদিৰ ব্যৱহাৰ সহজলভ্য হোৱাত বিষয়টো বেছিকৈ প্ৰসাৰিত হয়।

অনলাইন লাৰ্ণিং সক্ৰিয় কৰাৰ উপায়:

অনলাইন শিক্ষাই বিশেষকৈ মহামাৰী, বানপানী আদিত বিদ্যালয়, মহাবিদ্যালয় বন্ধ দিব লগা হ’লে শিক্ষকে ছাত্র-ছাত্ৰীৰ মাজত পাঠ সৰবৰাহ কৰা এটা দক্ষ উপায়।

ইয়াৰ বাবে লাগিব মাথোঁ শিক্ষক-শিক্ষার্থীৰ ডিজিটেল জ্ঞান।

অনলাইনত ছাত্ৰ-ছাত্ৰীক আকৰ্ষণীয় ৰূপত শিক্ষা প্ৰদান কৰিব পাৰি। শিক্ষাৰ লগত জড়িত বিভিন্ন ছফ্টৱেৰ এপ্লিকেশ্যন ছাত্র-ছাত্ৰীৰ শিক্ষণ আনন্দদায়ক হ’ব পাৰে।Online Synchronous লাৰ্ণিং tool, Webex, Adobe Connect, Hangout Meet, Zoom আদিত এক নেতৃত্বশীল শিক্ষা লাভ কৰিব পাৰি। য’ত অংশগ্ৰহণকাৰীয়ে একেটা সময়তে লগড্ ইন হৈ পৰস্পৰে পৰস্পৰৰ লগত ভাব বিনিময় কৰিব পাৰে।

Asynchronous লাৰ্ণিং টুলসমূহেও শিক্ষাৰ্থীৰ অনলাইন শিক্ষণক সহযোগিতা কৰে। সেইবোৰ হৈছে Google Classroom, Moodle, Blackboard Collaborete, Edex ইত্যাদি। Whatsapp, Telegram আদি ছ’চিয়েল মিডিয়া গ্ৰুপত নিৰ্দেশক আৰু বিদ্যাৰ্থীৰ মাজত ভাব-বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিব পাৰি।

ছফটৱেৰ টুলসমূহ ছাত্র-ছাত্ৰীৰ সক্ৰিয় শিক্ষণত সহায়ক হয়। Google spread sheets google docs, Google form আদি ব্যৱহাৰৰ যোগেদি ই-লাৰ্ণিং সহজ কৰিব পাৰি।বিজ্ঞানৰ পৰীক্ষা নিৰীক্ষা শিকাবলৈ PhET Simulation সহায়ক হয়। এক ভাৰ্চুৱেল পৰিবেশত ছাত্র-ছাত্ৰীয়ে সঁজুলিসমূহ ব্যৱহাৰ কৰি গৱেষণাগাৰত পৰীক্ষা-নিৰীক্ষা কৰাৰ দৰেই কামসমূহৰ অভিজ্ঞতা অৰ্জন কৰিব পাৰে। ইয়াত এটা পৰীক্ষা সম্পূৰ্ণ কৰিবলৈ গৱেষণাগাৰৰ সঁজুলি নোহোৱাকৈ সম্পন্ন কৰিব পাৰি।

ঠিক তেনেকৈ এজন গণিতৰ শিক্ষকে Geogebra ছফ্টৱেৰ ব্যৱহাৰ কৰিব পাৰে। ইয়াত জ্যামিতিৰ, বীজগণিত,দণ্ড চিত্ৰ, লেখ, কলন গণিত শিকিব পাৰি।

বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দ্ৰুত উন্নতিৰ হোৱাত শিক্ষণৰ সমলবোৰ উন্নত হৈছে। কাগজ-কলম, চক-বৰ্ড, চাৰ্ট, মডেল, মেপ আদি শিক্ষণ সামগ্ৰীৰ পৰা উৰ্ধত গৈ ছাত্র-ছাত্ৰীক শিকাব পৰাটো এটা উন্নত পদ্ধতি।

অনলাইন শিক্ষণত মুক্ত শৈক্ষিক সমলৰ ব্যৱহাৰ:

মুক্ত শৈক্ষিক সমল (Open Educational Resource ) চমুকৈ OER-সমূহ হৈছে মুক্ত লাইচেন্সৰ অধীনত ডিজিটেল বা অন্য কোনো মাধ্যমত প্ৰকাশিত আৰু বিনামূলীয়াভাৱে উপলব্ধ, শিক্ষাদান, শিক্ষণ আৰু গৱেষণাৰ লগত জড়িত সমল। মুক্ত শৈক্ষিক সমল বাৰে বাৰে ব্যৱহাৰ কৰিব পাৰি। সমলসমূহ প্ৰয়োজন অনুসৰি সলনি কৰিব পাৰি, পুনৰ প্ৰকাশ কৰিব পাৰি, নতুন ধৰণে বাৰে বাৰে বিতৰণ কৰিব পাৰি।

OER সমূহৰ তিনিটা দিশ আছে। শিক্ষণশৈলী বিষয়ক, বিষয়বস্তু আৰু প্রযুক্তিগত। প্ৰযুক্তিয়ে বিষয়-বস্তু সন্দৰ্ভত ফলপ্ৰসু শিক্ষাদানৰ ক্ষেত্ৰত শিক্ষা সংক্ৰান্তীয় কৌশলৰ সমৰ্থন প্ৰদান কৰে। ইয়াৰ বাবে ডিজিটেল টুলৰ আৱশ্যক।উদাহৰণস্বৰূপে লেপটপ স্মাৰ্ট বৰ্ড, Google Drive, অডিঅ’বুক, Simuletion, Multimedia Application আদিৰ ব্যৱহাৰ হয়।

অনলাইন বা অফলাইনৰ OER-সমূহে শিকনি শিক্ষণত সহায় কৰে। মুক্ত শৈক্ষিক সমলসমূহ বিষয়-বস্তুৰ লগত কি কি সমলৰ ব্যৱহাৰৰ বাবে উপযোগী হয় তেনে ধৰণৰ শৈক্ষিক সমল বাচি ল’ব লাগে।

ইণ্টাৰনেটত উপলব্ধ সমল CC(Creative Commons)  বুলি লিখা Open Licensing-ৰ বাবে লিখা প্ৰণালী য’ত লেখকে নিজৰ সৃষ্টিমূলক কামসমূহ বিভিন্ন ধৰণে মুক্ত কৰি দিয়ে।সৰ্বমুঠ ছয় প্ৰকাৰৰ CC লাইচেন্স থাকে। ৱেবচাইটত পাঠৰ উপযোগী হোৱাকৈ CLIx OER-ত গণিত বিজ্ঞানৰ শিক্ষা দিবলৈ সমল বিচাৰি ল’লে ডিজিটেল শিক্ষণ সহজ হয়।

NROER (National Repository of Open Educational Resources) হৈছে ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়ৰ অধীনত গঢ় দিয়া এটা অনুষ্ঠান। এই পুঞ্জীটোত ভিন্ন ভাষাত ভিন্ন আকাৰত ৯০০০ সমল জমা আছে। ইয়াত সমলবোৰ যিকোনো এজনে ব্যৱহাৰ কৰিব পাৰে, সমল মিশ্ৰণ কৰিব পাৰে। নতুন সমল যোগ দিব পাৰে।

কিছুমান উপযুক্ত মুক্ত শৈক্ষিক সমলৰ উদাহৰণ :

  1. CLIx OER হৈছে Connected Learning Initiative নামৰ প্ৰকল্পৰ জৰিয়তে গঢ় দিয়া উচ্চ গুণগত মানৰ শিক্ষা সমল। CLIx OER-ত উচ্চ মাধ্যমিক শাখাৰ গণিত, বিজ্ঞান, কথা-বতৰাত ব্যৱহাৰ হোৱা ইংৰাজী আৰু ডিজিটেল শিক্ষাৰ ওপৰত ২০০ ঘণ্টাৰ উপযোগী হোৱাকৈ সমল আছে। ইংৰাজী, হিন্দী আৰু তেলেগু ভাষাত মডিউল (Module) আছে, ৪০ (চল্লিশ) টা ডিজিটেল সংবাদাত্মক (Interactive), খেল, Stimulation আৰু শিক্ষকৰ উপযোগী সমল আছে। এই সমলবোৰ অনলাইন (Online) উপলব্ধ আৰু অফলাইন (Offline) ব্যৱহাৰৰ বাবেও পোৱা যায়। CLIxOER সমলসমূহ শিক্ষাৰ Constructivist আৰু Constructionist আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত। এই সমলসমূহ ইয়াৰ গুণগত মানদণ্ডৰ বাবে আন্তৰ্জাতিকভাৱে সমাদৃত হৈছে। মুক্ত লাইচেঞ্চ CC-BY-ৰ অধীনত প্ৰকাশ কৰা CLIxOER-সমূহ পুনৰ ব্যৱহাৰ কৰিব পাৰি, সালসলনি কৰিব পাৰি আৰু সকলো পৰিস্থিতিতেই বিচৰা ধৰণে ব্যৱহাৰ কৰিব পাৰি।

2.DIKSHA (Digital Infrastructure for Knowledge Sharing)  হৈছে কেন্দ্ৰীয় মানৱ সম্পদ মন্ত্ৰণালয়ৰ এটা প্ৰয়াস। DIKSHA-ত শিক্ষক, প্ৰধান শিক্ষক, অধ্যক্ষ (Principal), উপাধ্যক্ষ (Vice Principal)-ৰ বাবে ডিজিটেল পাঠ্যক্ৰমৰ ব্যৱস্থা আছে; লগতে ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ ভিন্ন বিষয়বস্তুৰ ওপৰত শিক্সণৰ বাবে সমল উপলব্ধ আছে। DIKSHA-ত e-book, ভিডিঅ’, তথ্য আকাৰত স্কুলৰ পাঠ্যক্ৰমৰ লগত সংগতি থকা মনোগ্ৰাহী সমল মজুত আছে। ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ বাবে প্ৰশ্নৰ ভঁৰাল মজুত আছে।

  1. e-Pathshala : e-Pathsala NCERT (National Council of Educational Research and Training) আৰু MHRD (Ministry of Human Resource  Development), Government of India-ৰ অনলাইন (Online) শৈক্ষিক সমলসমূহ ছাত্ৰ-ছাত্ৰী, শিক্ষক, গৱেষক আৰু অভিভাৱকৰ ওচৰ চপাই নিয়াৰ এক যৌথ প্ৰচেষ্টা।
  1. Toys from Trash হৈছে প্ৰসিদ্ধ বিজ্ঞানী আৰু  অৰবিন্দ গুপ্তাৰ কেইবাশ Do It Yourself (DIY) কাৰ্যকলাপ আৰু পৰীক্ষাৰ এক ভঁৰাল। এই DIY পৰীক্ষাসমূহ ভাৰতবৰ্ষৰ কেইবাটাও ক্ষেত্ৰীয় ভাষাত উপলব্ধ। ছাত্ৰ-ছাত্ৰীৰ সমলৰ ভিতৰত ডিজিটেল ৰূপত উপলব্ধ।

  1. Marbles হৈছে ভূগোল আৰু সমাজ বিজ্ঞান অধ্যয়নত ব্যৱহাৰ কৰিব পৰা এক কাল্পনিক গোলক (Globe)।

  1. Metastudio হৈছে STEM শিক্ষাৰ বাবে এক উমৈহতীয়া অনলাইন (Online) মঞ্চ। ইয়াত ছাত্ৰ-ছাত্ৰী, শিক্ষক, বিজ্ঞানী আৰু বিভিন্ন বিষয়ৰ বিশেষজ্ঞসকল একেলগে হৈ STEM প্ৰকল্প বনাই আৰু সেই প্ৰকল্পসমূহৰ বিষয়ে মত বিনিময় কৰে। ইয়াত নিৰ্দিষ্ট সময়ৰ মূৰত কাৰ্যকলাপ বা প্ৰকল্প প্ৰকাশ কৰা হয়, অংশগ্ৰহণকাৰীসকলৰ মাজত STEM শিক্ষাৰ অভ্যাস (যেনে নিৰীক্ষণ, চিন্তাশীল আৰু যুক্তিবাদ, ডাটা বিশ্লেষণ ইত্যাদি) গঠন কৰাৰ বাবে প্ৰয়াস কৰা হয়। 

  1. OER Worldmap হৈছে গোটেই পৃথিৱীৰ সহস্ৰাধিক OER-ৰ ভঁৰাল। এটা উপযুক্ত OER বিচৰাৰ লগতে নিজৰ ফালৰ পৰাও OER যোগদান দিব পাৰি।

OER-ৰ সংশোধন:

OER-সমূহ শিক্ষাৰ্থীৰ প্ৰয়োজন অনুসৰি সংশোধন কৰিব লাগে। পাঠৰ লগত সংগতি ৰাখি কৰিলে পাঠটো অধিক ভাল হয়। ধৰা হ’ল ইণ্টাৰনেটত  পোৱা এটা তথ্য পুৰণি হ’ল।তেতিয়া হ’লে Copyright-ৰ অধীনত নতুন তথ্য সংযোগ কৰিব লাগিব।

পৰীক্ষা নিৰীক্ষাৰ ক্ষেত্ৰত নতুন নতুন  উদ্ভাৱন, নতুন সঁজুলি আদিৰ বিষয়ে সংযোগ কৰিব লাগিব। বতৰ বিজ্ঞান, মহাকাশৰ নতুন গৱেষণা, বানপানী,ভূমিকম্প, মহামাৰী আদি নতুন তথ্য Wiki page-ত ছাত্ৰ-ছাত্ৰীৰ বাস্তৱ জীৱনৰ লগত খাপ খোৱাকৈ, ব্যৱহাৰিক জ্ঞান আহৰণ কৰিব পৰাকৈ সংশোধন আৰু সংৰক্ষণ কৰিব লাগিব।

মহাকাশ, ৰকেট, বিজ্ঞানীসকলৰ আবিষ্কাৰ,পৰিসংখ্যা আদিৰ  নতুন তথ্যৰ বাবে OER-সমূহ সংযোগ আৰু সংযোজন আৰু সংশোধন কৰিব লাগে।

ছবিবোৰত কাহিনী সংযোজন কৰিব পাৰি। পৰিচিত উদাহৰণ চিত্ৰলৈ সলনি কৰিব লাগিব। পাঠৰ লগত খাপ খোৱাকৈ চাৰ্টবোৰত নতুন তথ্য সংযোগ কৰিব লাগিব। ছাত্ৰ-ছাত্ৰীক বৰ্ণনা দিব পৰাকৈ নক্সা, চিত্ৰ সংযোগ কৰি পাঠৰ লগত সংগতি ৰাখি অতিৰিক্ত তথ্য সংযোগ কৰিব পাৰি।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *