মূল : জোঁৱাইৰ উপাখ্যান,লেখক : শুকদেব চেটাৰ্জী, অনুবাদ-পংকজ কুমাৰ নেওগ
এখন বেচৰকাৰী দামী হাস্পতালৰ কাৰ্ডিঅ’লজি বিভাগ। দুটা ষ্টেন বহুৱাৰ পিছত নিতাই বাবু দুদিন আই, চি, ইউত থাকিব লগা হ’ল। আজি তেওঁক জেনেৰেল ৱাৰ্ডলৈ অনা হৈছে। ষ্টেন লগোৱাৰ পিছত শৰীৰটো যথেষ্ট সুস্থ অনুভৱ কৰিছে। কথা-বতৰা পাতি ভাল পোৱা মানুহজনে ইফালে সিফালে মানুহক অলপ মাত লগাব পাৰি আনন্দিত হ’ল। কাষৰ বিছনাখনতে আছে অজিত বাবু। তেওঁ ভালভ্ মেৰামতি কৰাবলৈ আহিছিল; সকলোবোৰ ভালে ভালে হৈ গৈছে। তেখেতৰ বুকুত যন্ত্ৰপাতি লগোৱা আছে যদিও মানুহজন এতিয়া সুস্থ যেনেই ভাৱ হয়। দুয়োজনৰ মাজত কথা-বতৰা আৰম্ভ হ’বলৈ বেছি সময় নালাগিল। সিদিনাৰ কথা। ভিজিটিং আৱাৰ প্ৰায় শেষ হ’বৰে হ’ল; ঘৰৰ কোনো মানুহ আহি নোপোৱাত অজিত বাবুৰ মুখত বিৰক্তিৰ ছাপ ফুটি উঠিছে। প্ৰায় ১০ মিনিটমান বাকী থাকোঁতে এজন ৩০-৩২ বছৰীয়া যুবক ফোঁপাই-জোপাই সোমাই আহি তেওঁৰ সন্মুখত থিয় হ’ল,
: দেউতা, আজি কেনে আছে?
প্ৰশ্নৰ উত্তৰ নিদি অজিত বাবুৱে বেছ খঙেৰে সুধিলে,
: কি কৰি আছিলা হে? ইমান সময় হ’ল!
: ঘৰৰ পৰা কেতিয়াবাই ওলালোঁ কিন্তু বাটত যি হে ট্ৰেফিক জাম!
: হ’ব, মোক ফাঁকি মাৰিব নালাগে। শুনা, এটা দৰকাৰী কথা। যোৱাৰ আগেয়ে ডাক্তৰ চাহাবক এবাৰ দেখা কৰি যাবা, নাৰ্ছে মোক অলপ আগতে কৈ থৈ গৈছে। কিবা আৱশ্যকীয় কথা থাকিলে তোমাৰ শাহুক ক’বাগৈ।
ল’ৰাজনে বিশেষ একো কথা পতা দেখা নগ’ল। হাতত অনা বেগটোৰ পৰা দুই এপদ বস্তু উলিয়াই টেবুলখনত থ’লে আৰু কিবা বস্তু আনিবলৈ আছে নেকি সুধি তাৰ পৰা গুচি গ’ল। অজিতবাবুৰ বদ মেজাজ দেখি নিতাইবাবু অতি আচৰিত হ’ল। মাত্ৰ কেই মিনিটমানৰ আগেয়ে ইমান ধুনীয়াকৈ হাঁহি-মাতি কথা পাতি আছিল কিন্তু ল’ৰাজনক লগ পাই হঠাতে তেওঁৰ কি যে হ’ল! সোধোঁ নুসোধোঁকৈ সুধিলে,
: এইমাত্ৰ অহাজন আপোনাৰ ল’ৰা আছিল নেকি?
: নহয়, মোৰ জোঁৱাই।
এইবাৰ নিতাইবাবুৰ সঁচাকৈয়ে অবাক হোৱাৰ পাল। মাক-দেউতাকে নিজৰ ল’ৰা-ছোৱালীক কেতিয়াবা হুটা মাতেৰে মাতিব পাৰে তাকো প্ৰাপ্তবয়স্ক ল’ৰা-ছোৱালীৰ সৈতে সাধাৰণতে তেনেদৰে কথা পতা নহয়। কিন্তু জোঁৱায়েকৰ সৈতে এনেদৰে তিৰস্কাৰ ভঙ্গীত কথা পতা…!!
নিজকে চম্ভালি তেওঁ সুধিলে,
: কি কৰে আপোনাৰ জোঁৱায়ে?
এটা মুহূৰ্তও দেৰি নকৰি অজিতবাবুৱে উত্তৰ দিলে – “চিটিং, মানে ঠগবাজি!”
: ছোৱালীয়ে নিজে পচন্দ কৰি বিয়া কৰাইছে?
: নহয়, আমি দৰা চাইছিলোঁ।
: জানি শুনি ঠগ এটালৈ কেনেকৈ বিয়া দিলে?
: কোনোবাই জানি শুনি ঠগ এটালৈ বিয়া দিয়ে জানো? ল’ৰাৰ চাকৰি-বাকৰি, দৰমহা ইত্যাদি চায়েই বিয়া দিছিলোঁ।
: তেনেহ’লে গণ্ডগোলটো হ’ল ক’ত?
: ৰ’ব, গুৰিৰ পৰাই কাহিনীটো শুনক। ওচৰ চুবুৰীয়া এজনে ৰাজীৱৰ প্ৰস্তাৱটো লৈ আনিছিল। ল’ৰাটো দেখিবলৈ বেয়া নহয়। মাক, বাপেকৰ নিজৰ ঘৰ আছে; সি একমাত্ৰ সন্তান আৰু ভাল চাকৰি কৰে। অফিচতো খবৰ কৰালোঁ। দৰমহা পাতি মোটামোটি ঠিকেই আছে। এটা ভাল মধ্যবিত্ত পৰিয়ালৰ ল’ৰা। আমাৰ ছোৱালী শুক্লাও কুন্দতকটা অপেছৰী নহয়। বিয়াখন ভালে ভালে হৈ গ’ল। সিহঁতৰ সংসাৰখন ঠিকেই চলি আছিল কিন্তু বাপেক ঢুকোৱাৰ পিছত ল’ৰাটো বিপথে যাবলৈ ধৰে। বাপেক আছিল এজন পুৰোহিত আৰু এটা নাম কৰা মন্দিৰত বছৰি কেইদিনমানৰ বাবে হোম-যজ্ঞ ইত্যাদি কৰিবলৈ নিমন্ত্ৰণ পায়। কেইদিনমানৰ যজমানি কৰি ইমান টকা-পইচা পায় যে তাৰে গোটেই বছৰ চলাৰ উপৰি হাততো পইচা থাকে। বাপেক ঢুকোৱাৰ পাছত যাগ-যজ্ঞৰ সময়ত মন্দিৰৰ পৰা পুতেকলৈ নিমন্ত্ৰণ আহিল। দেউতাকৰ ট্ৰেইনিঙত সিয়ো কাম চলাব পৰাকৈ পূজা-পাঠ কৰিবলৈ শিকিছিল। অফিচৰ পৰা কেইদিনমানৰ ছুটি লৈ সি মন্দিৰলৈ গৈ থাকিল আৰু সেয়াই তাৰ বাবে কাল হ’ল। মাত্ৰ কেইঘণ্টামান টিলিঙা বজাই সেই কেইদিনত সি ইমান পইচা আৰ্জন কৰিলে যে তাৰ মূৰ ঘূৰাই গ’ল। আগ-পাছ একো নাভাবি সি চাকৰিৰ পৰা ইস্তফা দিলে।
মন্দিৰৰ যাগ-যজ্ঞ হয় বছৰি মাত্ৰ কেইদিনমানৰ বাবে; বাকীখিনি সময় সি ঠগবাজি কৰি সময় কটাব ধৰিলে। মানুহক কবচ, তাবিজ, পূজা-পাতলৰ দিহা দিয়া ইত্যাদি। আমাৰ দেশৰ মানুহৰ কথা জানেই। দুই এটা মক্কেল আহি তাৰ জালত পৰিল। এদিন আদহীয়া মহিলা এগৰাকী আহি জোঁৱাইৰ কাষ চাপিল। মানুগৰাকীয়ে কোনোবা এজনৰ পৰা হেনো ঢেৰ পইচা পাব লগীয়া আছে কিন্তু আজি দিম, কাইলৈ দিমকৈ ঘূৰাই আছে। চাওকচোন, এটা ঠগৰ পৰা পৰিত্ৰাণ বিচাৰি অইন এজন ঠগৰ ওচৰলৈ গমন! মহিলা গৰাকীৰ কথা শুনি জোঁৱায়ে বিধান দিলে – “বৰ জটিল কেছ, হোম-যজ্ঞ কৰিব লাগিব। খৰচ হ’ব৷” উপায়ন্তৰ হৈ মহিলা গৰাকী মান্তি হ’ল। জোঁৱায়ে এটা সস্তীয়া মন্ত্ৰপূত আঙঠি দিলে, আঙঠিটো পৰিধান কৰিলে কেইদিনমানৰ ভিতৰতে সুফল নিশ্চিত! ল’ৰাটোৰ মতি-গতি ঠিক নহ’লেও সি বেছ বুদ্ধিমান। পুলিচ বুলি নিজকে চিনাকি দি মহিলা গৰাকীক পইচা দিবলগীয়া মানুহজনৰ সৈতে যোগাযোগ কৰিলে। কথা পাতি বুজি পালে যে মানুহজন দৰাচলতে বেয়া নহয় কিন্তু কিবা এটা অসুবিধাৰ বাবে পইচাখিনি দিব পৰা নাই, কেইদিনমানতে উভতাব পাৰিব। এইদৰে সাত-আঠদিন পাৰ হ’ল। মহিলাগৰাকী পুনৰ উভতি আহিল। ইমানবোৰ টকা-পইচা খৰচ কৰাৰ পিছতো কাম হোৱাগৈ নাই। বদমাছৰ নাক মোহাৰিলেই বুদ্ধি! ৰাজীৱে কিছু সময় চিন্তা কৰি মহিলাগৰাকীক ক’লে – “এটা সামান্য ভুল হ’ল, আঙঠিটো দিয়াৰ সময়ত শুদ্ধিকৰণ কৰিবলৈ থাকিল। নহ’লে মন্ত্ৰপূত আঙুঠিয়ে কাম নকৰাৰ কোনো কাৰণেই থাকিব নোৱাৰে৷” আঙঠি শুদ্ধিকৰণৰ নামত আকৌ সি মানুহগৰাকীৰ পৰা পইচা সৰকালে। সময় নষ্ট নকৰি জোঁৱায়ে পুলিচৰ ভাও লৈ পুনৰ সেই মানুহজনৰ কাষ পালেগৈ। অলপ ধমক দিওঁতে মানুহজনে সেইদিনাই পইচা উভতাব বুলি কথা দিলে। অৱশেষত যেনিবা মহিলাগৰাকীয়ে পইচা-পাতি সকলো পালে; ৰাজীৱৰো পকেট গৰম হ’ল। এইদৰে দুই এটা কেছত ঠগবাজিৰে সফল হোৱাৰ পিছত তাৰ নাম লাহে লাহে চাৰিওফালে বিয়পি পৰিল মানে সি নিজেই ৰাষ্ট্ৰ কৰি ফুৰিবলৈ ধৰিলে। তাৰ পিছত জালত ইটোৰ পিছত সিটো মাছ পৰা আৰম্ভ হ’ল। কেতিয়াও যে সি বিপদত পৰা নাই তেনে নহয় কিন্তু ভাগ্যৰ জোৰত যেনে তেনে সাৰি গৈছে। খুব সোনকালেই তাৰ ঠিকনা সলনি হ’ব যেন পাইছোঁ।
নিতাই বাবুৱে অনেক সময় ধৰি কথাবোৰ শুনি আছিল। এইবাৰ মাত লগালে,
: নতুন ঘৰ বনাইছে নেকি?
: নহয়, নাই বনোৱা। তাৰ দৰে মানুহৰ বাবে চৰকাৰী ব্যৱস্থা আছে নহয়। ৰঙাঘৰ!
: আপুনি জোঁৱাইৰ কথাবোৰ ইমান পুঙ্খানুপুঙ্খে কেনেকৈ গম পালে? তেওঁ নিশ্চয় আপোনাক কথাবোৰ কোৱা নাই।
: নাই, কোৱা নাই। ছোৱালীজনী কেতিয়াবা ঘৰলৈ আহোঁতে দুখেৰে এইবোৰ কাহিনী আমাক শুনায়। বহুতদিন অৱশ্যে কোনো নতুন কাহিনী শুনা নাই। জোঁৱায়ে ঠগবাজিৰ কিয়দাংশ মোৰ ছোৱালীজনীক দক্ষিণা দি তাইক হাত কৰি ল’লে। আজিকালি তাই গিৰিয়েকক এইবোৰ কামত সহায়হে কৰিবলৈ লৈছে।
: অন্য যিয়েই নহওক, ল’ৰাজনৰ মনটো কিন্তু বৰ ভাল দেই! আপুনি তেওঁৰ কথা বেয়াকৈ ক’লেও তেওঁ আপোনাৰ যত্ন লৈছে, হাস্পতাললৈ আহিছে, ডাক্তৰৰ সৈতে কথা পাতিছে। আপোনাৰ প্ৰতি কিবা এটা টান নাথাকিলে এইবোৰ কেতিয়াও নকৰে।
: ঠিকেই কৈছে আপুনি! তাৰ টান এটা আছে কিন্তু সেইটো মোৰ সম্পত্তিৰ প্ৰতিহে। মোৰ কিছু পৈত্ৰিক মাটি-বাৰী আছে আৰু নিজেও এই জীৱনকালত কিছু সম্পত্তি কৰিছোঁ। গোটেইবোৰৰ মূল্য খুব এটা কম নহয়। আপুনি যিটো টান বুলিছে সেইটো এই সম্পত্তিবোৰৰ ওচৰলৈ যোৱা পথটো সুগম ৰখাৰ টান।
: আপোনাৰ সন্তান এগৰাকীয়েই নেকি?
: নহয়, এই মহাপুৰুষ মোৰ দ্বিতীয়া কন্যাৰ স্বামী। প্ৰথমা কন্যাক ৰানাঘাটলৈ বিয়া দিছোঁ।
নিতাই বাবুৱে নিজৰ কৌতুহল দমাই ৰাখিব নোৱাৰি সুধিলে,
: ডাঙৰ জোঁৱায়ে কি কৰে?
: সিয়ো এটা ঠগ, প্ৰবঞ্চক!
: কি কয় হে আপুনি? এয়া এক দুৰ্লভ ঘটনা!
: নিজ চকুৰে এটা ঘটনা দেখাৰ পিছত মই ডাঙৰ জোঁৱাইকো ঠগৰ শাৰীতে পেলাইছোঁ। অৱশ্যে সৰুজনাৰ দৰে ইমান ধুৰন্ধৰ নহয়। যদি শুনিবলৈ মন কৰে দ্বিতীয় মহাপুৰুষজনাৰো কাহিনী অলপ কওঁ?
এনেতে নাৰ্ছে নিতাই বাবুক ঔষধ এপালি খুৱাই থৈ গ’ল। যোৱাৰ সময়ত অজিত বাবুক মনে মনে থাকিবলৈ এবাৰ সঁকিয়াই দিলে।
: আপোনাক কথা পাতিবলৈ মানা কৰিছে যেতিয়া বাকীখিনি পাছত শুনিম।
: এ, নাৰ্ছৰ কথা বাদ দিয়ক! গোটেই দিনটো তেওঁলোকে ৰোগীক হকা-বধা কৰোঁতেই যায়। নিমাই মানে মোৰ ডাঙৰ জোঁৱাইজনৰ ঘৰ ৰানাঘাটত। কোনোবা এটা ভাল ঔষধ কোম্পানীৰ মেডিকেল ৰিপ্ৰেজেণ্টেটিভ। ৰানাঘাটৰ পৰা নৈহাটি এইখিনি অঞ্চলৰ ভিতৰত কাম কৰিবলৈ কোম্পানীয়ে এখন মটৰ চাইকেল দিছে। কেতিয়াবা কলকাতৰ ফালে কাম থাকিলে গাড়ী এখনো পায়। কিবা এটা কামত এবাৰ মই কলকাতালৈ যাবলগীয়া হ’ল। জোঁৱায়ে গম পাই মোক ফোন কৰি জনালে যে তেঁৱো কলকাতাতে আছে। উভতাৰ পথত একেখন গাড়ীতে একেলগে উভতিব পাৰিম। মই বৰ ভাল পালোঁ। জোঁৱাইৰ নিৰ্দেশমতে এচপ্লেনেডত কে চি দাসৰ মিঠাইৰ দোকানৰ আগত ৰৈ থাকিলোঁ। যথা সময়ত গাড়ী আহি পালে। ডাঙৰ টাটা চুমো গাড়ী। গাড়ী দেখি আনন্দ আৰু জোঁৱাইৰ বাবে গৰ্বও হ’ল। জোঁৱাই ড্ৰাইভাৰৰ কাষৰ চিটটোত বহি আছিল। মই দুৱাৰ খুলি পিছফালে বহিবলৈ লওঁতে তেওঁ মাত লগালে,
: দেউতা আগলৈ আহক, আমি একেলগে কথা পাতি যাওঁ।
আন্তৰিকতাত আপ্লুত হৈ জোঁৱাইৰ কাষৰ চিটত বহিলোঁগৈ। গাড়ীখনে ষ্টেটসমেন অফিচৰ ফালে ঘূৰিবলৈ লওঁতেই মোৰ কাষত বহি থকা নিমাই “ডানলপ, কামাৰহাটি, সোদপুৰ, খড়দহ, বেৰেকপুৰ” বুলি ডিঙি ফুলাই চিঞৰিব ধৰিলে। মুহূৰ্ততে গাড়ীখনৰ পিছফাল ভৰি পৰিল। ঘটনাটো কিনো হৈছে তত ধৰিবলৈ নৌ পাওঁতেই নিমায়ে মোক এক প্ৰকাৰ টানি নিজৰ কোলাত বহাই ল’লে আৰু কাষৰ চিটত আৰু এজনক বহালে। কাষৰ লোকজন ননমালৈকে আধা শূন্যত আৰু আধা জোঁৱাইৰ কোলাত উলমি ৰ’লোঁ। অৱশ্যে মিছা কথা নকওঁ, যাত্ৰাপথত নিমাই মোৰ সুখ-সুবিধাৰ প্ৰতি ষোল্ল অনাই চকু ৰাখিছিল। লাগেজৰ দৰে চেপেটা লাগিলেও মাজে সময়ে কিন্তু সুধি আছিল – “দেউতা, আপোনাৰ একো কষ্ট বা অসুবিধা হোৱা নাইতো?”
ঘৰলৈ উভতি গৈ মই গোটেই ঘটনাটো পত্নীক জনাই ক’লোঁ – “এবাৰ মোৰ ঠাইত তুমি নিজকে কল্পনা কৰি চোৱাচোন!” শ্ৰীমতীয়ে সঁচাকৈয়ে কথাটো ভাবিছিল চাগে। সেইবাৰ দুৰ্গাপূজাৰ সময়ত ডাঙৰ জী-জোঁৱায়ে এওঁক গাড়ীত উঠাই কলকাতাৰ পূজা দেখুওৱাৰ প্ৰস্তাৱ দিছিল যদিও শ্ৰীমতীয়ে ইটো সিটো কাৰণ দেখুৱাই সিহঁতৰ সৈতে নগ’ল। জোঁৱাই কেইজন যেনেকুৱাই নহওক ছোৱালী দুজনীয়ে সিহঁতক লৈ বেছ সুখতেই আছে আৰু মনত যিয়েই নাথাকক জী-জোঁৱায়ে নিয়মীয়াকৈ আমাৰ খা-খবৰ ৰাখে। সৰু ছোৱালীজনী সময়ত আহি পালে বুলিহে এইবাৰলৈ নিস্তাৰ পালোঁ।
“চাওক”, নিতাই বাবুৱে ডাঙৰকৈ মাত মাতিবলৈ গৈ নাৰ্ছৰ ধমক খাই অলপ নিম্ন কণ্ঠস্বৰত কথাষাৰ ক’লে,
: নিয়মিত খা-খবৰ ৰখা, লাগ বুলিলেই কাষত মানুহ পোৱা আজিকালি সঁচাকৈ দুৰ্লভ হৈ পৰিছে। সেইফালৰ পৰা আপুনি অনেক ভাগ্যৱান অজিতবাবু!
পেটৰ গোটেইখিনি কথা উগাৰি উলিওৱাৰ পিছত অজিতবাবুৱে এতিয়া যথেষ্ট পাতল অনুভৱ কৰিছে। মিচিকিয়া হাঁহি এটা মাৰি তেওঁ উত্তৰ দিলে – “এৰা, ক’ব লাগিছেনে আৰু!”
☆ ★ ☆ ★ ☆